ফটাঢোল

সাপ – অভিজিত মেধি

চাকৰিৰ ট্ৰেন্সফাৰ হোৱাত নতুন চহৰখনত ভৰি দিছিলোঁ। চহৰখনত ভাড়াঘৰ পোৱাটো বৰ টান কাম আছিল। ঘৰ পালেও প্ৰায়বোৰ ঘৰতে পানীৰ নাটনি, পানীৰ সমস্যাটো চহৰজুৰি বিয়পি আছে। ইপিনে মই দিনে দুবাৰ গা ধুই ভালপোৱা মানুহ। বিচাৰি বিচাৰি হাবাথুৰি খালেও অৱশেষত বৰ্তমানৰ ঘৰটো পালোঁ যেনিবা। মালিকজনো ভাল মানুহ যেনেই লাগিল। চুটি-চাপৰ, শকতকৈ। মানুহজনৰ মাত-কথাও বৰ মৰমিয়াল। তেওঁৰ ঘৰত দিনে চৌব্বিশ কেলেই, পঁচিশ ঘণ্টাও পানী থাকে হেনো মাজে মাজে। পানীৰ প্ৰ’ব্লেম পালে মোৰ পৰা ভাড়া লোৱাটো দূৰৰে কথা, উল্টাই তেওঁহে হেনো মোক দহহেজাৰ টকা দিব। লগতে টাও দিয়া মোচখিনিও খুৰাই পেলাব। মানুহজনৰ কথাত আত্মবিশ্বাসে চৌ-চৌকৈ পোখা মেলি নথকাহেঁতেন হয়তো ঘৰটো ভাড়াত নল’লোহেঁতেন! যোৱাটো জানুৱাৰী মাহত পত্নী-পুত্ৰ সহিতে ভাড়াঘৰটোত থিতাপি ল’লোঁ। সকলো ভালেই চলি আছিল, পানীৰ অভাৱ সঁচাকৈ নাছিল, মালিকে দিয়া কথামতেই! ময়ো দিনে দুই তিনিবাৰকৈ গা ধুই নতুন চহৰত নতুন জীৱনৰ পাতনি মেলিলো।

মোৰ বাবে দুনীয়া-দাৰিৰ কথা পাহৰি আপোনমনে গান গাই অথবা অদ্ভুত কল্পনাৰাজ্যত বিচৰণ কৰি কটাব পৰা সময়খিনিয়েই হ’ল গা-ধোৱা সময়খিনি। সেয়ে দিনটোৰ অন্য সময়বোৰতকৈ গা-ধোৱা সময়খিনি মোৰ বৰ প্ৰিয়। কিছুদিন আগৰ কথা, সিদিনাও কিশোৰ কুমাৰৰ গান এটাৰ ওপৰত নিৰ্যাতন চলাই গা ধুই আছিলোঁ। বাল্টিটোৰ পৰা মগটোৰে পানী মূৰত ঢালিব লওঁতে মন কৰিলোঁ কিবা এটা সৰু প্ৰাণীয়ে মোৰ গানৰ তালে তালে মগটোৰ পানীখিনিত নাচি আছে। একদম সাংঘাতিক ব্ৰেক ডান্স, মাইকেল জেকচন টাইপ, আউ…!! ভালকৈ চাই দেখোঁ এটা মহৰ পোৱালিহেন সৰু ৰঙা কেঁচু। ভাগ্যে সি মোৰ মূৰৰ ওপৰত ব্ৰেক ডান্স কৰাৰ আগতে দেখিলোঁ। সেইখিনি পানী পেলাই দি দৌৰাদৌৰিকৈ গাটো তিয়াই ওলাই আহিলোঁ। পাছদিনা গা ধুবলৈ বুলি পানী উলিয়াই দেখোঁ বাল্টিটোত এইবাৰ তিনিটামান কেঁচুৱে একেলগে ব্ৰেক ডান্স মাৰি আছে। খং উঠিল, লগে লগে মালিকক কম্প্লেইন দিলোঁ। তেওঁ কোমল মাতেৰে কথা দিলে পানীৰ টেংকীবোৰ আজিয়েই চাফা কৰা হ’ব বুলি।

দুটামান দিন অসুবিধাটো নাপালোঁ। পৰহি দিনাৰ কথা। পানীৰ টেপটো খুলি দেখোঁ পানী এটুপিও নোলায়। ইপিনে অফিচলৈ বুলি মোৰ পলম হৈছে। খঙৰ কোবত অবাইচ মাত ওলাল, টেপটোত লাথ্ এটাও সোধালোঁ। কেৰেক-মেৰেক শব্দটো শাম কটাৰ পাছত টেপটোৰ পৰা লাহে লাহে কিবা এটাই ভুমুকি মাৰিলে। হাৰে…এইডাল দেখোন সাপ, ফেঁটী সাপ!!! কিচিকিচিয়া ক’লা, প্ৰায় দুইফুটমান দীঘল সাপটো টেপৰ পৰা সৰি পৰি বাথৰুমৰ মজিয়াত নাচিবলৈ ধৰিলে। মই হতভম্ব, মানে হাৰ্ট এটেক হ’বলৈহে বাকী। মোক শিল পৰা কপৌটোৰ দৰে থিয় দি থকা দেখি সাপটোৱে ফোচফোচাই ধমক লগালে,

“আব্বে কি হ’ল? গান গা না বে, এনেয়ে নাচি থাকিম নেকি কিবা?”

সাপলৈ মোৰ বৰ ভয়, ভয়ত কঁপিবলৈ লৈছিলোঁ। ভয়-সংশয়ত কঁপা কঁপা মাতেৰে ছিটুৱেশ্যনৰ লগত মিলাই ভূপেনদাৰ গান এটা আৰম্ভ কৰিলোঁ।

“দিল হুম হুম কৰে…”

সাপটোৱে গান শুনি একেবাৰে ফনা মেলি খঙেৰে মোলৈকে চালে।

“কি বা# গাইছ বে, ইয়ৌ ইয়ৌ টাইপ কিবা এটা গা না কে#….”

” আজ্ ব্লু’ হে পানী পানী…”

” আব্বে পুৰণা হ’ল সেইডাল, ‘কমৰিয়া হিলাৰে হিলা’টো গা, বৈদ্য জোৰে নচা লাগিছে মোৰ।”

গালোঁ, নাগাইনো কি উপায় আছে মোৰ! গান শুনি সাপটো কমৰিয়া হিলাই হিলাই নাচত মগন হ’ল। সুযোগ বুজি মই দৌৰ মাৰি বাথৰুমৰ বাহিৰ হ’লোঁ। দুৱাৰখন বাহিৰৰ পৰা খিলি মাৰি, কোনোমতে কাপোৰ এটা পিন্ধি মালিকক বিচাৰি গ’লোঁ। বেটাই চ’কত তৃপ্তিৰে চিগাৰেট হুপি আছিল। খঙত একো নাই হৈ মানুহজনৰ চাৰ্টৰ কলাৰত থাপ মাৰি ধৰিলোঁ।

“ঐ, পানীৰ টেংকীত সাপ পুহিছ নেকি বে? মোৰ বাথৰুমত পানীৰ টেপৰ পৰা সাপ ওলাই মজিয়াত নাচি আছে এতিয়া। কিবা এটা কৰ, নহ’লে ব’ল, তয়ো কমৰিয়া হিলাবি তাতে।”

মালিকক চাৰ্টৰ কলাৰত ধৰি টানি আনিছিলোঁহে, তেনেতে ওচৰ-পাজৰৰ পৰা চাৰিটামান ধদুৱা যেন লগা মানুহ গোট খালেহি। ময়ো ভালেই পালোঁ কথাটো। আজি ইয়াক পাব্লিক ধূলাই এটা দিয়াইহে এৰিম! মানে এনেকুৱাই কিবা এটা প্লেন আৰু! তেনেতে কোনোবাপিনৰ পৰা উৰি আহি ঘোচা এটাই মোৰ আগ দাঁত এটা সৰুৱালে। লাথ্ দুটামানে কঁকাল বেঁকা কৰি দিলে। হামখুৰি খাই ৰাস্তাতে বাগৰি গ’লোঁ। আও, মানুহকেইটাই দেখোন মোকহে ডবা বুলি বজাবলৈ ধৰিছে!

“আৰে ভাই, তহঁতে মোক কিয় মাৰিছ? ই বেটাই মোক চৌব্বিশ ঘণ্টা ৰানিং ৱাটাৰ পাম বুলি ঘৰ ভাড়া দিছিলে, এতিয়া টেপৰ পৰা পানীৰ সলনি ফেঁটী সাপ ওলাইছে। ইয়াকহে পিটিব লাগে তহঁতে।”

মোৰ কথা শুনি ভাড়াঘৰৰ মালিকে কেৰাহীকৈ চাই বিদ্ৰুপৰ হাঁহি এটা মাৰি চিগাৰেটত হোপা মাৰিলে…প্ৰেম চোপ্ৰাৰ হাঁহি সেইয়া। বুজিবলৈ বাকী নাথাকিল, মোক ধূলাই দিয়াকেইটা ইয়েই পুহি ৰখা গুণ্ডা। কথা বিষম দেখি কোনোমতে বেঁকা কঁকালখন চিধা কৰি লেঙেৰা খোজেৰে ঘৰমুৱা হ’লোঁ। তেনেতে মালিকৰ পোহনীয়া গুণ্ডা এটাই পাছফালৰ পৰা মোলৈকে বুলি চিঞৰিলে,

“ঐ, পুলিচৰ ওচৰত গ’লে টেংকীৰ গোটেইজাক সাপ তোৰ ঘৰত এৰি দিম কিন্তু! আৰু শুন, আমাৰ ছাৰক সন্মান কৰি চলিবি বুজিছ! ছাৰে এইবাৰ ইলেকচন খেলিব, সপৰিয়ালে ভোট দিব আহিবি, নহ’লে কে# মূৰা ভাঙি দিম তোৰ !”

হ’ব বুলি মূৰ দুপিয়াই দিয়াত বাদে অন্য উপায় নাছিল মোৰ। ঘৰমুৱা হ’বলৈ লওঁতে এইবাৰ মালিকে মিঠা মাত লগালে,

“ভাইটি, সাপটোক গান শুনাই থাকিবা কিন্তু, মোৰ সাপকেইটাই এণ্টাৰটেইনমেণ্ট নাপালেহে খুঁটে, এনেয়ে বৰ ভাল সিহঁত, ঘৰতে ডিছক’ভাৰীৰ থ্ৰী-ডি মজা দিব তোমাক।”

“হ’ব দাদা, মই যি পাৰোঁ গাই থাকিম বাৰু!”

দুপিয়াই দুপিয়াই মূৰটো পেণ্ডুলাম হ’বলৈহে বাকী! প্ৰেম চোপ্ৰাই আকৌ হাঁহিলে। শেনটো হৈ ওলাই অহা মই ফেঁচাটো হৈ ঘৰমুৱা হ’লোঁ। বাটত ভাবিলোঁ, হয়ো কিন্তু কথাটো! যিজন মানুহৰ ঘৰত পানীৰ প্ৰতিশ্ৰুতি থকা টেপৰ পৰা সাপ ওলাই সেইজন ইলেকচন খেলাৰ বাবে একেবাৰে উপযুক্ত মানুহ! মানে বৰ্তমানৰ ডাঙৰ ডাঙৰ নেতা-মন্ত্ৰীবোৰলৈ চালে ডাঠি ক’ব পাৰি যে মোৰ ভাড়াঘৰৰ মালিকো ভৱিষ্যতে এদিন ডাঙৰ মন্ত্ৰী হ’বগৈ। খাটাং কথা একেবাৰে!

পিচে মোৰহে দূৰ্দশাৰ অন্ত নোহোৱা হ’ল এতিয়া। পৰহিৰে পৰা সাপটোক “কমৰিয়া হিলাৰে হিলা” শুনাই শুনাই অণ্ঠ-কণ্ঠ শুকাই গৈছে। এইমাত্ৰ সি “যাহ্, ভেকুলী দুটামান ধৰি আন” বুলি কোৱাতহে বাৰীলৈ আহি আপোনালোকক কথাখিনি জনাবলৈ পাৰিছোঁ। আপোনালোকৰ হাতত এই বিপদৰ কিবা পৰিত্ৰাণ আছে যদি মন্তব্যৰ বাকচত জনাবচোন, মই পাছত সুবিধা পালে চাম।

☆★☆★☆

2 Comments

  • ৰাজশ্ৰী শৰ্মা

    এইটো বঢ়িয়া আছিল। খুব ভাল লাগিল পঢ়ি।

    Reply
  • অনুৰূপ মহন্ত

    ইউ ইউ, কমৰিয়া হিলাইকে কি লিখিলে অ’ এইটো অভি দা! সাংঘাটিক👌

    Reply

Leave a Reply

Your email address will not be published.