ফটাঢোল

সাহিত্যচৰ্চা – অমিতাভ মহন্ত 

পুৰণি আলমাৰীটোত জৰুৰী কাগজ এখন বিছাৰি থাকোঁতে এখন প্ৰাগৈতিহাসিক বহী হাতত আহি পৰিছে৷ হওঁতে শকত বহীয়েই৷ বোধহয় চেভেন, এইট্ মানত আছিলোঁ৷ আঁচ নপৰা বহী৷ সাধাৰণতে এনেধৰণৰ বহী অঙ্ক, বিজ্ঞান আদি বিষয়ত ব্যৱহাৰ কৰা হয়৷ বাহিৰফালে একো লিখা নাই৷ গতিকেই বহীখনৰ ডিটেইল্ ল’বলৈ মলাট লুটিয়াব লগা হ’ল৷ লুটিওৱাৰ লগে লগেই এটা মাইক্ৰ’ মিনি হাৰ্ট এটেক্৷ প্ৰথম পৃষ্ঠাতেই বিভিন্ন ৰঙৰ চিয়াহীৰে অলংকৰণসহ ডাঙৰ ডাঙৰকৈ লিখা আছে-

“অমিতাভ মহন্ত৷ সপ্তম শ্ৰেণী, গোপীনাথ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়, বৰপেটা ৰোড৷ উপন্যাস-গল্প-কবিতা-প্ৰবন্ধ আৰু বিভিন্ন মৌলিক লেখা৷”

ভয়ত হাত ভৰি ঠকঠক কৈ কঁপিবলৈ লাগিল। উঠি গৈ খিৰিকীখন বন্ধ কৰি দিলোঁ৷ দিনকাল বেয়া চলি আছে৷ কিছুদিন ধৰি ক’লা মেকুৰী এটাই ঘৰৰ বাহিৰে ভিতৰে ঘূৰাঘূৰি কৰি আছে৷ আজি আকৌ ওলাল এইখন! অমঙ্গলৰ ছাঁ চাৰিওফালে৷ বেয়া দিনযে বেয়াকৈ আহি আছে সেয়া আজি ৰাতিপুৱাই গম পাইছিলোঁ৷ ৰাতিপুৱাই ৰুটীৰ লগত পটলভাজি খাব লগা হৈছে৷ গোপনসুত্ৰে পোৱা খবৰমতে ৰাতিৰ সাঁজত ভেন্দী থাকিব৷

কি কৰা যায়! পাঁচমিনিটমান ভাবিলোঁ৷ তাৰপিছত ঠিক কৰিলোঁ, নাহ্ এইখন পঢ়িবলৈ চেষ্টা কৰাই ভাল৷ এনেও ৰাতিৰ সাঁজত ভেন্দী৷ তাৰোপৰি জীৱনবীমা কৰি থোৱা আছে৷ ভয় কিহৰ!

পঢ়া আৰম্ভ কৰিলোঁ৷

এক

প্রথমেই এখন ৰহস্য ‘উপন্যাস’। নাম ‘ফৰেষ্ট কলনীৰ কাণ্ড’৷ নামৰ প্ৰতিটো আখৰ বেলেগ বেলেগ চিয়াঁহীৰে ৰঞ্জিত৷ ‘ফ’ নীলা, ‘ৰে’ হালধীয়া, ‘ষ্ট’ বেঙুনীয়া ইত্যাদি৷ গঠনগত দিশৰ পৰা চাবলৈ গ’লে উপন্যাসখন অভিনৱ৷ চাৰে তিনি পৃষ্ঠাৰ উপন্যাস৷ চাৰিটা পৰিচ্ছদ৷ পৰিচ্ছদৰ পিছত গড়ে সাত-আঠ শাৰী বাক্য৷ শেষত পুনশ্চ, তাৰ পিছত পুনঃপুনশ্চ৷ আৰু তাৰ পিছত… থাকক, সেয়া সময়ত জনাম৷

লেখা আৰম্ভ হৈছে নীলা ডট পেনেৰে৷ পাঁচ বন্ধু ট্ৰেইনেৰে আহি আছে৷ ক’লৈ? ফৰেষ্ট কলনীলৈ৷ তাতেই থাকে তেওঁলোকৰ ছয় নম্বৰ বন্ধু৷ পাঁচ বন্ধু হ’ল, লেখক, চন্দন, অঙ্কুৰ, জীতু আৰু ইন্তাজুৰ৷ কোৱা বাহুল্য, গোটেইকেইটা চৰিত্ৰ ঘোৰ বাস্তৱ৷ লেখকৰ স্কুলীয়া বন্ধু৷ ষষ্ঠ বন্ধু, যাৰ ঘৰলৈ এই যাত্ৰা, তাৰ নাম ছুহেল৷ গোটেইকেইটা চৰিত্ৰই ‘মালঞ্চ’ত বিস্তৰ ভোজন কৰি ট্ৰেইনত বহিছে৷ তাৰ বাবেই জীতুৰ পেটটোৱে মাজে মাজে আমনি কৰি সকলোকে আমনি দিছে৷ বাট্ হু কেয়াৰচ্৷ চন্দন চৰিত্ৰটো ঈষৎ খকুৱা৷ গোটেই ভ্ৰমণটোত সি কেৱল ঝালমুড়ি হজম কৰি গৈ থাকিল৷ প্ৰথম পৰিচ্ছদত যিকেইটা শাৰীত চন্দন নামটো আছে তাতে ঝালমুড়ি শব্দটোও আছে৷ দ্বিতীয় পৰিচ্ছদত সেয়া গৈ হৈছে আলুৰ চপ৷ আকৌ উপন্যাসৰ শেষত চন্দনৰ হাতত আছে ঘুগুনি৷ বাৰু সেইবোৰ পিছত, ট্ৰেইন গৈ বৰপেটা ৰোড ষ্টেচন পালে৷ তাতেই উপন্যাসৰ প্ৰথম পৃষ্ঠা আৰু পৰিচ্ছদ শেষ৷

দ্বিতীয় পৃষ্ঠা তথা পৰিচ্ছদ লেখা হৈছে সেউজীয়া চিঁয়াহীৰে, সম্ভৱত ফাউনণ্টেইন পেন৷ ট্ৰেইন ষ্টেচনত ৰৈ আছে৷ পাঁচ বন্ধুক নিবলৈ কোনোৱেই অহা নাই৷ গোটেইকেইটাই খোজ কাঢ়িয়েই ছুহেলৰ ঘৰ পালেগৈ৷ সিঁহতক খোজ কাঢ়ি অহা দেখি ছুহেল অবাক৷

: মেধী ছাৰ তঁহতক আনিবলৈ যোৱা নাই?

‘মেধী চাৰ’ কোন- সেয়া জানিবলৈ চেষ্টা কৰা বৃথা৷ লেখকেও সমস্ত উপন্যাসত এই বিষয়ে কোনো আভাস দিবলৈ চেষ্টা নকৰিলে৷

চন্দনে মাত দিলে-

: নাই৷ যোৱা কথা আছিল নেকি?

: অঁ ভাই, কি আচৰিত!

এইবুলি কৈয়েই ছুহেলে মেধী ছাৰৰ ঘৰলৈ দৌৰ দিলে, গোটেই ৰাস্তা সি বিৰবিৰাই গ’ল, “মেধী ছাৰ মৰিল”৷

মেধী ছাৰ ষ্টেচন যোৱা নাছিল৷ এই তথ্যৰ আধাৰতেই ছুহেলে গম পাই গ’ল যে মেধী ছাৰ মৰিল৷ চেল্যুট মাৰি দিবলৈ মন গ’ল তাক৷ জানিবও পাৰে ভাই, ক্লাছৰ ফাৰ্ষ্ট বয়৷

মেধী ছাৰৰ দৰে বাইনাৰী চৰিত্ৰ চাগে আজিলৈ অসমীয়া সাহিত্যত দ্বিতীয়টো নাই৷ তেওঁৰ জীৱনত দুটাই কাম৷ ষ্টেচন যোৱা বা মৰি যোৱা৷ তৃতীয় অপচন বুলি একো স্কোপেই নাই৷

মেধী ছাৰৰ ঘৰত গৈ দেখা গ’ল যে ছুহেল ইজ্ কাৰেক্ট৷ ডেডবডীৰ কাষত ছাৰৰ ল’ৰাটোৱে কান্দি আছে৷ ছুহেলেও কান্দিলে, গাঁৱৰ সকলোৱে কান্দিলে, পুলিছে কান্দিলে, লেখকৰ সৃষ্টি দেখি ময়ো কান্দিলোঁ৷ কন্দাকটা সামৰি ঘৰ যোৱাৰ সময়ত খেয়াল হ’ল, মেধী ছাৰৰ পুতেক গায়ব৷ কেৱল সেয়াই নহয়, পাঁচ বন্ধুৰ অন্যতম ইন্তাজুৰো গায়ব!

প্ৰথম ডেৰ পৃষ্ঠাতেই এটা মৃত্যু, দুটা নিৰুদ্দেশ কেইচ্৷ ৰোহমৰ্ষক উপাদানৰ অভাব অলপো নাই৷ উপন্যাসখনৰ ওপৰত মোৰ প্ৰত্যাশা ক্ৰমশঃ বাঢ়ি আহিছিল৷ কিন্তু তাৰ পিছতেই আৰম্ভ হ’ল কিছু বাখ্যাহীন কৰ্ম৷ চন্দনৰ হঠাৎ মনত পৰিল যে ছুহেলৰ মাকে আলুৰ চপ সাজু কৰি ৰখাৰ কথা৷

তাৰপাছত? পৰিচ্ছদৰ বাকী অংশত কেৱল ভুৰিভোজৰ বৰ্ণনা৷ দুজন যে নিৰুদ্দেশ তাৰ খবৰেই নাই৷

উপন্যাসৰ গতিবিধি এতিয়ালৈ একো ধৰিবই পৰা নাই৷

তৃতীয় পৰিচ্ছদ আৰম্ভ হ’ল ক’লা চিয়াঁহীৰে৷ ফৰেষ্ট কলনীৰ সমস্ত হাঁহ-পাৰ শেষ কৰি চাৰি বন্ধু শুই পৰিছে৷ হঠাৎ দৰজাত ভৌতিক টোকৰ৷ বন্ধুগণে খুলি দিয়া নাই৷ দৰজা ভাগি সোমাই আহিল ছুহেল৷ হাতত মালঞ্চৰ গৰম মোগলাই পৰঠা৷ আহিয়েই সি ইন্তাজুৰৰ সৈতে আড্ডা আৰম্ভ কৰি দিলে৷ ইন্তাজুৰ? সি দেখোন নিৰুদ্দেশ হৈছিল! যা চাল্লা, লজিক বিছাৰি বেছি লাভ নাই৷

গোটেই পৰিচ্ছদৰ প্ৰাপ্তি বুলিবলৈ মাত্ৰ এটা বাক্য, ইন্তাজুৰৰ মুখৰ পৰা- “কাইলৈ সকলোৰে আগত ৰহস্য উদ্ঘাটন কৰা হ’ব৷ এয়া মোৰ কৰ্তব্য৷ তহঁতক কথা দিলোঁ৷”

যদিও এতিয়ালৈ গম পোৱা নাই ৰহস্যটো কি! কি চাচপেন্স!

চতুৰ্থ পৰিচ্ছদৰ আৰম্ভণিতেই (বেঙুনীয়া ডট্ পেন) চন্দনে ঘুগুনি খাই আছে৷ ইন্তাজুৰে আৰম্ভ কৰিলে তাৰ ৰহস্যৰ আঁৰৰ পৰ্দা উঠোৱা৷

মেধী ছাৰৰ ঘৰলৈ গৈয়েই সি ছাৰৰ ল’ৰাজনৰ চকুত দেখিছিল লোভ! তেতিয়াই সি গম পাইছিল যে ইয়াৰ আঁৰত কোনো গভীৰ ষড়যন্ত্ৰ লুকাই আছে৷ পুলিচ অহাৰ লগে লগে ল’ৰাটো মনে মনে আঁতৰি গৈছিল৷

“লুকাই লুকাই মই তাক ফল’ কৰিলোঁ৷ ল’ৰাটোৱে গৈ পিছফালৰ পুখুৰীত জাপ দিলে৷ ময়ো জাপ দিলোঁ৷ তাৰপিছত লুকাই লুকাই সাঁতুৰি গৈ তাক ফল’ কৰি গৈ থাকিলোঁ (ইমান দিনে খোজকাঢ়ি, গাড়ী, বাইক আদিত পিছ লোৱা দেখি আহিছিলোঁ৷ আজি এয়াও পঢ়াৰ সৌভাগ্য হ’ল) ৷ গৈ দেখিলোঁ, পুখুৰীৰ মাজত গৈ সি ডুব মাৰিছে৷ ময়ো অলপ দুৰত ডুব মাৰি দেখিলোঁ (!) যে সি কিবা বিছৰাত ব্যস্ত৷ বহু সময় বিছৰাৰ পিছত সি বোকাৰ মাজৰ পৰা এটা বেগ উলিয়াই আনিলে৷ মই লগে লগে গৈ তাক ধৰিলোঁ, তাৰপিছত এটা প্ৰকাণ্ড ঘোঁচা সোধাই তাক……’

তাৰপিছত? উপস্থিত দৰ্শকৰ প্ৰচুৰ হাততালি৷ পুলিচ আহি মেধী ছাৰৰ ল’ৰাক গ্ৰেপ্তাৰ কৰিলে৷ আমাৰ বীৰত্বত গাঁওবাসী প্ৰশংসাত পঞ্চমুখ৷ যদিও সেই বেগটোত কি আছিল, মেধী ছাৰ কিয় ঢুকাল, তেওঁৰ মৃত্যুৰ লগত পুখুৰীত জাপ দিয়াৰ কি সম্পৰ্ক, বা সংক্ষেপে ক’বলৈ গ’লে উপন্যাসখন আচলতে কি টপিক্ লৈ, সেইবোৰ একো উদ্ধাৰ নহ’ল৷ অৱশ্যে এইবোৰ জানিবলৈ কোনেও একো আগ্ৰহো নেদেখালে৷ হেপ্পী এণ্ডিং৷ কুঞ্জলালৰ ঘৰলৈ গৈ একপ্লেট গাহৰি খাই চন্দনে উপন্যাসখনৰ সামৰণি পেলালে৷

পুনশ্চৰ পৰা আমি জানিব পাৰিলোঁ যে এই বীৰত্ব প্ৰদৰ্শনৰ বাবে ইন্তাজুৰক এটা বীৰচক্ৰ প্ৰদান কৰা হৈছে৷ ২৬জানুৱাৰীত৷

পুনঃপুনশ্চত উল্লেখ আছে যে, সমস্ত ঘটনা কাল্পনিক। এয়া উল্লেখ কৰাটো খুবেই দৰকাৰী আছিল কাৰণ পাঠকে এয়া সত্য ঘটনা বুলি ভাবি ল’ব পাৰে৷ লেখকৰ ডিটেইলিঙ নিশ্চয়কৈ প্ৰশংসাৰ যোগ্য৷

তাৰপিছত? সমাপ্ত বুলি লিখি ডট্, ডট্ আৰু ডট্৷ তাৰ ঠিক তলতে এক কাণ্ড৷ উপন্যাসখনি লিখোঁতে যি যি কলম ব্যৱহাৰ হৈছে, সেই আঠটা কলমৰ এখন লিষ্ট৷ চমৎকাৰ!

দুই

উপন্যাসখন পঢ়ি শেষ কৰি মূক হৈ বহি আছোঁ৷ আচলতে পাঠবিশ্লেষণৰ চেষ্টা কৰি আছোঁ৷ সেই সময়তে পাকঘৰৰ পৰা বাচন বৰ্তন পৰাৰ শব্দ আহিল৷ বোন্দাটো আহিছে কিজানি৷ ভেন্দীখিনি খালে চাগে৷ ভাবিয়েই মনটো ভাল লাগি গ’ল৷ ভালেই লিখিছে৷ প্ৰান্তিক নহ’লেও বিস্ময়লৈ পঠিয়াবই লাগিছিল লেখাটো৷ পিছৰ লেখাটো পঢ়িবলৈ পাত লুটিয়ালোঁ৷

‘অট্টহাস্য’ (ভূতৰ গল্প)

ডেৰ পৃষ্টাৰ ‘গল্প’৷ আচলতে এইটো পঢ়িবলৈ এক মিনিটমান সময় লগা উচিত৷ কিন্তু মই শেষ কৰিব নোৱাৰিলোঁ৷ অৱশ্যে সেয়া মোৰ নিত্যান্তই ব্যক্তিগত কাৰণত৷ মই হ’লো অস্থিৰমতি পাঠক৷ যিকোনো চিন্তাশীল পাঠকৰ মনত এই গল্পটোৱে পৰ্য্যাপ্ত ভাৱনাৰ খোৰাক যোগাব, সেয়া নিশ্চিত৷ গল্পটোৰ বিষয়বস্তু সম্পৰ্কে আপোনালোকক অলপ আভাষ দিছোঁ-

ব্যতিক্ৰমী একো নহয়৷ ৰঞ্জু হাজৰিকাদেৱৰ লেখাৰ ষ্টাইলৰ এটা লেখা৷ সেই একেই বৰষুণৰ ৰাতি৷ মাজনিশা চাৰি বুঢ়াৰ আড্ডা৷ তিনিজন আড্ডাত বহি আছে৷ চাৰি নম্বৰজন এতিয়াও আহি পোৱা নাই৷ বহুসময় পিছত চতুৰ্থজন আহি পালে৷ এক অজ্ঞাত কাৰণত তেখেতৰ মাতটো বহি গৈছে৷ আড্ডা শেষ! ঘৰ যোৱা সময় হৈছে৷ সেই সময়তে কাৰেণ্ট গুচি গ’ল৷

তাৰ পিছতেই আৰম্ভ ‘ক্লাইমেক্স’ আৰু ‘এণ্টিক্লাইমেক্স’ৰ তাণ্ডৱ৷ গল্পৰ মাজে মাজে ডাঙৰ ডাঙৰ হেডিঙেৰে পাঠকক বুজাই দিয়া হৈছে কোনটো ক্লাইমেক্স, কোনটো ……৷ বোধহয় লেখকে সেই সময়ত এই শব্দ দুটা নতুনকৈ শিকিছিল৷

গল্পটোৰ পৰাই উদ্ধৃতি দি আপোনাক চিটুৱেচনবোৰ বুজাবলৈ চেষ্টা কৰিছোঁ-

“সমগ্ৰ পৰিবেশটো জয়াল হৈ পৰিল!”
(এটা পেৰেগ্ৰাফ)

‘ক্লাইমেক্স’

“চলিহাই বিকৃত অট্টহাস্যৰে কোঠাটো কঁপাই তুলিলে৷ বাহিৰত বিদ্যুতৰ ধেৰেকনি, বজ্ৰপাত৷ কোঠাটোত থকা তিনিওজনে ভয়ত থৰথৰ কৰি কপিবলৈ লাগিল৷”
(ইয়াতে পেৰেগ্ৰাফ সলনি হ’ব)

‘এন্টিক্লাইমেক্স’

“চুইচটো দি দিলে চলিহাই৷ কোঠাটো আকৌ পোহৰ হৈ পৰিল৷ হাঁহিত ফাটি পৰিল মিষ্টাৰ চলিহা৷ “কি হ’ল বন্ধুগণ? অলপ মাতটো সলনি কৰি কোঠাটো আন্ধাৰ কৰি দিওঁতেই আপোনালোকৰ এই অৱস্থা!” চলিহাৰ কথা শুনি সকলোৱে অট্টহাস্য কৰি উঠিল৷ ইতিমধ্যে বৰষুণ কমিছে৷ “

(ইয়াতে আকৌ পেৰেগ্ৰাফ সলনি হ’ব)

‘ক্লাইমেক্স’

“ঘৰমুৱা হৈছে চলিহা৷ বৰষুণজাকৰ পিছত পৰিবেশ পাতল হৈ পৰিছে৷ এটোপ দুটোপ বৰষুণ পৰি আছে৷ ঘৰটোৰ ভিতৰৰ পৰা গৃহস্থ তালুকদাৰে খিৰিকীৰে বাহিৰলৈ চালে৷ চলিহা! চলিহা দেখোন ৰাস্তাটোৰ ক’তো নাই৷ বতাহত যেন মিলি গৈছে চলিহা!”

(আকৌ পেৰেগ্ৰাফ সলনি)

‘এণ্টিক্লাইমেক্স’

“টোপনিৰ পৰা ধৰফৰাই উঠি বহিল তালুকদাৰ৷ আস! কি ভয়ানক দুঃস্বপ্ন !”

আৰু নোৱাৰিলোঁ বুজিছে৷ তথাপি উৎসাহী পাঠকবৃন্দক জনোৱাটো জৰুৰী, ইয়াৰ পিছত আৰু পাঁচ-ছয়বাৰ ক্লাইমেক্স-এণ্টিক্লাইমেক্সৰ ধাক্কা চম্ভালি কোনোমতে লেখাটো শেষ হৈছে৷ চলিহা ভূত, মানুহ, দেৱতা নে পিশাচ তাৰে কোনো উত্তৰ নাই৷ ৰহস্য!

পৰৱৰ্তী পৃষ্ঠালৈ আগুৱালোঁ৷

তিনি

এইটো চুটিগল্প৷ যিবোৰ লেখা পঢ়ি আমাৰ কণ্ঠ ৰূদ্ধ হৈ আহে, যি লেখা পঢ়ি আঁঠু কাঢ়ি প্ৰণাম কৰিবলৈ মন যায়, যি লেখাৰ মাজত আমি ব্ৰহ্মাৰ দৰ্শন লাভ কৰোঁ, যি লেখাৰ কেৱল কেৱল লেখক থাকে পাঠক নাথাকে… এইটো সেই লেভেলৰ লেখা৷

কি ফৰ্ম, কি কণ্টেণ্ট – এনে লেখা অসমীয়াত বাদেই, বিশ্ব সাহিত্যতো আছে নে নাই সন্দেহ আছে৷

ফৰ্মৰ কথা আগতে কোৱা যাওক৷

বাৰটা পৰিচ্ছদ৷ দীৰ্ঘতম পৰিচ্ছদটোত তিনিটা লাইন আছে৷ নৱম পৰিচ্ছদটো আটাইতকৈ ক্ষুদ্ৰ৷ সেয়া হৈছে- ‘অসীম ঘৰলৈ আহিল’৷ অসীমে ঘৰলৈ আহি বাল্ব জ্বলোৱাৰ পিছত দশম পৰিচ্ছদো সমাপ্ত হৈছে৷

আৰু কণ্টেণ্ট! এতিয়াও ভাবি পোৱা নাই এইহেন প্লট্ পৃথিৱীত কিভাবে জন্ম হ’ল!

অসীমে চুপাৰী লৈছে, এক কোটিপতি ব্যৱসায়ীক হত্যা কৰিব৷ বাটে পথে নকৰে, ব্যৱসায়ীক নিজৰ ঘৰতেই গৈ হত্যা কৰাৰ চুপাৰী৷ কিন্তু কেনেকৈ? হাও?

ব্যৱসায়ীজনৰ নাম ৰাজীৱ৷ ৰাজীৱে সদায় গধূলি ঘৰৰ প্ৰথম মহলাত টিভি চাবলৈ বহে৷ অসীমে সেই মহলাৰ খিৰিকীৰ তলত বহি সুযোগৰ অপেক্ষা কৰিব৷ ৰাজীৱে যেতিয়া টিভিৰ অনুষ্ঠানত নিমজ্জিত হৈ থাকিব তেতিয়াই অসীমে মনে মনে কোঠাটোৰ সমস্ত দুৱাৰ, খিৰিকী, ভেণ্টিলেটৰ চীল কৰি দিব৷ তাৰপিছত, এটা সৰু ফুটাত পাম্প লগাই ঘৰৰ ভিতৰৰ পৰা গোটেই বতাহবোৰ টানি নিব৷ পাঁচ মিনিট্! মাত্ৰ পাঁচ মিনিটত অক্সিজেনৰ অভাৱত ৰাজীৱ সিপুৰী পাবগৈ৷

এনেকুৱা অমানুষিক প্লেন পঢ়ি মই ঘামি গ’লোঁ৷ বুকুত অলপ বিষ, কাণ গৰম, অলপ আইচক্ৰীম খোৱাৰ প্ৰয়োজন বোধ কৰিলোঁ৷

লাহে লাহে হাৰ্টবিট কমিল৷ আকৌ গল্পত চকু দিলোঁ৷

ৰাজীৱে মন দি টিভি চিৰিয়েল চাই আছে৷ এইফালে অসীমে এফালৰ পৰা দুৱাৰ খিৰিকী চীল কৰি গৈছে৷ দৃশ্যটো কল্পনা কৰি গাৰ নোম শিয়ঁৰি উঠিছে৷ বতাহ চলাচলৰ সকলো পথ বন্ধ হৈ যোৱাৰ পিছত অসীমে পাম্প লগাই সমস্ত বতাহ টানিবলৈ ধৰিলে৷

কাট্৷

দহ মিনিটৰ পিছৰ দৃশ্য৷ অসীমে কোঠাটোৰ বাহিৰত পায়চাৰি কৰি আছে৷ ৰাজীৱ এতিয়ালৈ সিপুৰী পালে চাগে৷ কি ঠিক, পূৰ্বজন্মও চাগে হৈ গ’ল৷

দুৱাৰৰ চীল খুলি এইবাৰ অসীম ভিতৰলৈ সোমাই গ’ল৷ নিয়মমতে ৰাজীৱৰ ডেডবডী পৰি থকা কথা৷ কিন্তু!

ৰাজীৱে মিচিকিয়াই হাঁহি চোফাত বহি আছে৷ হাতত লোডেড্ পিষ্টল, অসীমলৈ টোঁৱাই ৰখা!

অসীম অবাক৷ লগতে ময়ো৷ এই আলৌকিক ঘটনা কিভাবে ঘটিল!

তাৰ পিছত! ও হেনৰী, ৰুলিয়াৰ্ড কিপলিং, জুলে ভাৰ্ণে, ৰবীন্দ্ৰনাথ, সৌৰভ চলিহা আদি সমস্তৰে চিন্তা ভাৱনা নসাৎ কৰি আৰম্ভ হ’ল পৰৱৰ্তী পৰিচ্ছদ৷

অসীমৰ চকু গ’ল কোঠাটোৰ চুকলৈ৷ তাতেই পৰি আছে এগাল ফুটবল, পাম যোৱা ফুটবল৷ বুজিবলৈ আৰু একো নাই৷ চালাক ৰাজীৱে ঘৰৰ বতাহ শেষ হোৱাৰ পিছতো এই বেলুনবোৰৰ পাম এৰি দি নিজৰ প্ৰাণবায়ু জোগাৰ কৰি লৈছে৷

হায় ভগবান! গল্পটোক এটা সেৱা কৰি ল’লোঁ৷ খুবেই ইচ্ছা আছিল গল্পকাৰকো এবাৰ সেৱা জনোৱাৰ৷ কিন্তু শৈশৱৰ কোনো ফটো লগত নাছিল বুলি ক্ষান্ত হ’লোঁ৷

চাৰি

ভাবুক হৈ পৰিছোঁ৷ এই কেইবছৰতেই কি কে অধপতন হ’ল এই প্ৰতিভাৰ৷ এনে উচ্চমাৰ্গীয় সাহিত্য এৰি আজি কি পৰ্য্যায়লৈ নমাই আনিছোঁ নিজকে৷ ছিঃ! লজ্জাত মূৰ তুলিব পৰা নাই৷

বহীখনত মোক আৰু চমক দিব পৰা কি আছে তাকে জানিবলৈ দুটামান পাত লুটিয়াই চালোঁ৷ নাই৷ মোৰ ভিতৰৰ সাহিত্যিকজন চাগে নোহোৱা হৈ আহিছিল৷ মহাত্মা গান্ধীৰ এবষ্ট্ৰাক্ট আৰ্ট দুখনমানৰ বাদে বেলেগ একো নাপালোঁ৷

শেষবাৰৰ বাবে বহীখনক সেৱা এটা কৰিলোঁ৷ চোৰ বোন্দাটো আহি ঠিক সন্মুখতে হাজিৰ৷ প্ৰতিষ্ঠানিক শিক্ষাব্যৱস্থা আৰু চাকৰিৰ হেঁচাই কিদৰে এক প্ৰতিভাৰ পথ ৰূদ্ধ কৰি দিলে তাকে ভাবি বোন্দাক এক থিয় গোৰ সোধালোঁ৷

*সমাপ্ত*

(শৈশৱৰ গল্পকাৰজনক সন্মান জনাই এইকেইটা আখৰ ইটালিক্ ষ্টাইলত ৰঙা জেলপেনেৰে বুলি কল্পনা কৰি ল’ব৷)

*****

9 Comments

  • Rintumoni Dutta

    সুকীয়া শৈলীৰ গল্প, উপস্থাপন খুব সুন্দৰ হৈছে, মই খুশ অমিতাভ

    Reply
  • তৃষ্ণা সো

    সাংঘাটিক প্ৰতিভা দেখোন। বঢ়িয়া

    Reply
  • Suntu

    তামাম

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বাপৰে। শৈশৱৰ গল্পকাৰ গৰাকীলৈ সেৱাহে।

    Reply
  • Anonymous

    বঢ়িয়া,অতি সুন্দৰ

    Reply
  • Gyan Bordoloi

    বঢ়িয়া,অতি সুন্দৰ

    Reply
  • Jyotirupam Dutta

    শৈশৱৰ বণ্ড, আজিৰ বোন্দা!!

    Reply
  • মানসী বৰা

    অতি সুন্দৰ..

    Reply
  • Madhurjya Goswami

    নতুন ষ্টাইল, কিন্তু দুৰন্ত। মানিব লাগিব। বিৰাট ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.