ফটাঢোল

ৰসৰ ৰহঘৰা পিলিকদা – ডা° অঞ্জনজ্যোতি চৌধুৰী

ছেপ্টেম্বৰ মাহৰ ১২ তাৰিখ। বিশিষ্ট সংগীত পৰিচালক ৰূপম তালুকদাৰে তেওঁৰ গাড়ীৰে জনপ্ৰিয় গায়ক কুল বৰুৱা, যশস্বী গায়িকা অণিমা চৌধুৰী আৰু মোক নুমলীগড়লৈ লৈ গৈছিল। আমি গৈছিলোঁ। নুমলীগড় তেল শোধনাগাৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ‘পুৰণি দিনৰ গীতৰ সোঁৱৰণ’ শীৰ্ষক এখন গীতৰ সভাত ভাগ ল’বলৈ। আধাঘণ্টাকৈ আমি তিনিওজনেই তাত গীত গোৱাৰ কথা। ভালকৈ গাব পাৰিম নে নোৱাৰিম, তাকে ভাবি মোৰ মুখৰ মাত নোহোৱাৰ দৰে অৱস্থা হ’ল। কেৱল মাজে মাজে সুবিধা পালেই এটা কথা কৈ আছিলোঁ যে মোক অনুস্থানৰ আৰম্ভণিতে গাবলৈ দিয়ে। নহ’লে কুলদা আৰু অণিমা বাইদেৱে গোৱাৰ পিছত যদি সকলো উঠি ঘৰমুৱা হয়, মই বৰ লাজ পাম। কাৰণ তাত মোৰ পৰিবাৰৰ বন্ধু এগৰাকী থাকে।গান বেয়াকৈ গালে বা মোৰ গান গোৱাৰ সময়ত শ্ৰোতা-দৰ্শক নাছিলেই বুলি পৰিবাৰে গম পালে ঘৰত ল’ৰা-ছোৱালীৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা এটা হ’ব। কুলদাই মোৰ অযথা চিন্তা দূৰ কৰিবলৈকে চাগে বাটত পুৰণি দিনৰ নানা ধৰণৰ হাঁহি উঠা কথা কৈ গ’ল। কুলদাই হঠাতে হাঁহি হাঁহি পিলিকদাৰ কথা উলিয়ালে। পিলিকদা মানে এসময়ৰ অসমৰ ফুটবলৰ ৰজাস্বৰূপ পিলিক চৌধুৰী। পিলিকদা মোৰ দেউতা লক্ষ্যধৰ চৌধুৰীৰ খুৰাকৰ ল’ৰা। দেউতাৰ ঘৰ আছিল উত্তৰ গুৱাহাটীৰ ৰংমহলত। দেউতাৰ খুৰাক শশধৰ চৌধুৰী উজান বজাৰৰ লতাশিল খেলপথাৰৰ ওচৰৰ ফটিক চন্দ্ৰ ৰোডত থকা ঘৰখন আছিল এটা ছাত্ৰাৱাসৰ দৰে। দেউতাৰ চাৰিওজন ককায়েকে এইখন ঘৰতেই থাকি পঢ়া-শুনা কৰিছিল। আনকি ৰংমহল গাঁৱৰ বহুতেই এই ঘৰত থাকিয়েই পঢ়া-শুনা কৰিছিল। দেউতাৰ খুৰীয়েক বৰ সহজ-সৰল স্বভাৱৰ আছিল। এইগৰাকী সাদৰী খুৰীকেই আমি ‘আইতা’ বুলি মাটিছিলোঁ। দেউতাই আমাক পিলিকদাৰ কথা এনেদৰে কৈছিল—”সি সৰুৰে পৰা দুটা কামত পাকৈত আছিল, খেলা-ধূলা আৰু টেটকুটিত অৰ্থাৎ ধেমালিৰে ভৰা দুষ্টামিত। সেই ধেমালিয়ে কাকো কিন্তু অপকাৰ নকৰিছিল”। পিলিকদাৰ নিদেৰ্শত ঘটা এনে বহু ধেমেলীয়া ঘটনা আমি দেউতাৰ মুখত শুনিছিলোঁ। কুলদাই সেইদিনা কোৱা কথা এটা আছিল এনেধৰণৰ—এবাৰ উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দেউতাই লিখা ‘ৰক্ষকুমাৰ’ নাটকখন অষ্টমী পূজাৰ নিশা মঞ্চস্থ হৈছিল। সেই নাটকত প্ৰখ্যাত অভিনেতা সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে বিভীষণৰ ভাও লৈছিল। তেখেত এজন অতি সু-স্বাস্থ্যৰ আৰু থুলন্তৰ পুৰুষ আছিল। তেওঁ পিন্ধা পাঞ্জাৱীটো তেওঁ বাৰে বাৰে কোঁচাই থাকি নিজৰ হাতৰ মাংসপেশীবোৰ ব্যায়াম বীৰ সকলৰ দৰে ব্যায়াম কৰাৰ ভংগীৰে দেখুৱাই ভাল পাইছিল। তেওঁৰ খং উঠিলে সততে কোনো তেওঁৰ ওচৰলৈ যাবলৈ সাহ নকৰিছিল। সেই সময়ত যিকোনো নাট অভিনয়, সভা-সমিতিৰ বাবে উজান বজাৰত থকা কল্যাণ কেবিনৰ পৰাই চাহৰ যোগান ধৰা হৈছিল। এটা গেঞ্জী-হাফপেণ্ট পিন্ধা বিহাৰী সম্প্ৰদায়ৰ ল’ৰাই সেইদিনা গিলাচত চাহ বিলাই আছিল। সেই সময়ত সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে মঞ্চত বিভীষণৰ বচন মাতি আছিল। পিলিকদা হঠাৎ আহি ল’ৰাটোক সকলোকে চাহ দিলেনে নাই সুধিলে। ল’ৰাটোৱে সকলোকে দিয়া বুলি কোৱাত পিলিকদাই মঞ্চত অভিনয় কৰি থকা বিভীষণৰূপী সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ ফালে দেখুৱাই তেখেতক চাহ দিলেনে নাই সুধিলে। সি নাই দিয়া বুলি কোৱাত তাক ধমকি দিয়াৰ সুৰত ক’লে—“আচল মানুহজনকে দিয়া নাই, খঙতে তেওঁ সেই তাত অকলে অকলে কি বকি আছে দেখিছ নে নাই। যা, এটা গিলাচত চাহ দি আহ।” পিলিকদাৰ কথা মতে সি নাটক চলি থকা নাই বুলি ভাবি এক গিলাচ চাহ লৈ মঞ্চত প্ৰৱেশ কৰি বিভীষণৰ ওচৰলৈ গ’ল। তাক দেখি চক্ৰৱৰ্তীদাই খঙতে হাত দাঙিবলৈ লওঁতেই কোনোবাই কথা বিষম দেখি মঞ্চৰ আঁৰ কাপোৰ পেলাই দিলে। পিলিকদাই ল’ৰাটোক বিভীষণৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ লগৰ দুজনক শিকাই থৈছিল। তেওঁলোকে সঠিক সময়ত ল’ৰাটোক এখন দুৱাৰেৰে পলুৱাই লৈ গ’ল। পিলিকদা আনখন দুৱাৰেদি পলাই ঘৰ পালেগৈ। দেউতাই ৰাতি ঘৰত গৈ পিলিকদাক কিয় এনে কাম কৰি ফুৰ বুলি সোধাত ক’লে—“পূজাৰ নাটকৰ মাজত যদি এনেকুৱা নাটক নকৰোঁ, তেন্তে পূজাৰ স্ফূৰ্তিয়েইবা ক’ত?”

পিলিকদাই ৰে’ল বিভাগত চাকৰি কৰিছিল। এবাৰ তেওঁলোকৰ বন্ধু এজনে ভুলতে অলপ ফেনাইল জাতীয় বিহ খাই দিলে। আগৰ দিনত ৰঙা-নীলা জুলীয়া মিক্সাৰ পথ্য হিচাপে বহুলভাৱে ব্যৱহৃত হৈছিল। দৰবৰ মিক্সাৰ বুলি ভাবি ভুলতে তেওঁ কেইঢোকমান সেই বিষ খাই দিলে। ততাতৈয়াকৈ নি তেওঁক ৰে’লৱে হাস্পতালত ভৰ্তি কৰা হ’ল। প্ৰথম দিনা খা-খবৰ লৈ পিলিকদা আৰু বন্ধুজন ৰাতি ঘৰা-ঘৰি গ’ল। পিছদিনা দুয়ো ৰাতিপুৱা আকৌ বিহ খোৱা বন্ধুজনৰ খবৰ ল’বলৈ গ’ল। পিলিকদাই দূৰৈৰ পৰা ৰোগী থকা কোঠালিটোত এগৰাকী মিজো সম্প্ৰদায়ৰ নাৰ্ছে শুশ্ৰুষা কৰি থকা দেখিলে। নাৰ্ছগৰাকীয়ে ইংৰাজীতহে কথা পাতে। পিলিকদাৰ লগত যোৱা বন্ধুজনে ইংৰাজী ক’বলৈ দিগদাৰ পায়। নাৰ্ছগৰাকীক পিলিকদায়ে তেওঁৰ ৰোগীজন কেনে আছে বুলি সুধি আহিবলৈ ক’লে। বন্ধুজনে ক’লে–“মই নোৱাৰিম। ইংৰাজী মোৰ জিভাত নুফুটে। ইংৰাজী ক’লে লৰি থকা দাঁতকেইটাও সৰি যায় যেন লাগে।” পিলিকদায়ে এখন বগা কাগজ আনি বন্ধুজনক ক’লে–“মই লিখি দিছোঁ, তই চাই চাই কৈ দিবি।” এইবুলি কৈ তেওঁ লিখিলে— “what is the recondition of that poisonous man.” বন্ধুজনে সুধিলে—“recondition মানে কি?” পিলিকদায়ে ক’লে—“যোৱাকালি আমি তেওঁৰ condition কেনে সুধি গৈছিলোঁ নে নাই? আজি আকৌ আহিছোঁ বাবে তেওঁৰ কালিৰ conditionটো আজি সুধিলে recondition হ’বনে নাই আৰু যিহেতু বিহ খাইছে, গতিকে তেওঁ poisonous man হ’ব নে নাই?” বন্ধুজনে শলাগিলে আৰু নাৰ্ছক গৈ তেনেকৈ সুধিলে। পিলিকদাৰ কাম বুলি জানি নাৰ্ছগৰাকীয়ে প্ৰাণখুলি হাঁহিলে।

“এবাৰ মাঘবিহুৰ উৰুকাৰ সময়ৰ কথা। ৰাতি দুপৰ। দেউতাৰ হেনো চিলমিলকৈ টোপনি আহিছিল। তেনেতে পিলিকদা ক’ৰবাৰ পৰা আহি কোঠাত সোমাল। হাতত এখন ডাঙৰ বগা কাগজ। তাত ডাঙৰ ডাঙৰকৈ কিবা লিখি অনা যেন দেখি দেউতাই বিছনাৰ পৰা উঠি কাগজখন পঢ়ি চালে। এটা কবিতা। ডাঙৰ ডাঙৰ আখৰেৰে লিখা—

“নালাগে তোমাৰ প্ৰভু ঐশ্বৰ্য

ৰাজপদ সন্মান গৌৰৱ

দৰিদ্ৰৰ লাও লোটা ভিক্ষাৰ সঁজুলি

সেয়ে মোৰ অতুল বৈভৱ।”

দেউতাৰ বোলে পিলিকদালৈ বৰ মৰম লাগিল। এই ৰাতিখন এটা ভাল কাম কৰিছে। পিলিকদাৰ মতি-গতি ভাললৈ আহিছে বুলি ভাবি দেউতা টোপনি গ’ল। ৰাতিপুৱা দেউতাই ঘৰৰ পৰা বজাৰলৈ ওলাই যাওঁতে কোনোবাই কোৱা শুনিলে যে যোৱাকালি ৰাতি বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ঘৰৰ বাৰীৰ ফুলকবিকে আদি কৰি বহু পাচলি কোনোবাই চুৰ কৰি নিলে। সেইবোৰ লৈ গৈ জপনামুখত বোলে কবিতা এটা আঁৰি দি গৈছে। সেইটো যে পিলিকদাৰে দুষ্টামি, সেয়া দেউতাই লগে লগে গম পালে আৰু নজনাৰ ভাও ধৰি ঘৰলৈ ঘূৰি আহিল। ঘূৰি আহি দেখে যে পিলিকদা তেতিয়া দুৰ্ঘোৰ টোপনিত লালকাল দি শুই আছে।

এবাৰ বাংলাদেশৰ ঢাকাত ফুটবল খেলিবলৈ পিলিকদাক যাবলৈ দিবলৈ গুৱাহাটীৰ মহাৰাণা ক্লাৱৰ কৰ্মকর্তা কেইজনমানে পিলিকদাৰ দেউতাক শশধৰ চৌধুৰীক আহি খাটনি ধৰিলেহি। তেওঁ কোনোপধ্যেই পিলিকদাক খেলিবলৈ যাবলৈ দিবলৈ মান্তি ন’হল। তেনেতে মোৰ দেউতাই মৰসাহ কৰি মাত দিলে—“পিলিক গ’লে মহাৰাণা ক্লাৱে অসমলৈ ট্ৰফীটো আনিব পাৰিব। বাহিৰত অসমৰ নাম হ’ব।” খুৰাকে গৰ্জি উঠি ক’লে—“ই মহা বদমাচ, ইহঁত দুয়োটা বৰ লগ। এটা খেলৰ কাৰণে আৰু এটা থিয়েটাৰৰ কাৰণে মৰিব পাৰে। ইহঁত দুয়োটাই আমাৰ বংশৰ নাম নুমুৱাব।”

এদিন ৰাতিপুৱাৰ পৰাই পিলিকদাৰ শুংসূত্ৰ নোহোৱা হ’ল। খুৰাকে কথাটো গম পাই দেউতাকে মাতি ক’লে—“সি ৰে’লেৰে ঢাকালৈ যাবলৈ আমিন গাঁও গৈছে। এতিয়াই তই আমিন গাঁৱলৈ গৈ তাক ধৰি ঘৰলৈ লৈ আহ। তাক আনিব নোৱাৰিলে তোকো ঘৰ সোমাবলৈ নিদিওঁ।” তাহানি ৰে’লগাড়ীবোৰ আমিনগাঁৱৰ পৰা এৰিছিল। সেয়ে খুৰাকৰ কথা মতে দেউতা আমিনগাঁও পালেগৈ। তালৈ গৈ দেখিলে যে ৰে’লৰ এটা ডবাত মহাৰাণা ক্লাবৰ খেলুৱৈসকল বহি আছে। দেউতাক দেখি পিলিকদায়ে মাত দিলে—“দেউতাৰ কথা বাদ দে, তয়ো আমাৰ লগত ঢাকালৈ ব’ল। ঢাকাত বৰ ভাল ভাল থিয়েটাৰ হয়। তাত আমি খেলি থাকিম, তই থিয়েটাৰ চাই থাকিব পাৰিবি।” থিয়েটাৰৰ নাম শুনি দেউতাৰ গা সাতখন-আঠখন হ’ল। কিন্তু সমস্যাটো হ’ল দেউতাৰ কাপোৰ-কানিক লৈ। কাৰণ ধুতী-পাঞ্জাৱীহে পিন্ধিছিল। অসমৰ আন এজন বিখ্যাত খেলুৱৈয়ে তেওঁৰ লগত ধুতী-পাঞ্জাৱী আছে বুলি ক’লে। ঢাকাতো নতুন কাপোৰ কিনি দিম কোৱাত দেউতাও একেজাপে গৈ ৰে’লত উঠিলগৈ।

দহ দিনমানৰ পিছত দেউতাহঁত ঢাকাৰ পৰা ঘূৰি আহিল। ঘৰলৈ আহি দেখে যে খুৰাক বাহিৰৰ বেঞ্চখনত বহি আছে। দেউতাক দেখিয়েই তেখেতে গুজৰি-গুমৰি ক’লে—“পিলিক বাৰু ঢাকালৈ গ’লেই, তই ক’ত মৰিলিগৈ?” দেউতাই মূৰ খজুৱাই খজুৱাই ক’লে—“মই তাক চোঁচৰাই আনিম বুলি গৈছিলোৱেই, কিন্তু ভাগ্য বেয়া। মই গৈ পোৱাৰ লগে লগে ৰে’লখন এৰি দিলে। সেইকাৰণে পিছৰখন ৰে’লত উঠি মই তাক খেদি গ’লোঁ৷” খুৰাকে ধমকি মাৰি ক’লে—“কাক ফাঁকি দিবলৈ আহিছ? অসমৰ পৰা এদিনত বাহিৰলৈ কেইখন ৰে’ল চলে?”

দুখে-ভাগৰে দেউতা ভিতৰলৈ গৈ বিছনাত বাগৰ দিলেগৈ। চিলমিলকৈ টোপনি আহিছিলহে মাথোন। বাহিৰৰ বাৰাণ্ডাত খুৰাকে স্ফূৰ্তিতে চিঞৰি চিঞৰি খুৰীয়েকক কোৱা কথা শুনি দেউতা চক্ খাই জাঁপ মাৰি উঠিল। “হেৰা লক্ষ্যক মাতা। সিয়েই চাগে এইখন বাতৰি কাকত আহোঁতে লৈ আহিছে। এয়া চোৱা ‘আনন্দ বজাৰ পত্ৰিকা’ত ঢাকাত হৈ যোৱা ফুটবলৰ কথা লিখিছে। ইয়াত পিলিকক ফুটবলৰ ‘যাদুকৰী শিল্পী’ বুলি কৈছে। লক্ষ্য আৰু পিলিকক দুয়োটাকে আঠ অনা পইচা দিয়া। গধূলি বজাৰৰ ৰামস্বৰূপৰ দোকানত গৰম কচুৰী, জিলাপি কিনি খাব পাৰিব।”

এইখনে আমাৰ আইতাৰ ঘৰ। আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰে ভৰা সেই ঘৰখনৰ সকলোৱে আছিল তেনেই সহজ-সৰল। আজিও বিশ্বকাপ ফুটবলৰ ৰোনাল্ডোহঁতে গ’ল দি স্ফূৰ্তি কৰা দেখিলে পিলিকদাৰ সেই দুষ্টামিভৰা হাঁহিটোৰে সৈতে মুখখন ভাহি উঠে। আজিও কোনোবা দুখৰ মুহূৰ্তত আইতাৰ ঘৰলৈ যাওঁ। পোনাখুৰী(পিলিকদাৰ পৰিবাৰ), জুনু পেহী, বিজয়া খুৰীহঁতৰ(মাখন দাৰ পৰিবাৰ) মৰম আকলুৱা মাতষাৰ পালে আমাৰ শৈশৱৰ সেই সোনোৱালী স্মৃতিবোৰ জীপাল হৈ উঠে। মনে সকাহ পায়। খন্তেকতে দুখ-বিষাদ আঁতৰি যায়।

☆★☆★☆

7 Comments

  • পিলিক দাৰ বিষয়ে জানি ভাল লগিল৷

    Reply
  • Manash Saikia

    দাদাৰ এনে লিখনিৰ বাবেই দাদাৰ ফেন হৈ পৰিলোঁ৷ যিয়েই নিলিখে সকলোতে ৰস পাওঁ৷ বৰগোহাঞি ছাৰৰ লগত দাদাৰ সাক্ষাৎকাৰ জীৱনত নাপাহৰিম৷

    Reply
  • Rintumoni Dutta

    চাৰৰ লিখাৰ সদায়েই ফেন। আগলৈও চাৰৰ লিখা এইখন প্লেটফৰ্মত পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

    Reply
  • Mridula

    পঢ়ি আপ্লুত হলো ।

    Reply
  • ফুটবলৰ ৰজা পিলিক চৌধুৰীৰ বিষয়ে শুনি আছিলো, তেখেতৰ ৰসাল কৰ্মৰাজীৰ বিষয়ে জানি ভাল লাগিল।

    Reply
  • বিদ্যুত বিকাশ দত্ত

    সুন্দৰ লিখনি। এনেয়ো চৌধুৰীদেৱৰ লিখনি ভাল লাগে। সম্পাকীয় মেজলৈকো ধন্যবাদ থাকিল।

    Reply
  • বিজু গগৈ

    আপোনাৰ লিখা পঢ়ি হাঁহিবলৈ পালে দুখভাগৰ পাহৰি যাওঁ৷

    Reply

Leave a Reply

Your email address will not be published.