ফটাঢোল

ৰঙীন বিহুৰ আলোকপাত – জয়শ্ৰী শৰ্মা

“ব’হাগ মাথো এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণজীৱনৰ ই সাহ”

বসন্তৰ আগমন! গছ লতিকাৰ ডালে পাতে সেউজ আৱৰণ। কুলি কেতেকীয়ে ইনালে বিনালে.. লুইতৰ দুই পাৰে আকাশ বতাহ ছানি এয়া বসন্তৰ ৰং! চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি বুলি ৰঙতে উত্ৰাৱল ঢুলীয়া, পেপাঁৰ মাতে শুনি গছকত যঁতৰ ভাঙি চেনাইৰ কাষলৈ ঢাপলি মেলে মূগা সাজে সুশোভিত নাচনীজনী। ৰঙালী বিহু বুলিলেই মনলৈ আহে এইখন ছবি..

অসমীয়া জাতীয় জীৱনত পম্পৰাগত সংস্কৃতিৰ ভিতৰত ৰঙালী বিহুটি অন্যতম। ইয়াৰ ভিতৰত নীহিত হৈ আছে নিবিড় প্ৰকৃতি প্ৰেম। আদিম কালৰ পৰাই গৰু, মানুহৰ জীৱন ধাৰণৰ পথত প্ৰধান সহায়ক। সেয়েহে চ’তৰ সংক্ৰান্তিৰ পৰা সাতদিন পৰ্যন্ত পালন কৰা ৰঙালী বিহুৰ প্ৰথম দিনতো গৰু বিহু হিচাপে পালন কৰা হয়। গৰু বিহুৰ দিনা পালন কৰা নিয়ম সমূহ আচলতে নিৰ্ধাৰিত স্বাস্থ্য বিধি বুলিয়েই ক’ব পাৰি। যেনে, গাত হালধি সানি নোওৱা, গা ধুৱাই লাউ বেঙেনা আদি দলিয়াই চৰিবলৈ পঠোৱা আৰু মহ-ডাঁহ খেদিবলৈ দীঘলতি মাখিলতি জাতীয় ঔষধি উদ্ভিদ ব্যৱহাৰ কৰা ইত্যাদি। আকৌ গৰুৰ শ্ৰীবৃদ্ধিৰ কামনাৰে এই বুলি গোৱা হয় –

“লাউ খা বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু
তই হবি বৰ গৰু”।

অসম ৰাজ্যখন মূলতঃ আর্য আৰু অনাৰ্যৰ মিলনভূমি। বিহুৰ ক্ষেত্ৰত আর্যতকৈ অনার্যসকলৰ অবদান অধিক। বিহু শব্দটোৰ উৎপত্তি সম্বন্ধে পণ্ডিত সকলৰ মাজতো মতবিৰোধ আছে। বিষুৱ শব্দৰ পৰা বিহুৰ উৎপত্তি বুলি অধিকেই মত পোষণ কৰে।

এই বিহুৰ আন এক বৈশিষ্ট্য হৈছে হুঁচৰি আৰু নৃত্য গীত। প্ৰেম-প্ৰীতিৰ আদান প্ৰদান উল্লেখনীয়। ‘মৰমৰ দীঘ আৰু চেনেহৰ বানিৰে’ চেনাইলৈ বৈ উলিওৱা বিহুৱানখন চেনেহৰ প্ৰতীক।

বিহুৰ দিনা মৰমৰ মানুহ জনক বিহুৱান উপহাৰ দি মৰম যঁচা এই গামোচা খন অসমীয়া সমাজ জীৱনৰ বিশিষ্ট অংগ। তদুপৰি সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লোৱা আৰু মিতিৰ কুটুম্ব অথবা বন্ধু বান্ধৱ সকলকো বিহুৱান আগবঢ়োৱা হয়, যাৰ দ্বাৰা স্নেহবন্ধন অটুট থাকে।

ৰঙালী বিহু প্ৰেম আনন্দ আৰু আৱেগৰ উৎসৱ, য’ত প্ৰকৃতিৰো নিবিড় সম্পৰ্ক বিচাৰি পোৱা যায়। ফাগুনৰ পছোৱাই বসন্তৰ বতৰা অনাৰে পৰাই মানুহৰ মনতো আনন্দৰ শিহৰণ জাগে। বেছিভাগ বিহুগীতে প্রেম-পীৰিতি, ভালপোৱা, বিৰহ আদি নিদৰ্শন কৰে।যেনে-

‘হাঁহ হৈ চৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ চালত
চৰাই হৈ পৰিমগৈ তোমাৰে ফুলনিত
মাখি হৈ চুমা দিম গালত।’

এই বিহুত গৰু বিহুৰ দিনা ৰাতিৰপৰা সাতদিন ধৰি হুচৰি গোৱা হয়।

“দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই ঐ গোবিন্দাই ৰাম’…ইত্যাদি পদেৰে আৰম্ভ কৰি ঢোল, পেঁপা, গগনা আদি বাদ্যৰে সৈতে বিহু গীত গাই নাচি বাগি গাঁৱৰ যুৱক যুৱতী, বয়োজেষ্ঠ সকলেও গৃহস্থক কুশল কামনাৰে আশীৰ্বাদ দিয়ে। হুচৰি অনুষ্ঠানত পৰিলক্ষিত হয় পৰিমাৰ্জিত তথা ৰুচিসম্পন্ন ৰূপ আৰু বৈষ্ণৱ ভাৱাদৰ্শ। আনহাতে বিহু গীত আৰু বিহুনাচৰ সৈতে জড়িত হৈ আছে প্ৰেম প্ৰীতিৰ পাৰ ভঙা আবেদন। হুঁচৰিৰ লগত বিহু গীত অথবা বিহুনাচৰ সমন্বয় সাধন হৈছে যদিও জন্মলগ্নৰ কিছু পাৰ্থক্য আছে বুলি ধাৰণা হয়।

বিহুগীত বোৰৰ মাজত অসমৰ বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা পোৱা যায়। তদুপৰি অন্নৰ কাৰণে কৃষিকৰ্ম, বস্ত্ৰৰ কাৰণে এৰী, মুগা, পাট আৰু কপাহী সূতা তথা তাঁত শালৰ উল্লেখ পোৱা যায় যাৰ দ্বাৰা অসমীয়া জাতিৰ কৰ্মনৈপূন্যতাৰ ছৱিখন অংকিত হৈ আছে। এক অর্থত বিহু অসমীয়া জাতিৰ সাংস্কৃতিক আৰু আর্থ -সামাজিক জীৱনৰ প্ৰতিচ্ছবি। দেখা যায় যে অসমীয়া জাতি নিজ ভাষা সাহিত্য সংস্কৃতি সকলো দিশতে চহকী। প্ৰতিজন অসমীয়াই জাতীয় সংস্কৃতিৰ মৰ্যদা অটুট ৰাখিবলৈ প্ৰয়াস কৰিলে স্বকীয় গৰিমাৰে অসম আৰু অসমীয়াৰ পৰিচয় জগত সভাত অধিস্থিত হ’ব। অসমীয়া ভাষা সংস্কৃতিৰ ভেজালৰ এই দূর্দিনত অন্ততঃ আমাৰ বাপতিসাহোন চেনেহৰ বিহুটি নিভাঁজ হৈ থাকক। যুগ-যুগান্তৰলৈ এই বিহুৱে বহন কৰি থাকক অসমীয়াৰ পৰিচয়, অসমীয়াৰ অস্তিত্ব!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.