ফটাঢোল

সোঁৱৰণি সোণালী – ভানুশ্ৰী দেউৰী

কত যে ঘটনা ঘটে জীৱনটোত! সুখৰ, দুখৰ। কিছুমান ঘটনা, কিছুমান কথা মনত পৰিলে দুই ওঁঠেৰে হাঁহি এটি আপুনি আপুনি বিৰিঙি যায়। কোনোবাটো মুহূৰ্তত ভগৱানক ধন্যবাদ জনাওঁ এইবাবেই যে আমি আজিৰ দৰে যান্ত্ৰিকতাৰে ভৰা শৈশৱৰ দিন পাৰ কৰিবলগীয়াকৈ জন্ম নল’লো। বৰ সুখদায়ক আছিল আমাৰ শৈশৱৰ দিনবোৰ। সোণোৱালী শৈশৱ বুলিব পৰা বিধৰ, সেই দিনবোৰৰ কথা মনত পেলাই সুখ বুটলিব পৰা বিধৰ।
স্কুলত পঢ়ি থকা দিনৰ কথা এয়া। দাদাৰ পুৰণি ক’লা লংপেণ্ট এটা বাইদেউৱে চিলাই মেলি মই পিন্ধিব পৰা কৰি দিছিল। লংপেণ্টটো আঁঠুলৈকে কোঁচাই পিন্ধো। এদিন সন্ধিয়া সাতমান বজাত মই আলিবাটত ৰৈ আছিলো। তেনেতে ঢলং পলং খোজেৰে মানুহ এজন আহি মোৰ কাষ পালেহি। দোৰোল খোৱা জিভাৰে তেওঁ মাত লগালে,
“ঐ ল’ৰা ইয়াত মদ ক’ত পায়, মদ?”
টিঙিচকৈ খংটো উঠি আহিল। প্ৰথম কথাটো হ’ল, মই হেন গাভৰু ছোৱালীজনীক ল’ৰা বুলিছে! লংপেণ্ট পিন্ধি থাকিলো বুলিয়েই ধৰিব পৰা নাইনে ছোৱালী বুলি! চাতকৈ লগৰবোৰে মোক “মতাকালু” বুলি ‘সম্বোধন’ কৰাৰ কথাটো মনত পৰি গ’ল। তাতে মানুহটো এটুপি খাই বৈ তেনেই মাতাল হৈ আহিছে! তেওঁক আকৌ মদৰ সন্ধান লাগে হেনো! খঙৰ ভমকত মোৰ মাতটো বেচ ডাঙৰকৈয়ে ওলাল।
: নিচাৰ কোবত খোজ আগবঢ়াবই পৰা নাই। আকৌ মদৰ খবৰ কৰিবলৈ আহিছে যে! পিটন লাগে?
কথাষাৰ ক’বলৈহে পালো, ‘নামাৰিবি ঐ বোপাই’, বুলি মানুহজনে যেনেকৈহে ফিৰিংচিটিকা দিলে যে মনত পৰিলে আজিও হাঁহি উঠে। যি কি নহওক ক্ষন্তেকৰ বাবে হ’লেও ল’ৰা হোৱাৰ দুৰ্ভাগ্য নে সৌভাগ্য হৈছিল।
জন্মাষ্টমী দিনাখনৰ কথা। গাঁৱত তেতিয়া সৰু বোৱাৰী, কইনা মোৰ ধুনীয়া জাতীয় চিনেমাৰ চিডি প্রচলনৰ ভৰপক। আমাৰ তাত আকৌ ভগৱান কৃষ্ণৰ জন্মদিনৰ দিনা চোৰ কৰাৰ পৰম্পৰা এটা আছিল। গাঁৱৰ আইতা এগৰাকীৰ ঘৰত ডাঙৰ ডাঙৰ জৰা টেঙা লাগিছে বুলি দুটামানে খবৰ দিলেহি। লগে লগে চাৰিজনীয়া সঁজাতী দল এটা লৈ প্লেন বনালো। ঘৰৰ আগফালে সোমাই পাছফালে কাৰ্য ফেৰা সম্পন্ন কৰাৰ মাষ্টাৰপ্লেন ৰেডি হ’ল।
কথা মতেই কাম। ৰেপি থাকিলেও নকটা কটাৰি এখন লৈ জৰা গছৰ তল পালোগৈ। পিছে জৰাৰ ডালত কাটিছোঁ হে কাটিছোঁ, নাকাটে দেখোন। ৰেপি ৰেপি মূৰকত যেনিবা টেঙা এটা কাটিলোগৈ। তেনেতে দেখিলো জৰাৰ গৰাকী আইতাগৰাকী কোবা কোবিকৈ আমাৰ ফালেই আহি আছে। বুজিলো, কোনোবা শনিপাতে আমাৰ অভিযানৰ কথা তেওঁৰ কাণত পেলালেগৈ। যেনেতেনে টেঙা দাঙি বাৰীৰ ঢাপ পালোগৈ। ইমান কষ্টেৰে সফল হওঁ হওঁ যেন হোৱা অভিযানটো শেষ মুহূৰ্তত অথলে যাবলৈ দিওঁ কেনেকৈ! পিছে ঢাপটো পাইহে বিপাঙত পৰিলো। খালটোত একঁকাল পানী। জপিয়াই পাৰ হোৱাটো অসম্ভৱ। হেন জানি সবকে নির্দেশ দিলো, “জয় গুৰু শংকৰ, তলফালে মন নকৰ।” কাপোৰ কানি দাঙি ঘোলা পানীৰে ভৰা খালটো পাৰ হৈ এশ মিটাৰ দৌৰ দিবলৈ আৰম্ভ কৰিলো। কাৰণ তেতিয়ালৈ “এই জহনীতযোৱা ল’ৰা ছোৱালীমখাৰপৰা টেঙা এটাও বাৰীখনত নথকা হ’ল ঐ” বুলি আইতাই মৰা চিঞৰকেইটা আমাৰ কাণত পৰিছিলহি।
ল’ৰা-ছোৱালীৰ প্রভেদ নথকা গাঁওখনত এনেকুৱা দুষ্টামি কৰি ভৰ দুপৰীয়াও টলৌ-টলৌকৈ ঘূৰি ফুৰিছিলো। ভাবি দুখ লাগে, আজিৰ যুগৰ বেছিভাগ ল’ৰা ছোৱালীয়েই এনে সুখবোৰ বুটলাৰপৰা বঞ্চিত হৈছে। ঘৰৰ চাৰি দুৱাৰৰ মাজতে আৱদ্ধ থাকি মোবাইল অথবা টিভিৰ স্ক্ৰীণত চকু থৈয়েই সিঁহতে পাৰ কৰিছে সোণোৱালী শৈশৱৰ দিনবোৰ।
☆★☆★☆

One comment

  • হেমন্ত কাকতি

    ভাল লাগিল ভানুশ্ৰী

    Reply

Leave a Reply

Your email address will not be published.