ফটাঢোল

হেপ্পীলাইন — হিমাদ্ৰি বি গোস্বামী

:ঐ হিমাদ্ৰি ফাৰ্ষ্ট ইয়েৰৰ সাগৰিকাই তোক লগ কৰিব বিছাৰিছে৷ কিবা কথা আছে হেনো – দুষ্টামি ভৰা হাঁহিৰে লগৰ এজনীয়ে কোৱা কথাষাৰ বৰ গুৰুত্ব নিদিলো৷ মোৰ জন্ম পত্ৰিকা মতে শুক্ৰ অশুভ৷ প্ৰেম পিৰীতিৰ গ্ৰহ শুক্ৰ৷ দৈত্য গুৰু। আনহাতে বৃহস্পতি দেৱ গুৰু , শুক্ৰৰ শত্ৰু৷ শুক্ৰ গুৰু বিতুষ্ট থাকিলে প্ৰেমৰ ঘৰত বৃহস্পতিয়ে একো ফলাব নোৱাৰে। বোন্দা কেঁচুৰ টোপেৰেও বৰশীত মাছ লগাব নোৱাৰি৷ আগৰ দুই এটা দহেচিয়া প্ৰেমত মাহদিন ৰিহাচেল কৰিও এক্টিংৰ দিনা ডায়লগ পাহৰি প্ৰমাণ পাই থৈছো৷ গতিকে সাগৰিকাৰ প্ৰস্তাৱত উদাসীন পন্থাই গ্ৰহণ কৰি চলাৰ সিদ্ধান্ত কৰিলো৷
পিছে অনেক সিদ্ধ পুৰুষৰো মন বিচলিত হয়৷ কাম বাণত ধৰাশায়ী হৈ বহু যোগী তপস্বীৰো ধ্যান ভংগ হৈছে৷ মইতো সাধাৰণ নৰ-মনিচ৷ তাতে এইটো বয়সত মন উৰো উৰো, হিয়া দুৰু দুৰ৷ মোৰো মন যায় সেউজবুলীয়া কলেজ ফিল্ডৰ একোনত পুহমহীয়া মিঠা ৰদ জাকৰ আবেশ সানি অভিন্ন শৰীৰ হৈ বহি ঘাঁহ চিকুটি চিকুটি প্ৰেমবিলাস কৰিবলৈ৷ হাতত হাত থৈ, চকুত চকু থৈ কলেজ কেন্টিনৰ ঘুগুনি প্লেটৰ আধা সিজা মটৰ চামুচেৰে পিটিকি পিটিকি দ্বিতীয়টি তেতিয়া, প্ৰথমটি স্কুললৈ যাব যেতিয়াৰ সমাজিক দেখিবলৈ৷
এবাৰ, দুবাৰ নহয় বহুবাৰ বহুতৰ মুখেৰে সাগৰিকাই লগ কৰাৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে৷ গোটেই কলেজত সাগৰিকাই মোক প্ৰপজ কৰাৰ বাতৰিটো ব্ৰেকিং নিউজ হল৷ হবই দিয়কছোন৷ সাগৰিকা লয়লাসে কলেজৰ অনেকৰ হৃদয় সাগৰৰ কোবাল ঢৌ৷ দুজনমানেতো মোক কংগ্ৰেচুলেচনেই জনালে৷ অৱশ্যে এইসকলৰ বডী লেংগুৱেজত ই চাল্লা গুল্লী #%& পটাই দিলে টাইপৰ ঈৰ্ষাৰ ভাৱ এটা ফুটি নোলোৱা নহয়৷
:ৱেল প্লেইড্‌৷ প্ৰথমতে অলপ তৰপিবলৈ দিবই লাগে বুজিছ৷ তুঁহজুই জ্বলা দি জ্বলাই ৰাখিব লাগে৷ পিছে আৰু দেৰি নকৰিবি৷ নহলে মইনা চৰাই ছিটিকাৰ টোপ খাই ভুৰুং কৈ উৰা মাৰিব৷ শুভচিন্তক চিনিয়ৰ গুৰু দাদাই জ্বলন্ত চিগাৰেটত দীঘলকৈ হোপা মাৰি ধোঁৱা খিনি কুণ্ডলী পকাই এৰি বিশেষজ্ঞ মন্তব্য ৰাখিলে৷ দাদাৰ এইটো লাইনত ফুল এক্সপ্ৰিয়েন্স আছে৷ ক্লাছ ফাইভত থাকোতেই ইংৰাজী পঢ়োৱা বৰুৱা চাৰৰ জীয়েকলৈ বগা কাগজত আই লভ ইউ বুলি লিখি প্ৰেম নিবেদিছিল৷ পিছে Love ৰ ‘e’টো থাকি যোৱাত ভুল বানান লিখিছে বুলি জীয়েকে বাপেকক কমপ্লেইণ্ট দিলে৷ প্ৰেমৰ মোল নুবুজা বৰুৱা চাৰে পাছদিনা ক্লাছত দাদাক দগৰা পিটন দিলে৷ আজিও কেতিয়াবা সেই ঘটনাক লৈ ” হাৰে বানান নো কি, ভাৱটোহে মেইন ” বুলি দাদাই ৰাম্ফা ট্ৰেজেডী ফালে৷
দাদাৰ মটিভেচনেল স্পীচে মোৰ হৃদয় পৰিবৰ্তন ঘটালে৷ পাৰ্থিৱ অশান্তিবোৰ পাহৰি সাগৰিকাৰ প্ৰেম প্ৰস্তাৱ গ্ৰহণ কৰাৰ সিদ্ধান্ত কৰিলো৷ সাধাৰণতে ছোৱালীবোৰতো বৰ লাজকুৰীয়া হয়৷ জিভা কামুৰি গেলাই দিলেও কথা ওলাই নাহে৷ বুকু ফাটি যায় মুখ খুল নাখায়৷ কিন্তু সাগৰিকা ব্যতিক্ৰম৷ কেছটো সুৰ্পনখা টাইপ৷ ময়োতো লক্ষ্মণ নহয়৷ প্ৰেম বিহ্বলা সাগৰিকাৰ নাক-কাণ কটাবলৈ৷
সেইদিনা লাইব্ৰেৰীত আমাৰ চকুৱে চকুৱে ঠেকা খালে৷ সাগৰিকা নহয় যেন জোৱাৰ ভাটা ! বাধা দি ৰাখিব পাৰে কোনে এই জোৱাৰ ভাটাক৷ কলিজাখোৱা হাঁহিটো যে উফঃ! প্ৰেমত পৰি গলোঁ তাইৰ৷ এই প্ৰেমে পূৰ্ণতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ যিহেতু ইংগিতটো সাগৰিকাৰ ফালৰ পৰা আহিছে৷ কিন্তু কথা আৰম্ভ কৰা যায় কেনেকৈ ! হঠাৎ মনত পৰিল ছোৱালীবোৰক ইম্প্ৰেছ কৰিবলৈ তেওঁলোকৰ ৰূপৰ প্ৰশংসা কৰিব লাগে বোলে৷ ঠিক,কৈ দিওঁ যে- তুমি সঁচাকৈয়ে চকুত লগা৷ ওঁহো ভাষাটো অলপ ওপৰ খাপৰ হল৷ এনেকৈ কলেহে বোধ হয় ভাল হব – তুমি – তুমি নহয় নামটো কলে বেছি জবৰদস্ত হব৷
: সাগৰিকা – নহয় চমুকৈ সাগু৷
বিয়াৰ পিছত মৰমতে মই তেওঁক সাগু বুলিয়েই মাতিম৷
: সাগু, তুমি ধুনীয়া! ৱাও মজা হব৷
কিন্তু তুমি ধুনীয়া – বৰ খঁৰা হ’ল৷ মাজতে সুদৃশ্য টাইপৰ কিবা এটা ভৰাব লাগিব৷
সুদৃশ্য! নিমিলিব৷ দেখিবলৈটো! দেখিবলৈ শব্দটো খহটা৷ মানে ৰোমাণ্টিক ফিলিংছটো নাহে৷ কেছ-মোকৰ্দমাত জবানবন্দী দিওঁতেহে এই দেখাদেখি বোৰ মিলে৷
আৎসা মই বাহিৰলৈ চাই যদি এনেয়ে কওঁ — ব ৰ ধু নী য়া !
কি? – সাগৰিকাই সুধিব৷
মই পিছফাললৈ সামান্য হালি টেটুটো বেঁকা কৰি দুহাত প্ৰসাৰি তেওঁলৈ আঙুলিয়াই দাঁত নিকটাই হাঁহি ক’ম – তু-মি !
সাগৰিকাইও লাজ লাজকৈ হাঁহিব৷ তাৰপিছত আৰু চিনেমা চুৰু৷ নায়িকাই হয় নায়কৰ পিঠিত নহলে আৰু তললৈ নামি চিকুটি দিব নতু গেজেৰা ভুকু মাৰি কব – তুমি যে ইম্মান দুষ্ট পায়৷ আৰু কৈয়েই পাটৰ ছেট,মিনি স্কাৰ্ট ঘনে ঘনে সলাই গছতল, বাহঁতল, শাওনীয়া পথাৰ হৈ ভৈয়ামৰ বননিৰ পৰা পাহাৰীয়া জুৰিটিৰ কাষলৈ দেদাউৰিয়াই-ঢপলিয়াই গান গাই ফুৰিব৷ এনে এটা ড্ৰেমেটিক চিকুৱেঞ্চৰ পাছত নায়কো আৰু সুষ্ঠ হৈ থাকিব নোৱাৰিব৷ “মিলে সুৰ মেৰা তোমাৰা ত’ সুৰ বনে হামাৰা” কৰি পিছে পিছে দমৰা ঘুৰা দি ঘুৰিব৷ বেকগ্ৰাউণ্ড মিউজিক-গান-সুৰ আৰু সাবটা-সাবটি আৰু আস…!
:হিমাদ্ৰি দা শুনক না৷ আপোনাৰ লগত মোৰ ইম্পৰটেণ্ট কথা এটা আছিল৷ কল্পনাৰ প্ৰেম কাননত মই প্ৰবেশ মাৰোতেই সাগৰিকাই মাত লগালে৷
:অ’ তু-তু-কো-কো-ধেৎ ডিঙিটো শুকাই গল নহয়- থুই৷ কো-ৱা.. মাতটোত পাৰ্য্যমানে মৌ সানি লেনিয়াই ক’লো৷
: মই মানে হেপ্পীলাইন নামৰ কম্পেনী এটাত জইন কৰিলো৷ বিৰাটেই প্ৰফিটেবোল কম্পেনী৷ হাই ৰিমিউনাৰেশ্যন দিয়ে৷ মোৰ ডাউন লাইনত চাৰিজন লাগে৷ তিনিজন হ’ল আৰু এজন আপোনাকে জইন কৰাম৷ আপুনি আপলাইনত আহি গলে একাউণ্টত মান্থলি..ব্লা..ব্লা..ইয়েৰলি.. ব্লা..ব্লা..ফৰেইন ট্ৰিপ..ব্লা..ব্লা…মোৰ শৰীৰৰ ৰক্ত প্ৰবাহ খৰ হ’বলৈ ধৰিলে৷
সাগৰিকাই আৰু কিবা কিবি গাই গৈছিল৷ মই নুশুনা হৈ গ’লো৷ হেপ্পীলাইনৰ ডাউন লাইন আপ লাইনে সাগৰিকাৰ সৈতে একেডাল লাইফ লাইনত বান্ধ খোৱাৰ মোৰ সপোন নিমিষতে অফলাইন কৰি দিলে৷

☆★☆★☆

11 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ, তামাম ভাল লাগিল দেই! ঝাকাছ!

    Reply
  • parishmita

    কি প্ৰেম কাহিনী। এই কাহিনী মাৰক গুলী। কি লিখিছে মানে। বৌলেতো ঝকাছ।

    Reply
    • হিমাদ্ৰি বি গোস্বামী

      ধন্যবাদ জনালো ৷

      Reply
  • ৰামানুজ

    লাষ্ট লাইন তামাম দিছে কিন্তু….

    ভাল লাগিল

    Reply
    • হিমাদ্ৰি বি গোস্বামী

      ধন্যবাদ দেই ৷

      Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া লাগিল ৷

    Reply
  • হাঃ হাঃ মজ্জা

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    তামাম হৈছে।

    Reply
  • Sankar Jyoti Bora

    কলেজীয়া দিনবোৰ মনত পৰি গ’ল৷মজা৷

    Reply
  • হিমাদ্ৰি বি গোস্বামী

    সকলোলৈকে ধন্যবাদ থাকিল ৷ আপোনালোকৰ মন্তব্যই উৎসাহিত কৰিলে ৷

    Reply

Leave a Reply

Your email address will not be published.