ফটাঢোল

ৰেডিঅ’- অতুল নাথ

আমি সৰু হৈ থাকোঁতে ঘৰত ৰেডিঅ’ এটা থকাটো পদূলিত হাতী বন্ধাৰ সমানেই আভিজাত্যৰ চিন।তেতিয়া আমাৰ গাঁৱৰ এঘৰতো ৰেডিঅ’ এটা আছিল, মোৰ ফুটা কপালত পিচে চোতালত পুতি লোৱা দীঘল বাঁহ দুডালৰ মূৰত লগোৱা ৰঙা নীলা তাঁৰ দুডালৰ বাদে মালিকৰ ঘৰৰ ভিতৰত আলফুলে সজাই থোৱা আচল হাথিয়াৰটো দেখাৰ ভাগ্য নহ’ল।

সেই তেতিয়াই আমাৰ কাষৰ গাঁৱৰ এঘৰত ৰেডিঅ’ এটা কিনি আনিলে একেবাৰে যোৰহাটৰ ফটোহাউচৰ পৰা। অনাৰ দিনাখন গধূলিলৈকে ৰেডিঅ’ত ধূনীয়াকৈ গান বাজনা বাজিল। পিচে কেৰোণটো লাগিল পিছদিনা পুৱাহে। মালিকে ৰেডিঅ’ অন কৰিলে, কিন্তু ৰেডিঅ’ত গান বাজনা একো নাই, একেৰাহে পেঁ পেঁ পাঁ পাঁ, ইননি বিননি কান্দোন আৰম্ভ হ’ল। মাজে মাজে কিবাকিবি কথা পাতি আকৌ বিননি। ৰাতিপুৱা গৈ দুপৰীয়া হ’ল, গধূলি হ’ল। গান বাজনা নাই, অকল সেই বিননি। এইদৰে দুদিন, তিনদিন কেবাদিনো পাৰ হ’ল।ৰেডিঅ’ই নেমাতে। ইফালে মালিকে মানুহৰ আগত মুখ উলিয়াব নোৱৰা অৱস্থা।

ইকান সিকানকৈ কথাটো ৰাষ্ট্ৰ হ’ল। গাঁৱৰ বয়সস্থ দুজনমানে এদিন আহি গৃহস্থক উপদেশ দিলেহি বোলে- “তুমি যে ঘৰৰ বাজী ম’হজনী বেচা ধনেৰে ৰেডিঅ’ কিনিলা, সেই ম’হজনীয়েই এতিয়া শাওপাত দিছে৷”

গৃহস্থইও আঁতি-গুৰি চিন্তা কৰি পিছদিনা পুৱাই উঠি ৰেডিঅ’টোক সেৱা সৎকাৰ কৰি ঘৰৰ হালোৱা গোনা-ম’হটোৰ ডিঙিত আঁৰি দিলে। ম’হটোৰ ডিঙিত ওলমি থাকোঁতেও সেই দিনা গোটেই দিনটো কন্দা-কটা খন কৰিয়েই থাকিল ৰেডিঅ’টোৱে।

কিন্তু বিধিৰ কি লীলা, পিছদিনা পুৱাৰে পৰা ৰেডিঅটোৱে আকৌ ধুনীয়াকৈ গান বাজনা কৰিবলৈ ধৰিলে। মালিকেও সেই দিনাহে স্বস্তিৰ নিস্বাস পেলালে।

(বি: দ্ৰ:-ৰেডিঅ’টো কিনি অনাৰ দিনা ৰাতিয়েই কোনোবা এজন ৰাষ্ট্ৰ নেতাৰ মৃত্যু হৈছিল বাবে দেশত সাতদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছিল।)

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.