ফটাঢোল

হিন্দী ভাষাৰ পয়মাল – পৰীশ‍্যামলী ভূঞা

হিন্দী নাজানো যদিও বস্তুবোৰৰ দাম ইমান কমত চিঞৰি থকা শুনিয়েই হিন্দী ভাষী দোকানবোৰৰ মাজলৈ আগুৱাই গ’লো। বয়সে সোণালী জয়ন্তী পাৰ কৰি যোৱা এই বয়সত এতিয়া তামোল খোৱা, খাৰ খোৱা জিভাত যিমান হিন্দী শিকালেও হিন্দী নোলায়। নাতিটোৱে তাৰ স্কুলৰ কিতাপৰ মাজৰ পৰা অলপ হিন্দী শিকাই এটা দুটা ক’ব পৰা কৰি তুলিছেগৈ, তথাপিও তাৰ এটা দুটাহে আনে বুজেগৈ বাকী ভালেখিনিয়েই নুবুজেগৈ। তথাপিও ইমান সস্তাত দামবোৰ চিঞৰি থকা শুনি আগবাঢ়ি নোযোৱাকৈ থাকিব নোৱাৰি গৈ বজাৰৰ ভিতৰ পালোগৈ। অসম যদিও বজাৰখন যেন বিহাৰৰহে বজাৰ।

“আয়িয়ে আয়িয়ে ৰাষ্টে কা মাল সষ্টে মে৷ য়হা আয়িয়ে সস্তে মে পায়িয়ে চপিং মল জায়িয়ে টেক্স ভৰিয়ে৷ আয়িয়ে আয়িয়ে ৰাষ্টে কা মাল ….. আয়িয়ে …. সস্তা মাল …”

জোৰকৈ জোৰকৈ চিঞৰা মাতষাৰৰ দিশতে বাট পোনাই দিলোঁ‌। কিনো ওলাইছে বুলি ওচৰলৈ গৈ দেখোঁ‌ এইবোৰ বিলাহীৰ দমহে৷ ইমানবোৰ বিলাহী? বিলাহীৰ দমত নেদেখা হৈ থকা দোকানীটোক ইফালে সিফালে বিচাৰিবহে ধৰিলোঁ‌। এনেতে ৰঙা দাঁতেৰে হাঁহি এটা মাৰি বিলাহীৰ দমটোৰ পাছফালৰ পৰা দোকানীয়ে মাত লগালে৷

— হা বৌলিয়ে আণ্টীজী ?

তেতিয়াহে দেখিলোঁ‌ দোকানী তাতে বহি আছে লগত সৰু ল’ৰা এটাও, সি খৰখেদাকৈ বিলাহীবোৰ পাল্লাত জুখি শাৰী পাতি ৰোৱা গ্ৰাহকবোৰলৈ দলিয়াই গৈছে। বিলাহীৰ দমত সন্মুখৰ পৰা দুয়োজন নেদেখাই হৈ ৰৈছে।

পিছে আণ্টীজী আৰু মই? শুনিয়েই মনটো ভাল লাগি আহিল। অজানিতে মুখৰ পৰা হাঁ‌হি এটি ওলাই আহিল। সোনালী জয়ন্তী পাৰ কৰিও দশক গৰকা বয়সতো তেতিয়া হ’লে মোৰ বয়স হোৱা যেন লগা নাই। আইতা হৈয়ো মই আজিও তেতিয়া হ’লে আণ্টীয়েই হৈ আছোঁ‌। মনটো ভাল লাগি আৰু এটি হাঁ‌হি বাগৰি ওলাই আহিল।

“দশ ৰুপিয়া দশ ৰুপিয়া কিতনা লিজিয়ে লিজিয়ে, এসা সস্তা ঔৰ কহী নহী মিলেগা ” … মোলৈ চাই সি আকৌ এবাৰ চিঞৰটো মাৰিলে।

হায়! দহ টকাত কেজি? দোকানীটোৰ মাথা বেয়া হোৱা নাইতো৷ কোন সুস্থ দোকনীয়ে দহ টকাত বিলাহী দিবহে? নিজৰহে মাথাটো বেয়া হোৱা যেন লাগি আহিল৷

“ইতনা মত সচিয়ে বেহেনজী বিলকুল তাজা হে আভি তৌৰ কে লায়া খাকে দেখিয়ে৷”

দোকানীৰ উত্তৰত মোৰ হুঁ‌চ হেৰাব ধৰিলে৷ কম নহয় দেখোন মনৰ ভাব তপককৈ ধৰিব পাৰিলে৷ তথাপিও, আটাইবোৰ বিলাহী ইমান ৰঙা, টিকটিকিয়া! ৰং সনা চগে৷ মনতে সন্দেহৰ ভাব এটা ঘূৰিলে৷

“নেহি বেহেনজী ইসমে বিলকুল দুপ্লিকেট কালাৰ নেহি হে, খা কে দেখিয়ে৷”

দোকানীৰ কথাত মোৰ চকু কপালতে উঠিল৷ মোৰ মনৰ কথা সি গম পালে? তৎবুদ্ধি হেৰুৱাই দোকানীটোৰ টপা মূৰটোৰ বাকী থকা পকা চুলিকেইডাললৈ চালো৷ এই পকা চুলি এনেই প্ৰদূষণত পকা নাই, দোকানী দেখিছোঁ‌ বহু অভিজ্ঞ৷ মানুহৰ ফে’চ ষ্টাদি কৰি মাষ্টাৰ ডিগ্ৰীও কৰি থোৱা অছে মানে৷ মানুহৰ ঠেলা হেঁচাত কথমপি নপৰাকৈ বাচি তাৰপৰা আঁতৰি গৈ অন‍্য ফালে হৈ তাক সুধিলোঁ,

“দহ টকা মে কিউ দি আছা হে? বেয়া চামান বেসি আছা হে?”

” —একদম বেয়া চামান নেহি আণ্টীজী। অৰভী দেৰিমে আয়েগা অৰ ভি কমটি টকা মে পায়েগা।” মোৰ সহায় হ’বলৈ দোকানীয়েও পাৰে মানে হিন্দীটো সহজ কৰি তুলিলে।

“কেনেকৈ? হম বুজতা নেহি হে।”

“ৰাত যিমান আগে মে জায়েগা খানা খোৱাৰ টাইমটো পাস মে আয়েগা ওতনা কম দাম মে মিলিব৷”

দোকানীৰ কথাষাৰে হঠাতে মোৰ মনলৈ বুদ্ধি এটা আনিলে। তাক সুধিলোঁ।

“ঠিক হে ৰাতিৰ খানা খাইকে আয়েগী। টু ইয়াতে ৰৈ থাকেগা না”?

“আৰে আণ্টজী কিয়া কৰতা হে৷ তবটো সব কুছ খটম হৈ যাব। ঠিক হে আঠ টকা মে দেতা হে। যে লিজিয়ে। আঠ টাকা মে কেজি লে জায়িয়ে৷”

আঠ টকা! হে ভগৱান! মনে মনে ভগৱানক ধ‍্যান কৰি ভাবিবহে ধৰিলোঁ‌ ই মোক বকৰা বনোৱা নাইতো৷

“ঠিকে হে এক কেজি দে দৌ। গৰবৰ কৰিবি তৌ কালি আহি যেহি পে হম তুমকৌ লগ ধৰেগা।”

আঠ টকাৰ বিলাহীৰে তিনিকেজি লৈ বেগটো ভৰাই পেলালোঁ‌। মনটো বিৰাট ফুৰ্তি এটাও লাগি আহিল।এনেই অলপ খোজ কাঢ়োঁ‌ বুলি ওলাই আহি বজাৰখন কৰি নিয়া দেখি বোৱাৰীজনীয়ে যে কিমান আনন্দ পাব! তাতে ইমানবোৰ বিলাহী, ইমান কম দাম আৰু ফুৰ্তি পাব! আনন্দতে মোক বিধে বিধে বিলাহী দিয়া তৰকাৰী বনাই খোৱাব চাগে। জিভা টকালি বিলাহী লৈ আগবাঢ়ি যাওঁতেই আকৌ “ধনীয়া দহ ৰুপিয়া মে দৌ, ধনীয়া দহ ৰুপিয়া মে দৌ” কাণত পৰাত আচৰিত হৈ ওচৰ গৈ চালোঁ‌। অলপ আগতে ১০ টকাত মুঠি দি থকা ধনীয়াৰ মুঠিটোৱেই এতিয়া ৫ টকাত! তাকে দেখি ওচৰলৈ গৈ সুধিলোঁ-

“ধনীয়া ১০ টকা মে দুমুঠি কিউ দি আছা হে?”

“আৰে চাচীজী আপকৌ কম লাগতা হেতৌ এক দৌ টকা বেছি দে দিজিয়েগা৷”– দোকানীজনেও মই হিন্দী বুজাকৈ সহায় কৰি উত্তৰ দিলে।

“বেছি কিউ দেগা বেয়া ধনীয়া বেচতা হে?”

“আৰে চাচী কিয়া বৌলতি হৌ হামকৌ এদিন থৌৰি বেচনা হে৷ সদায় ইয়াতে ৰহনা হে৷ বেয়া সামান কিউ বেচেগা”

ধনীয়াবোৰ ভালদৰে চালোঁ‌। হয় ঠিকেই, বেয়া নহয়। তথাপিও আধা দামত কথাটো কি। তাক আকৌ সুধিলো,

“তৌ এতিয়া ১০ টকাটো ৬ টকা কেনেকে হৌ গয়া?”

“টাইম দেখিয়ে ৰাত কা আঠ বাজা হে, সব লৌগ খানা ভী খা লিয়া হৌগা৷ ৰাতিটো বেছি বাঢ়ি জায়েগা তৌ দামটো ভী কম হৌতে আয়েগা৷”

“ঠিক হে, মে ঔৰ বেছি ৰাত মে আয়েগী ৫ মে দুটা মুঠি দিবা কিয়া?” তাক ধেমালি কৰি সুধি চালোঁ‌।

“আৰে দিদি কাহেকৌ ধেমালি কৰতা হে, ১০ টকামে তিন লে জায়িয়ে৷”

হে ভগৱান! ১০ টকাত তিনিমুঠি৷ থৎমৎ খাই ভেবাহে লাগিলোঁ‌৷ মনতে ভাবিলোঁ‌ ঠিকেই বোৱাৰীয়ে আজি ধনীয়াৰ চাটনিকে বনাব পাৰিব৷ বহু দিন খোৱাও হোৱা নাই। তাই বৰ ভাল পাব। মনতে ৰেচিপিবোৰ অলপ ভাবি চিন্তি ধনীয়াবোৰ ল’লোঁ‌৷

সি দিয়া ধনীয়াখিনি লৈ আৰু ক’ৰবাত কিবা শুনি পাও নেকি বুলি কাণ ওনাই গৈ থাকোতেই দেখিলোৱেই “১০ টকা ১০ টকা “কৈ চিঞৰি থকা এখন ডাঙৰ ঠাই বেৰি থকা এখন দোকান। কোবাকুবিকৈ আগবাঢ়ি গৈ চালোঁ‌৷ শ শ বস্তু। কোনটো লও? কোনটো দৰকাৰী? কোনটো মোৰ লগত নাই? এনেতে ফনী এখনত চকু পৰিল। বহু ডাঙৰ, বঢ়িয়া ডিজাইনৰ। ফনী এখনৰ প্ৰয়োজন সদায় হৈ আছে। পকা চুলিবোৰত ক’লা ৰং সানোতে সদায় বোৱাৰীৰ ফনীখন বেয়া কৰোঁ‌। ৰঙবোৰ লাগি ধৰি ফনীখনো বেয়াই হৈ ৰ’ল। বোৱাৰীয়ে সদায় কয় ৰং কৰিবলৈ বেলেগকৈ এখন ফনী ৰাখিবচোন। পিছে ডাঙৰ মুখৰ ফনী পাবলৈকে নোহোৱাত একেখন ফনীকে লৈ সদায় দুয়োজনীৰ টনা আজোৰা হয়। আজি সেই জোখৰ ফনীখন পাইছোগৈ। কিনি লৈ গ’লে তায়ো যে কিমান ভাল পাব! দোকানীজনলৈ চাই ফনীখনলৈ আঙুলিয়াই দেখুৱালোঁ‌।

“দোকানী সেইটো দেনা”

“কৌনসা মাতাজী?”

এতিয়াহে পৰিলোঁ‌ আচল সমস‍্যাত ফনীখন হিন্দীত এতিয়া কি বুলি বুজাও। নাতিটোৱেও কিতাপ পঢ়ুতে ফনী শব্দটো আজিলৈকে মোক এবাৰো কোৱা মনত নাই। তথাপিও আঙুলিয়াই দেখুৱাইয়ে কাম চলাও বুলি আকৌ ফনীখনৰ ফালে আঙুলিয়াই দেখুৱালোঁ‌।

“সৌটা”

“য়ে?”

“নেহি”

বাৰে বাৰে দোকিনীয়ে বস্তুবোৰ এইটো লাগে নি সেইটো লাগে নি সুধি অতিষ্ঠই হৈ উঠিল। মানুহো বহুত। বস্তুবোৰ ইমান দূৰত আছে যে ফনীখন নিজে উঠাই আনিও দেখাব পৰা নাই। মনত এটা উপস্থিত বুদ্ধি খেলালে। তালৈ চাই চুলি ফনীওৱাৰ ভংগী দেখুৱাই ক’লো।

“এনেকৈ ফনিয়াইতা হে না বহ লাগে।”

ফনী শব্দটো শুনিয়েই সি বুজি পালে। হাতত ফনীখন তুলি দিলে।

“আৰে মাতাজী কংগী বৌলেয়ে। য়ে লিজিয়ে।”

লগা বস্তুটো পাই এতিয়া মনটো শান্তি আনন্দ দচয়োটাৰে ভৰি আহিল। এইখন ডাঙৰ মুখৰ, এতিয়া চুলিত ৰং কৰি বেয়া হ’লেও আকৌ ইয়ালৈকে আহি আৰু এখন কিনি লৈ যাম। এতিয়া হিন্দীটোও শিকি ল’লোঁ‌। দোকানলৈ আহি এইবাৰ সমস‍্যা নহ’বয়ে চিধাই ক’ব পাৰিম “বহ দেনা জিসসে কংগীয়াইতা হে।”

সোনালী জয়ন্তী গৰকিও দশক গৰকা এই বয়সত নাতিয়ে শিকাওতেই হিন্দী শিকি ক’ব পৰা জনী হৈ বজাৰো কৰিব পৰা হ’লোঁ‌, কম গৰ্বৰ কথানে! নিজেতো গৰ্ব কৰিছোঁ‌ৱেই বোৱাৰীজনীয়েও বিৰাট গৰ্ব কৰিব। তাই সদায় কৈ থাকে, “হিন্দী ক’ব নাজানে, শিকক শিকক। কেতিয়াবা নিজক বচাবলেই হিন্দী ক’বলগীয়া হ’ব পাৰে।” আজি হিন্দী কৈ বজাৰো কৰি আহিছোঁ‌ বোৱাৰীজনীয়ে যে কিমান গৰ্ব কৰিব। তাকে ভাবি গৰ্বিত খোজকেইটাৰে ঘৰৰ ফালে আগবাঢ়ি গ’লোঁ‌।

☆★☆★☆

Leave a Reply

Your email address will not be published.