ফটাঢোল

সেই নিৰ্বাচনী কোঠালিটোত – পৰিস্মিতা দাস

প্ৰেম এটা আলফুল শব্দ
ফুলৰ দৰে সুবাসিত
জোনাকৰ দৰে স্নিগ্ধ
লালন কৰোঁ হৃদয়ত প্ৰতিনিয়ত৷

সঁচাকৈয়ে প্ৰেম মোৰ প্ৰতি উশাহৰ অপূৰ্ণ হেঁপাহ৷ প্ৰতিটো পুৱাই মই যেন হৈ পৰোঁ প্ৰেমৰ পৰশ বিচাৰি উৰি ফুৰা এটি পৰিভ্ৰমী চৰাই আৰু প্ৰতিনিশা টোপনি যাওঁ এটি প্ৰেমময় সপোনৰ অপেক্ষাত৷ ৰ’ব, আপোনালোকে নাভাবিব যে মোৰ জীৱনলৈ প্ৰেম কেতিয়াও অহাই নাছিল৷ আহিছে৷ ময়ো পাইছোঁ প্ৰেমৰ আলফুল সুকোমল পৰশ৷ এবাৰ নহয় বহুবাৰ মোৰ হৃদয়ৰ পদূলি গৰকিছে প্ৰেমে৷ কিন্তু প্ৰতিবাৰেই মলয়া বতাহৰ দৰে আহি বৰদৈচিলাৰ দৰে গুচি গৈছে প্ৰেম মোৰ জীৱনৰ পৰা৷ ভাঙি-ছিঙি থৈ গৈছে মোৰ হৃদয়ৰ পঁজাঘৰ৷ প্ৰতিবাৰেই দি গৈছে কিছু বিষাদ, কিছু মধুৰ স্মৃতি৷ আৰু বৰদৈচিলাই ভাঙি যোৱা পজাটি নতুনকৈ সজাই ময়ো প্ৰতিবাৰে অপেক্ষা কৰিছোঁ প্ৰাণৰ বহাগলৈ; হেঁপাহৰ প্ৰেমলৈ৷

প্ৰতি ৰাতিপুৱা উঠাৰ দৰেই প্ৰেম প্ৰত্যাশী চৰাইজনী হৈ বিচনাৰ পৰা উঠিলোঁ৷ আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন৷ ঘৰত সকলোৰে ভোট দিবলৈ যাবলৈ উগুল-থুগুল লাগিছে৷ মই উঠি ৰাতিপুৱাৰ যাৱতীয় কামখিনি কৰি সমাপ্ত কৰোঁ মানে খুড়া ভোট দি আহি পালেই৷ খুৰাক সুধিলোঁ- “এইবাৰ মানুহ কম নেকি? ইমান সোনকালে হ’ল যে?” খুড়াই ক’লে- “মানুহ আগৰ দৰেই আছে ৷ কিন্তু ডেকা বিষয়া কেইজনে বহুত খৰধৰকৈ ধুনীয়াকৈ কামখিনি কৰিছে৷” উফ্! মোৰ প্ৰেম পিয়াসী মন! ডেকা বিষয়া বুলি কোৱাৰ লগে লগেই মোৰ চাৰিওফালে গীটাৰ বাজিবলৈ আৰম্ভ কৰিলেই৷ দেৰি নকৰি ভন্টিহতৰ লগত ভোট দিবলৈ ওলাই গ’লোঁ ৷

ভোটদানৰ দীঘলীয়া শাৰীত থিয় হৈ ডেকা বিষয়াজনৰ কথাকে ভাবি থাকিলোঁ ৷ কেনে হ’ব বাৰু দেখিবলৈ৷ কেনেবাকৈ এবাৰ চাই আহিবলৈও উপায় নাই, যিহে দীঘল শাৰী৷ নিজলৈকে চালোঁ৷ বেছি জধলা হৈ আহিছোঁ নেকি বাৰু৷ নাই, ঠিকে আছে৷ ভনীজনীয়ে জন্মদিনত উপহাৰ দিয়া নতুন কুৰ্টিটো পিন্ধি আহিছোঁ, লগত মিলাই পিন্ধিছোঁ কানফুলি৷ ওঁঠত এলি এইটটিন লিপষ্টিক, চকুত লেকমি আইলাইনাৰ, কাজল৷ কালি ৰাতিয়েই নখত ধুনীয়াকৈ নখপালিচ লগাইছোঁ, চুলিখিনিও অলপো তেল নথকাকৈ ধুই কণ্ডিচনাৰ কৰিছোঁ৷ মুঠতে ডেটিং মাৰিব যাব পৰাকৈ ফিট হৈ আছোঁ মই৷ ভোটদাতাৰ দীঘল শাৰীয়েও মোৰ মুখৰ ফ্ৰেচনেচ আঁতৰাব পৰা নাই৷

অৱশেষত দীঘল শাৰীটোৰ আগলৈ অহাৰ সময়কণ আহিল ৷ মোৰ ভিতৰলৈ সোমোৱাৰ পাল পৰিল৷ পলিং বিষয়াজনৰ আগত থিয় দি ভোটাৰ পৰিচয় পত্ৰখন উলিয়াই দিলোঁ৷ চকু গ’ল ওচৰতে বহি থকা জনলৈ৷ সঁচাকৈ হেণ্ডচাম তেওঁ৷ মোৰ প্ৰেম প্ৰত্যাশী দুচকুৱে ইমানদিনে যেন তেওঁকেই বিচাৰি ফুৰিছিল৷ নখত দাগটো লগাবলৈ তেওঁৰ সন্মুখত থিয় দিলোঁ৷ লাহেকৈ মিচিকিয়াই তেওঁলৈ চালোঁ৷ নখপালিচ লগোৱা নখটো দেখি তেওঁ অলপ বিবুদ্ধিত পৰিল৷ ক’লে- ”ইচ্, নখপালিচৰ ওপৰত দাগটো নবহিবই নহয়৷ হ’ব বাৰু, এনেকৈয়ে দি দিছোঁ৷” আকৌ এবাৰ ভাল লাগি গ’ল মোৰ৷ ইমান ভদ্ৰ৷ ইমান গভীৰ কণ্ঠস্বৰ৷ এই মাতষাৰৰ বাবেই যেন মই ইমানদিনে ৰৈ আছিলোঁ৷

এইবাৰ তেওঁ ক’লে- ”ইয়াত চহীটো কৰক বাইদেউ৷”

বাইদেউ!! মই যেন নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাই৷ যিজনী ছোৱালীক মানুহে দেখিলে হাইস্কুলত পঢ়ি আছা নেকি বুলি সোধে, যিজনী ছোৱালীক দেখি হায়াৰ ছেকেণ্ডাৰী পঢ়া ল’ৰাই চকুটিপ মাৰি থৈ যায়; সেই ছোৱালীজনীক মাতিছে বাইদেউ! লাজ লাগি গ’ল মোৰ৷ খৰধৰকৈ চহীটো কৰি আনজন বিষয়াৰ ওচৰলৈ গতি কৰিলোঁ৷ প্ৰেম আৰু নহ’ল৷

☆★☆★☆

One comment

  • ৰামানুজ

    গীটাৰ বজাটো ভাল লাগিম

    Reply

Leave a Reply

Your email address will not be published.