ফটাঢোল

হাঁহি – গীতিকা শইকীয়া

ৰ’ব ৰ’ব! হাঁহিৰ ওপৰত কিবা জ’ক্ হ’ব বুলি ভাবিছে নেকি? নে কিবা কাহিনী! নে হাঁহিৰ ওপৰত কিবা সৰস ৰচনা! তেনে একো নহয়। আমাৰ সকলোৰে জীৱনত আমৃত্যু পৰ্যন্ত হাঁহিৰ লগত এক এৰাব নোৱাৰা সম্বন্ধ আছে। তাৰেই ওপৰত সামান্যকৈ পৰ্যালোচনাৰ বাবে এই লিখনি।
মানুহে হাঁহে কিয়……
মানুহে হাঁহে কিয়—এই প্ৰশ্নটোৱে যুগ যুগ ধৰি সমাজবিজ্ঞানী, মনোবিজ্ঞানী তথা নৃত্বত্ব বিজ্ঞানীসকলৰ মনোযোগ আকৰ্ষণ কৰি আহিছে। সকলো বয়সৰ আৰু সকলো সংস্কৃতিতে সকলো মানুহেই হাঁহে আৰু স্বীকাৰ নকৰিলেও সকলো মানুহেই জীৱনৰ বহুখিনি সময় এই হাঁহি-ধেমালিৰে কটায়। আনকি চিম্পাঞ্জী, বান্দৰ আৰু গৰিলাইও মানুহৰ দৰেই হাঁহে বুলি বিজ্ঞানীসকলে প্ৰমাণ কৰি উলিয়াইছে। ইয়াৰ পৰা বুজিব পাৰি যে মানুহৰ এই হাঁহি প্ৰাগৈতিহাসিক যুগৰ পৰাই চলি আহিছে।
এই হাঁহি মানৱ সমাজৰ ক্ৰমবিৱৰ্তনৰ মাজেৰে আহি আহি আমাৰ জীৱনৰ অভিন্ন অংগ হৈ পৰিল। ক্ৰমবিৱৰ্তনৰ বিভিন্ন দিশবোৰৰ ওপৰত অধ্যয়ণ কৰি বিজ্ঞানীসকলে এই হাঁহিৰ বিষয়ত কিছুমান বিশেষ যুক্তি আগবঢ়াইছে। তাৰ ভিতৰত কেইটামান হ’ল…
১) হাঁহিয়ে সামাজিক স্বাৰ্থৰ বৃদ্ধি কৰেঃ সমাজ ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত হাঁহিয়ে বিশেষ অৰিহনা যোগাই আহিছে। কিছুসংখ্যক বিশেষজ্ঞৰ মতে বিশেষকৈ ৰোমাণ্টিক দিশত হাঁহিয়ে অৰিহনা যোগায়। এইটোত আচৰিত হ’বলগীয়া এই কাৰণেই নহয় কিয়নো বিজ্ঞানীসকলে বিচাৰি পাইছে যে মানুহে সংগীৰ মাজত সামান্যভাৱে হহুঁৱাব পৰাৰ ক্ষমতা অথবা গুণৰ সন্ধান কৰে। গুৰুত্বপূৰ্ণভাৱে নাৰী-পুৰুষৰ দুয়োৰে মাজত এই হাঁহিৰ, হহুঁৱাব পৰা ক্ষমতাটো সামান্যভাৱে পৃথক পৃথক হয়। প্ৰচলিত ধাৰণা মতে নাৰীয়ে হহুৱাব পৰা ক্ষমতা থকা পুৰুষক বেছি পছন্দ কৰে। আনহাতে পুৰুষে সেইসকল নাৰীৰ লগত কথা-বতৰা, মিলা-মিচা কৰিব বিচাৰে যিসকলে পুৰুষৰ কথা অথবা জ’ক্ আদিত হাঁহিব পাৰে। বিশেষকৈ কেৱল এই কাৰণটোৰ বাবেই পুৰুষৰ মাজত ’স্টেণ্ড আপ কমেডিয়ান’ হোৱাৰ প্ৰৱণতা বেছিকৈ দেখা যায়।
২) হাঁহিয়ে যোগাত্মক কাৰকৰ বৃদ্ধি কৰেঃ মানুহৰ নতুন কিবা জনাৰ আগ্ৰহ, কৌতূহল আদিৰ বাবে তেওঁলোকৰ মাজত হাঁহিৰ বৃদ্ধি হয় বুলি কিছু সংখ্যক বিশেষজ্ঞই মন্তব্য কৰে। সেয়েহে হয়তো নাটক আৰু হাঁহিৰ মাজৰ সম্বন্ধই যুগ যুগ ধৰি মানুহক আকৰ্ষিত কৰি আহিছে। বিশেষকৈ শিশুৰ বাবে লিখা আৰু প্ৰদৰ্শন কৰা নাটকবোৰত সাধাৰণতে হাঁহিৰ থুনপাকে ভৰপূৰ হৈ থকা দেখা যায়। এইদৰে শিশুৰ নাটকত দিয়া হাঁহিৰ পয়োভৰে এই সংকেত দিয়ে যে সমাজৰ নতুন চামৰ বাবে পৃথিৱীখন সুস্থ হৈ আছে, য’ত শিশুহঁতে নিসংকোচে খেলি, শিকি ডাঙৰ হ’ব পাৰে।
৩) কোনো এক দল অথবা গোটৰ মাজত হাঁহিয়ে ইজনে সিজনৰ লগত সকলোকে সামাজিকভাৱে সংযোগসূত্ৰৰ কাম কৰেঃ মানৱ সমাজৰ বৰ্তি থকাৰ বাবে দল বা গোটৰ প্ৰয়োজনীয়তা সদায় আছে। বিৱৰ্তনৰ সময়ছোৱাত এই দল, গোটসমূহে ক্ৰমে বিস্তাৰ লাভ কৰি গৈ থাকিছিল আৰু ফলত সামাজিকভাৱে এই বৃহৎ দল, গোটসমূহক একেলগে সাঙুৰি ৰখাটো এক কঠিন কাম হৈ পৰিছিল। তেনেক্ষেত্ৰত হাঁহিয়ে এক সেতুৰ দৰে কাম কৰি আহিছে। এক মুকলিমূৰীয়া হাঁহিৰ পৰিবেশত মানুহে ইজনে সিজনৰ লগত খুব কম সময়তেই আৰু সহজতেই মিলি যাব পাৰে। যিহেতু হাঁহি খুব সহজে বিয়পি পৰে সেয়ে ডাঙৰ দল, গোটসমূহকো হাঁহিয়ে সহজতে এক কৰি তুলিব পাৰে।
বিজ্ঞানীসকলে মানুহৰ মনত এই হাঁহিৰ উৎপত্তিৰ সন্দৰ্ভত মানুহৰ শৰীৰত থকা এণ্ডৰফিনেই প্ৰধান কাৰক বুলি অভিহিত কৰিছে। এণ্ডাৰফিন এনে এক প্ৰকাৰৰ হৰম’ন হয় যি মানুহৰ মগজু আৰু শৰীৰৰ শিৰা-উপশিৰাৰ মাজেদি নিঃসৰিত হয়। এণ্ডৰফিনৰ শৰীৰতাত্বিক কিছুমান কাৰ্যাৱলী আছে যিবোৰে শৰীৰৰ বেদনাদায়ক কোষবোৰক কিছুসময়ৰ বাবে অক্ষম কৰি চিন্তা আৰু অনুভূতি থকা কোষবোৰক কাৰ্যক্ষম কৰি তোলে আৰু এই কোষবোৰেই হাঁহিৰ অনুভূতি জগাই তুলিব পাৰে।
অৱশ্যে এতিয়ালৈকে সমাজবিজ্ঞানীসকলে হাঁহিৰ ওপৰত উল্লিখিত সামাজিক প্ৰভাৱবোৰৰ বিষয়ে বিশেষভাৱে ঐক্যমতত উপনীত হ’ব পৰাগৈ নাই।
অক্সফ্ৰড বিশ্ববিদ্যালয় আৰু আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ এক যুটীয়া প্ৰচেষ্টাত তথা প্ৰফেচাৰ ৰবীন ডানবাৰৰ অধীনত এই হাঁহিৰ সামাজিক প্ৰভাৱৰ ওপৰত এক পৰীক্ষণ কৰা হৈছিল। পৰীক্ষণৰ বাবে আমন্ত্ৰণ জনোৱা ব্যক্তিসকলক প্ৰথমে এটা ’পেইন’ (বিষ) পৰীক্ষা কৰোৱা হৈছিল। তেওঁলোকৰ কাষলতিত একো একোটা ’ফ্ৰ’জেন ৱাইন কুলাৰ স্লিভ’ অন্ততঃ তিনি মিনিট সময়ৰ বাবে ৰাখিবলৈ দিয়া হৈছিল।তাৰপাছত তেওঁলোকক দুটা দলত ভাগ কৰি সেই ’ফ্ৰ’জেন ৱাইন কুলাৰ স্লিভ’ লৈয়েই এটা দলক এটা কমেডী ভিডিঅ’ ক্লিপ আৰু আনটো দলক হাঁহিৰ কোনো সুৰুঙা নথকা, যেনে গৌল্ফ কেনেকৈ খেলিব পাৰি জাতীয় ভিডিঅ’ এটা চাবলৈ দিয়া হৈছিল। এই গৌল্ফ খেলা ভিডিঅ’টো চোৱা দলটোয়ে সেই অতি ঠাণ্ডা ৱাইন কুলাৰ স্লিভৰ বিষ সহ্য কৰিব পৰা নাছিল। কিন্তু কমেডী ভিডিঅ’ চোৱা দলটোৱে ভিডিঅ’টোৰ কমেডীত ইমান মচগুল হৈ গৈছিল যে সেই অতি ঠাণ্ডা ৱাইন কুলাৰ স্লিভৰ ঠাণ্ডাও পাহৰি পেলাইছিল। প্ৰফেচাৰ ৰবীন ডানবাৰৰ পৰীক্ষণ দলটোৰ মতে এই টেষ্টটোত কমেডী চোৱা দলটোৰ ঠাণ্ডা সহ্য কৰাৰ ক্ষমতা প্ৰায় পঞ্চাছ শতাংশতকৈ বেছি হৈ গৈছিল।
কথা হ’ল হাঁহিৰ বাবেই সেই কমেডী ভিডিঅ’ চোৱা দলটোৰ ঠাণ্ডা লগা নাছিল নেকি…প্ৰফেচাৰৰ পৰীক্ষণ দলটোৱে লোকসকলে অতি ঠাণ্ডা লৈ থকা স্বত্বেও কমেডী চাই হাঁহি উঠা বাবেই ঠাণ্ডাৰ অনুভৱ নোহোৱা অৱস্থাটোৰ কাৰণ জানিবলৈ কৰা অধ্যয়ণত জানিব পৰা গ’ল যে বহুখিনি মানুহে একেলগে কমেডী ভিডিঅ’ চাওঁতে উঠা হাঁহিবোৰ সকলোৰে মাজলৈ সহজতে বিয়পি পৰিছিল আৰু সেইয়াই তেওঁলোকে লৈ থকা অতি ঠাণ্ডাৰ ফলত পোৱা শাৰিৰীক বিষৰ কথা পাহৰাই পেলাইছিল। অৰ্থাৎ মূলতে হাঁহিয়ে এক যোগাত্মক বাতাৱৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। তাৰমানে হাঁহিয়ে সামাজিকভাৱে মানুহক একেলগে বান্ধি ৰাখিব পাৰে।
পৰীক্ষণৰ দলটোৱে আৰু এক লানি পৰীক্ষণ কৰিছিল। সেইমতে তৃতীয় এটা দলক একেদৰেই ’ফ্ৰ’জেন ৱাইন কুলাৰ স্লিভ’ কাষলতিৰ তলত ল’বলৈ দি তেওঁলোকক এক ৰোমাণ্টিক ভিডিঅ’ চাব দিয়া হৈছিল। এইবাৰ দেখা গ’ল যে দলটোৱে ৰোমাণ্টিক ভিডিঅ’টো চাই আনন্দ পাইছিল যদিও তেওঁলোকে শৰীৰত ঠাণ্ডাৰ বাবে পোৱা বিষৰ পৰা পৰিত্ৰাণ পাব পৰা নাছিল। সেয়ে ৰোমাণ্টিক ভিডিঅ’টো চাই শৰীৰত পোৱা বিষ সম্পূৰ্ণকৈ পাহৰি যোৱাও নাছিল। যিহেতু এই প্ৰয়োগখিনি পৰীক্ষাগাৰত কৰা হৈছিল সেয়ে ফলাফলৰ পুনৰ নিশ্চিতিৰ বাবে এই পৰীক্ষাখিনি পৰীক্ষাগাৰৰ বাহিৰতো কৰাৰ পদক্ষেপ লোৱা হ’ল। সেয়ে এই একেখিনি প্ৰয়োগ বিশ্ববিখ্যাত ’এদিনবাৰ্গ ফ্ৰিঞ্জ ফেষ্টিভেল’তো কৰা হ’ল। কেইখনমান নাটক, কমেডী শ্ব’-নাটক আদি প্ৰদৰ্শন কৰা শিল্পী তথা দৰ্শকসকলৰ মাজত এই পৰীক্ষা কৰা হৈছিল। আৰু একেদৰেই কেৱল কমেডী নাটক প্ৰদৰ্শন কৰা শিল্পীসকল তথা কমেডী নাটক চোৱা দৰ্শকসকলৰ ক্ষেত্ৰতহে এই অতি ঠাণ্ডাৰ ফলত পোৱা শৰীৰত পোৱা বিষৰ মাত্ৰা পাহৰি নাটকৰ কমেডী উপভোগ কৰিব পৰা লোকসকলক পোৱা গ’ল।
এই বিশদ অধ্যয়ণৰ ফলত এই সিদ্ধান্তত উপনীত হ’ব পৰা গ’ল যো হাঁহিয়ে মনৰ দুখ কিছুপৰিমাণে আঁতৰাব পাৰে।

হাঁহি এক শাৰিৰীক ক্ৰিয়াঃ বিজ্ঞানীসকলে হাঁহিক এক শাৰিৰীক ক্ৰিয়া হিচাবেও অভিহিত কৰে। তেওঁলোকৰ মতে হাঁহি মানৱ আৰু আন কিছুমান জীৱৰ, মূলতে গৰিলা, বান্দৰ আৰু চিম্পাঞ্জীৰ শৰীৰৰ এক শাৰিৰীক ক্ৰিয়া। এই শাৰিৰীক ক্ৰিয়া সাধাৰণতে নিয়মিয়াকৈ অথবা কিছুসময়ৰ অন্তৰে অন্তৰে শৰীৰৰ ডায়েফ্ৰামক এক শ্ৰাব্য সংকোচন আৰু শ্বাস-প্ৰশ্বাস পদ্ধতিৰ কিছুমান অংশৰ মাজত হয়। ইয়াৰ ফলত শৰীৰৰ ভিতৰৰ আৰু বাহিৰৰ কিছুমান অংগক উত্তেজিত কৰি তোলে। সেয়েহে শৰীৰত ভাকুটকুটাই দিলে, হাঁহি উঠা কাহিনী অথবা চিন্তা আদিয়ে মানুহৰ হাঁহি উঠা দেখা যায়। সাধাৰণতেই এই হাঁহি উঠা কাৰ্যক কিছুমান যোগাত্মক, আবেগিক পৰিস্থিত, যেনে, সুখানুভূতি, ধেমালি, আনন্দ, সকাহ পোৱা আদিৰ জৰিয়তে হোৱা এক দৃশ্যমান প্ৰকাশভংগী বুলি ক’ব পাৰি। অৱশ্যে কেতিয়াবা হাঁহি উঠাৰ আন কিছুমান কাৰণতো, মূলতে আবেগিক পৰিস্থিত, যেনে অশান্তিদায়ক পৰিস্থিতি, ক্ষমা খোজা, অথবা বিভ্ৰান্তিকৰ অৱস্থা আদিতো হাঁহি উঠিব পাৰে। কোনো এক পৰিস্থিতিত মানুহৰ বয়স, লিংগ, শিক্ষা, ভাষা আৰু সংস্কৃতি এই সকলো কাৰকতেই মানুহে হাঁহিৰ অনুভৱ কৰিব পাৰে।
আচলতে হাঁহি মগজুৰ নিয়ন্ত্ৰণত হোৱা শাৰিৰীক ব্যৱহাৰৰ এক অংগ যিয়ে সামাজিক মিলা-মিছাৰ ক্ষেত্ৰত নিজৰ ব্যৱহাৰৰ বিষয়ে আনজনক জনোৱাত সহায় কৰে। লগতে এই হাঁহিয়ে এইধৰণৰ সামাজিক মিলা-মিছাত হোৱা কথা-বতৰাত এক আবেগিক পৰিবেশ গঢ়ি তোলে। কোনো দল, গোটৰ সদস্য হোৱাৰ বাবে হাঁহিক এক সাংকেতিক চিহ্ন হিচাবে ব্যৱহাৰ কৰা হয় আৰু লগতে ইজনে আনজনৰ লগত যোগাত্মক পৰিবেশত কথা-বতৰা পতাৰ ইংগিতো বহন কৰে। সেয়েহে হাঁহিক এক সূঁচৰিব পৰা কাৰক হিচাবেও জনা যায়। এজনে হাঁহি দিয়াৰ লগে লগে এই হাঁহিয়ে ওচৰত অথবা কাষত থকা জনকো হাঁহিবলৈ বাধ্য কৰাব পাৰে। সাধাৰণতে টেলিভিছন শ্ব’ আদিত এই ধৰণৰ হাঁহিৰ ৰোল দেখা যায় য’ত তাত অভিনয় কৰাসকলেও হাঁহি থকাৰ লগতে একে সময়তে পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন ঘৰত সেই শ্ব’ চোৱা সকলেও হাঁহি থাকিব পাৰে।
উল্লেখযোগ্য যে বিজ্ঞানীসকলে হাঁহিৰ, হাস্যৰস, কমেডী আৰু ইয়াৰ শৰীৰতাত্বিক প্ৰভাৱ আদি বিষয়ৰ ওপৰত কৰা অধ্যয়ণক জেট’ল’জী ( HYPERLINK “”https://en.wikipedia.org/wiki/Gelotology” o “Gelotology” gelotology) বুলি অভিহিত কৰিছে।
হাঁহিক যদিওবা উত্তেজিত অৱস্থাৰ, অন্তৰৰ পৰা অনুভৱ কৰা সুখানুভূতি, আনন্দৰ এক শ্ৰাব্য প্ৰকাশভংগী বুলি কোৱা হয় তথাপিও আন কিছুমান গৱেষকৰ মতে শিশুৰ, বিশেষকৈ জন্মৰ মাত্ৰ ১৬ দিন হোৱা শিশুৱেও খিলখিলাই হাঁহিৰ শব্দ কৰিব পাৰে। অৱশ্যে তেওঁলোকৰ মতে অন্ততঃ পোন্ধৰ মাহ অতিক্ৰম কৰা অথবা চাৰিমাহ সম্পূৰ্ণ কৰা শিশুৱে মুকলিকৈ হাঁহিৰ প্ৰকাশভংগী কৰিব পাৰে। গতিকে উল্লিখিত উত্তেজিত অৱস্থা, বিভিন্ন আবেগ ক্ৰমে সুখানুভূতি, আনন্দ আদিয়েই হাঁহি উঠিবৰ বাবে প্ৰধান কাৰক হোৱাটো জৰুৰী নহ’বও পাৰে।
হাঁহিৰ এজন বিখ্যাত আমেৰিকাৰ মেৰীলেণ্ড বিশ্ববিদ্যালয়ৰ মনোবৈজ্ঞানিক প্ৰফেচাৰ ৰবাৰ্ট প্ৰ’ভিনৰ মতে,-’হাঁহি প্ৰত্যেকৰে শৰীৰত থকা এক প্ৰকাৰৰ শাৰিৰীক পদ্ধতি। হাঁহি মানুহৰ শৰীৰত থকা এক বিশ্বজনীন বৰ্ণানুক্ৰমিক তালিকা। পৃথিৱীত হাজাৰ হাজাৰ ভাষা, শ শ, হাজাৰ হাজাৰ উপভাষা আছে, কিন্তু এই ভাষা-উপভাষা কোৱা সকলো মানুহেই একে ধৰণেৰেই হাঁহে। শিশুসকলেও কথা কোৱাৰ আগতেই হাঁহিবলৈ ধৰে। আনকি জন্মান্ধ, বোবা শিশুসকলৰো এই হাঁহিব পৰা ক্ষমতা অটুট থাকে।’ প্ৰফেচাৰ প্ৰ’ভিনে আৰু কয় যে’-’ হাঁহি এক আদিম, অৱচেতন মনৰ এক বৰ্ণানুক্ৰমিক পৰিস্থিতি। এয়া এক আনবংশিক কাৰকো হ’ব পাৰে।’
সেয়ে বিজ্ঞানীসকলৰ মতে মানৱ তথা আন সমগোত্ৰীয় জীৱজন্তু ক্ৰমে গৰিলা, বান্দৰ আৰু চিম্পাঞ্জীৰ শৰীৰত ভাকূটকূটোৱাৰ ফলত উঠা হোৱা হাঁহিৰ মাজত সাদৃশ্য আছে। ইয়াৰ পৰা এইটো প্ৰমাণিত হয় যে হাঁহি মানৱ সমন্বিতে সকলো সমগোত্ৰীয় জীৱজন্তুৰ মাজত সাৰ্বজনীনভাৱে উদ্ভৱ হৈছে।

হাঁহি আৰু স্বাস্থ্যঃ আমেৰিকাৰ মেৰিলেণ্ড মেডিকেল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ২০০৫ চনত হাঁহি আৰু শৰীৰৰ তেজ প্ৰবাহিত ধমনিসমূহৰ সুস্থ কাৰ্যক্ষমৰ মাজত থকা সম্বন্ধৰ বিষয়ে গৱেষণা কৰি উলিয়াইছিল। তেওঁলোকৰ গৱেষণাত হাঁহি শৰীৰৰ জৈৱ-ৰসায়ণৰ বিভিন্ন ক্ষেত্ৰত উপকাৰী বুলিও প্ৰমাণিত হৈছে। যেতিয়া কোনো ব্যক্তিয়ে হাঁহে তেতিয়া মগজুয়ে এণ্ডৰফিন এৰি দিয়ে। এই এৰি দিয়া এণ্ডৰফিনে কোনো শাৰিৰীক বিষ উপশম কৰাত কিছু সহায় কৰে। হাঁহিয়ে শৰীৰত থকা প্ৰতিকণাক শক্তিশালী কৰে আৰু শৰীৰৰ টি-চেল (কোষ)বোৰৰ বৃদ্ধি কৰি প্ৰতিৰোধ ক্ষমতাক সমৃদ্ধিশালীও কৰি তোলে।
২০০০ চনত কৰা আন এক গৱেষণাত এইবুলি পোৱা গ’ল যে হৃদৰোগত আক্ৰান্ত মানুহৰ অন্ততঃ চল্লিশ শতাংশই সেই বেমাৰত আক্ৰান্ত নোহোৱা সম-বয়সৰ আন মানুহৰ দৰে হাঁহি উঠিবলগীয়া বিভিন্ন পৰিস্থিতিত পৰিলেও হাঁহিব নোৱাৰে আৰু বেছিভাগতে হাঁহি উঠিবলগীয়া পৰিস্থিতিটোকেই ধৰিব নোৱাৰে।
উল্লিখিত বিভিন্ন ধৰণৰ অধ্যয়ণ, গৱেষণাৰ যোগেদি অৱশেষত পোৱা ফলাফলে হাঁহিৰ ওপৰত থকা কিছুমান চলিত অনুমানক, ধ্যান-ধাৰণাক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ল। হাঁহি এক স্বতঃস্ফুত আৰু অনিচ্ছাকৃত বুলি সততে পোৱা ধাৰণাৰ বিপৰীতে গৱেষকসকলে এই সিদ্ধান্তত উপনীত হ ’ল যে হাঁহি প্ৰকৃততে চাৰিওফালৰ পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি ঘটনাক্ৰমে হোৱা এক পৰিঘটনা। কেৱলমাত্ৰ ফুচুৰি অথবা কৌতুক কৰিলেই হাঁহি উঠা নুবুজায়। ইয়াৰ বিপৰীতে হাঁহিয়ে কিছুমান স্পৰ্শকাতৰ আৰু গভীৰ পৰিস্থিতিক সুষম কৰিবও পাৰে। শৰীৰৰ অন্তৰভাগৰ এক পৰিস্থিতিয়ে সৃষ্টি কৰা এক বাহ্যিক পৰিস্থিতিৰ লগতে হাঁহি এক উচ্চস্তৰীয় যোগাযোগৰ আহিলা। হাঁহিয়ে কোনো কাৰ্য আৰু সম্বন্ধ গঢ়াতো সহায় কৰিব পাৰে।

ফ্ৰয়েদৰ হাঁহি থিয়’ৰিঃমহান মনোবৈজ্ঞানিক ছিগমণ্ড ফ্ৰয়েদক মানুহৰ বিভিন্ন চিন্তাৰাজীৰ বিশ্লেষণৰ জনক বুলি কোৱা হয়। হাঁহি বিষয়ত ফ্ৰয়েদৰ থিয়’ৰি অবিহনে হাঁহিৰ প্ৰকৃত মূল্যায়ণ সম্ভৱ নহয়। ফ্ৰয়েদে ’ৰিলিফ থিয়’ৰি’ নামে হাঁহিক সাধাৰণীকৰণ কৰি উলিওৱা এক থিয়’ৰিত কয় যে হাঁহিয়ে কিছুপৰিমাণে অনিশ্চয়তা আৰু মানসিক অশান্তিৰ কাৰকজাতীয় হৰমনবোৰ শৰীৰৰ পৰা নিঃসৰিত কৰে। এনেদৰে অনিশ্চয়তা আৰু মানসিক অশান্তিৰ কাৰকবোৰ শৰীৰ পৰা নিঃসৰিত হোৱাৰ ফলত মানুহে মানসিকভাৱে সকাহ পাব পাৰে। উল্লেখযোগ্য যে এই থিয়’ৰিতেই হাঁহি যে স্বাস্থ্যৰ বাবে উপকাৰী সেই সূত্ৰৰো যথাযোগ্য উত্তৰ পোৱা গৈছিল। এই থিয়’ৰিয়ে মানুহৰ বিভিন্ন আবেগ ক্ৰমে বিচলিত হোৱা, দুখী হোৱা, খঙ উঠা ইত্যাদি বিষয়ত হাঁহিয়ে কেনেকৈ সহায় কৰিব পাৰে তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰিছে।

হাঁহি থেৰাপীঃ যোৱা কেবা দশক ধৰি হাঁহিক এক ৰোগ-চিকিৎসা বিষয়ক আহিলা হিচাবে গ্ৰহণ কৰি অহা হৈছে। কাৰণ হাঁহিক এক প্ৰাকৃতিক ঔষধ হিচাবে প্ৰমাণিত কৰা হৈছে। হাঁহি সকলোৰে বাবে সহজলভ্য আৰু হাঁহিয়ে মানুহৰ শাৰিৰীক, আবেগিক আৰু সুস্থ সামাজিক বাতাৱৰণ বৃদ্ধি কৰাত ইন্ধন যোগায়। হাঁহিক থেৰাপী হিচাবে ব্যৱহাৰৰ ফলত পোৱা ফলাফলৰ ভিতৰত কেইটামান হৈছে হাঁহিয়ে মানসিক চাপ হ্ৰাস কৰি শৰীৰক শিথিল কৰি তোলাত সহায় কৰে। আগতেই উল্লেখ কৰা হৈছে যে হাঁহিয়ে শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক বৃদ্ধি কৰে আৰু এণ্ডৰফিন এৰি দি শৰীৰৰ বিষ কিছুপৰিমাণে লাঘৱ কৰে। লগতে হাঁহিয়ে তেজ চলাচল আৰু ধমনিৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি হৃদ ৰোগ কিছু পৰিমাণে প্ৰতিহত কৰিব পাৰে। লাফ্টাৰ থেৰাপীয়ে বিভিন্ন আবেগিক পৰিস্থিতি ক্ৰমে মানসিক অনিশ্চয়তা, শংকা আদিক লাঘৱ কৰিব পাৰে। লগতে বিভিন্ন সামাজিক সুফল ক্ৰমে সম্পৰ্ক শক্তিশালী কৰা, দলবদ্ধ কামকাজৰ গতি বৃদ্ধি কৰা, সংঘৰ্ষৰ মনোভাৱ হ্ৰাস কৰা, আনৰ সন্মুখত নিজকে সৌন্দৰ্যশালী কৰা ইত্যাদিতো হাঁহিৰ অৱদান অনস্বীকাৰ্য।

সাহিত্যত হাঁহিঃ হাঁহিৰ ওপৰত ইমান বিস্তাৰিতভাৱে অধ্যয়ণ, গৱেষণা হৈ থকা স্বত্বেও সাহিত্য জগতৰ বহু মনিষীয়ে হাঁহি জড়িত সাহিত্যক ভাল চকুৰে চোৱা নাছিল। যোৱা শতিকাৰ শেষৰ ফালৰ পৰাহে সাহিত্যত হাঁহিৰ প্ৰয়োগৰ বিষয়ক গুৰুত্বসহকাৰে লোৱা হৈছে। বিশ্বৰ বিভিন্ন মনিষী তথা লিখক-লিখিকাই হাস্যৰস আৰু হাঁহিক লৈ ৰচিত সাহিত্যসমূহক যথাযোগ্য স্থান দিয়াৰ লগতে প্ৰাচীন গ্ৰীক দাৰ্শনিকসকলে তেওঁলোকৰ ৰচিত গ্ৰন্থসমূহত বিশদভাৱে স্থান দিয়া হাঁহি তথা হাস্যৰসকে লৈ সমগ্ৰ মানৱ সমাজৰ ইতিহাস তথা বৰ্তমানলৈকে ৰচিত বিভিন্ন গ্ৰন্থৰাজীত উল্লিখিত হাঁহিৰ সন্দৰ্ভত বিশদভাৱে অধ্যয়ণ আৰু আলোচনা তথা চৰ্চা কৰিবলৈ ধৰে।
গ্ৰীক দাৰ্শনিক হেৰ’দ’টাছে পোন প্ৰথমে হাঁহিক লৈ সাহিত্যৰ ৰচনা কৰে। অৱশ্যে হেৰ’দ’টাছে আগবঢ়োৱা হাঁহিৰ সূত্ৰ বৰ্তমানৰ প্ৰেক্ষাপটত গ্ৰহণযোগ্য নোহোৱাটোৱেই স্বাভাৱিক। হেৰ’দ’টাছৰ মতে হাঁহিক তিনিভাগত ভগাব পাৰি-
১) কোনো নিৰপৰাধীয়ে ভূলক্ৰমে কৰা কিবা বেয়া কাম, কিন্তু তেওঁলোক নিজৰ দুৰ্বলতাৰ বিষয়ে জ্ঞাত নহয়। সেইবোৰ দেখি আন কাৰোবাৰ হাঁহি উঠিব পাৰে।
২) যিসকল মানসিক ৰোগত আক্ৰান্ত হয় তেওঁলোকৰ দ্বাৰা কৰা বলীয়ালীখিনি কাৰোবাৰ বাবে হাঁহিৰ খোৰাক যোগাব পাৰে।
৩) যিসকল অত্যধিক আত্মবিশ্বাসী হয় তেওঁলোকৰ কাম-কাজেও আন কাৰোবাক হাঁহিৰ খোৰাক যোগাব পাৰে।
অত্যাধিক হাঁহি শৰীৰৰ বাবে ক্ষতিকাৰক নেকি?
হাঁহিক মহৌষধ বুলি প্ৰমাণিত হোৱা স্বত্বেও কিছুসংখ্যক বিজ্ঞানীয়ে অত্যাধিক হাঁহি শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলিও অভিহীত কৰিছে। বৃটিছ মেডিকেল জাৰ্ণেলৰ এক খ্ৰীষ্টমাছ সংখ্যাত প্ৰকাশিত তথ্য মতে হাঁহি মানুহৰ শাৰিৰীক আৰু সুস্থ মানসিক অৱস্থাৰ বাবে লাভজনক যদিও অত্যাধিক মাত্ৰাত হাঁহিলে শৰীৰৰ ক্ষতি হোৱাৰো আশংকা আছে বুলি গৱেষকসকলে মন্থব্য কৰিছে। তেওঁলোকৰ মতে গুৰুতৰভাৱে হৃদৰোগত আক্ৰান্ত কোনো ব্যক্তিৰ বাবে অত্যাধিক হাঁহিলে মৃত্যু পৰ্যন্ত হ’ব পাৰে। কিন্তু এইটোও উল্লেখযোগ্য যে নিৰোগী মানুহৰ অত্যাধিক হঁহাৰ ফলত মৃত্যু হোৱাৰ কোনো তথ্য এতিয়ালৈকে প্ৰকাশ হোৱা নাই।
উল্লেখযোগ্য যে হাঁহিৰ সন্দৰ্ভত বিংশ শতিকাত প্ৰকাশ হোৱা হেনৰী বাৰ্গচন্টৰ ৰচিত ’এন এছে অন দি মিনিং অফ দি কমিক’ গ্ৰন্থখনক হাঁহিৰ ওপৰত ৰচিত এখন অন্যতম তথ্য সম্বলিত গ্ৰন্থ হিচাবে বিশ্বজুৰি স্বীকৃত হয়।
হাঁহিৰ কেইটামান সহজ-সৰল বৈশিষ্টঃ
১) মানুহে কথা কোৱাৰ আগতে হাঁহে।
২) হাঁহি আৰু হাস্যৰসৰ লগত একেলগ কৰিব নোৱাৰি।
৩) গৰিলা, চিম্পাঞ্জী আৰু বান্দৰেও হাঁহে।
৪) একেলগে হাঁহিব পৰা পতি-পত্নী সমিলমিলেৰে থাকিব পাৰে।
৫) হাঁহিয়ে আমাৰ মগজুক নিয়ন্ত্ৰণ কৰে।
৬) হাঁহিয়ে কেল’ৰি হ্ৰাস কৰিব পাৰে।
৭) হাঁহিক এক শ্ৰেষ্ঠ মহৌষধ হিচাবে গৱেষকসকলে প্ৰমাণিত কৰিছে।
শেষত একবিংশ শতিকাৰ এজন মহান সাহিত্যক পাবলো নেৰুদাৰ হাঁহি সন্দৰ্ভত কৰা এষাৰ উক্তি উল্লেখ কৰাটো উচিত হ’ব। পাবলো নেৰুদাৰ মতে,- ’হাঁহি হ’ল আত্মাৰ এক চিৰন্তন ভাষা’।

☆★☆★☆

12 Comments

  • সঞ্জীৱ

    তথ্যপূৰ্ণ বিশ্লেষণ।বৰ ধুনীয়া লাগিল।

    Reply
    • Gitika Saikia

      ধন্যবাদ সঞ্জীৱ, এই লিখাটো তোমাৰ বাবেই সম্ভৱ হ’ল।

      Reply
  • Anima Das

    বৰ ভাল লাগিল।

    Reply
  • অভিজিত কলিতা

    সুন্দৰ আলোচনা

    Reply
  • Silpasree

    হাঁহিৰ ওপৰত খুব ধুনীয়া বিশ্লেষণ

    Reply
  • সুন্দৰ বিশ্লেষণ!

    Reply
  • Attrayee goswami

    আমি স্কুলীয়া পাঠ্যপুঠিত ৰসৰাজৰ হাঁহি বিষয়ক ৰচনা এলানি পঢ়িছিলো৷তাৰ পিছত হাঁহিৰ বিষয়ে ইমান সুন্দৰ বিশ্লেষণ আজিহে পঢ়িলো৷বৰ ভাল লাগিল৷

    Reply
  • জাহ্নৱী গগৈ

    ভাল লাগিল বা৷ অগতানুগতিক লেখনি৷

    Reply
  • Gitika Saikia

    ধন্যবাদ আত্ৰেয়ী। ব্যস্ততাৰ বাবে মন্তব্যবোৰ চাব পৰা নাছিলো। পঢ়াৰ বাবে পুনৰ ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.