ফটাঢোল

ধান বাদ – পুণ্য শইকীয়া

শুনিবলৈ পোৱা মতে ধান গৱেষণা কেন্দ্ৰই “জ্যোতিপ্ৰসাদ” আৰু “বিষ্ণুপ্ৰসাদ”ৰ নামেৰে দুবিধ নতুন জাতৰ বড়ো ধানৰ নামকৰণ কৰিছে৷ ধান গৱেষণা কেন্দ্ৰই ইয়াৰ মাজেদিয়েই জাতীয়তাবোধৰ এক “জ্বলন্ত” উদাহৰণ দাঙি ধৰা বুলি নিশ্চয় দাবী কৰিব পাৰে৷ পিছে আমাৰ দৰে হোজা খেতিয়কসকল কেনে সমস্যাত পৰিম কেন্দ্ৰটোৱে এবাৰ চিন্তা কৰা হ’লে বৰ ভাল আছিল৷ জ্যোতিপ্ৰসাদৰ উখোৱা, বিষ্ণুপ্ৰসাদৰ আৰৈ, জ্যোতিপ্ৰসাদক ঢেঁকীত খুন্দি, বিষ্ণুপ্ৰসাদক মিলত খুন্দি, জ্যোতিপ্ৰসাদক বস্তাত ভৰায়, বিষ্ণুপ্ৰসাদক দোনলৈ সলায়, জ্যোতিপ্ৰসাদক বান্দৰ আৰু গৰু-ছাগলীৰ, বিষ্ণুপ্ৰসাদক নিগনিৰ খাদ্য হ’বলৈ দি আমি অভং অসমীয়া গাঁৱলীয়াবোৰে মহান অসম

Read more

মিছলীয়াৰ ঠেং দীঘল – হেমন্ত কাকতি

“দাদা, নমস্কাৰ, ভালে আছে? কালি যেতিয়াই দোকানৰ শুভাৰম্ভৰ কথা গম পালোঁ মনটোৱেই ভাল লাগি গ’ল৷ এইবাৰ মিঠাই খাবই লাগিব, মানে এইবাৰ গ’লে মিঠাই মইয়েই লৈ যাম দাদা, সকলোফালে আপোনাৰেই জয়জয় ময়ময় আৰু! …… হয়, দাদা হয়, আপোনাৰ কাৰণে আৰু…ধেইত, দাদা, সেইবোৰ কৈ লাজ নিদিব আৰু, আপোনাতকৈ ওপৰত কোনো নহয়! হয়…৷” দূৰভাষ যন্ত্ৰটোত এজন মুধাফুটা ‘সাহিত্যিক’ আৰু তেওঁৰ গুণগ্ৰাহীৰ মাজত কথোপকথন৷ তেওৰ ‘গুণগ্ৰাহী’ জনে ফোনতে এনেকে মূৰ দোঁৱাইছে যেন চৰণ স্পৰ্শ কৰাৰ পিচত মূৰটো চিধা কৰিবলৈ সময়ে পোৱা নাই৷ আচলতে তেওঁ

Read more

মেট্ৰিক – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: সেইবোৰ সকলো ঠিকে আছে বাৰু। কিন্তু তুমি মাত্ৰ এটা বিষয়ৰ পৰীক্ষা দি পৰীক্ষাহলৰপৰা বাহিৰে বাহিৰে পলালা কিয়? তুমিতো পৰীক্ষা দিয়া বিষয়টোত লেটাৰ মাৰ্কেই পালা। বাকীকেইটা বিষয়ৰ পৰীক্ষা দিয়া হ’লেও দেখোন ৰিজাল্ট ভালেই হ’লহেতেন তোমাৰ। : কথাবোৰ ইমানো উজু নহয় সকলোৱে কোৱাৰ দৰে। মই কি ইংৰাজীত লেটাৰ মাৰ্ক পোৱাৰ কাৰণে মোক বহুত চোকা ল’ৰা বুলি ভাবিছে নেকি মানুহবোৰে! দস্তুৰমত এমাহ আগৰপৰা ৰাতি টোপনি ক্ষতি কৰি কৰি নকল লিখিছিলো। কমন পৰা কাৰণেহে লেটাৰ পালো, কমন নপৰা হ’লে ফেইল কৰিলো হয়। তেতিয়াও

Read more

মোৱা মাছৰ ভাজি – নাজিয়া হাছান

“হৌৰা! হৌৰা শুনিছানে? হৌৰা! হৌৰা..ক’ত হে তুমি!? হৌৰাআ আ..” পতিজনে উধাতু খাই পত্নীক চিঞৰি চিঞৰি ভিতৰলৈ সোমাই আহে৷ পত্নীগৰাকীয়ে এই গৰমত জুইহেন পাকঘৰটোত বহি বহি সৰু সুৰু মোৱামাছ এসোপামান মুখখন ফুলাই লৈ বাছি আছে। লগতে মাজে-মাজে মুখেৰে কিবা ভোৰভোৰাইও থাকে তেওঁ৷ পত্নীৰ ৰিপ্লাই নহাত পতিয়ে আকৌ চিঞৰিলে৷ “হৌৰা,হওঁৰা…” মাছৰ হাত বাবে কপালৰ ঘামখিনি বাহুটোৰেই একেকোবে মচি পত্নীগৰাকী চিঞৰি উঠিল৷ “ইস ৰাম! কি হৌৰা-হৌৰাকৈ পগলাটোৰ দৰে চিঞৰি চিঞৰি ঘূৰিছেহে৷ নুশুনি ক’লৈনো উৰি গৈছোঁগৈ ঔ মই? জিন্দেগীভৰ শুনিকে ৰৈছোঁ দেখোন সকলোবোৰ কথা৷

Read more

বহুৰূপী – দণ্ডিনাথ কলিতা

(১) মই ভট্টাচাৰ্যৰ ল’ৰা ইংৰাজী বঙ্গলা পঢ়া এশ একুৰি ডাঙৰ ডাঙৰ কিতাপ মুখস্থ কৰা৷ (২) মোৰ কপালত মস্ত ফোঁট, মূৰত টিকনি গোট, ডাঙৰ মানুহ দেখিলে আগত মাটিত লোট-সোট৷ (৩) মোক নাভাবিবা কম, ঘৈণীৰ ওপৰত যম, স্ত্ৰী-স্বাধীনতাৰ বক্তৃতাত কিন্তু কোনো নাই মোৰ সম৷ (৪) কিন্তু কটাৰী চিকুণ শিলে, তিৰোতা চিকুণ কিলে, ঘৰৰ ভিতৰত এই বচন হে মোৰ মতেৰে মিলে৷ (৫) মই বাল্য বিবাহ দেখি, কৰোঁ প্ৰতিবাদ লেখি, নিজে হ’লে বিচাৰোঁ গৌৰী, আঙুলিত বছৰ লেখি৷ (৬) মই সমাজৰ আগত হ’লে, জলপান খাবলৈ

Read more

এখন সাধুকথাৰ দেশ – বিনয় কৃষ্ণ তামুলী ফুকন

এখন দেশত এজন ৰজা আছিল। এইখন দেশত এজন মন্ত্ৰীহে থাকে। এখন আজৱ দেশৰ কাহিনী এয়া। আগৰ দিনত মন্ত্ৰীৰ কাম আছিল ৰজাক মন্ত্ৰণা দিয়া। এইখন দেশত আকৌ ৰজাৰ কাম জনতাক যন্ত্ৰণা দিয়া। এইখন দেশৰে নতুন সাধু এটা কওঁ শুনক। এইখন বৰ আজৱ দেশ। পূৰ্বে বংশানুক্ৰমিক ভাৱে ৰজাৰ পুতেক ৰজা হোৱাৰ নিয়ম আছিল যদিও এতিয়া হেনো ৰাইজেই ৰজা। গতিকে এইখন দেশত ৰজা নাথাকে। মন্ত্ৰীহে থাকে। মন্ত্ৰীৰ কাম ৰজাক মন্ত্ৰণা দিয়া। কিন্তু ইমানবোৰ ৰাইজৰ যেতিয়া ৰজা, কাক মন্ত্ৰণা দিব মন্ত্ৰীয়ে? গতিকে মন্ত্ৰীয়ে আৰামত

Read more

সময়ৰ বিড়ম্বনা – পৰিস্মীতা গগৈ

হঠাৎ হৰেশ্বৰৰ মূৰত টান কিবা এটা পৰি উফৰি যোৱাত মূৰটো পিহি পিহি পিচলৈ চাই দেখিলে; আলিটোৰ সিটো মূৰত হাতত কেটেপাখন লৈ ৰত্নেশ্বৰে তাৰ তামোল খাই মামৰে ধৰা কটাৰীৰ পিঠিখনৰ দৰে দাঁতকেইটা নিকটাই হাঁহি আছে৷ “ঐ কিহে পাইছে তোক, ইমান জোৰেৰে মাৰিলি যে৷ লাগে তোক …” এইবুলি আঁঠু মূৰত পিন্ধি থকা চুৰীয়াখনৰ পোন্ধটো আৰু অলপ টানকৈ মাৰি তাক খেদি যাবলৈ উদ্যত হওঁতেই পথাৰখনৰ মূল বাটটোলৈ চকু গ’ল৷ ৰাতিপুৱাৰ জলপানৰ টোপোলাটো লৈ মেখেলাখন আঁঠুৰ ওপৰত পিন্ধি সৌজনী ৰমলা বোকা খচি খচি তাৰ

Read more

ফটা প্ৰেম – চবিনা ইয়াছমিন

“মনৰ কথা হৃদয়ৰ ভাষাৰে কিঞ্চিত হাঁহি বিৰিঙোৱাৰ এক প্ৰচেষ্টা…..” মই সপ্তম শ্ৰেণীত পঢ়ি থকা দিনৰে কাহিনী৷ দেউতা আছিল ডিফেন্সৰ চাকৰিয়াল৷ অত্যন্ত খং আৰু নিয়মত চলা মানুহ৷ আমি মন গ’লেই পেংলাই কৰিব নোৱাৰিছিলোঁ৷ পিচে দেউতাৰ খং যিমান সোনকালে উঠে সিমান সোনকালে নোহোৱাও হয়৷ বাইদেউ তেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছে আৰু মই তৃতীয়মানত৷ আমাৰ ঘৰৰ পৰা অলপ আঁতৰত থকা বাৰ বন্ধু এজন প্ৰায়ে আবেলি আমাৰ লগত খেলিবলৈ আহে৷ তেওঁৰ নাম আছিল প্ৰশান্ত৷  আমি তেতিয়া খুব বেছিকৈ খেলা খেলটো হৈছে “টিপি টিপি দাচ৷”

Read more

ভেৰেকনিত মই আৰু ধনী ভিনি – পদ্ম গগৈ

সকলো বন্ধু-বান্ধৱীলৈ মোৰ মকৰা জাল বন্ধা কেঁহা কলিজাটোৰ চোকে-কোণে লিপিটখাই লাগি থকা সঁচাসচি মৰম এথেপা আগবঢ়াই তৰিছো আৰু দেই৷ এইপাত মোৰ নিজৰে! এতলি গ’লেই এতলিহে আছেগৈ, সেয়ে দায়-জগৰো নধৰিব আৰু! নিচপতিকে ফাটিলেও ফাটি থাকক৷ আপোনাসৱলৈ সেৱা জনাই তলিত টকৰ তুলিছোৱেই বুলিছোঁ — – – তেতিয়া মোৰ বয়স বাৰ কি তেৰ৷ সেই বছৰ ধু-নী-য়া কৈ পৰীক্ষা-চৰীক্ষা ফেল কৰি লখিমী হাতখনিৰ কেৰামতালি চলাই আছো আৰু৷ কাৰোবাৰ বাৰীৰ কাষেদি গ’লেই লখিমীহাতখনিত কুহিঁয়াৰ এডালি লাগি আহে৷ জুলুকিৰে জুপি থোৱা মাইকী কুকুৰাৰ ওচৰত বহিলেতো আৰু

Read more

গণিতীয় প্ৰেমাপাদ্য – চাও খূন শিৱ ডেকা

গণিত আমাৰ প্ৰত্যেকৰ জীৱনৰ এক অপৰিহাৰ্য অংশ৷ পাচলিৰ দোকানত কেনেকৈ ৪০টকা হ’ব, ৩০ লোৱা বুলি কোৱাৰ পৰা, অনলাইন শ্বপিংত কিমান পাৰ্চেণ্ট ডিচকাউণ্ট সকলোতে অংকৰ জংক পংক৷ আজি পিছে আন এটা বিষয়ৰ ওপৰতহে অংকৰ ফৰ্মূলাৰ নিৰ্ভুল সূত্ৰৰ প্ৰয়োগ আলোচনা কৰা হ’ব৷ প্ৰেমত গণিতৰ সূত্ৰ৷ শুনিবলৈ অদ্ভুত নহয় নে! তথাপিও আলোচনা কৰিব লাগিবই৷ কিয়নো বৰ্তমানৰ পৃথিৱীত ইয়াৰ ব্যাপক তথা বিশুদ্ধ প্ৰয়োগ হোৱা দেখা যায়৷ ১) প্ৰেমৰ উক্ মুকনি সাধাৰণতে হাইস্কুলীয়া জীৱনতে দেখা যায়৷ স্কুলৰ বেঞ্চবোৰত অথৱা টয়লেটৰ দেৱালত লিখা হয় প্ৰেমৰ প্ৰথমটো

Read more
1 2 3 4 5 10