ফটাঢোল

বিত শগুণ- দিগন্ত বৰুৱা

“হোঁ, খা।” কাঁহৰ বাটিটোত অনা ফিকা চাহবাটি কাঠৰ সৰু টেবুলখনত থৈ মা ভিতৰলৈ সোমাই গ’ল। কালি দোকানৰপৰা কেইবা পেকেটো বিস্কুট অনাইছিলো। নুখুলিলে চাগৈ! আটকত লাগে। ভিতৰুৱা গাওঁ। হঠাৎ আলহী-দুলহী আহিলে চাহকাপৰ লগত নাকটো বচাবলৈ বিস্কুট দুখনমান লাগে। প্লেটত থকা গুৰ দুডোখৰৰ এডোখৰ লৈ কামোৰ এটা মাৰোতেই ভিতৰৰ পৰা পুনৰ মাৰ মাত ভাহি আহিল। -“পুখুৰীৰ পাৰৰ ডাঁৰদালতে ধুতি-গামোচা থৈ আহিছোঁ। সোনকালে গৈ গাটো তিয়াই আহিবি।” বাকী থকা চাহখিনি একে শোহাই শেষ কৰি বাটিটো লৈ পাছ চোতালত থকা বাচন ধোৱা ঠাই পালোগৈ।

Read more

আত্মধোৱন – যাজ্ঞ বল্ক্য

এইটো বেছি পুৰণি ঘটনা নহয়। এইবছৰৰে ফেব্ৰুৱাৰী-মার্চ মানত ঘটা। সেইকেইদিনত ব্যক্তিগত কাম এটাৰ কাৰণে ডিষ্ট্রিক্ট লাইব্রেৰীলৈ গৈ থাকিব লগা হৈছিল। মই থকা ঠাইৰ পৰা লাইব্রেৰী পাবলৈ ডেৰঘণ্টামান লাগে। গতিকে ৯.৩০ মানত ওলালে লাইব্রেৰী খুলিবৰ সময়ত পাওঁগৈ। ইমান ৰাতিপুৱাই ভাত খোৱাৰ অভ্যাস নাই গতিকে প্রায়ে নোখোৱাকৈ যাওঁ। দুপৰীয়াৰ ভাতসাঁজ প্রেছক্লাৱৰ ভিতৰত কার্ত্তিক দাৰ কেণ্টিনত খাওঁ । নজনা মানুহৰ কাৰণে কৈ থওঁ প্রেছক্লাৱৰ ভিতৰত কেণ্টিন এখন আছে য’ত এশ টকাত ছাগলী মাংসৰে এসাজ দবাই আহিব পাৰি। অকল মাংস এবাতি আৰু ভাত এথালি

Read more

জেউতীৰ প্ৰত্যাখ্যান– কৌশিক দাস

-“ঐ ,বাপু ! জগবন্ধু হাজৰিকাৰ ঘৰটো চিনি পোৱানে ?” -“চিধাই যাই…যিখান কালভাৰ্ট পাবো তাতে এটা ইটাৰ দম দেখা পাবো …আৰু কাকো একো সুধবাই নালগে চিধা সুমে যাব’ !” -“থেংকু দেই ।” ধনঞ্জয় দোকানীৰ নিৰ্দেশমৰ্মে গাড়ীখন আগলৈ ৰাওণা হ’ল । … তেওঁলোকে জেউতিক চাবলৈ আহিছে। দেখনিয়াৰ ছোৱালীজনী জগবন্ধু হাজৰিকাৰ একমাত্ৰ কন্যা । সৰুৰে পৰা কাকো পৰোৱাই নকৰা বিধৰ ছোৱালীজনী পঢ়া শুনায়ো বৰ ভাল আছিল । দেউতাকো ভাল মানুহ । ভাল মানে …তেনেই পোনপটীয়া । ৰাস্তাত ওলালে যিটো ঘৰৰ ভিতৰতো সেইটোৱেই ।

Read more

চিলি মাছাজ – মনালি গগৈ

-“মনা, কি মাছাজ কৰালা?” ইলোৰা বায়ে সুধিলে৷ -“চিলি মাছাজ কৰালো বা৷” মোৰ উত্তৰৰ একো আগ-গুৰি ধৰিব নোৱাৰাৰ ফলত তেওঁৰ মুখত প্ৰশ্নবোধক এটা জিলিকি উঠিল৷ বজাৰত সৌন্দৰ্য্য-চৰ্চাৰ নতুন কিটিপ অহা বুলি ভাবিও অলপ উৎকণ্ঠা হ’ল চাগে তেওঁৰ৷ -“উৱা, এইটো আক’ কি মাছাজ? নতুনকৈ আহিছে নেকি?” -“যিটো মাছাজ কৰোৱাৰ পাছত মুখখন মিহি আৰু ধুনীয়া হোৱাৰ সলনি পোৰণিত থাকিব নোৱাৰা হয়, সেইটো মাছাজেই চিলি মাছাজ বা৷” ইলোৰা বায়ে ছাছপেন্স বৰ এটা ভাল নাপায়, গতিকে ঘটনাৰ পূৰ্ণ বিৱৰণ দিবলগীয়াত পৰিল৷ ঘটনাটো এনেকুৱা ধৰণৰ… গৰম

Read more

বুক ফেয়াৰ – বিকাশ শইকীয়া

কেতিয়াবা অফৱাৰ্ড চিটুৱেচনত পৰি যাওঁ, না ঘৰ কা হওঁ না ঘাট কা, কিন্ত কিছুদেৰিৰ পাছত গম পাওঁ যে, মোৰ নিচিনা ধোবী কা ডগ বহুত আছে, তেতিয়া মনটো একেবাৰে পাতলি যায়। বুক ফেয়াৰলৈ গৈছো, চাণক্য দা অহাৰ কথা আছে, একেলগে কিতাপ চিলেক্ট কৰি কিনিম, ১৪ দিন অনবৰতে পঢ়িম…… বুক ফেয়াৰ পাই চাণক্য দা লৈ ফোন কৰিলোঁ। -“ক’ত?” -“আৰে তই পালিহিয়েই নেকি? ইমান জলদি? মোৰ অলপ দেৰি হ’ব।” -“কিমান দেৰি?” -“এঘন্টামান লাগিব।” ঘড়ীটোলৈ চালো, চাৰি বাজি পঞ্চলিশ মিনিট, পাঁচটা বজাত টাইম আছিল,

Read more

বাৰ্ডে কেক– হীৰকজ্যোতি বৈশ্য

ঘটনাটো হৈছে মোৰ জন্মদিনৰ। মই তেতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ। চুবুৰীৰ বন্তি আৰু মই নলে গলে লগা বন্ধু। সেই সময়ত লগৰ দুজনমানে নিজৰ নিজৰ জন্মদিনত বাৰ্ডে কেক বোলা নতুন বস্তু এটা চুৰিৰে কাটি আমাৰ বয়সৰ সকলোকে বেছ তবধ লগাই থৈছিল। এইটো অবিহনে হেনো চহৰত জন্মদিন হ’বই নোৱাৰে। বাৰ্ডে কেক মই তেতিয়ালৈকে দুবাৰহে দেখিছিলো। প্ৰথমতে ওচৰৰ দুলালহঁতৰ টিভিত এদিন দেখিছিলো, সৰু ল’ৰা এজনৰ জন্মদিনত ৰংচঙীয়া ঘূৰণীয়া বস্তু এটাৰ চাৰিওফালে মমবাতি জ্বলাই লৈ চুৰি এখনেৰে কাটিছে, মাকক খুৱাই দিছে, দেউতাকক খুৱাই দিছে, লগৰ

Read more

আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল – বিকাশ শইকীয়া

শুক্ৰবাৰৰ সন্ধ্যা। দিনটো অফিচত কাম কৰি আহি আছো। এটাই সান্ত্বনা শনি আৰু দেওবাৰ বন্ধ। গতিকে ৰাতিৰ ভাত মুঠি গধুৰ ভাৱে গ্ৰহণ কৰি, শনিবাৰৰ বেলি দুপৰলৈকে বিছনাখনত ম’হে ঘোলি মৰা দৰে ঘোলি লোৱাহে কথা। ভাত মুঠি গধূৰকৈ লোৱা হ’ব যেতিয়া মাছ বা মাংস অকণ হ’লে ভাল। যিহে গৰম পৰিছে মাংস নোৱাৰি দেই। মাছৰ বজাৰলৈকে সোমালো। গোটা ৰৌ মাছৰ ডেৰশ টকা কেজি। একেখিনি মাছকে কাটি দিলে দুশ টকা। ৰুমত থকা চুৰি খনে পিয়াঁজকে নাকাটে সহজে। মাছ কেনেকৈ কাটিম। এশ টকা দি কটা

Read more

নিবনুৱা প্ৰেমিক– অভিজিৎ মেধি

মা-কচম্, ফুটা মানিবেগত খুচুৰাকেইটাও নাথাকে নহ’লে আইচক্ৰীম পাৰ্লাৰত তোমাক সুধিলোঁহে- ভেনিলা নে ষ্ট্ৰৱেৰী? নাঙলৰ ভৰষাত থকা পিতায়ে নাজানে আধুনিকতাত শকত মানিবেগ, আইফোনৰ প্ৰয়োজন পকেটমানিৰে গৰম কৰিব নোৱাৰি চিচিডি-ৰ কোমল চকী আৰুনো কেনেকৈ কওঁ তোমাক ভালপাওঁ বুলি ! “পঢ়িবলৈ গৈ চহৰীয়া ছোৱালীৰ প্ৰেমত পাহৰিম গাঁৱৰ আলি-পদূলি, ডাঙৰ চাকৰি কৰি সজাম ডাঙৰ ঘৰ কুকুৰৰ ভয়ত নাহিব আলহী” -অন্ততঃ লগৰীয়াৰ আড্ডাত এইয়া আছিল মোৰ ভৱিষ্যত । সিহঁতেতো নুবুজে চহৰৰ বুকুত শুঙি উলিয়াব নোৱাৰি চাকৰি! নৈতিকতাৰ কাপোৰ খুলি, পইচা ঢালিলেই আহি যাব হেনো এপইন্টমেণ্ট

Read more

আই এম ইন ইউ.এচ.এ – অঞ্জলি গগৈ বৰগোহাঞি

কালিৰ কথা বুজিছে! বুজিছে বুলি ক’লেই কেনেকৈ বুজি পাব, নহয় জানো! ৰ’ব, কথাটো ভালকৈ বুজাই কৈছোঁ। সেই আমাৰ তাপেশ্বৰ মানে মানুহজন, পুৱা খাই বৈ ন বজাত অফিচলৈ গ’ল। কি কৈছে, -“তাতে কি হ’ল?” শুনক আকৌ তাৰ পিছত কি হ’ল। মইও মানে ঘৰুৱা কাম-কাজ কৰি আজৰি হলোঁ, এই ধৰক এঘাৰ বাজি ত্ৰিশ মান বজাত। তাৰ পিছত মোবাইল ডাটা খোলাৰ লগে লগে কিটলিং কৈ মেচেজৰ ৰিংটন আহি গ’ল নহয়। Whatsapp মেচেজ আছিল, তাকো আমাৰ তাপেশ্বৰৰ। মইও মনে মনে ভাৱিলোঁ, -“আউ বালক কৃষ্ণ,

Read more
1 5 6 7