ফটাঢোল

হৰি নামৰ ৰস – প্ৰদীপ বৰা

৩০ মে ২০১৮, নামঘৰত মাধৱদেৱৰ তিথি পালন কৰিবগৈ লাগে। শইকীয়াৰ গা সাতখন আঠখন কৰিব লাগিছে। মানে তেত্ৰিশ কোটি দেৱতাক যিজনে যুদ্ধত জিনি থৈছে, সেইজনৰ কথাকে কৈছো। ৰাইজে নিশ্চয় ধৰিব পাৰিছে৷ তাহানিখন বোটানিৰ পৰীক্ষাৰ দিনাই গোসাঁই ঘৰত সোমাই “মই দুৰাচাৰ, অপৰাধী নাৰায়ণ” গোৱা শইকীয়াই এতিয়া সেইবোৰ বাদ দি নাস্তিক হ’বলৈহে মনতে ভাবি আছে৷ নহ’বনো কিয়! মাধৱদেৱেনো বাৰু অপৰাধী নাৰায়ণ বুলি লিখিব লাগেনে! মই দুৰাচাৰ বুলি লিখাটো বাৰু মানিবই লাগিব। কাৰণ পুহমহীয়া তেওঁ বাহ্যিক কৰ্ম কৰিলে বেজীৰ আগত যোৱা পানী অকণমান শৰীৰত চটিয়াই শূচি হৈ পৰে। শইকীয়ানীয়েহে বুজাই দিলে বোলে, “মই দুৰাচাৰ, মই অপৰাধী, কেৱল তোমাৰহে নাৰায়ণ৷ তোমাৰ ওচৰত আশ্ৰয় লৈছোঁ, তোমাৰ শ্ৰীচৰণৰ দাস বুলি মোক ক্ষমা কৰা৷”

শইকীয়ানীয়ে অধ্যয়ন কৰিবলৈ আনি থোৱা তীৰ্থ গোস্বামী প্ৰভুৰ ঘোষামৃত পুথিখন দেখি শইকীয়া দপদপাই উঠিল। বোলে, এইখন কি কিতাপ আনিলাহে! ঘোষামৃত মানে ঘোষা মৰিল দেখোন! ইচ ইচ ইচ! নাপায় দেই এনে কিতাপ পঢ়িব!

শইকীয়ানীয়ে বোলে ঘোষা+অমৃত = ঘোষামৃত৷  তুমি অলপ অসমীয়া ভাষাৰ ব্যাকৰণ চিয়াকৰণ পঢ়িবাছোন ৷ কেৱল পেৰেণ কাইমা, ক’লেন কাইমা, স্লেৰেণ কাইমা, ফ্লোৱেম জাইলেম আদিতে লাগি নাথাকিবা৷

এদিন শইকীয়ানীয়ে শইকীয়াক ক’লে বোলে কলপাত পাঁচখিলা, তামোল চাৰিটা, পাণ এগুচি গোটাই আনা৷

কলগছৰ ওচৰ পাই শইকীয়াই দেখিলে যে কলপাতবিলাকত দেখোন চৰায়ে মল ত্যাগ কৰি থৈছে! শইকীয়াই কলপাত কেইখিলা লাক্স চাবোনেৰে ধুই ল’লে৷ দুয়ো তিথি পালনৰ হেতু নামঘৰ পালেগৈ৷ গুৰু আসন আৰু ভকতৰ সন্মুখত শিৰ থৈ দুয়ো সেৱা কৰিলে৷ মজিয়াখন জেকা আছিল কাৰণে আঁঠুলৈকে ধুতিখন কোঁচাই ল’লে৷ মনে মনে দুয়ো দেউতাকে শিকাই পঠিওৱা মতে ঘোষা গালে,
“শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু….”
“কৃপাৰ সাগৰ দৈৱকীনন্দন….”

প্ৰসাদৰ জোগাৰ প্ৰায় হৈছে৷ নামাচাৰ্য ঘাটোৱাৰ আৰু বুঢ়াগোঁহাই এজনো নাই। তেওঁলোকৰ বিশেষ অসুবিধা৷ কলিতা ককা আৰু শইকীয়াই ভাগৱত পাঠ বা কীৰ্ত্তন পাঠ কৰিব নোৱাৰে, কাৰণ চশমা নাই৷ মাধৱদেৱৰ তিথি যেতিয়া, তেওঁৰ সৃষ্টি নামঘোষাকে পাঠ কৰা হওক৷ কিন্তু পাঠেকী চকেট আৰু কেৰপাইও নাই৷ এতিয়া কলিতা ককা আৰু শইকীয়াই নিয়ম এটা কৰি থ’ব লাগিব৷ ককাৰ চেলেং আছিল গতিকে মূল আসনত বহিল৷ শইকীয়াইও কাষতে বহি ডিঙি মেলি মেলি চাই গ’ল ৷ “মুক্তিত নিস্পৃহ যিটো….আৰম্ভ হৈ গ’ল দুয়োজনৰ আনন্দ” নামঘোষাহে বোলে৷ কলিতা ককাই পাঠ কৰি ইমান ৰস পাইছে যে পঢ়ি থাকোতে জিভাৰ পানী টোপ টোপকৈ গামোছাত পৰি আছে৷ অন্যহাতে শইকীয়াৰ বিলৈৰ কথা কি ক’ব! চশমা নোহোৱাৰ কাৰণে ভালকৈ আখৰ মনিবই পৰা নাই তেওঁ। ঢাৰিত পেট পেলাই শুই ল’লতহে পুথিৰ আখৰ দেখিবলৈ সক্ষম হৈছে৷ চকেটৰ মিতিৰৰ গাঁৱলৈ বহুত ৰাইজ যোৱাৰ বাবে শইকীয়াই স্ফুৰ্তি পালে কাৰণ এক কেজিমান মগুৰ দায়িত্ব অকলে ল’লে।

☆★☆★☆

Leave a Reply

Your email address will not be published.