ফটাঢোল

ভুল – সুনীল দত্ত

অথনিৰ পৰা কথা পকাই পকাই মানুহজনে মূৰটোৱেই নষ্ট কৰি পেলাইছে৷ কি দৰকাৰ আছিল আহোঁতে হাঁহিটো মাৰি মিঠাকৈ মাতষাৰ লগাবলৈ? এনেকুৱা কামোৰ মানুহ বুলি একেবাৰেই ভবা নাছিলোঁ৷ লাহে লাহে মোৰ খং উঠি আহিবলৈ ধৰিলে৷ এসপ্তাহমান ঘৰতেই আছিলোঁ৷ অহাৰ সময়ত মায়ে আটোমটোকাৰিকৈ কিছুমান বস্তু মোনা এটাত ভৰাই দিলে৷ এই এসপ্তাহ ঘৰত দকচি খোৱা আৰু শোৱাৰ বাহিৰে একোৱেই কৰা নাই৷ ৰে’লখনৰ খালী দবাটোত আৰামত বহি আহি থাকোঁতেই অনুভৱ কৰিলোঁ যে পেটটো গোমোঠা মাৰি ধৰাৰ লগতে কুৰুং কাৰাং কৰিবলৈ ধৰিছে৷ এনেতে লগৰ এটাই ফোন

Read more

খেতি (মূল লেখক-হৰিশংকৰ পৰচ্ছাই) – ভাবানুবাদ-পৰীস্মিতা গগৈ

চৰকাৰে ঘোষণা কৰিলে যে এইবাৰ আমি অধিক শস্য উৎপাদন কৰিম আৰু বছৰটোৰ ভিতৰতে স্বনিৰ্ভৰশীল হৈ উঠিম। দ্বিতীয় দিনাই কাগজ কল এটাক দহ লাখ কাগজ তৈয়াৰ কৰিবলৈ অৰ্ডাৰ দিলে। যেতিয়া কাগজবোৰ আহিল, তেতিয়াই সেইবোৰৰ এটা ফাইল বনোৱা হ’ল। তুৰন্তে ফাইলটো প্ৰধানমন্ত্ৰীৰ কাৰ্য্যায়লৰ পৰা খাদ্য বিভাগলৈ পঠিয়াই দিয়া হ’ল। খাদ্য বিভাগে ফাইলটোৰ পৰা কিমানমান শস্য উৎপাদন হ’ব তাৰ এটা হিচাপ নিকাচ কৰি তাক বিত্ত বিভাগলৈ পঠিয়াই দিলে। বিত্ত বিভাগে ফাইলটোৰ বাজেট তৈয়াৰ কৰি কৃষি বিভাগলৈ পঠিয়াই দিলে। বিদ্যুৎ বিভাগে তাত বিদ্যুৎ সংযোগ

Read more

বিহুৰ ফিটা কাটা – ড° ঘনশ্যাম ডেকা

কলেজত পঢ়ি থকাৰে কথা৷ গাঁৱৰে মহাজনে বিহুত টকা এহেজাৰ দিলে আৰু ক’লে বিহুৰ ফিটা মইহে কাটিম৷ আমি ল’ৰা মখাই হয়ভৰ দিওঁ৷ টকা হেজাৰ শ্মশানৰ কাষৰ বানেশ্বৰৰ পঁজাত পাৰ্টি কৰি উৰুৱাই দিলোঁ টিলিকতে৷ বিহুৰ দিনা সন্ধিয়া যেতিয়া বিহু ফাংছন উদ্বোধনী হ’বৰ হয় তেতিয়াহে লেঠা লাগিল৷ মহাজনৰ বাবে ৰঙা ফিটা অনাই নহ’ল৷ এইফালে তেলীয়া সাৰেং যেন হৈ মহাজন আহি মঞ্চৰ প্ৰথম শাৰীতে বহি আছিল৷ আমি প্ৰথমবাৰৰ বাবে বিহু পাতিছিলোঁ৷ বিহু মানে কোনো ইচপিচেল আৰ্টিষ্ট নাই৷ আমাৰ গাঁৱৰে শিল্পী, আৰু আমাৰ গাঁৱৰে দৰ্শক৷

Read more

শ্বহীদ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

দেৱালখনত মানুহজনে ছবি এখন আঁকি ৰাখিছিল চক পেঞ্চিলেৰে। ছবিখনৰ তলতে মানুহজনক দেখোঁ প্ৰায়ে। কেতিয়াবা অলপ সময়ৰ বাবে, কেতিয়াবা গোটেই দিনে নিশা সেই দেৱালখনৰ তলতে দেখা পাওঁ।সৰু চহৰখনৰ মুখ্য চাৰিআলিটোৰ এটা চুকত থকা সেই বিশেষ শ্বহীদ বেদীটোৰ আশে পাশেই মানুহজনক দেখা পাওঁ। চলন-ফুৰণ, পিন্ধন-উৰণৰ ফালৰ পৰা মানুহজনক সম্পূৰ্ণ বলীয়া যেন নালাগিলেও মাত এষাৰ লগালেই গম পোৱা যায় যে মানুহজন মানসিক ভাৰসাম্যহীন। মানুহজনে প্ৰায়ে হাতত কেইডালমান চক পেঞ্চিল লৈ আহি দেৱালত আঁকি থোৱা ছবিখনৰ ৰেখাবোৰত অংকন কৰে। চাৰিআলিটোৱেদি ৰঙা লাইট থকা গাড়ীৰ

Read more

বাপি – ৰাজীৱ শৰ্মা

স্থান: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিখ্যাত চেনীআলি৷ ১৯৯৭ চনৰ এটা উজ্জ্বল ৰাতিপুৱা। দীঘলা গাঁৱৰ ব্যক্তিগত মেছৰ পৰা ৰসায়ন বিজ্ঞান বিভাগলৈ বিশ্ববিদ্যালয়ৰ বিখ্যাত চেনীআলিয়েদি খৰধৰকৈ গৈ আছোঁ। চেনীআলি, নামটো শুনিলেই গা-মন ৰাইজাঁই কৰে। তাতে চৌবিশ বছৰীয়া ভৰ ডেকা বয়স, প্ৰেমত হাবু-ডুবু খোৱাৰ বয়স। তেতিয়ালৈ মোৰ লগৰ কেইবাটাৰো প্ৰেম তুংগত। ক’তো জীণ যাব নোৱাৰা আমি কেইটামানেহে তেতিয়াও প্ৰেম বিহীন জীৱন কটাইছোঁ। সেয়ে, হকে-বিহকে এই চেনীআলিত বিচৰণ কৰোঁ। উদ্দেশ্য, কিজানি কিবা এটা হয়েই! সেইদিনা বিভাগলৈ বুলি চেনীআলিত সোমাওঁতেই এজাক ছোৱালী জুমবান্ধি বিপৰীত দিশৰ পৰা আহি

Read more

ফটালিমাৰিক – ধনজিৎ বৰুৱা

(১) সাপ ধৰক বুলি বাজীকৰ আনিলোঁ, বাজীকৰে আনিলে নেউল, ফাৰ্মৰ দিম আৰু বিদেশৰ ভুচীৰে সাজিব ইটাৰ দেউল৷ বাপু মোক নালাগে এইখন আজৰি পালে দি দে বেৰাখন৷ আলহীয়ে চৰাঘৰৰ মাটি খুজিলে নিসিজে বটুৱাৰ চাউল৷ (২) পাতিহাঁহে বিলত চৰি বুজিলে আন্তৰ্জাতিক বেথা, কাণ পাতি দুখৰ কাহিনী ফিউজ উৰা মেথা৷ দেহী ঐ আহ আহ (পাম ময়ো বাহ বাহ ) নিজে তিতা গড়ালত শুই পেলিকানলৈ কেথা ৷ ☆★☆★☆

Read more

দুৰ্গা পূজাৰ সাংস্কৃতিক মঞ্চত গাহৰি – শংকৰ শৰ্মা

‘যি পাৱ তাকে গাহৰিৰ দৰে এসোপামান খাবি আৰু ‘গেৰা শিয়াল’ৰ দৰে বিচনাখনত পৰি থাকিবি। কাম-বন নাই। পঢ়া-শুনাটো নায়েই। সংগীততে ভালকৈ লাগ। নাই, তাতো মন-কাণ নাই। এতিয়ালৈকেতো বিচনাৰ পৰা উঠিবৰে হোৱা নাই।’― মাকৰ চিৰপৰিচিত গালিখিনিয়েও কাম নিদিলে হৰিকান্তক। বিচনাতে বাগৰ সলাই আকৌ তলকা মাৰিলে সি। মাকৰ গালিবোৰ হৰিকান্তৰ বাবে অসমীয়া টিভি চেনেলবোৰৰ বাতৰিৰ দৰে। মাকৰ একেখিনি কথাকে দিনটোত চাৰিবাৰমান শুনিব লগা হয়। গালি পৰা বাবে খং নুঠে হৰিকান্তৰ, কিন্তু একেখিনি কথাকে দিনটোত বলকি থকা বাবে খং উঠে তাৰ। টিভি হোৱা হ’লে

Read more

টকা দুহেজাৰ – হেমন্ত কাকতি

নব্বৈৰ দশকৰ কাহিনী৷ মই তেতিয়া বৰাক ভেলীৰ পাঞ্চগ্ৰামত কৰ্মৰত৷ সেই সময়ত এটিএম অসমলৈ অহাই নাই৷ বেঙ্কলৈ গৈ লাইন ধৰি পইছা উলিয়াব লাগে৷ লাইফ ইনচিউৰেঞ্চৰ বছৰেকীয়া প্ৰিমিয়াম এটা দিবলৈ বেঙ্কৰপৰা উলিয়াই আনিছিলো দুহেজাৰ টকা৷ কাউণ্টাৰৰপৰা উলিয়াই অনা গৰম গৰম এশটকীয়া নোটকেইখন গণি গণিয়েই পাঞ্চগ্ৰাম চেণ্ট্ৰেল বেঙ্কৰ চিৰিয়েদি ফাৰ্ষ্ট ফ্ল’ৰৰপৰা তললৈ নামি আহিছোঁ৷ তেতিয়াৰ এশটকীয়া মানে আজিৰ হাজাৰটকীয়াৰ সমান বুলি ধৰকচোন৷ খমখমীয়া নোটকেইখন হাতত আৰু গোন্ধটো নাকত লাগিয়েই আছিল৷ “আৰে কাকতি দেখোন! ভাল নে? বাপৰে! আপোনাক যেন ভগৱানেহে পঠিয়াইছে মোৰ ওচৰলৈ!” –

Read more

অসমীয়া ভাষাৰ বিলৈ – সুৰেন গোস্বামী

অসমীয়া ভাষা সংকটত পৰিছে, সকলোৰে মুখে মুখে। ইয়াৰ বাবে আক্ষেপ, হতাশা যথেষ্ট দেখা গৈছে। ইয়াৰ লগে লগে আনৰ গালৈ বোকা ছটিয়াই নিজৰ দোষ ঢাকি ৰখাৰ প্ৰচেষ্টাও কম নহয়। বিশেষকৈ ” ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰাচুৰ্য্য, নানান ভাষা-ভাষী লোকৰ আগমণ, ৰাজ্যভাষা প্ৰয়োগ কৰাত চৰকাৰী অৱহেলা, বৰ বৰ লোকে নিজৰ ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমত নপঢ়োৱা”– ইত্যাদি আক্ষেপ আৰু হতাশাজড়িত কথাই বেছি প্ৰাধান্য লাভ কৰি আছে। ওপৰত উল্লেখ কৰা কাৰণবোৰ নোহোৱা বুলি ক’ব নোৱাৰি। কিন্তু তাৰ লগত আছে আমি অসমীয়াৰ নিজৰ প্ৰতি সচেতনতা নাই। আমি

Read more
1 2 3 4 10