ফটাঢোল

হাই হিল — পৰীস্মিতা দাস

: অই ছোৱালী, ভৰিৰ তলত পাহাৰ এখন লৈ ইমান খৰধৰকৈ খোজ নিদিবিচোন৷ কেতিয়াবা পৰি ককাল ভাগিব এইজনীৰ, ইমান ওখ হিলৰ চেণ্ডেল পিন্ধেনে কোনোবাই৷
– কৌশিকৰ কথাত প্ৰৱালে মিঁচিকিয়াই হাঁহি ছোৱালীকেইজনীলৈ চালে৷
সিহঁতৰ কথাত গুৰুত্ব নিদি খটখটাই কাষেৰেই পাৰ হৈ গ’ল ছোৱালীকেইজনী৷ সিহঁতৰ বিভাগৰ প্ৰিয় চাৰজনৰ গ্ৰন্থ এখনৰ উন্মোচনী অনুস্থানলৈ আহিছে সিহঁত- চন্দনা, পল্লৱী আৰু জ্যোতিৰেখা৷ ইতিমধ্যে সময়তকৈ যথেষ্ট দেৰিয়েই হৈ গ’ল৷ সেয়ে খৰধৰকৈ হলটোৰ ভিতৰলৈ সোমাল তিনিও৷

গ্ৰন্থ উন্মোচন ইতিমধ্যে হৈ গৈছিল৷ মঞ্চত নিৰ্দিষ্ট বক্তাই ভাষণ দি আছিল৷ দেৰি হোৱাৰ বাবে চন্দনা আৰু জ্যোতিৰেখাই পল্লৱীকেই দোষিলে ৷ “তোক কিমান ক’লো, চাৰৰ গ্ৰন্থ উন্মোচনীৰ সময়খিনিত থাকিব লাগিব৷ নাই, তাইৰ সময়ৰ প্ৰতি ভ্ৰূক্ষেপ নাই৷ গোটেই পৃথিৱী এফালে আৰু তাইৰ হাই হিলযোৰৰ গুৰুত্ব এফালে৷ এদিন হাই হিল নিপিন্ধিলে যেন পৃথিৱীখন ওলটিহে যাব৷ নিজৰ হাই হিলৰ আঠা খহি যোৱা বাবে তাই ৰশ্মিৰ পৰা বিচাৰি বিচাৰি তাইৰ জোখৰ হাই হিল পিন্ধি আহিছে জাননে৷” – চন্দনাই জ্যোতিৰেখালৈ চাই ক’লে৷ জ্যোতিৰেখাই তাইক সমৰ্থন কৰি কিবা এষাৰ ক’বলৈ ওলাইছিল যদিও পল্লৱীৰ গভীৰ চাৱনি দেখি তাই মনে মনে থাকিল৷ লাহেকৈ অথচ গম্ভীৰভাৱে পল্লৱীয়ে ক’লে- “হোৱাটো হৈ গ’ল৷ এতিয়া নিৰ্দিষ্ট বক্তাৰ ভাষণকে শুনচোন”।

মঞ্চত তেতিয়া নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত সকলোৰে পৰিচিত আদহীয়া ব্যক্তিজনে ভাষণ দি আছিল৷ গ্ৰন্থখনৰ বিষয়ে কিছু আলোচনা কৰি উঠি তেওঁ এতিয়া বৰ্তমানৰ যুৱক-যুৱতীসকলক উদ্দেশ্যি কিছু কথা ক’বলৈ লৈছে৷
“যুৱক-যুৱতীসকলক ক’বলৈ মোৰ বহু কথাই আছে৷ কিছু আপত্তি আছে তেওঁলোকৰ ওচৰত৷ কিছু পৰামৰ্শও আছে৷”
মানুহজন ধেমেলিয়া৷ যুৱক-যুৱতীসকললৈ পৰামৰ্শ থকা কথাটো তেওঁ মুখখন বিশেষ এটা ভংগিমা কৰি এনে এটা সুৰত ক’লে যে বিষয়টো হাঁহিবলগীয়া নহ’লেও উপস্থিত ৰাইজৰ মাজত সামান্য এটা হাঁহিৰ ঢৌ উঠিল৷

তেওঁ আকৌ ক’লে-
“আজিৰ যুৱক-যুৱতীসকলৰ মাজত নৈতিকতাৰ জ্ঞান কিমান শতাংশ যুৱক-যুৱতীৰ আছে? কিমান শতাংশ যুৱক-যুৱতীয়ে জ্যেষ্ঠজনক সন্মান কৰিব জানে? কিমানজন যুৱক-যুৱতীয়ে চিটিবাছত বয়োজ্যেষ্ঠজনক চিট এৰি দিয়ে? নে যুৱকসকল মাথো ফেচবুক, পাবজি, বাইক আদিৰ লগতে ব্যস্ত? আৰু যুৱতীসকল লিপষ্টিক, কাজল, মেকআপ আদিৰ লগতে ব্যস্ত নেকি? কিছুমানক আকৌ চাবা ভৰিত ইমান ওখ ওখ হিল, সেই হিলৰপৰা পৰিলে কিমান দিন হিল পিন্ধিব নোৱাৰিব সেইটো হ’লে মই ক’ব নোৱাৰিম৷”- মানুহজনে সামান্য চাপৰি এক নিৰ্দিষ্ট উচ্চতালৈ হাতখন নি ছোৱালীৰ হিলৰ উচ্চতাটো বুজালে৷ উপস্থিত ৰাইজৰ মাজত পুনৰ হাঁহিৰ ৰোল উঠিল৷
একেখিনি সময়তে পিছৰফালে বহি থকা পল্লৱীয়ে তাইৰ পৰা কিছু আঁতৰত বহি থকা প্ৰৱাললৈ চালে৷ প্ৰৱালেও তাইৰ ফালেই চকুযোৰ ঘূৰাইছিল৷ দুয়োৰে চকুৱে চকুৱে পৰিল৷ মিঁচিকিয়াই হাঁহিলে প্ৰৱালে৷ পল্লৱীৰ গালদুখন লাজত ৰঙা হৈ গ’ল৷ এইজন প্ৰৱালেই এসপ্তাহ মান আগত বিশ্ববিদ্যালয়ৰ চেনিপুলত বহি পিছফালৰ পৰা পল্লৱীক জোকাইছিল- “হাই হিলৰ খটখট শব্দৰে মোৰ বুকুত খাজ কাটি যোৱা নীলা মাইনাজনী অ’, কাৰোবাৰ হৃদয়ৰ ৰাণী হ’বলৈ তুমি হাই হিল পিন্ধি ওখ হ’ব নালাগে৷ তুমি চাপৰ হ’লেও মোৰ হৃদয় সাম্ৰাজ্যৰ সৰ্বোচ্চ সিংহাসনত তোমাকেই বহুৱাম৷”
সাধাৰণতে ল’ৰাবোৰে জোকালে খং উঠে যদিও সেইদিনা কিবা এটা ভাল লাগি গৈছিল তাইৰ৷ সেইদিনাৰ পৰাই প্ৰৱালক দেখিলে তাইৰ গাল দুখন লাজত ৰঙচুৱা হয়৷ সেইদিনাৰ পৰা প্ৰৱালেও আৰু তাইক জোকোৱা নাই৷ তাইক দেখিলে মাথো দূৰৰ পৰাই মিঁচিকিয়াই হাঁহে৷ তাইৰ কেতিয়াবা জানিবলৈ মন যায়, সঁচাকৈ কি বা আছে তাৰ মনত!
প্ৰৱালৰ পৰা মনটো আঁতৰাই তাই ভাষণত মন দিলে৷ নিৰ্দিষ্ট বক্তাজনে যুৱ-প্ৰজন্মক উদ্দেশ্যি কৈয়েই আছে-
“আজি অসমৰ চাৰিওফালে হৈছে কি? কিয় আমি ইমান ধৰ্ষণ-বলাৎকাৰৰ খবৰ শুনিবলৈ পাইছোঁ? তাৰ কাৰণ যুৱতীসকলেও নিজকে এবাৰ সুধি চাব লাগিব৷ ছোৱালীবোৰে নিজকে আবুৰত নাৰাখি নিজৰ দেহ প্ৰদৰ্শন কৰি চুটি চুটি কাপোৰ পিন্ধাটোও ধৰ্ষণৰ এটা কাৰণ নহয়নে?”
“এই বুঢ়াটোৰ হৈছে কি? আহিছিলোঁ গ্ৰন্থৰ বিষয়ে শুনিবলৈ৷ এতিয়া আমাক কাপোৰ পিন্ধাৰ জ্ঞান দি আছে যে? যি অনুষ্ঠানেই নহওক, যুৱ-প্ৰজন্মৰ দোষ নোখোচৰিলে নহয়েই!”- চন্দনাৰ খং উঠি গ’ল৷
“হ’ব দে৷ নিচিঞৰিবি”- পল্লৱীয়ে চন্দনাক ঠাণ্ডা কৰিবলৈ ক’লে৷ কিন্তু এইবাৰ জ্যোতিৰেখায়ো কৈ উঠিল- “নহয়, ঠিকেই কৈছে চন্দনাই৷ সকলোতে আমাৰ দোষ কিয়? কাপোৰ, হাই হিল আদিৰ বাবে ধৰ্ষণ নহয়, ধৰ্ষণ হয় মানুহৰ ঘৃণনীয় মানসিকতাৰ বাবে”
“বল, শুনি নাথাকো আৰু এইবোৰ”- চন্দনা আৰু জ্যোতিৰেখা হলটোৰ পৰা ওলাই গ’লেই; অগত্যা সিহঁতৰ পিছে পিছে পল্লৱীও ওলাই যাবলগীয়া হ’ল৷ আৰু সিহঁত তিনিওজনীৰ পিছে পিছে ওলাই গ’ল কৌশিক আৰু প্ৰৱাল৷

হলটোৰ পৰা ওলাই পল্লৱীহত সিহঁতৰ প্ৰিয় ৰেষ্টুৰেন্টখনলৈ গ’ল৷ আৰু ৰেষ্টুৰেন্টত খাই-বৈ সিহঁত যেতিয়া বাছত উঠিল, সিহঁতে গম পালে যে গ্ৰন্থ উন্মোচনী সভা ইতিমধ্যে শেষ হৈছে; কাৰণ সেই একেখন বাছতেই উঠিছিল সেই নিৰ্দিষ্ট বক্তাজন৷ তেওঁক দেখি চন্দনাই মুখখন বিকটাই দিলে৷
বাছখনত লাহে লাহে ভিৰ বাঢ়িবলৈ ধৰিছিল৷ মহিলাৰ বাবে নিৰ্ধাৰিত চিটত এজন পুৰুষ বহি থকা দেখি জ্যোতিৰেখাই তেওঁক উঠি দিবলৈ ক’লে৷ “কিহৰ মহিলাৰ চিট৷ সোঁফালে পুৰুষৰ চিটত কিমান মহিলা বহি আছে৷ আমি ক’লে উঠি দিবনে সিহঁতে৷ বাছ এখনত থিয় হৈ যাবলৈ শক্তি নাই, সিহঁতক আকৌ সম-অধিকাৰ লাগে৷”-ভোৰভোৰাই ভোৰভোৰাই মহিলাৰ চিটৰ পৰা উঠি আহিল পুৰুষজন৷ মুখেৰে একো নমতাকৈ জ্যোতিৰেখাই সেই চিটটোত বহি পৰিল৷
এইফালে চন্দনা আৰু পল্লৱীৰ অস্বস্তি লাগিবলৈ আৰম্ভ কৰিছে৷ বাছখনত ভিৰ বাঢ়ি গৈছে৷ আৰু ভিৰৰ অচিলা লৈ একাংশ পুৰুষে যেন সিহঁতৰ নিচেই কাষ চাপিবলৈ সুযোগ বিচাৰিছে৷ গ্ৰন্থ উন্মোচনী সভাৰ নিৰ্দিষ্ট বক্তাজনো আছে সেই পুৰুষসকলৰ মাজত৷ তেওঁ পল্লৱী আৰু চন্দনাৰ পিছফালে থিয় হৈ আছে৷ বাছখনৰ প্ৰতিটো জোকাৰণিত ইচ্ছাকৃতভাৱে আগলৈ হাউলি গৈছে তেওঁ৷ “এইবাবেই চিট খালি নথকা বাছত উঠিবলৈ বেয়া পাওঁ মই”- শুনা-নুশুনাকৈ চন্দনাই ক’লে৷ মানুহজনৰ কিন্তু সেইবোৰলৈ ভ্ৰূক্ষেপ নাই৷ ছোৱালীকেইজনীৰ অস্বস্তি চকুত পৰিলেও তেওঁ নিৰ্বিকাৰ, যেন ভিৰৰ বাবে তেওঁৰ উপায় নাই৷
কিন্তু সিহঁতৰ অস্বস্তি চকুত পৰিছে অলপ দূৰত বাছৰ ৰোডত ধৰি থিয় হৈ থকা প্ৰৱালৰ৷ খঙত চকুযুৰি ৰঙা হৈ পৰিছে তাৰ৷ হাতৰ মুঠি টান হৈ পৰিছে৷ সি ভিৰ ঠেলি আগুৱাই আহিব খুজিলে পল্লৱীহতৰ ফালে৷
“আয়ৌ, মাৰিলে ঔ”- হঠাৎ এটি চিৎকাৰ শুনি প্ৰৱালে ভিৰৰ মাজৰ পৰা মূৰ দাঙি চালে৷ পল্লৱীহতৰ ওচৰৰ পৰা আঁতৰি আহি ৰ’ড এডালত ধৰি কেঁকাই আছে মানুহজনে৷
প্ৰৱালে পল্লৱীৰ চকুলৈ চালে৷ তাৰ চকুত প্ৰশ্নবোধক দেখি মিঁচিকিয়াই হাঁহিলে পল্লৱীয়ে৷ মিঁচিকিয়া হাঁহিটো ওঠত ৰাখিয়েই ইংগিতেৰে দেখুৱাই দিলে তাইৰ হাই হিল যোৰলৈ৷
“আই ঐ দেহি! হাই হিলৰ গছকত চাগে মানুহজনৰ ভৰিৰ আঙুলি বহুদিনলৈ নীলা হৈ থাকিব!”
প্ৰৱালে মিঁচিকিয়াই হাঁহিলে৷ হঠাৎ হাই হিলযোৰলৈ মৰম লাগি গ’ল প্ৰৱালৰ৷

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.