ফটাঢোল

এখন চিঠি – হিৰণ্যজ্যোতি দাস

সাৰ পাইছোঁ যদিও অলসভাৱে বিচনাত পৰি আছোঁ৷ আজি দেওবাৰ, গতিকে ৮ বজাৰ আগেয়ে নুঠো বুলিয়েই পৰি আছোঁ৷ সপ্তাহৰ বাকীকেইটা দিন কাউৰীয়ে কা কা নকৰোঁতেই উঠিব লাগে৷ চাৰে ছয় বজাৰ ৰেলত উঠি মহানগৰীলৈ গৈ অফিচ কৰি পুনৰ চাৰে পাঁচ বজাত প্ৰত্যাবৰ্তন কৰাটো অভ্যাস হৈ পৰিছে৷ গতিকে দেওবাৰৰ পুৱাটো বিচনাত পৰি থকাটো আমাৰ দৰে লোকৰ কাৰণে চূড়ান্ত বিলাসিতা আৰু এই বিলাসিতা পূৰ্ণ কৰিবলৈয়ে মই বিচনাৰপৰা উঠি অহা নাই৷ কিন্তু আজি মোৰ ভাগ্য সুপ্ৰসন্ন নাছিল৷ কলিংবেলটো হঠাৎ বাজি উঠিল৷ এবাৰ দুবাৰকৈ যেতিয়া তিনিবাৰ

Read more

দেওবাৰ – হিৰন্ময়ী গগৈ কোঁৱৰ

অভ্যাসবশতঃ পাঁচবজাত তাই সাৰ পালে ৷ কোনোমতে চকুকেইটা মেলি উঠিব খোজোতেই মনত পৰিল আজিতো দেওবাৰ৷ মনতো পাতল লাগি গ’ল তাইৰ৷ কেনে মজা! টোপনিৰ চিকুণ পুৱাটো আজি হেঁপাহ পলুৱাই উপভোগ কৰা যাওক বুলি তাই হাত ভৰি মেলি পুনৰ চকুকেইটা মুদি দিলে৷ যেই মুদি দিলে তাইক পুনৰ টোপনিয়ে হেঁচা মাৰি ধৰিলে ৷ ছয়বজাত পুনৰ তাই সাৰ পালে৷ধুৰ্ ছয় বাজিছেহে বুলি আকৌ টোপনিত৷ অৱশ্যে চাৰে ছয় বজাত তাই উঠি আহিল৷ তাৰ পাছত একমিনিটৰ কামটোত দুইমিনিট লগাই লগাই কামবোৰ কৰিলে।গা ধুলে এঘন্টামান। মাজে মাজে

Read more

এজোপা নাচপতি গছৰ মৃত্যুৰ কাহিনী – গীতিমল্লিকা গগৈ (গোঁহাই)

দুকঠা মাটিত ঘৰটো সাজোঁতে এ. গগৈৰ পত্নী বি. গগৈনীয়ে পাঁচ লোচামান মাটি মুকলিকৈ থৈছিল যাতে জলকীয়া, ধনীয়া, আদা, আদি ৰুই লৈ সৰুকৈ পাচলিৰ বাৰি এখন পাতিব পাৰে। বাউণ্ডৰিটোৰ কাষতে থকা নাচপতিৰ পুলিটোৰ কাষেদিয়ে পদূলিটো ৰাখি গেটখন লগোৱা হ’ল। গগৈনীৰ ল’ৰাকেইটা ডাঙৰ হোৱালৈকে নাচপতি গছজোপাই ফল দিবলৈ আৰম্ভ কৰিছিল। গগৈনীৰ মতে এনেকুৱা সোৱাদ লগা ৰসাল নাচপতি তেওঁ হেনো জীৱনতে খাই পোৱা নাই। এ. গগৈ আকৌ চৰকাৰৰ উচ্চ পদস্থ বিষয়া আছিল। মানুহৰ দান-দক্ষিণাৰে তেওঁ বাহিৰে-ভিতৰে, সোঁৱে-বাৱে কোৰোণাৰে চপাই ধন ঘটিলে। গগৈ-গগৈনীয়ে বিশ্বৰ

Read more

জীৱন এটি মিঠৈ – মৃদুস্মিতা বৰবৰা

ল’ৰা তিনিজনৰ ঘোপাকৈ দিয়া চাৱনিত মোৰ আকৌ খংটো উঠি আহিল। দুজনক চিনি পালোঁ। পৰহি অফিছলৈ আহি থাকোঁতে সিহঁতে গাৰ কাষেদি মানে একেবাৰে গাত চুই বাইকখন পাৰ কৰিছিল৷ কালি ৰাতিপুৱা মই সিহঁত সদায় ৰৈ থকা মোৰ অফিছৰ সন্মুখৰ পাণ দোকানখনৰ ওচৰেদি পাৰ হওঁতেই বৰ অশ্লিল কথা কিছুমান চিয়ঁৰিছিল৷ আৰু আজি এয়া! সিহঁতে যেন মোকে টাৰ্গেট কৰি লৈছে, “ঐ চালানি, তই কেইদিন মোৰ হাতৰ পৰা সাৰি থাকিবি অ’?” সেয়া আকৌ আৰম্ভ হ’ল মোক লৈ সিহঁতৰ গুৱাল গালি৷ ভিতৰলৈ খৰধৰকৈ সোমাই আহিলোঁ৷ ব্ৰাঞ্চ

Read more

শ্ৰীমান-শ্ৰীমতীৰ পূজা স্পেচিয়েল টপিক – নাজিয়া হাছান

আবেলিৰ চাহকাপ হাতত লৈ হেঁপাহেৰে শ্ৰীমতীগৰাকী শ্ৰীমানৰ কাষত বহি,- “হেইইৰি, শুনিছে নে? পূজা বুলি শাড়ী এখন দিব আক দেই মোক”৷ চাহ কাপ ল’বলৈ ধৰি শ্ৰীমানে একেবাৰে বিৰক্তিৰে কৈ উঠিল,- “হেইইই! পূজা বুলি, ঈদ বুলি, বিহু বুলি, নিজৰ বাৰ্থ ডে বুলি, আনৰ বিয়া বুলি, কিমান যে কি বুলি শাড়ী, কাপোৰ আৰু কিমান লোৱাহে!” সাউৎকৈ শ্ৰীমতী এহাত দূৰত চকু ঘোপা কৰি থিয় হৈ,-“ওৱা!! ইমানটো জেঙেৰা মাৰিলা যে! কিনো ডাঙৰ বস্তুটো খুজিলোহে মই? তুমি যে মোকগোটেই দিনটো “হৌৰা চাহ একাপ দিয়াচোন, হৌৰা বৰ

Read more

জিৰণীয়া মৌ – ঊষা মহন্ত

ঢলপুৱাতে কাউৰীজনীৰ মাতত সাৰ পাই জঁপিয়াই বিছনাৰ পৰা নামি আহিল মামনি। ইস্, দেৰিয়েই হ’ল হ’বলা! যোৱা ৰাতিয়েই গিৰিয়েকে কৈ থৈছিল- “পুৱা সোনকালে উঠিবা। প্ৰথমখন বাছতে যাব লাগিব, নহ’লে পিছত বৰ ভীৰ হ’ব। কাঁটাই কাঁটাই সাত বজাতে বাছখন আহে।” ঝাড়ুটো হাতত লৈ মামনিয়ে এফালৰপৰা ধুমুহাৰ গতিৰে বাহীবন কৰি গা ধুই পাকঘৰত সোমাল। অসুখীয়া শহুৰেকৰ বাবে পিঠাগুড়ি দুটামান গৰুৰ গাখীৰত সিজাই থৈ গিৰিয়েকলৈ জলপানৰ বাতি সজাই মামনিয়ে আগদিনাই সাজু কৰি থোৱা কাপোৰ সাঁজ পিন্ধি লয় মানে ৬ বাজি ২০ মিনিট গ’লেই। নাকে

Read more

জয়দ্ৰথ ৱাজ টেগদ ইন এ পোষ্ট – কৌশিক দাস

জীৱনৰ বেলি ডুবিবলৈ গৈ থকা সময়, অথচ জয়দ্ৰথ বৰুৱাৰ তালৈ ভ্ৰূক্ষেপ নাই। ৰাজপথত আজিও তেওঁ এজন মাৰাথন দৌৰৰ শ্ৰেষ্ঠ প্ৰতিযোগী। এয়া নিশ্চয় আজিৰ সক্ৰিয় ৰাজনীতিৰে অৱদান! য’ত মানুহক জীৱনৰ শেষ দিনটোলৈকে দেশ আৰু জাতি ৰক্ষাৰ নামত সক্ৰিয় কৰি ৰখা হয়। তেনেদৰে আগুৱাইও আছে পঁচাশী বছৰীয়া জয়দ্ৰথৰ বিজয়ৰথ! উপযুক্ত গুণাগুণৰ মাটি অবিহনে ফচলক নদন বদনৰ মাত্ৰালৈ নিব নোৱাৰি। ঠিক তেনেদৰে মানুহৰ মাজতো উৎপাদনমুখী মানসিকতা থাকিব লাগিব। এবাৰ এনে প্ৰসংগতে তেওঁৰ পূৰ্বসুৰী ধনীৰাম বৰাই কৈছিল, “নৈ পাৰৰ এই মাটিবোৰলৈ চোৱা, কিমান সাৰুৱা।

Read more
1 10 11 12