ফটাঢোল

সোণাৰুফুলৰ দৰে – মাধুৰীমা ঘৰফলীয়া

সোণাৰু ফুলবোৰ…

বতাহত হালিজালি নাচি থকা সোণাৰু ফুলবোৰ…

দেউতাৰ বৰঘৰৰ চালিখন বীৰৰ দৰে দাঙি ধৰি ৰখা খুঁটাটোত এসময়ত ফুলা সোণাৰু ফুলবোৰ….

সোণাৰুৰ বাবেই চিনাকী হৈছিলোঁ হালধীয়াৰ সৈতে! হালধীয়া বাবে জনা নাছিলোঁ সোণাৰুক!

আপোনবোৰো কোনোবাখিনিত সোণাৰু ফুলৰ দৰে! ভালপোৱা বাবেই আপোন নহয় ,আপোন বাবেই ভালপোৱাৰ সৃষ্টি! তথাপি হেৰাই যায় বহু কথা সময়ৰ সতে। থাকি যায় মাথো স্মৃতিবোৰ লঠঙা সোণাৰুৰ খুঁটাবোৰৰ দৰে। আবেগবোৰ ধৰি ৰাখি জীৱনৰ বাবে।

শব্দবোৰ এনেকৈ খেলিমেলি হৈ তাইৰ মনৰ মাজত কেৱল আজিয়েই নহয় প্ৰায়ে খুন্দিয়াই ফুৰে। সুউচ্চ অট্টালিকাটোৰ এটা কোণত থকা সিহঁতৰ ঘৰটোৰ বেলকনিত ৰৈ তাই যেতিয়াই লক্ষ্যবিহীন ভাৱে সমুখলৈ চাই থাকে সাধাৰণতে তেনেকুৱা সময়ত এনেকুৱা কথাবোৰে মনৰ মাজত টিঘিলঘিলাই থাকিবলৈ সুবিধা পায় আৰু তাই সেই নিজকে টিঘিলঘিলনিৰ মাজত এৰি দিয়ে। হওক মনটো অকণমান আৱেগিক হৈ থাকক। অন্ততঃ কংক্ৰিটৰ এই বেৰবোৰৰ মাজত তাই হেৰাই যোৱা নাই তাৰ প্ৰমাণ এটা নিজকে নিজে দি থাকক।

কোনোবাটো আবেলিত হাতত হাতখন লৈ হিমাংশুৱে কৈছিল- ‘তুমি অলপ বেছি আৱেগিক নেকি?’

তাই হাতখন কোঁচাই আনিছিল। সময়ৰ লগে লগে হাতখন সলনি হৈছিল। সলনি হোৱা হাতখনে তাইক স্পৰ্শ নকৰাকৈ তাইৰ চকুলৈ চাই কৈছিল – ‘তুমি সলনি নহ’বা। তোমাক এনেকৈয়ে ভাল লাগে। মই মাথোঁ তোমাৰ চকুৰ তলৰ ক’লা দাগবোৰ মোহাৰিব খোজোঁ। খৰধৰ কৰাৰ প্ৰয়োজন নাই। তোমাৰ হাতত সময় আছে। তুমি মাথোঁ এবাৰ হ’লেও ভাবি চাবা তোমাৰ চকুৰ সিপাৰে থকা অপেক্ষাৰত মুখখন মই হ’লে তোমাৰ অপেক্ষা শেষ হ’ব নে নাই!’

বৰ বেছিদিন নহ’ল। সলনি হোৱা হাতখনক তাই আকোঁৱালি ল’লে। মৃগাংকৰ সৈতে অনামিকাৰ শুভবিবাহ…কাৰ্ডখন হাতত লৈয়ে হিমাংশু সিহঁতৰ বিয়ালৈ আহিছিল । সহজভাৱেই কইনাৰূপী অনামিকালৈ চাইছিল। অনামিকা ভিতৰি কঁপি গৈছিল সেইটো চাৱনিত।

– সুখী হোৱা তোমাৰ মনৰ জোখাৰে !

উপহাৰটো দিওঁতে জান নিজান হাঁহি এটা মুখত বিৰিঙাই সি কৈছিল। অনামিকাই তাৰ ওঁঠযোৰলৈ লক্ষ্য কৰিছিল, কেনেবাকৈ কঁপি উঠিছে নেকি সেইযোৰ ওঁঠ। নকঁপিল দেখোন!

কিন্তু তাই কঁপিছিল, প্ৰথমবাৰৰ বাবে মৃগাংকৰ ওঁঠত ওঁঠ থওঁতে। মৃগাংকই তাইৰ নিৰাভৰণ দেহাটো আঁকোৱালি লওঁতে! কোনোবাটো পলত হিমাংশুৰ মুখখনো আগাদেৱা কৰি গৈছিল!

কঁপনিবোৰ লাহে লাহে আৱেগ হৈ পৰিছিল। হিমাংশুৰ অৱয়বটো হেৰাই গৈছিল। সকলোবোৰ সহজ হৈ পৰিছিল আৰু তেনেকুৱা এটা দিনতে আবেলি তাই ফোনটো ৰিচিভ কৰোঁতে সিফালৰপৰা চিনাকী কণ্ঠস্বৰ এটাই চিঞৰি উঠিল,

– অৱশেষত!

– তুমি !

– মাতটো মনত আছে তেন্তে?

– …..

– এতিয়াও আগৰ দৰেই গোমোঠাজনী হৈ আছা মানে। এই মৃগাংকই তোমাক সলনি কৰি পৰা নাই।

– মৃগাংক তুমি নহয় হিমাংশু। সি মোক মোৰ দৰেই থাকিবলৈ দিছে।

– গুড! মোৰ খবৰ নোসোধা?

– সেই একেটা প্ৰশ্ন তোমাকো কৰিব পাৰোঁচোন!

– নোৱাৰা! তোমাৰ নতুন নম্বৰটো বিচাৰি উলিয়াব পাৰিলোঁ যেতিয়া তোমাৰ খবৰো মই ৰাখিছোঁ সেইটো তুমি জানা!

– ভালে আছা?

– আছোঁ চাগে!

– চাগে?

– কথাবোৰত আজিকালি চাগেতো ৰাখি থওঁ। ক’বতো নোৱাৰি কেতিয়া সলনি হৈ যাব পাৰে?

– হয় জানো তেনেকৈ সলনি?

– হয়। সলনি নোহোৱা হ’লে মোক অলপো সুবিধা নিদিয়াকৈ তুমি তোমাৰ ঠিকনা সলনি কৰি নেপেলোৱা!

– সুবিধা দিয়া নাছিলোঁ! বাৰু এইবিলাক কথাকে ক’বলৈকে ফোন কৰিছিলা নেকি?

– অহ্ বেয়া নাপাবা। সেইবাবে ফোন কৰা নাছিলোঁ। মোৰ বিয়া। বিয়াৰ খবৰটো দিবলৈ তোমালৈ ফোন কৰিছিলোঁ।

– ….

– আছা?

– আছোঁ! তুমি সুখী নে?

– তুমি যদি সুখী হ’ব পাৰা ময়ো সুখী হ’ব পাৰিম। ৰাখোঁ। ঠিকনাটো মন গ’লে মেছেজ কৰি দিবা, কাৰ্ডখন পঠাম!

 আজি দুপৰীয়া তাইৰ হাতত কাৰ্ডখন পৰিছিলহি। অনামিকাই চুওঁ নুচুওঁকৈ কাৰ্ডখন খুলিলে। প্ৰিয়ংকা ৱেডছ হিমাংশু! প্ৰিয়ংকা সেই প্ৰিয়ংকাইনে? তাই লৰালৰিকৈ ফেচবুক খুলি এটা যুগতে ব্লক কৰি থোৱা হিমাংশুৰ প্ৰফাইলটোৰ ব্লক খুলিলে। তাৰপাছত তাৰ প্ৰফাইলত চকু ফুৰাবলৈ লাগিল। কিন্তু একো ক্লু বিচাৰি নাপালে।

প্ৰিয়ংকা, যাৰ সৈতে হিমাংশুৰ গভীৰ বন্ধুত্ব আছিল। কেতিয়াবা অনামিকালৈ থোৱা তাৰ সময়বোৰ তাই জোৰকৈ কাঢ়ি লৈছিল। অনামিকাই প্ৰথমে নীৰৱ হৈ চাই আছিল, কিন্তু এটা সময়ত ধৈৰ্যৰ বান্ধ হেৰাই গৈছিল। হিমাংশুৰ কাষত তাই অভিমান কৰিছিল। সেই অভিমানত সি ঢেকঢেকাই হাঁহি কৈছিল – ‘তুমি বৰ আৱেগিক। অলপ সলনি হোৱাচোন। প্ৰিয়ংকা তেনেকুৱা বুলি জানাই দেখোন। তাতে আজি তাইৰ লগত অফিচিয়েল কথা কিছুমান আলোচনা কৰিবলৈও আছিল।’

একেটা অফিচতে কাম কৰা হিমাংশু আৰু প্ৰিয়ংকাৰ অফিচিয়েল কথাবোৰ বাঢ়ি গৈছিল। ছচিয়েল চাইটত আপলোড কৰা সিহঁতৰ অফিচিয়েল টুৰত যোৱা ফটোবোৰে অনামিকাক আঘাত কৰিছিল। এটা সময়ত হিমাংশুক অভিযোগ কৰিবলৈ এৰি দিছিল। তাই নিৰৱ হৈ পৰিছিল আৰু তেনে সময়তে মৃগাংকই আহি টোকৰ মাৰিছিল। তাই মন সলনি কৰিছিল। আচলতে বাধ্য হৈ গৈছিল। কোনোবাখিনিত খালী হৈ থকা ঠাইখিনি মৃগাংকই পূৰাই পেলাইছিল। শেষবাৰৰ বাবে যেতিয়া হিমাংশুক লগ কৰিবলৈ গৈছিল সি হাঁহি আছিল। তাৰ চাগে বিশ্বাসেই হোৱা নাছিল তাৰ অবিহনেও অনামিকাৰ বেলেগ পৃথিৱী এখন থাকিব পাৰে।

– কিমান দিনৰ বাবে ব্ৰেকআপ কৰিবা অনু?

– সদায়ৰ বাবে।

– কাৰণটো সেই একেটাই নে?

– মই ভগৱান নহওঁ হিমাংশু। তুমি তোমাৰ মতে জীৱন উপভোগ কৰিব বিচাৰিছা কৰা! কিন্তু মই নোৱাৰোঁ সেই জীৱনত তুমি বিচৰা ধৰণে সহযোগ কৰিব। মোক এৰি দিয়া। মইও মোৰ মতে জীয়াই থাকোঁ।

অবাক লাগি ৰৈ যোৱা হিমাংশুক তাতে এৰি থৈ তাই গুছি আহিছিল। এবাৰো উভতি নোচোৱাকৈ। উলটি চালেই কিজানি খোজবোৰ ৰৈ যাব!

ম’বাইলৰ ৰিঙৰ শব্দই অনামিকাৰ চিন্তাত যতি পেলালে। ম’বাইলটোলৈ চালে, হিমাংশুৰ নম্বৰটো জিলিকি আছিল। কৰোঁ নকৰোঁকৈ তাই ফোনটো ৰিচিভ কৰিলে।

– কাৰ্ডখন ডেলিভাৰ হোৱা বুলি মেছেজ এটা আহিল। তাৰে খবৰ ল’বলৈ ফোন কৰিলোঁ।

কৈফিয়ৎ দিয়াতো তাৰ পুৰণি অভ্যাস। আজিও কৈফিয়ৎ দিয়া দেখি তাইৰ হাঁহি উঠি গ’ল।

– মিছা কথা কোৱাৰ অভ্যাস সলনি নহ’ল?

– তোমাৰ বাহিৰে আনৰ কাষত দেখোন মিছাবোৰো সঁচা হৈ থাকে। গতিকে সলনি কিয় কৰিম?

– আচল কথাটো কোৱা? প্ৰিয়ংকাৰ সৈতে বিয়া! শুভকামনা জনালোঁ।

  শেষৰ শব্দকেইটা কওঁতে অনামিকাৰ কথাত কৌতুকৰ সুৰ বিৰিঙি উঠিছিল।

– মই তুমি সোধালৈ বাট চাই আছিলোঁ। প্ৰিয়ংকাৰ সৈতে বিয়া কিন্তু তোমাৰ চিনাকী প্ৰিয়ংকাৰ সৈতে নহয়!

– মিছা কথা কৈছা?

– মোৰ সঁচা মিছাবোৰচোন তুমি সহজেই ধৰিব পাৰা? তেন্তে এইটো প্ৰশ্ন কিয় কৰিছা? আচলতে কিছুমান কথা ক’বলৈ তুমি মোক সুবিধাই নিদিলা। হয়তো কোনোবাখিনিত মোৰো ভুল হৈছিল। সম্বন্ধ এটাত ইমান আঁৰ-বেৰ ৰখাৰ কোনো প্ৰয়োজন নাছিলেই। সেই সময়ত তোমাৰ কথা ভালকৈ বুজি পোৱা নাছিলোঁ। কিন্তু তুমি আঁতৰি অহাৰ পাছত বুজি পাইছিলোঁ অধিকাৰৰ দাবী হেৰুৱালে কেনেকুৱা লাগে!

– আচল কথাটো কোৱা।

– আচল বুলিবলৈ একো নাই। প্ৰিয়ংকা নামৰ ভণ্টিৰ লগৰ এজনীৰ সৈতে মোৰ বিয়া হ’ব। মোৰ বন্ধু প্ৰিয়ংকাৰ সৈতে নহয়। তাইৰ সৈতে কেনেকৈ হ’ব। তাইৰ পছন্দ কোনোদিনে মই নাছিলোঁ। আচলতে তাইৰ পছন্দ ল’ৰা নাছিলেই।

– মানে!

– তাই সমকামী আছিল। আমি অলপমান বন্ধুৱে এই কথাটো জানিছিলোঁ। কিন্তু তাই ক’বলৈ মানা কৰাৰ বাবে কাকোৱে কোৱা নাছিলোঁ, আনকি তোমাকো। বন্ধুৰ প্ৰতি মই অলপ বেছিয়েই সত আছিলোঁ। এতিয়া তাই বিদেশত থাকে। সেইবোৰ কথা লৈ কাকোৱে কেৰেপ নকৰে বাবে ভাবিলোঁ তোমাক কওঁ। হেল্লঅঅ’… অনু তুমি শুনি আছা নে?

অনামিকা হাতৰপৰা ম’বাইলটো খহি পৰিছিল। সেই বিয়াৰ দিনা হিমাংশুৰ চকুত চকু থওঁতে কঁপি উঠাৰ দৰে বুকুখন কঁপি উঠিছিল। বহুবাৰ অনু অনু কৈ একো সঁহাৰি নোপোৱাৰ পাছত হিমাংশু ৰৈ গৈছিল কিন্তু ফোনটো কটা নাছিল। ঘৰৰ লেণ্ডলাইন ফোনটো বাজি উঠিছিল। বহাৰপৰা উঠি গৈ তাই ফোনটো ধৰিছিলগৈ । সিটো মূৰত মৃগাংক।

– আজি ফুলৰ পুলি আনিবলৈ যাম বুলি কোৱা নাছিলা জানো অনু?

– ওঁ

– তুমি ৰেডি হৈ থাকিবা মই অকণমান সোনকালে যাম বাৰু।

– আজি নালাগে মৃগাংক, বেলেগ এদিন যাম। আজি বেলেগ কাম এটা আছে। ৰাখোঁ এতিয়া।

লৰালৰিকৈ কথাষাৰ কৈ তাই ফোনটো ৰাখি দিলে। কিছুমান কথা সি গম নোপোৱাকৈ থকাটোৱেই বিচাৰে। সি তাইক লৈ কেৱল সুখী হওক। হললৈ আহি চোফাত পৰি থকা ফোনটো বুটলি ল’লে। ফোনটো তেতিয়াও কটা নাছিল। দীঘলীয়াকৈ উশাহ এটা লৈ তাই ফোনটো কাটি দিলে। তাৰপাছত ব্লক লিষ্টত গৈ নাম্বাৰটো ব্লক কৰি দিলে। তাই জানে এবাৰ বা দুবাৰ ট্ৰাই কৰাৰ পাছত যেতিয়া হিমাংশুৱে তাইৰ ফোনটো নংটো লগাব নোৱাৰিব সি নিজেই বুজি উঠিব তাই কি বিচাৰে। কাৰোবাক সুখী কৰিব নোৱাৰিলে বাৰে বাৰে দুখ দিয়াৰ অধিকাৰ তাইৰ নাই। থাকক স্মৃতিবোৰ সোণাৰু খুঁটাটোৰ দৰে। আবেগৰ ৰখীয়া হৈ!

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.