ফটাঢোল

“হাহ ঐ হাহ – অহমীয়াৰ হাহ” –মুনীন্দ্ৰ মহন্ত

“আহ ঐ আহ! ওলাই আহ! খেদ ঐ খেদ! বিদেশীক খেদ!”- সমদলৰ আগত ফেঁহুকায়ে চিঞৰি চিঞৰি গলা ফুলাই আগুৱাইছে। বাটতে এটা ফৰেইনাৰক দেখা পাই হাতত থকা টাঙোন ডালেৰে টঙনিয়াব যাওঁতে নিজৰ মূৰতহে খুন্দা লাগিল।

ফেঁহুকায়ে সাৰ পালে। দেখিলে আঠুৱা টনা ডাং ডালকে জোৰেৰে ধৰি আছে সি!

“আহ ঐ আহ, ওলাই আহ”ৰ এই ভক্তিমূলক, স্তুতিমূলক বাক্যশাৰী অসমৰ এটি জাতিৰ পৱিত্ৰ মন্ত্ৰ। জন্মৰ পৰা মৃত্যুলৈ এই বাক্যশাৰী শৰীৰৰ কোঁহা কোঁহে তেজৰ পানীৰ স’তে মিলি থাকে। সিদিনা গুৱাহাটীৰ চিটিবাছত ইয়াৰ উত্তম প্ৰয়োগ ফেঁহুকায়ে দেখা পালে। ফাঁচী দিয়া বজাৰৰ পৰা ফেঁহুকায়ে আড্ডাবাৰীলৈ আহি আছিল। আড্ডাবাৰী মানে বাছৰ আড্ডা, তাচপাত, চিণ্ডিকেট, বোকাপানী আৰু আধলি চাহ নামৰ নেতা সকলৰ আড্ডাৰ বাবেই ঠাইখিনিৰ নাম হ’ল আড্ডাবাৰী। সেই আড্ডাবাৰীলৈ গৈ থকা চিটিবাছখনে য’তে ত’তে ৰৈ যাত্ৰীক পেটত সুমুৱাই-উলিয়াই থাকোঁতে এজাক ডেকা-ডেকেৰী বাছত উঠিল আৰু গলা ফুলাই “আহ ঐ আহ, ট্ৰেফিক ৰুল মানিবই লাগিব, মানিবই লাগিব, মৰে গুহাটী জিয়ে কোন, জীয়ে গুহাটী মৰে কোন” আদি শ্লোগানেৰে বাছ খনক চিধা কৰি দিলে। ফেঁহুকায়ে ঘটনাটো দেখি বৰ ভাল পালে আৰু মনতে গুণগুণালে,-

“আহ ঐ আহে- তহঁতক (পঢ়ক বাছ) ঠিক কৰিব বেটাহঁতে।“ হেন সময়তে বাছৰ ভিতৰত এটা নতুন শ্লোগান শুনি ফেহুকাইৰ টনক লৰিল। “হাহ ঐ হাহ, অহমীয়াৰ হাহ।“ বোলে এইফেৰা কি শ্লোগান,- বুলি ফেহুৱে হাঁহিব নে কান্দিবই স্থিৰেই কৰিব নোৱাৰিলে। পিছে চিটিবাছখনৰ ভিতৰত চকুফুৰাই ফেঁহুকায়ে দেখিলে আৰু বুজিলে যে “হাহ ঐ হাহ, অসমীয়াৰ হাহ”, -শ্লোগান দিয়া সকললৈ “আহ ঐ আহ”ৰ সংক্ৰমণ ঘটিছে।

দৰাচলতে “হাহ ঐ হাহ, –অহমীয়াৰ হাহ” বুলি শ্লোগান দিয়া নাছিল। কাণতহে বাজিছিল। তেওঁলোকে শ্লোগান দিছিল, -“সাহ ঐ সাহ,- অসমীয়াৰ সাহ” বুলিহে। অলপ জিভা লৰিবই দিয়কচোন! কাৰণ তেওঁলোকৰ মাতৃভাষাটো সতীয়া মাকৰহে!

“আহ ঐ আহ”-ৰ কথা লিখি শেষ কৰিব নোৱাৰি। ফেঁহুকাইৰ আন এটি “আহ ঐ আহ”ৰ ঘটনা শুনক। এদিন নিশা বাৰমান বজাত ফেঁহুকাই গভীৰ টোপনিত। হঠাতে টোপনি ভগাত ঘৰৰ বাহিৰত কোনোবাই চিঞৰি থকা শুনিলে—“আহ ঐ আহ, ওলাই আহ, হৰিপ্ৰসন্নৰ দৰাপাৰ্টিলৈ ওলাই আহ। দলে দলে যোগ দিয়ক, হৰিপ্ৰসন্ন প্ৰসন্ন হওক। এই বিয়া চলিছে, চলিবই,” ইত্যাদি। ফেঁহুকায়ে বাৰাণ্ডালৈ ওলাই গৈ দেখিলে “আহ ঐ আহ, ওলাই আহ” মহৌষধবিধৰ কামাল। চুবুৰীৰে হৰিপ্ৰসন্ন নামৰ দুই নম্বৰী চৰকাৰী বিষয়াজনৰ লগত দৰাপাৰ্টী নহওঁ বুলি ৰাইজে ভাৱিছিল যদিও “আহ ঐ আহ, ওলাই আহ,” বুলি কওঁতে দেশ-জাতি, ভেটি-মাটিৰ প্ৰতি উত্তোলিত হিয়াই বাধাৰ সুপ্ৰাচীন বেৰা ভাঙি ওলাই আহিল। ফলত কি হ’ল জানেনে?  কইনা পক্ষই এশজনমান দৰাপাৰ্টিৰ হিচাপ কৰি অভ্যৰ্থনাৰ বাবে সকলো যা-যোগাৰ কৰিছিল। কিন্তু সিদিনা কইনাপক্ষই পানী এগিলাচো দৰা পাৰ্টিক যোগান ধৰিব নোৱাৰিলে। কাৰণ “আহ ঐ আহ”ৰ গগন ফলা, টেটু ফটা আটাহত দৰাপাৰ্টীৰ চুবুৰীটোৰ প্ৰায় সকলো মিলি সাতশ মান দৰা সহ বৰযাত্ৰী ওলালগৈ!

“আহ ঐ আহ”ৰ সৰ্বোত্তম উদাহৰণটো মোক সিদিনা ফেঁহুকায়েই জনালে। কাৰণ ফেঁহুকায়ে জানে যে মোৰ দৰে অধমেহে “আহ ঐ আহ”ৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰীটোৰ বাবে তেজক পানী কৰি, পানীক তেজ কৰি যুঁজ দি আছোঁ। হওঁতে ফেঁহুকাইৰ কাহিনীটো চমুকৈ শুনক। ফেঁহুকাইৰ অৰ্ধাংগিনী মানে ইংৰাজীত যে কয়, “বেটাৰ হাফ” বুলি সেই “বেটাৰ হাফে” হস্পিতালত সন্তান জন্ম দিয়াৰ কিছুসময়ৰ পাছতে হেনো “বেবী ৰুম” নামৰ জন্মৰ লগে লগে সন্তানসৱক ৰখা কোঠাৰ পৰা “আহ ঐ আহ” ধ্বনি শুনিবলৈ পালে। অৰ্থাত্ মাকৰ পেটৰ পৰা মাত্ৰ ওলোৱা সন্তান সকলেও হেনো “আহ ঐ আহ” বুলি সমস্বৰে চিঞৰি চিঞৰি কৈছিল, –আহ ঐ আহ, ওলাই আহ, গাইনী ডাক্টৰ, সাৱধান, সাৱধান, হোৱাই-নোহোৱাই চিজাৰিন কৰিলে নচলিব, নচলিব বুলি…!

কাহিনীটো ফেঁহুকাইৰ পৰা শুনিয়েই মোৰ মনটো ভাল লাগিল। ধৰ্ম-নিৰপেক্ষ দেশত জাকে জাকে জন্ম লভা আমাৰ শিশুসকলে যে মাকৰ পেটতেই “আহ ঐ আহ, ওলাই আহ”- শিকি আহিছে। সেইটোও কম কথা নে?

সঁচাকৈয়ে “আহ ঐ আহ, ওলাই আহ,” মন্ত্ৰফাকি আওঁৰোৱা জাতিটোক ফেঁহুকায়ে সশ্ৰদ্ধ প্ৰণাম যঁছাত মই ততোধিক ফেঁহুকাইৰ প্ৰতি শ্ৰৰ্দ্ধাত বুদবুদ হৈ পৰিলো।

☆★☆★☆

6 Comments

  • Wahidur Rahman

    ভাল লাগিল ছাৰ।

    Reply
  • Suntu

    আপ্লুত হলোঁ

    Reply
  • Khagen Gogoi

    অভিনন্দন মহন্তদেউ, বৰ ভাল সময়োপযোগী লেখাটোৰ বাবে। পিছে, শেষৰ বাক্যটোৰ “শ্ৰৰ্দ্ধাত বুদবুদ”ৰ ঠাইত “শ্ৰদ্ধাত গদগদ” হ’ব লাগিছিল যদিও ব্যঙ্গাত্মক ৰূপত লিখিছে যদি নাজানোঁ। মাৰ্জনাৰে।

    Reply
  • Khagen Gogoi

    অভিনন্দন মহন্তদেউ, এই সময়োপযোগী লেখাটোৰ বাবে। শেষৰ বাক্যটো” শ্ৰদ্ধাত গদগদ” হ’ব লাগিছিল নেকি, নে ব্যংগাত্মক প্ৰয়োগ?

    Reply
  • Deepjyoti handique

    😀😁😂😃😄😆

    Reply
  • ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.