ফটাঢোল

চাঁধা, এক প্ৰেম কথা – দেবজিত শৰ্মা

কাহিনীটো Whatsapp, Facebook, Orkut আদি যুগৰ আগৰ কথা৷ কাহিনীৰ নায়ক আমাৰ ঘৰৰ ওচৰৰে পুতুল খুৰা৷ অঞ্চলটোত বিহুৱা বুলিলে পুতুল খুৰাৰ সমকক্ষ কোনো নাই৷ ঘৰে ঘৰে বহাগত বিহু মৰাৰ পৰা আৰম্ভ কৰি মঞ্চৰ বিহুলৈকে পুতুল খুৰাই নিজৰ সবল অস্তিত্ব ৰাখি থৈ গৈছিল৷ সেই পুতুল খুৰা কিন্তু বহুদিনলৈ অবিবাহিত হৈ আছিল৷ কাৰণ? বিফল প্ৰেম? হয় আছিল৷ ঠিক হওঁ হওকৈ ভাঙি যোৱা এটা প্ৰেম কাহিনী৷ কৈছোঁ শুনক৷ পুতুল খুৰাৰ বিহুদলৰ পূৰ্বৰ নাচনী গৰাকীৰ বিয়া হৈ যোৱাত নতুন নাচনীৰ সন্ধানত থকাৰ সময়তে গাঁৱৰ আনটো

Read more

আপদীয়া পদ্য – হেমেন ডেকা

(১) হাঁহবোৰেতো নাজানে সংসাৰ যে অনিত্য সিহঁতৰ জীৱন মাথোঁ পণ্য- এয়াই সত্য পানীত আছে আনন্দ পাৰত মৃত্যুৰ ছন্দ হাঁহৰ সভাত আকৌ শিয়ালৰে পৌৰোহিত্য৷ (২) মুখে টপটপাই ভাদমহীয়া ৰাতি চিতলৰ সৈতে পুঠি ইলুটি-সিলুটি কেঁকোৰা ওফৰা জেং শ’ল-বৰালিৰ লেং চেপাত বজি হ’ল মহানন্দৰ ইতি৷ (৩) বগলী বাই জপং জপং খোজ দি ক’লৈবা যায় বানে ধোৱা পথাৰত কিনো বিচাৰি কৰে হায় হায় কেঁকোৰাই দিলে ঠেঙত চেপা কাষত ৰৈ আছে লুভীয়া হেঁপা তপস্যা কৰিও মাছ-পুঠিৰ দেখোঁ মুখ দেখা নাই৷ (৪) সাহটো খাই বাকলিটো বান্দৰে

Read more

গ্ল’বেল ৱাৰ্ণিং! – জ্যোতিৰূপম দত্ত

কিম জং উনৰ পিয়ংইগাঙস্থিত প্ৰাসাদোপম অট্টালিকাৰ অভ্যন্তৰৰ এক গোপন প্ৰকোষ্ঠত মই যোৱা আধাঘণ্টা ধৰি অপেক্ষাৰত অৱস্থাত৷ এনেতে এটা সংকেতধ্বনি বাজি উঠিল৷ এগৰাকী নীলনয়না সুবেশী ৰমণী আহি সুদৃশ্য কোঠাটোত উপস্থিত হ’ল৷ ৰূপহীৰ দুচকু সাগৰৰ দৰে গভীৰ, কম্পমান অধৰ, ঢৌ খেলা চেলাউৰিজোৰলৈ যেন প্ৰশান্ত সাগৰৰ চুনামী নামিছে৷ বৰ্ষাৰ আনন্দত মতলীয়া হোৱা ময়ুৰৰ দৰে ভ্ৰূযুগলৰ অপূৰ্ব নৃত্যভংগীমাৰ দৰ্শনত মই ক্ষন্তেক মোহাছন্ন হৈ ৰ’লো৷ এই ললনা আচলতে কিম জং উনৰ দেহৰক্ষীসকলৰ এগৰাকীহে৷ কথাষাৰ গম পোৱা মাত্ৰকে মই সম্বিত ঘূৰাই পালো৷ এতিয়া এইবোৰৰ সময় নহয়৷

Read more

ৰসভংগ – ঈশান জ্যোতি বৰা

ৰসগোলা নামৰ চমৎকাৰী মিঠাইবিধৰ লগত মোৰ সম্পৰ্ক বৰ এটা সন্তোষজনক নহয়৷ বৰঞ্চ, অভিজ্ঞতাৰ মোনাটো জোকাৰি দিলে মোনাটোৰ পৰা কেইটামান নীৰস আৰু নিৰ্দয় ‘গোল্লা’হে সৰি পৰে আৰু চকুৰ সমুখতে সিহঁতকেইটাই অতিকায় ৰূপ ধাৰণ কৰি মোক তৌবা-তৌবা সোঁৱৰায়৷ তাৰ পিছমুহূৰ্ততে পেটৰ ভিতৰৰ পৰা ভয় আৰু আতংক নামৰ বিপুলাকৃতিৰ দানৱদুটা ‘টাইফুন’ৰ লেখীয়া দুৰ্বাৰ গতিত উৰি আহি মন-মগজুত গপচত বহি লয় আৰু ভৱিষ্যতে ৰসগোল্লা দেখিলেই পলাই পত্ৰং দিবলৈ একপ্ৰকাৰে কঠোৰ সতৰ্কবাণী শুনাই দিয়ে৷ ল’ৰালিকালৰ এটা বিশেষ ঘটনালৈ মনত পৰিছে৷ কোৱা বাহুল্য-সেইয়াই আছিল ৰসগোলাৰ ‘নেতিবাচক

Read more

চেনাইৰ ভিন্ন ৰূপ – লখিমী কোঁৱৰ হাজৰিকা

সিদিনা সমন্ধীয় পেহী এগৰাকীৰ ঘৰলৈ গৈছিলো৷ তাতে মাইনুক লগ পাই সুধিলো, বোলো বিয়াখন পাতি পেলা সেই ল’ৰাটোৰ লগত, যিটোৰ লগত তই ইমান দিনে হলি-গলি কৰি ফুৰিছ৷ তাই ক’লে সেই ডালৰ লগত মোৰ কেতিয়াবাই ব্ৰেকআপ হ’ল নহয়৷ মই আচৰিত হৈ সুধিলো, বোলো কিয়? তাই ক’লে সেইটো মহা বদমাচ ল’ৰা জানে, সংসাৰৰ ছোৱালীৰ লগত চাট কৰি থাকে৷ তাইৰ কথাবোৰ শুনি মই হতভম্ব হ’লো৷ যদিও লগতে শোক এটায়ো মোক হেঁচা মাৰি ধৰিলে৷ আমাৰ দিনৰ ছোৱালী বোৰলৈ বৰ দুখ লাগিল৷ কাৰণ এবাৰ বিয়া হৈ

Read more

ডেনী ছাৰ – মানবেন্দ্ৰ কুমাৰ শৰ্মা

অদ্ভুত আৰু আচহুৱা স্বভাৱৰো কিছু মানুহ থাকে৷ নিজৰ প্ৰয়োজনতহে তেওঁলোকে চকু মেলি চায় আৰু প্ৰয়োজন পূৰ হোৱাৰ পিছত কেঁৰাহিকৈ চালেও নিজস্বত্ব লোপ পোৱা যেন পায়৷ আমাৰ চিনাকি তেনে এটা চৰিত্ৰ আছিল ’ডেনী’ ছাৰৰ৷ হিন্দী চিনেমাৰ ’ভিলেইন’ ডেনীৰ নামৰ লগত সামঞ্জস্য ৰাখি দিয়া নামটোৱে তেখেতৰ চৰিত্ৰৰ কিছু আভাস নিশ্চয়কৈ দিয়ে৷ তেখেতে নিজৰ চৌপাশে এটা অভেদ্য বেষ্টনী গঢ়ি লৈ হে আগবাঢ়িছিল৷ এই বেষ্টনীৰ পৰিমণ্ডল তেখেতেও কোনোদিনে ভেদ কৰি নাপালে, আৰু আনকো তাৰ ওচৰ চপাৰ সুযোগ কোনোকালে নিদিলে৷ পুৰোহিতৰ মন্ত্ৰোচ্ছাৰণৰ দৰে শ্ৰেণী কোঠাত

Read more

ফটহুৰ আত্মজীৱনী – অভিজিত কলিতা

নমস্কাৰ! মোক দেখি চিনি পাইছেই নহয় আপোনালোকে? তথাপিও পৰিচয়টো দি দিছো, মোৰ নাম ফটহু ফটাঢুলীয়া৷ এই যে আপোনালোকে কিবা কিবি কৰি জনাই নজনাই এখন আলোচনী উলিয়াইছে; আলোচনী চুপাৰ হিট হৈছে, কাৰ বাবে? এই ফটহুৰ বাবে৷ হয়নে নহয়? মই যিদিনাৰ পৰাই আপোনালোকৰ এই ফে’চবুক গ্ৰুপত ভৰি দিছোঁ, সেইদিনাৰ পৰাই আপোনালোকৰ জয়জয় ময়ময় হৈছে৷ এইকথা আপোনালোকে স্বীকাৰ নকৰিব পাৰে, কিন্তু মই জানো৷ আচলতে এই ফটহুৰ ’মিডাচ টাচ্চ’ৰ কামালয়েই সকলো৷ আপোনালোকৰ বহুতে ভাবে, ফটহু ৰিতুপৰ্ণ বৰাৰ মানসপুত্ৰ, তেৱেঁ মোক সৃষ্টি কৰিছে৷ অ’ হেল’উ!

Read more

হাউচ ৱাইফৰ বিলৈ – প্ৰণীতা গোস্বামী বৰঠাকুৰ

নুশুনি নগমি এদিন ভাবিলো চৰু নধৰো আজি “বুঢ়া বুঢ়ীৰ সাধুলৈ” মনত পেলাই থাকিলো পেচ পাতি। “দিনৰ দিনটো কি কৰি থাকানো একো কামেই নাই দেখোন” টিভি চাই মোবাইল টিপি টিপি দিনটো কটোৱা মাথো। চাৰ্টটোও আজি ইষ্ট্ৰি কৰি নথ’লা বুটামটোও নথ’লা লগাই- শাকখিনি আনিলো তাকো লেৰেলালা নিসিজিল ভালকৈ হ’বপায়! গৰু গাইৰ আজিকালি একোৱেই লেঠা নাই নাই ঢেঁকী উৰাল, তাৰ মাজতো তোমালোকৰ কামবোৰৰ নাপাৱেই একো উমান! ওফাইদাং মাৰি ময়ো দিলো উত্তৰ আজিৰ নাৰী কিন্তু নহয় অবলা ঘৰত বহিয়েই দেশ দেশান্তৰৰ উলিয়াব জানে বতৰা।

Read more

লাংখুন ফূজা – মুংচাজ’ বৰ্ণালী আম্ফি মান্তা

নিয়ৰৰ ৰূপোৱালী আঁচলত ধৰি আকৌ আহিল হেঁপাহৰ শৰত৷শৰত মানেই উৎসৱৰ বৰ্ণময় মেলা ৷ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে আমাৰ অসমতো প্ৰাচীন কালৰেপৰাই বিভিন্ন দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰাৰ নিয়ম চলি আহিছে৷ এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ বতৰ৷ চুকে-কোণে দেৱী দশভূজাৰ বন্দনাৰ ঢাক-ঢোলৰ লগতে লক্ষ্মী পূজা,দীপাৱলী,কাতি বিহুৰ প্ৰস্তুতি চলিছে৷ বুৰঞ্জীয়ে ঢুকি পোৱা কালৰ বহু আগৰেপৰাই অসমত নানা জাতি-জনজাতিয়ে বাস কৰি আহিছে৷ অসমৰ এটা অন্যতম জনজাতি “তিৱা জনজাতি”৷ বৈচিত্ৰ্যময় সমাজ-সংস্কৃতিৰ অধিকাৰী তিৱাসকল বিভিন্ন আচাৰ-অনুষ্ঠান,লোক-উৎসৱ,পাৰম্পৰিক ফূজা ( পূজা) আদিৰে প্ৰচুৰ চহকী৷ পৃথিৱীৰ পৰা অপায়-অমংগল, দুখ-দুৰ্দশা দূৰ কৰি এখন

Read more

সাহিত্যত হাস্যৰস – ড° পৰেশ চন্দ্ৰ দত্ত

হাস্যৰস মূৰ্ত্তিমান হয় হাঁহিৰ মাজেদি ৷ এই হাঁহিয়েই মানৱ জীৱনক মহীয়ান কৰি তোলে ৷ সেয়েহে স্বনামধন্য শিল্পী, সাহিত্যিক আৰু ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰী দেৱে হয়তো কৈছিল “জীৱনক জুখিবা হাঁহিৰে ৷” হাঁহিক কেন্দ্ৰ কৰি সৃ্ষ্টি হোৱা অগণন প্ৰৱচনেৰে অসমীয়া লোকসাহিত্য সমৃদ্ধিশালী হৈ আছে ৷ যেনে — “হাঁহিয়েই বিঘিনি, পাদেই লখিমী” , “হাঁহিৰ মিচিক, পাদৰ ফিচিক” নাইবা লোকগীতত থকাৰ দৰে — “নৈৰে লেতেৰা খবুৱা খুবলি ভোগদৈৰ লেতেৰা পানী, ছোৱালীৰ লেতেৰা বিজুলী চকুৱা, মুখত মিচিকিয়া হাঁহি ৷” হাঁহিক লৈ সৃৃষ্টি হোৱা এনেকুৱা প্ৰৱচন সমূহৰ

Read more
1 2 3 4 5 9