ফটাঢোল

অল এবাউট দ্য লেটাৰ – পৰীস্মিতা দাস

হয়, অল এবাউট দ্য ডগ গল্পটোৰ আৰ্হিতেই শিৰোনামটো ললোঁ৷ কিন্তু ক’বলৈ ওলাইছোঁ চিঠি এখনৰ কাহিনী৷ এখন চিঠিয়ে কেনেকৈ মোহাৰি পেলাব পাৰে বুকুত ফুলিব খোজা গোলাপ ফুলপাহ, ভাঙি তচনচ কৰিব পাৰে চকুৱে চকুৱে গঢ়ি উঠা সপোন সাম্ৰাজ্য৷ জানুৱাৰী পাৰ হৈ ফেব্ৰুৱাৰীৰ বুকুৰ গোলাপ ফুলাৰ সময় সমাগত৷ ফেব্ৰুৱাৰী! প্ৰেমৰ মাহ! বতৰটোৱেই যেন প্ৰেমৰ বতৰ৷ এফালে ফেব্ৰুৱাৰীৰ গোলাপৰ বোলসনা আৱেশ, আনফালে বিয়াৰ বেণ্ডপাৰ্টীৰ মাত৷ এই আৱেশত বুৰ গৈয়েই হৃদয়ে যেন ৰৈ থাকে কাৰোবালৈ৷ তেওঁ আহিব আৰু উৰুৱাই লৈ যাব হৃদয়খন ফাগুনৰ পছোৱাৰ সতে৷

Read more

‘দাদা’ সমীপেষু – জ্যোতিৰূপম দত্ত

মৰমৰ দাদা, আমি ভালেই আছো৷ কাঁটাতাৰ পাৰ হৈ এইফালে টালি-টোপোলা বান্ধি গুচি অহাৰ পাচত বৰ ব্যস্ত হৈ পৰিছিলো৷ কিছুদিন ঘৰ-বাৰী ঠিকঠাক কৰোতেই গ’ল৷ তাৰ পাছত খেতি-বাতি, ব্যৱসায়-বণিজ আদিৰ কামতেই বৰকৈ ব্যস্ত হৈ পৰিলো৷ সেয়ে খবৰ বাতৰি দিবলৈ সময়েই পোৱা নাছিলো৷ আজি অলপ সময় উলিয়াই চিঠি এখনেই লিখো বুলি বহিছো৷ প্ৰথমতে ফোন কৰিম বুলি ভাবিছিলো৷ পিছে তোমালোকৰ ফোনটো নধৰেই দেখোন, নেটৱৰ্ক বেয়া চাগৈ৷ আমাৰ ইয়াত নেটৱৰ্কৰ অসুবিধা নাই৷ আগতকৈ নেটৰ স্পীডো ভাল হৈছে৷ তোমালোকৰ তুলনাত এইফালে ৰাস্তা-ঘাটৰো অসুবিধা নাই৷ তোমালোকেও সোনকালে

Read more

তেওঁৰ পচন্দৰ দেশখন (মূল: অমিতাভ ঠাকুৰ) – অনুবাদ: প্ৰণীতা গোস্বামী বৰঠাকুৰ

সেইখন দেশ তেওঁৰ বৰ পচন্দৰ আছিল। সেইখন দেশত জন্ম লাভ কৰাৰ বাবে তেওঁ নিজকে ভাগ্যবান বুলি ভাবিছিল। ইয়াৰ অন্তৰালত এটি বিশেষ কাৰণো আছিল। সেইখন দেশত সম্পূৰ্ণ স্বাধীনতা আছিল, আছিল ন্যায়; বিশেষকৈ মানুহৰ। সকলো বস্তু স্বাধীন, আৰু প্ৰতিজন লোকো স্বাধীন। ইয়াৰোপৰি প্ৰতিটো সংস্থা আৰু সংগঠনো সম্পূৰ্ণ স্বতন্ত্ৰ আছিল। অৰ্থাৎ যাৰ যি ইচ্ছা তাকে ক’ব পাৰিছিল, যাক গৰিহণা দিবলৈ মন যায়, দিব পাৰিছিল। যাৰ, য’ত, যেনেকৈ উটি-ভাঁহি যাবলৈ মন যায়, যাব পাৰিব। এইদৰেই মানুহৰ ৰূপত জন্ম লোৱাৰ বাবে যেনেধৰণে স্বাধীন হোৱাৰ সংকল্প

Read more

প্ৰেমতকৈ বন্ধুত্ব শ্ৰেষ্ঠ – ৰাজীৱ শৰ্মা

“A bucketful of thanks to you for give me the opportunity to write in your autograph” কি মন প্ৰাণ উতলা কৰা বাক্য এটা ছোৱালীজনীয়ে লিখিছিল মই আগবঢ়াই দিয়া অটোগ্ৰাফখনত। ডিগ্ৰী পঢ়ি থকা সময়ৰ কথা। আমাৰ লগৰ এটাৰ ভনীয়েক আছিল তাই। আমাতকৈ দুই বছৰৰ সৰু।ৰূপৱতী, গুণৱতী, শান্ত-সমাহিত সকলো গুণৰ সমষ্টিৰে তাই আছিল পৰিপূৰ্ণ এজনী ছোৱালী। অৱধাৰিতভাৱেই প্ৰথম দৰ্শনতে প্ৰেমে পোখা মেলিলে।কিন্তু যোগ্য ভোগ্য বসুন্ধৰা বুলি কথা এষাৰ আছেই নহয়। কাজেই অলপদিনতে সেই পথৰ পৰা কক্ষচ্যুত হ’ব লগা হ’ল। কিন্তু আনক দেখুৱাইহে।

Read more

চেকমেট – হেমন্ত কাকতি

কাকতিৰ ঘৰত পুলিচ অহা খবৰটো বনজুইৰ দৰে লাহে লাহে চাৰিওফালে বিয়পি গ’ল৷ ওচৰচুবুৰীয়াই প্ৰথমে বিশেষ একো উৱাদিহ নেপালেও নিজেই কিছু ধাৰণা কৰি মাৰ্কেটত খবৰ বিয়পাবলৈ আৰম্ভ কৰি দিলে যে কাকতি কিবা কৰাপচন কেচত পৰিছে৷ দুই একে খবৰ ল’বলৈ কাকতিৰ ঘৰলৈ আহিল যদিও তেওঁলোকৰ সন্মুখেদিয়েই কাকতি গৈ গেট পাৰহৈ পুলিচৰ জীপত উঠি থানা পালেগৈ৷ পিছে পিছে দুখন মেডিয়াৰ গাড়ী৷ কি হ’ল, ঘটনাটো বিবৰি কৈছোঁ শুনক৷ ফেচবুকৰ গোট এটাৰ প্ৰশাসক তেওঁ৷ নামটো সলাই দিছোঁ, এই ধৰক, চোচিয়েল মেডিয়া একটিভিষ্ট হেমন্ত কাকতি৷ (লোকৰ

Read more

মোবাইল ফোনৰ সৎ-ব্যৱহাৰ – চবিনা ইয়াছমিন

ৰাতিপুৱাই আজি ঘটনা ঘটিল৷ বোলো ৰাইজক সাউতকৈ কৈ থৈ যাওঁ৷ যাতে ভৱিষ্যতে সাৱধান হ’ব পাৰে৷ ৰাতিপুৱা ৬.৩০ মানত ল’ৰা স্কুললৈ ওলাই গৈছে৷ তলৰ গ্ৰীল আৰু শ্বাতাৰখন সেয়ে খুলাই আছিল৷ ল’ৰা যোৱাৰ পিছত দৌৰা দৌৰি বাকীবোৰ কাম কৰিছোঁ৷ এওঁ বিচনাতেই আছে৷ একদম উশাহ নসলোৱাকৈ কোনোবাই বাহিৰৰ পৰা বাইদেউ বাইদেউ বুলি চিঞৰিছে৷ লগতে কলিং বেলো বজাইছে৷ সমানে দুৱাৰখনত ঢকিয়াইছে৷ মই বোলো ৰাতিপুৱাই কোন আহিল৷ তাকো ইমান উৎপাত কৰি চিঞৰিছে৷ ততাতৈয়াকৈ গৈ দুৱাৰ খুলিলোঁ৷ দেখিছোঁ কেবাৰীৱালাটো৷ সি আকৌ মোৰ চিনাকি৷ প্ৰায়ে বটল, কাগজ

Read more

ফটা কবিতা – নীলাক্ষী দেৱী ডেকা

(১) তুমি কাষত নাথাকিলে মোৰ বিদ্যা ৰিঙা ৰিঙা লাগে সোণামুৱা! মাজনী, বতৰটো বৰ শুকান, এয়া প্ৰেম নহয়  ডিহাইড্ৰেচনৰ প্ৰভাৱ জানা! (২) আহা সোণ, এটা কথা শুনাচোন, চোৱাচোন সৌ বিশাল আকাশত জোনে কেনেকৈ তৰাৰে ধেমালি কৰে! হেৰা, ৰবা অলপ আকাশ চাবলৈ সময় নাই মোৰ! ইফালে ফেচবুকত নতুন বিতৰ্কই পক ধৰে। কি যে কোৱা সোণ! তোমাৰ অলপো অনুভূতি নাইচোন! এটা কবিতা লিখোঁ আহা কেনেকৈ জোনাকৰ প্ৰেমত আমাৰ দুয়োৰে হৃদয় গলে! ধেই এইজনী! তুমি এই কবিতা লিখা কামটো বাদেই দিয়া বুজিছা; কবিতাৰ শ্ৰাদ্ধ

Read more

বাঘৰ প্ৰেম – সপোনজ্যোতি ঠাকুৰ

চিৰিয়াখানাত কিবা এটাই মোক থাপ মাৰি ধৰিলে। মই উচপ খাই উঠিলোঁ। কিয়নো মোক থাপ মাৰি ধৰিব পৰাকৈ চিৰিয়াখানত আৰু কোনো নাই। মোক হাতত ধৰি যি গৰাকীয়ে ইমান সময় লৈ ফুৰাইছিল তেওঁ মোৰ পৰা পইচা লৈ নিজৰ পচন্দ মতে দুটা আইচস্ক্ৰীম আনিবলৈ গৈছে। ঘূৰি ঘূৰি মই ভাগৰুৱা হৈ আছোঁ। তথাপি মোৰ আইচস্ক্ৰীম আনিবলৈ দোকানলৈ যাব পৰাকৈ গাত শক্তি আছিল। কিন্তু দোকানত মই সিমান সহজ অনুভৱ নকৰোঁ আৰু মোৰ পচন্দবিলাক সদায়েই বেয়া বুলি মোৰ গাত ধৰি থকা গৰাকীয়ে সদায় বখানি থাকে। মই

Read more

হেৰি, কথা এটা কওঁ? – অভিজিত মেধি

হেৰি, ৰ’বচোন ৰ’ব, আপোনাৰ লগত কথা অলপ আছিল। বিচাৰিয়েই আছিলোঁ আপোনাক বুজিছে, ভাগ্যৰ বলতহে যেনিবা লগ পালোঁ আজি! আচ্ছা শুনকনা, কথা এটা কওঁ। এহ্, এইডাল লুক নিদিবচোন। এই “যি আছে জল্দি ক’” লুকটো একেবাৰে ভাল নালাগে! কিনো উল্টাই আছে আপুনি? না আপোনাৰ কিবা ইয়াণ্ডাবু সন্ধি চাইন কৰিবলৈ আছে, না কাশ্মীৰৰ কিবা এটা মীমাংসা কৰিবলৈ আছে। এন আৰ চি আৰু নাগৰিকত্ব সংশোধনীতো বাদেই দিয়ক। সেইবোৰৰ মাথা মুণ্ড আপুনি একো বুজি নাপায়, এনেই এনেই ছোচিয়েল মিডিয়াত পণ্ডিত চেলাই থাকিব নালাগে। চিধাচিধি ক’লোঁ

Read more
1 3 4 5 6 7 9