ফটাঢোল

সৰু কালৰ লটিঘটি – মন্দিৰা শৰ্মা

স্কুলত পঢ়ি থকা দিনৰে কথা। মই তেতিয়া সপ্তমমানত। আমাৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব ডেৰ কিলোমিটাৰমান হ’ব। খোজ কাঢ়িয়ে স্কুললৈ অহা যোৱা কৰোঁ। সেই কথাটোত দুখ অকণো নাছিল বাৰু। দুখ লাগিছিল আন এটা কাৰণতহে। মোৰ লগৰ বেছিভাগ ছোৱালীয়ে স্কুললৈ চাইকেল লৈ আহিছিল। স্কুল ছুটীৰ পিছত যেতিয়া সকলো জাক পাতি চাইকেল লৈ ঘৰমুৱা হৈছিল মোৰ এনে ভাব হৈছিল যেন সকলোবোৰ বীৰাংগনা একেলগে দেশ ৰক্ষা কৰিবলৈহে ওলাইছে ৷ মনতে ভাবিছিলোঁ চাইকেল এখন থকা হ’লে ময়ো বীৰদৰ্পে স্কুললৈ অহা যোৱা কৰিব পাৰিলোঁ হয়। ষ্টেটাছও বাঢ়িল হয় (চাইকেল নহয় যেনিবা ষ্টেটাছ চিম্বলহে আছিল ) সেয়ে দেউতাক চাইকেল এখন কিনি দিবলৈ কাকূতি-মিনতি কৰিলোঁ। আচল কাৰণটো অৱশ্যে নাইকোৱা দেই, নহ’লে চাইকেলৰ ঠাইত ‘ঔকিল’হে পাম। বুলিব ষ্টাইল মাৰিবলৈ চাইকেল লাগে? সুবিধা হ’ব বুলি ভাবিয়ে দেউতাই চাইকেল এখন কিনি দিলে। ঘৰলৈ বি.এছ.এ – এছ.এল.আৰ এখনৰ আগমন হ’ল।

পিছদিনা ৰাতিপুৱা ৪:৩০ মানতেই চাইকেল প্ৰশিক্ষণ আৰম্ভ। মই আকৌ বৰ ভাল শিকাৰু আছিলোঁ। তিনিদিনতেই এক্সপাৰ্ট হৈ গ’লোঁ(নিজে ভাবিহে ল’লোঁ দেই) এবাৰো নপৰাকৈ শিকিলোঁ, কম ডাঙৰ কথানে বাৰু? গপত ওফন্দি গঙাটোপ হ’লোৱেই। পিচে গঙাটোপ ফুটি চেপেটী চন্দাজনী হ’বলৈ বেছি দিন নালাগিল।

চাইকেল শিকা এসপ্তাহ মান হৈছে। স্কুলৰ পৰা আহি নাকে কাণে ভাত মুঠি গিলি ওলালোৱেই নহয় চাইকেল লৈ। লগত আৰু চাৰিজনীমান। কিছুদূৰ গৈছিলোঁহে।বিপৰীত দিশৰ পৰা দুজন ব্যক্তি আহি আছিল।পিন্ধনত ধুতি। লগৰ কেইজনী আগবাঢ়ি গ’ল। মই শেষত। তেনেতে দেখিলোঁ এজন ব্যক্তিয়ে পিছলৈ চাই চাই মোৰ ফালে আহি আছে। মোক দেখাই নাই। মই দেখিলোঁ যে কথা বিষম, কিবা এটা অঘটন ঘটিব।ভয়তে চাইকেলৰ হেণ্ডেল কঁপিবলৈ ল’লেই নহয়। ব্ৰেক মাৰিবলৈকে পাহৰিলোঁ। ব্ৰেক মাৰো মানে মোৰ চাইকেলৰ আগ চকা তেখেতৰ দুই ভৰিৰ মাজত। চকু দুটা মুদিহে দিলোঁ ভয়ত। দুয়ো জোঁট- পোট খাই ৰাস্তাৰ কাষলৈ পৰি গ’লোঁ। বেছি দুখ নাপালোঁ যেনিবা। কোনোমতে নিজকে চম্ভালি চাইকেলখন উঠাবলৈ লওঁতেই লাগিল নহয় কেনাটো। তেখেতৰ ধুতিখন চাইকেলৰ কোনোবাখিনিত লাগি ধৰিছিল। তেখেতো উঠিছে, ময়ো চাইকেলখন উঠাইছোঁ। ধুতিখন টান খাই পোন্ধটো খোল খাই গ’ল। উঠিবলৈ লওঁতে কোনোমতেহে গোটেই ধূতিখন খোল নোখোৱাকৈ ৰ’ল। অলপ ফাটিলেও। লাজে ভয়ে মোৰ অৱস্থা কাহিল। লগৰ কেইজনী পলাই পত্ৰং দিলে। ময়ো চাইকেল উঠাই তাৰ পৰা উধাও। মোক কিমান যে গালি পাৰিলে নহয়। দুই এটা কাণত পৰিছিল। মাৰ যে নাখালোঁ ৰক্ষা। শেনটো হৈ গৈ ফেঁচাটো হৈ ঘৰলৈ উভতিলোঁ। বৰ ভয় খালোঁ দেই। চাইকেল লৈ ফুটনি মাৰি স্কুললৈ যোৱাৰ সকলো আশাত চেঁচা পানী পৰিল।
তথাপি মৰ সাহ কৰি দুসপ্তাহ মানৰ পিছত চাইকেল লৈ ওলালোঁ স্কুললৈ বুলি। মায়ে ওচৰৰ দাদা এজনক মোৰ লগত যাবলৈ ক’লে। তাৰ স্কুল মোৰ স্কুল পাৰ হৈ। সেয়ে লগত গ’লে মা অলপ নিচিন্ত হ’ব। নহ’লে বা স্কুল গৈ পাওঁ নে নাপাওঁ। নে বাটে পথে কাৰোবাক খুন্দিয়াই মেলি যাওঁ। মাকবোৰৰ এনেয়ো চিন্তা বহুত। সেয়ে ময়ো আপত্তি নকৰিলোঁ। দুয়ো ওলালোঁ স্কুললৈ বুলি। আগে আগে দাদা চাইকেলত, পিছে পিছে মই মোৰখনত। ঠিকেই গৈ আছিলোঁ। স্কুল পোৱাৰ অলপ আগতে ৰাস্তাটো অলপ হেলনীয়া। লাগিল নহয় সেইকণতে লেঠাটো। হেলনীয়া পাই মোৰ চাইকেলে ল’লেই নহয় নিজৰ গতি। যেন বতাহৰ গতিৰ সৈতে ফেৰহে মাৰিছে। ময়ো বেঙী ব্ৰেকলৈ পাহৰিলোৱে। যেনিবা মই চাইকেল চলোৱা নাই, চাইকেলখনেহে মোক চলাইছে। ফুল স্পীডত গৈ দিলোঁ আগে আগে গৈ থকা দাদাজনৰ চাইকেলত মাৰি। তাকো পেলালোঁ, নিজেও পৰিলোঁ। নপৰি পাৰোঁনে, এনেই কনট্ৰল নাই, তাতে আক’ স্পীড কি নাচাবা। কিযে লাজ পালোঁ। পেটে পেটে মাৰ ওপৰতহে খং উঠিলে। কিহে পাইছিলেনো লগত এটাক পঠিয়াবলৈ। মানে এনেকুৱা হ’ল কথাটো .. “নাচিব নাজানে, চোতালখন বেঁকা” । নিজৰ গাতেই দোষ, ইফালে দোষ দিছোঁ মাক। অলপ বেয়াও লাগিল বাৰু তেনেদৰে ভবা বাবে। সেইবোৰকে ভাবি কেঁকো জেকোকৈ উঠিলোঁ আৰু। লাজ আৰু ভয়ত দাদাজনৰ চকুলৈ চাবকে নোৱাৰিলোঁ। সিও ইফালে সিফালে চাই উঠিলে। তাৰ আৰু মোৰ চাইকেল দুখনো উঠালে। বেচেৰা ! তাৰ চাগৈ কিমান খং উঠিছে মোলৈ? কেনেকৈ যে গালি নপৰাকৈ থাকিলে, মোৰেই ভাগ্য ভাল আছিল চাগৈ? এটায়ে ভাল হ’ল যে কোনেও বিশেষ দুখ নাপালোঁ। মই দুখ পালোঁ নেকি বুলি সি সুধিলে। বুজিলোঁ, ভদ্ৰতাৰ খাতিৰতহে সুধিছে। পাৰিলে চাগৈ মোক তাতেই ঠেকেচিলেহেঁতেন। অলপ দুখ পাইছিলোঁ যদিও নাই পোৱা বুলিয়ে ক’লোঁ। দুয়ো লাহে লাহে নিজ নিজ স্কুললৈ আগবাঢ়িলোঁ। গৈ থাকোঁতে সি মোক একো মাত-বোল নকৰিলে। কৰে নো কেনেকৈ? যিহে গতি কৰিলোঁ তাৰ। ময়ো একো মাত নিদিলোঁ। কিন্তু মনে মনে এটা শপত খালোঁ, আৰু কাহানিও কাৰো লগত চাইকেল নচলাওঁ।

সেই যে সেইদিনাখন ঘৰলৈ আহি চাইকেল থ’লোঁ, কিমান দিনলৈ যে চাইকেলখনে বাৰাণ্ডাৰ চুক এটা শুৱনি কৰি ৰাখিলে হিচাপ নাই৷ বহুত দিনলৈ আকৌ খোজ কাঢ়িয়ে স্কুললৈ বাট বুলিলোঁ।

☆★☆★☆

7 Comments

  • চিত্ৰলেখা দেৱী

    ভাল লাগিল আপোনাৰ লিখনিটো ।

    Reply
    • মন্দিৰা

      পঢ়া বাবে ধন্যবাদ

      Reply
  • ডলী তালুকদাৰ

    মোৰো চাইকেল চলোৱা শিকা নহ’ল। ভাল লাগিল পঢ়ি।

    Reply
    • মন্দিৰা

      পিছত ভালকে চলাব জনা হ’লো ডলি।
      পঢ়া বাবে ধন্যবাদ

      Reply
  • ৰিণ্টু

    তামাম অভিজ্ঞতা দেখোন, ভাল লাগিল পঢ়ি মন্দিৰা

    Reply
    • মন্দিৰা

      ধন্যবাদ ৰিণ্টু দা। পিচে তাৰ পিছত সঁচাকৈ এক্সপাৰ্ট হলোঁ দেই।

      Reply
  • অৰুন বৰা

    সুন্দৰ হৈছে ৷

    Reply

Leave a Reply

Your email address will not be published.