ফটাঢোল

হাঁহি – ড: জীৱন কলিতা

হাঁহি হ’ল মানুহে জন্মগতভাৱে লাভ কৰা এক জৈৱিক প্ৰবৃত্তি। বিশ্ব জগতৰ অন্যান্য প্ৰাণীবোৰৰ কিছুমানে দুখত চকুলো টুকিব পাৰে। কিন্তু আনন্দত হাঁহিব নোৱাৰে। হাঁহিব পাৰে কেৱল মানুহে। সেয়ে হাঁহিক মানৱ জীৱনৰ একচেতীয়া সম্পত্তি বুলি কোৱা হয়।

হাস্যৰস উৎপত্তিৰ কাৰণ বিশ্লেষণ কৰিলে দেখা যায় যে অসংগতিয়ে এই দিশত প্ৰধান ভূমিকা গ্ৰহণ কৰে। উদাহৰণস্বৰূপে শিশু এটিয়ে বৃদ্ধ এজনৰ আচৰণ অনুকৰণ কৰিলে তাত অসংগতিৰ সৃষ্টি হয় আৰু এই অসংগতিয়ে মনত যি আকস্মিক আলোড়নৰ সূচনা কৰে তাৰপৰাই হাঁহিৰ উৎপত্তি হয়।

প্ৰাচীন ভাৰতীয় আলংকাৰিকসকলে ‘নবিধ ৰস’ৰ উল্লেখ কৰিছিল। হাস্যৰস এই নৱ ৰসৰ অন্তৰ্ভূক্ত।

ব্যৱহাৰিক জগতত দৃশ্যমান যিবোৰ কাৰণৰ বাবে ৰসৰ উদ্ভৱ হয়, সাহিত্যত তাক ‘বিভাব’ নামেৰে অভিহিত কৰা হয়। বিভাবক ‘আলম্বন’ আৰু ‘উদ্দীপন’ এই দুই ভাগত ভগোৱা হয়। হাস্যৰসৰ ক্ষেত্ৰত আলম্বন হ’ল বিষয় অৰ্থাৎ চিত্ত বা কু-মনৰ মাজত উদয় হোৱা হাস্যানুকুল কোনো বস্তু। যেনেঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘চক্ৰধ্বজ সিংহ’ নাটকৰ গজপুৰীয়া চৰিত্ৰটো। সহৃদয় মনত হাঁহিৰ সৃষ্টি কৰিবৰ বাবে অলম্বন অপৰিহাৰ্য। উদ্দীপন বিভাব আলম্বন বিভাবৰ দৰে প্ৰবল নহয়। সহকাৰীহে। অলম্বন বিভাবৰ মাজত অপ্ৰকাশিত কিবা থাকিলে তাক উদ্দীপন বিভাবে প্ৰকাশ কৰি দিয়ে। যেনে ঃ উল্লিখিত গজপুৰীয়াৰ বিকৃত সাজ-পাৰ কিম্বা বিকৃত উচ্চাৰণ আদি।

বিভাবৰ পিছত আহে ‘অনুভাব’। হাঁহিলে ওঁঠ বিকশিত হয়, দাঁত ওলাই, চকু সপ্ৰতিভ হয় আদি। এইবোৰেই অনুভাব।

‘ব্যভিচাৰী’ বা ‘সঞ্চাৰী ভাব হ’ল চলচ্চিত্ৰ পৰ্দাত দেখাৰ নিচিনা তড়িৎ ছবি কিছুমান। ‘হাস’ বিভাবৰ যেতিয়া সঞ্চাৰী ভাব স্থায়ী হৈ বহে তেতিয়াই হাস্যৰসৰ সৃষ্টি হয়।

বিভিন্ন পৰিবেশ, পৰিস্থিতিত হাঁহিও বিভিন্ন ধৰণে মৰা হয়। যেনেঃ মিচিকিয়াই হঁহা, দাঁত চেলাই হঁহা, ঢেকঢেকাই হঁহা, খুক খুকাই হঁহা, ওঁঠৰ তলত হঁহা, কাঠ হাঁহি হঁহা আদি। এই বিভিন্ন ধৰণৰ হাঁহিৰ আলমত সংস্কৃত আলংকাৰিকে হাঁহিক ছটা ভাগত ভাগ কৰিছে। সেই ভাগ ছটা হ’লঃ (ক) স্মিত (খ) হসিত (গ) বিহসিত (ঘ) অৱহসিত (ঙ) অপহসিত আৰু (চ) অতিহসিত।

যি হাঁহিত চকু দুটা অলপ বিকশিত হয় আৰু অধৰ স্পন্দিত হয় সিয়েই স্মিত হাস্য।

“হাঁহোতে দাঁত অলপ দেখাকৈ ওলালে তাক হসিত বোলে। মধুৰ স্বৰযুক্ত হাঁহি বিহসিত। হাঁহোতে মূৰ আৰু কান্ধ কঁপিলে তাকে অৱহসিত হাস্য বোলা হয়। যি হাঁহিত চকুলো ওলাই, সেই হাঁহি অপহসিত আৰু অংগ প্ৰত্যঙ্গ সঞ্চালন কৰি হঁহা হাঁহিক অতিহসিত বোলা হয়।” ‘অলংকাৰ কৌস্তভ’ গ্ৰন্থত হাঁহিক স্মিত, হাস আৰু প্ৰহাস এই তিনি ভাগত ভাগ কৰা হৈছে।

আত্মস্থ আৰু পৰস্থ এই দুটা লক্ষণৰ ওপৰত ভিত্তি কৰি হাঁহিক দুটা ভাগত ভগাব পাৰি। সংস্কৃত সাহিেত্য হাস্যৰস নামৰ গ্ৰন্থত হাঁহিক আত্মস্থ সংক্ৰমনশীল হাস্য আৰু পৰস্থ সংক্ৰমনশীল হাস্য এই দুই ভাগত ভাগ কৰিছে। নিজৰ কোনো কথা বা কামত নিজেই হাঁহি থাকিলে তাক আত্মস্থ সংক্ৰমনশীল হাস্য আৰু আনৰ কথা বা কামত হাঁহি উঠিলে তাক পৰস্থ সংক্ৰমনশীল হাস্য বোলা হয়।

ইংৰাজী সাহিত্যৰ “The nature of Laughter” নামৰ গ্ৰন্থত হাঁহিক কেবাটাও ভাগত ভাগ কৰা হৈছে। যেনেঃ (i) Wit (ii) humour (iii) Satire (iv) farce (v) sarcasm (vii) lampoon (viii) fun (ix) laugh (x) smile (xi) comic (xii) burlesque আদি।

বুদ্ধি প্ৰধান হাস্যক Wit নামে অভিহিত কৰা হৈছে। লেখকে যেতিয়াই বৈচিত্ৰ্যপূৰ্ণ বিষয়বস্তুৰ ভিতৰত অভাৱনীয় অথচ বিস্ময়জনক পৰিবেশ সৃষ্টি কৰি বুদ্ধিৰ তৃপ্তি আৰু আনন্দ সৃষ্টি কৰে, তেতিয়াই দ্বন্দৰ সৃষ্টি হয়। Wit ৰ আবেদন তীব্ৰ আৰু ই ভাবৰ ওপৰত প্ৰাধান্য দিয়ে।

W. Wimsatt and C. Brooks ৰ “Literary criticism” নামৰ গ্ৰন্থত Wit ক Displacement wit, unification wit, Nonsence Wit. Ellipsis Wit আদি ভাগত ভাগ কৰিছে। Joseph Addison য়ে আকৌ Wit ক False Wit আৰু Mixed Wit এই দুটা ভাগত ভগাইছে। ধিতিঙালি, বহুৱালি, ভেঙুচালি, কুৰুচিপূৰ্ণ বা অশ্লীল বচন, ব্যক্তিগত, আক্ৰোশমূলক কথা False wit শ্ৰেণীত পৰে।

অন্য এজন আলংকাৰিকে কৈছে যে “কেৱল মাত্ৰ শব্দানুকৰণ, অসন্বদ্ধভাষণ, যমক, অনুপ্ৰাস, প্ৰহেলিকা প্ৰভৃতি শব্দ চাতুৰ্য হইতে যে হাস্যৰ জন্ম তাহাৰ সহিত False wit শ্ৰেণীৰ সাদৃশ্য বৰ্তমান। শ্লেষালংকাৰ, ব্যতিৰেক, লেশ, কাকু প্ৰভৃতিৰ অৰ্থগত ভেদ হইতে যে হাস্য জন্মে তাহাৰ সহিত Mixed wit এ ঘনিষ্ঠ সাদৃশ্য লক্ষ্য কৰা হয়। Sully ৰ Humour গ্ৰন্থত Wit ক False wit. Automation wit আৰু Mixed wit এই তিনি ভাগত ভাগ কৰি দেখুওৱা হৈছে।

ছিগমণ্ড ফ্ৰীয়েদে Wit ক Harmless wit আৰু Tendencey wit এই দুভাগত ভাগ কৰিছে।

Humour হ’ল সাধাৰণ হাস্যৰস Leacock য়ে ইয়াৰ সূত্ৰ এনেধৰণে আগবঢ়াইছে– “Humour may be defined as the kindly contemplation of life. and the artistic expression thereof.” Humour ত সহৃদয়তা আৰু কাৰুণ্য বৰ্তমান। ই গভীৰ আৰু অটলস্পৰ্শী।

Wit আৰু Humour ৰ উভয়ৰ পাৰ্থক্যৰ সম্বন্ধে “Encyclopedia of Religion and Ethics” ত আছে– “Humour is kindly and in its genuine forms includes the quality of sympathy. Wit is sharper and more apt to wound. wit is flesh, humour is a genial glow, wit is intensive. humour is relaxing. Qualities of feeling predominate in humour, in wit qualities of intellect. The boundaries of the two are somewhat indeterminate. The pleasure which humour evokes is more genial-than that to which wit gives rise.”

দৰাচলতে সাধাৰণ হাস্যৰস ভাব, ভাষা, ভংগিমাৰ মাজেদি অভিব্যক্ত হয়, কি বুদ্ধিদ্বীপ্ত হাস্যৰস বুদ্ধিৰ পৰশ নাপালে সজীৱ হৈ নুঠে। বুদ্ধিদীপ্ত হাস্যৰসক বিশুদ্ধ আৰু কৃত্ৰিম এই দুটা ভাগত ভাগ কৰা হৈছে। বিশুদ্ধ পৰ্যায়ত বিসংগতিপূৰ্ণ পদাৰ্থৰ ভিতৰত সাদৃশ্য বিচাৰৰ তীক্ষ্ম নিপুণতা দেখা যায়। কৃত্ৰিম পৰ্যায়তে বাক চাতুৰ্যই প্ৰাধান্য লাভ কৰে।
Satire হ’ল ব্যংগাত্মক। কোনো সমাজ, শ্ৰেণী, মতবাদ, ৰীতি-নীতিৰ বিসংগতি লৈ যি নৈব্যক্তিক বিদ্ৰুপাত্মক ৰচনাৰ সৃষ্টি হয় আৰু তাৰ বুকুত যি হাস্যৰস সোমাই থাকে তাক Satire বোলা হয়।

Smile সংস্কৃত ‘হযিত’ৰ সমপৰ্যায়ৰ। “উত্তম পাত্ৰৰ হাঁহি হসিত। ইয়াৰ মাজত যি সৌন্দৰ্য আৰু পৰিচ্ছন্নতা থাকে তাৰ প্ৰকাশ Smileয়ে কৰে।

Laughter ত উচ্চ হাস্য সূচিত হয়। অধম পাত্ৰৰ হাঁহি আৰু অতিহসিত, প্ৰভৃতি হাঁহিৰ মাজত ই আত্মপ্ৰকাশ কৰে।

পূৰ্বৰ স্মিত, হসিত, বিহসিত, অৱহসিত, অপসহিত আৰু অতিহসিত এই ছয় প্ৰকাৰৰ হাঁহিৰ উপৰি হাস্যৰসৰ আধাৰৰূপে প্ৰপঞ্চ, ছল, বাককেলি, নালিকা, ব্যাহাৰ, নৰ্ম আদি বিভাগৰ হাঁহিও পোৱা যায়।

নাটকীয় পাত্ৰ-পাত্ৰীদ্বয়ৰ মাজত বিশেষ কোনো উদ্দেশ্য যি অসত্য উত্তৰ, প্ৰত্যুত্তৰ প্ৰচলিত হয়, তাকে প্ৰপঞ্চ বোলে। বিশেষ উদ্দেশ্যেৰে হাস্যকাৰ, ক্ৰোধজনক অথবা প্ৰতাৰণাজনক যি বাক্য ব্যক্ত কৰা হয়, সিয়েই ছল। দুই অথবা ততোধিক উক্তি-প্ৰত্যুক্তি লগ লাগি যি হাস্যৰ সৃষ্টি হয় তাক বাক কেলি বোলে। ই ইংৰাজী Satire ৰ সমধৰ্মী। কোনো প্ৰকাশ্যমান অৰ্থক গোপন কৰিবৰ বাবে যি বিশেষ ৰহস্যময় হাঁহি মৰা হয় তাক প্ৰহেলিকা বোলে। প্ৰহেলিকা সকলো সময়তে হাস্য যুক্ত নহ’বও পাৰে। যি ক্ষেত্ৰত প্ৰহেলিকাত হাস্যকৰ বাক্য সংযুক্ত হয় তাক নালিকা বোলে।

সামাজিক চিত্ত বিনোদনৰ বাবে নাটকীয় পাত্ৰ-পাত্ৰীৰ হাস্যকাৰক কিম্বা ক্ষোভকাৰক উক্তিক ব্যাহাৰ বোলে। বিশেষ ব্যক্তি বিশেষক পৰিহাস কৰাই নৰ্ম। এনেধৰণৰ বিভিন্ন ৰকমৰ হাঁহি অচল মানুহেহে কৰিব পাৰে। সেয়ে আনন্দৰ অনুভূতি প্ৰকাশ কৰিবলৈ মৰা হাঁহিক হয়তো মানৱ জীৱনৰ একচেতিয়া সম্পত্তি বুলি কোৱা হয়।

☆★☆★☆

One comment

  • Mitali Saharia

    হাঁহিৰ বিষয়ে বহুতো কথা জানিব পাৰিলোঁ। ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.