ফটাঢোল

হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্ত্তন’ : এটি আলোচনা – ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য

হেমচন্দ্ৰ বৰুৱা আছিল প্রধানকৈ সংস্কাৰবাদী আৰু সমাজ সচেতন লেখক। এনে লেখকৰ ৰচনাত প্ৰায়েই প্রচাৰধর্মিতা স্পষ্ট হৈ জিলিকি উঠে। ‘কানীয়াৰ কীৰ্তন’তো প্রচাৰধর্মী সুস্পষ্ট। সংস্কাৰবাদী হেমচন্দ্রই কানিৰ বিৰুদ্ধে দ্রোহ আচৰণ কৰাৰ লগতে সমসাময়িক সমাজৰ উচ্চ শ্ৰেণীৰ লােকৰ ভেম ভণ্ডামি, অন্যায় অনীতি আদি উদঙাই দি সেইবােৰক ব্যংগ বিদ্ৰুপ বাণেৰে ক্ষত বিক্ষত কৰাৰ প্রয়াস কৰিছে ‘কানীয়াৰ কীৰ্তন’ নাটকত।

‘কানীয়াৰ কীৰ্তন’ৰ কাহিনী ভাগ:

নাটকখনৰ কাহিনীটো এনে ধৰণৰ – ভদ্রেশ্বৰ বৰুৱা এজন ভদ্রলােক আৰু সোনাৰগাঁও মৌজাৰ মৌজাদাৰ। কীর্তি তেওঁৰ পুতেক। এদিনাখন পদ্মপাণি নামৰ এজন মহাপুৰুষীয়া পথত প্রৱর্তা গােসাঁই আহি মৌজাদাৰৰ ঘৰত উপস্থিত হ’ল। গােসাঁই কানিৰ ভক্ত। ভণ্ড তপস্বী। তেওঁক সন্তুষ্ট কৰিবলৈ মৌজাদাৰে কানিৰ যােগান ধৰিলে। গােসাঁয়ে কানি খােৱা দেখি কীর্তিকান্তৰাে লােভ উপজিল আৰু তাৰ জুতি ল’বলৈ মন কৰি সিয়াে এচেলেকা খাই চালে। সেই চেলেকেই তাৰ কাল হ’ল। কালক্ৰমত সিও কানিৰ পৰম ভক্ত হৈ পৰিল আৰু ফলস্বৰূপে, শুকাই-খীণাই যাবলৈ ধৰিলে। লাহে লাহে এই ৰোগ কীর্তিকান্তৰ পত্নী চন্দ্রপ্রভালৈ সংক্রমিত হ’ল আৰু তায়াে কানি পানত আসক্ত হৈ পৰে। মৌজাদাৰ ভদ্রেশ্বৰ বৰুৱাই মৌজাৰ পৰিচালনাৰ ভাৰ পুতেকক দিবলৈ বাধ্য হ’ল। কানি বৰবিহে তাক আর্থিক সংকটৰ মুখলৈ ঠেলি পঠিয়ালে। সি ধোঁৱা কোঁৱা দেখিলে। ইতিমধ্যে ঘৈণীয়েক চন্দ্ৰপ্ৰভাই মৃত্যুক সাবটি ল’লে। জীৱন নির্বাহৰ বাবে কীর্তিকান্ত অসৎ পথত নামিবলগীয়াত পৰিল আৰু অৱশেষত জেলত পৰি হাস্পতালত অতিশয় অনুতপ্ত হৈ সি তিল তিল কৈ মৃত্যুবৰণ কৰিবলগীয়া হ’ল।

নাটকখনৰ কাহিনীভাগ বাস্তৱতাৰ ওপৰত প্রতিষ্ঠিত আৰুই সম্পূর্ণৰূপে উদ্দেশ্যধর্মী। সাধাৰণতে নাট্যকাহিনীৰ যি বৈচিত্র্য আৰু জটিলতাৰ প্রয়ােজন, সেয়া ‘কানীয়াৰ কীর্তন’ত নাই। তদুপৰি দ্বন্দ্বাত্মক পৰিস্থিতিৰ যােগেদি নাট্য কাহিনীৰ বিন্যাস আৰু পৰিণতি দেখুওৱাৰ প্রতি নাট্যকাৰৰ আগ্রহ ইয়াত পৰিলক্ষিত হয়। কানি বৰবিহৰ কৰাল গ্রাসত আকণ্ঠ নিমজ্জত হৈ কেনেদৰে এজন লােকে জীৱনৰ সর্বস্ব হেৰুৱাই অৱশেষত কৰুণ মৃত্যুক সাৱটি ল’লে, তাকেই নাট্যকাৰে পােনপটীয়াভাৱে নাটকখনত ৰূপায়ণ কৰিছে। কানি বৰবিহে যে অসমীয়া লােকৰ জীৱনলৈ অন্ধকাৰ নমাই আনিছিল আৰু এই বৰবিহৰ গ্ৰাসৰ পৰা মুক্ত হ’ব নােৱাৰিলে অসমীয়া জাতিৰ ভৱিষ্যত যে অন্ধকাৰ, এই কথা হেমচন্দ্ৰ বৰুৱাই মর্মে মর্মে উপলব্ধি কৰিছিল। নাটকৰ নায়ক কীর্তিকান্তৰ মুখেৰে কোৱা নিম্নোক্ত সংলাপখিনিয়ে নাট্যকাৰ বৰুৱাৰ এই উপলব্ধিৰ প্ৰমাণ দাঙি ধৰিছে:

“কেপা কাতি বিহুৰ শেষ।

কানীয়াৰ নেই জ্ঞানৰ লেশ।।

হায়! হায়! কি ঘােৰ ক্লেশ!

কানিয়েই খালে অসম দেশ।।”

‘কানীয়াৰ কীৰ্ত্তন’ৰ বিষয়ে:

পদ্মপাণি এজন মহাপুৰুষীয়া ধৰ্মৰ পথত প্রৱৰ্তা মহাজন। কিন্তু তেওঁ দুৰ্ঘোৰ কানীয়া। পিছে, তেওঁ নিজে কানি খােৱা বুলি নকয় আৰু শিষ্যকো কানিৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিয়ে: “কানি, ভাং আৰু ধুৱাঁ‌পাত – এই কেইটা বন্ধ, ঘাইকৈ কানি, বেজে অষধ বুলি দিলেও গৰ্হণ নকৰিবা। কানীয়া মানুহৰ ভকতি নিসিজে, কিয়নো কানীয়াই সকলকে এৰি কানিকেহে মাথােন ভজে।” পদ্মপাণিৰ মুখত দিয়া সংলাপগনিৰে হেমচন্দ্ৰই চৰিত্ৰটোৰ বাহিৰ শুৱনি ভিতৰ ফোঁ‌পোলা ৰূপটো উদঙাই দিছে। কানিৰ প্ৰতি আসক্ত হোৱা বাবে পদ্মপাণিক মৌজাদাৰ ভদ্রেশ্বৰ বৰুৱাই বিদ্ৰুপ কৰিছে -“মহাজন কি ভণ্ড! কানি খায়, তেওঁ সৈ নাকাঢ়ে। আজি কালি সন্ত-মহন্ত একো চিনিব নোৱৰা হ’ল। কানি সাত সুৰাৰ লগত এক সুৰা, তাকো আমাৰ মহন্তসকলে খাবলৈ ধৰিছে। এইবােৰ মহাজনে আৰু শিষ্যক কি তৰিব?”

কীৰ্তিকান্ত ব্ৰাহ্মণ আছিল। সেই গুণে সি ফানি থােৱা সত্বেও, বৃকোদৰৰ পিতৃ- শ্ৰাদ্ধ উপলক্ষে জলপান খোৱাৰ পিছত দক্ষিণা হিচাপে কানি আৰু আধলি এটা লাভ কৰিছিল। নাট্যকাৰ বৰুৱাই এনে আচৰণক বিদ্রুপ কৰি কীর্তিকান্তৰ মুখেৰে কোৱাইছে : “বামুণ হোৱাৰ অনেক গুণ। বামুণে ভিতৰত কিমান অকর্ম কৰক, বাহিৰত লােকক দেখুৱাই সন্ধ্যা-পূজা কৰি ফোঁটটো লৈ থাকিলেই সকলােৰে পৰা মান পায়। মই যিবােৰ কাম কৰিছোঁ, মোৰ ন গুণৰ গোঁসাই কেতিয়াবাই পলাল, তেওঁ বাহিৰত সচাই মিচাই সন্ধ্যাটো কৰি ফোঁটটো লৈ থকা দেখি এটায়ে বামুণ বুলি মানে।”

ভণ্ডামিৰ আন এটা চূড়ান্ত ৰূপ প্রকাশ পাইছে কীর্তিকান্তৰ আন এটা সংলাপৰ যােগেদি “সন্ধ্যাটো কৰিবলৈ নহ’ল, এতিয়া যাওঁ, শুধে গাই ফোঁট এটা লৈ আহোঁগৈ। কানি ফেৰা খাই কলা দুটাহে খাইছে, ইয়াত বৰ দোষ নাই, শাস্ত্রতাে তাৰ বিধি আছে।”

ৰক্ষণশীল সমাজখনৰ প্রতি হেমচন্দ্ৰ বৰাৰ আছিল প্রচণ্ড ঘৃণা। অকল ব্রাহ্মণ, মহন্তসকলৰ প্রতি ব্যঙ্গ বিদ্রুপাত্মক মনোভাৱ প্ৰকাশ কৰিয়ে ক্ষান্ত নাথাকি তেওঁ সেই সময়ৰ অসমীয়া লােকৰ ইংৰাজী শিক্ষাৰ প্ৰতি থকা বিৰূপ ধাৰণাকো তাচ্ছিল্য কৰিছিল। ভদ্রেশ্বৰ মৌজাদাৰৰ মুখত দিয়া তলৰ সংলাপখিনিৰ পৰা সেই কালৰ অসমীয়ালােকৰ ইংৰাজী শিক্ষাৰ প্ৰতি থকা অনীহাৰ কথা সহজে জানিব পাৰি: “একেটি ল’ৰা, সেই দেখি ইংৰাজী পঢ়িবলৈও নিদিলোঁ, বােলো কেনেবাকৈ তর্পণৰ পানী এচলু দিয়ে কি চিয়ে।”

হেমচন্দ্ৰ বৰুৱাৰ সময়ত বঙলা ভাষাই অসমৰ সমাজ জীৱনত দকৈ খােপনি পুতিছিল। বঙলা গীত-মাত আদিৰ প্রতি অসমীয়া লােকৰ এক অহেতুক আকর্ষণ উপজিছিল। কানিৰ গীত মত্ত হৈ কীর্তিকান্তই বঙলা গীতৰ সুৰ টানিছে:

“ঋতু বসন্তকাল প্রাণনাথ কোথায় সখীৰে……..”

তাৰ উপৰি হিন্দিভাষী লোকৰ যোগেদি সেই কালত অসমতো হিন্দী ভাষাৰ প্রচলন হােৱাত তাৰ প্ৰতিও অসমীয়া লােক আকর্ষিত হৈছিল আৰু নিজৰ মর্যাদা আৰু সন্মান বঢ়াবলৈ সাধাৰণ অসমীয়া পিয়াদাইও ভগা ভগা হিন্দীত কথা কৈ দহজনক চমক খুৱাব বিচাৰিছিল। কীর্তিকান্তৰ ঘৰ কোৰোক কৰা পিয়াদাজন অসমীয়া “বৰুৱাৰ ঘৰৰ ৰণুকাইৰ পিতেক ঘিন লগা” পিয়াদা হোৱাৰ পিছত তাৰ মুখত অসমীয়াৰ পৰিৱর্তে হিন্দী ভাষা ফুটিছে “হামিলােক হজুৰ মে থাকে, হামিলােক বঙালীবাবু হৈছে, হামাৰ নাম হৈছে ঘিদাচ মজকুৰী পিয়াদাবাবু।” এইবােৰ ভণ্ডামিৰ প্রতি কটাক্ষপাত কৰাৰ লগতে হেমচন্দ্ৰ বৰুৱাই এইখন নাটকতে “ভেটি দিয়া আৰু লােৱাৰ দৰে দুর্নীতিকো উদঙাই দেখুৱাইছে। নাটকখনৰ তৃতীয় অংকৰ দ্বিতীয় দর্শন কীর্তিকান্ত আৰু পিয়াদাৰ মাজত হোৱা কথোপকথনত ইয়াৰ ইংগিত সুস্পষ্ট:

পিয়দা: আচ্ছা,বচ, মালতো পাইলাে, অভি মিঠে খাবাৰতো কিছু দেও।

কীৰ্ত্তি: এখন হাতত কিছু নাই।

পিয়দা: যদি মিঠৈ আবাৰ নি মিলে, তব পাঁচ ৰূপিয়ামে এই মাল বেচিব আৰু বচ্ দোচোৰা মাল কোৰােক কৰিব।

কীৰ্ত্তি: (মনে মনে) কোনােমতে ইয়াৰ মুখ নেমাৰিলেই সর্বনাশ কৰিব। ইহঁতে ভাল কৰিব পাৰােক বা নােৱাৰােক, বেয়া কৰিবলৈ যম। (দুটা ৰূপ পি) এই লােৱা।

পিয়দা: (মূৰ জোকাৰি) বহুত কম হৈছে। আচ্ছা, বচ্ হামকু যি দিছে, এই বহুত, নাজীৰ চাহাব কা পাছ কুছ দেও।

কীর্তিঃ (মনে মনে) কিছু না দিলেই নেৰে নাজীৰৰ আগত লগাই দিব গৈ।।

(আৰু এটকা ৰূপ দি) ইমানেই হে আছিল, ইয়াকে লােৱা।

পিয়দা: কি এক ৰূপিয়া? আচ্ছা বচ দাও।

অসমত মাটিৰ খাজনা আদায় কৰিবৰ বাবে মৌজাদাৰী ব্যৱস্থা প্রবর্তিত হয় ব্রিটিছৰ ৰাজত্বত। নাটকখনত এই ব্যৱস্থা আৰু তাৰ পৰা উদ্ভৱ হােৱা কেতবােৰ সমস্যাও উত্থাপিত হৈছে।

সমাজত প্রচলিত অন্ধবিশ্বাস, কুসংস্কাৰ, অবিশ্বাস আদিৰ আংশিক প্রতিচ্ছবিও নাটকখনত প্রতিফলিত হৈছে। কানি খাই শুকাই খীণাই যোৱা কীর্তিকান্তৰ সোঁৱৰণি চোৱাই শনি স্তৱ পাঠৰ ব্যৱস্থা কৰা, কীর্তিকান্তৰ ৰোগ আৰােগ্যৰ বাবে মঙ্গলতী বুঢ়ীয়ে মঙ্গল চাই অপেস্বৰা নাম, ভকত সেৱা আৰু কানীয়া সেৱা ব্যৱস্থা কৰিবলৈ পৰামর্শ আগবঢ়োৱা কথাই কুসংস্কাৰ আৰু অন্ধবিশ্বাসকে স্পষ্ট কৰি তুলিছে। নাটকখনৰ দ্বিতীয় অংকৰ দ্বিতীয় দর্শনতা ললিতা আৰু মংগলতী বুঢ়ীৰ কথােপকথনে এই কুসংস্কাৰ আৰু অন্ধবিশ্বাসকে তুলি ধৰিছেঃ

ললিতা: আই ঐ দেহিডুখৰি! ভালেতাে লৰাটি শুকাই খিণাই গৈছে। চাচোঁন আই, কি কৰিলেননা ভাল হ’ব। যিহকে লাগে মই তাকে কৰিম, যিহকে লাগে মই তাকে কৰিম, তেওঁ লৰা ভাল হোক মাথোন।

মংগলতীঃ (কড়ি মুঠি আকও মাটিত পেলাই) আইচু, আন একো কৰিব নেলাগে, শনিবাৰে বা মঙ্গলবাৰে দুপৰীয়া সাতুটী, নাই পাঁচুটী নাইবা তিনিটী এৱাঁ ছোৱালীৰ হতুৱাই চোঁতালত শুকানী অপেস্বৰাৰ নামে শুকুলা ফুল, এৱাঁ গাখীৰ আৰু কেঁচা পিঠাগুড়ি দি তুতি তৰ্পণকৈ মতা আৰু জলশাই ডাঙৰীয়াৰ নামে পাঁচজন মান ভকতক আমৰলীয়া হাঁহেৰে চাউল খুৱাব। ঘাইকৈ এফেৰি কানীয়া সেৱা কৰিব।

ললিতা: কানীয়া সেৱা কি?

মংগলতীঃ এ! আই কানীয়া সেৱানো কি, তাকো নে জানে।।

ললিতা: সি নো কি বুজায় কচোন বাই।।

মংগলতী: গধূলি পাঁচজন বা সাতজন কানীয়া ভকতক কানি পাণ খুৱাই একেৰদীয়া ভাল কোমল চাউল, ম’হৰ এঠা গাখীৰ, মালভােগ কল, গুড়, এই বিলাকেৰে তেওঁলোকক আকণ্ঠ পূৰাই জলপান কৰাব লাগে। ইয়াৰ নাম কানীয়া সেৱা। ইয়াৰ সমান ডাঙৰ কাম নাই।…………..

কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ লগতে কানি খােৱা প্রথাটোৱে অসমৰ সমাজ জীৱনত কিমান গভীৰলৈ শিপাইছিল আৰু ই কেনেদৰে এটা আচাৰ-অনুষ্ঠানত পৰিণত হৈছিল, তাৰ সম্ভেদ উল্লিখিত কথােপকথনৰ পৰা অনুভব কৰিব পাৰি।

সমাজ জীৱনৰ লগত পােনপটীয়া সম্পর্ক যুক্ত এটা সমস্যাক (কানিৰ প্ৰচলন) নাটকীয় ৰূপদান কৰি তাৰ যােগেদি ভেম-ভণ্ডামি, কুসংস্কাৰ, অন্ধবিশ্বাস আদিক উদঙাই দেখুওৱাত ‘কানীয়াৰ কীৰ্ত্তন’ হৈ পৰিছে ঊনবিংশ শতিকাৰ অসমৰ সমাজ বাস্তৱৰ এখন দাপােণ স্বৰূপ। নাটকখনৰ কাহিনীৰ উপস্থাপন আৰু বিন্যাস ৰীতি ব্যংগাত্মক। সেইকাৰণে ই এটা লঘুৰূপ পালেও বক্তব্যৰ গভীৰতালৈ চাই ইয়াক বাস্তৱধর্মী গহীন নাটক বােলা সমীচীন হ’ব।

পাশ্চাত্য নাট্য ৰাতিৰ আৰ্হিত গুণাভিৰাম বৰুৱা প্রথম আধুনিক নাটক ‘ৰাম নৱমী’ ৰচনা কৰে। উল্লেখযোগ্য যে, পাশ্চাত্যৰ আৰ্হি গ্ৰহণ কৰিলেও গুণাভিৰাম সংস্কৃত আৰু অঙ্কীয়া নাট্য ৰীতিৰ প্ৰভাৱৰ পৰাও মুক্ত হ’ব পৰা নাছিল। হেমচন্দ্ৰ বৰুৱাই কিন্তু উক্ত দুয়ােটা প্রভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হৈ ‘কানীয়াৰ কীৰ্ত্তন’ ৰচনা কৰে। এইখন প্রথম অসমীয়া পাশ্চাত্য নাট্যৰীত্যানুসৃত নিটোল ৰূপৰ নাটক।

নাটকখনৰ অংক সংখ্যা চাৰি। প্ৰতিটো অংকত একাধিক দৃশ্য সংযােজিত হৈছে। দৃশ্য সংখ্যা সর্বমুঠ চৈধ্যটা। সাধাৰণতে নাটকৰ প্ৰতিটো অংক আৰু দৃশ্য সুসংহত আৰু সুসংগঠিত হ’লেহে নাট্য ঘটনাৰ ঐক্য আৰু বৈচিত্র্য প্রকাশ পায় আৰু তেনে নাটকৰ অভিনয়েহে দর্শকচিত্তত কৌতূহল সৃষ্টি কৰিব পাৰে। ‘কানীয়াৰ কীৰ্ত্তন’ত অংক আৰু দৃশ্য সংযােজনাত নাট্যকাৰে সুসংহত ৰূপ ফুটাই তুলিব পৰা নাই। দর্শকৰ মনত উত্তেজনা সৃষ্টি কৰিবলৈ দৃশ্য এটাত সময়ৰ যি বিস্তৃতিৰ প্রয়ােজন, কোনাে কোনাে দৃশ্যত তাৰাে বাৰুকৈয়ে অভাৱ। কোনােটো দৃশ্য প্রয়ােজনতকৈ অধিক চুটি আৰু কোনােটো দীঘলীয়া। ফলস্বৰূপে, নাটকখনত নাট্য ঘটনা বিক্ষিপ্ত নােহােৱাকৈও থকা

নাই। হেমচন্দ্ৰই সংস্কাৰকামী মনােভাৱ আৰু সামাজিক তীক্ষ্ণ সজাগতাৰে নাটকখন ৰচনাত প্রবৃত্ত হােৱাত ই নাটকীয় কাৰিকৰীৰ ফালৰ পৰা দুৰ্বল হৈ পৰা বুলি ভবাৰ অৱকাশ আছে।

‘কানীয়াৰ কীৰ্ত্তন’ হেমচন্দ্ৰৰ প্ৰথম আৰু একমাত্র নাটক। এইখন ৰচনাৰ সময়ত তেওঁৰ নাট্য অভিজ্ঞতাও আছিল অপৰিণত। এই অপৰিণত অভিজ্ঞতাৰ ভাবেই হওক নাইবা প্রচাৰধৰ্মী, সংস্কাৰকামী মনোভাৱ সৃষ্টিশীল প্রতিভাক আচ্ছন্ন কৰি ৰখা বাবেই হওক, ‘কানীয়াৰ কীৰ্ত্তন’ক হেমচন্দ্ৰ বৰুৱা সর্বাংগ সুন্দৰ কলাকৰ্মৰ শাৰীলৈ তুলিব নোৱাৰিল, ঊনবিংশ শতিকাৰ ভাঙনমুখী,অন্তঃসাৰশূন্য আৰু কানি বৰবিহৰ দ্বাৰা আক্রান্ত অসমৰ সমাজবাস্তৱক প্রতিফলিত কৰা হেতুকে অসমীয়া নাট্য সাহিত্যৰ ইতিহাসত এইখন নাটকে আৰু নাট্যকাৰ বৰুৱাই অটুট অমৰত্ব লাভ কৰি থাকিব বুলি নিঃসন্দেহে ক’ব পাৰি।
নাটখনৰ পাতনিত তেওঁ লিখিছেঃ

“This little pamphlet, which was composed with the view of exposing the mischievous effects of opium eating, which has long been praying upon the very vitals of Assam, was first published in 1961 with the pecuniary aid o Babu Ootstabananda Gossain, Deputy Inspector of Schools. The author then was far from entertaining a hope that it would meet with so good a reception from the public and was therefore agreeably surprised to find that all the copies of the first impression were readily disposed of which, if a warm acceptance of a book by the public at large, is any criteria of this merits, spoke favourably of the work.” ইয়াৰপৰা সহজে অনুমান কৰিব পাৰি যে, কানীয়াৰ কীৰ্ত্তনে জনসমাজৰ পৰা আশাতীত ৰূপে সমাদৰ লাভ কৰিছিল।

☆★☆★☆

3 Comments

  • ৰিণ্টু

    চাৰ, সশ্ৰদ্ধ প্ৰণাম। প্ৰথমবাৰৰ বাবে আপোনাৰ লেখা আমাৰ ই-আলোচনীত পঢ়িবলৈ পাই নথৈ সুখী হ’লো।

    সদায় সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক চাৰ

    Reply
  • Suntu r

    বৰ ভাল লাগিল, আজিও অসমৰ সীমান্ত অঞ্চলবোৰ কানীৰ প্ৰভাৱৰ পৰা মুক্ত হব পৰা নাই

    Reply
  • ডলী

    বৰ ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.