ফটাঢোল

প্ৰেমৰ দিৱসৰ বিশেষ – জিতা ফুকন

শাস্ত্ৰত পোৱা মতে ফেব্ৰুৱাৰী মাহটো বোলে প্ৰেমৰ মাহ৷ ১৪ ফেব্ৰুৱাৰীত প্ৰতিবছৰে প্ৰেমৰ দিৱস পালন কৰা হয়৷ কিবা বোলেনে ভেলেণ্টাইন ডে’৷ সেয়ে সমূহ প্ৰেমিক প্ৰেমিকাক এই লেখাৰ দ্বাৰা প্ৰেমৰ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁঁ৷ প্ৰেম হেনো স্বৰ্গীয়৷ পিচে এই মৰতত চকু দিলেও চাৰিওফালে প্ৰেমে চৌ চৌৱাই থকা দেখিবলৈ পোৱা যায়৷ কোনোবাই নিতৌ প্ৰেমাস্পদ সলাই কোনোবাই আকৌ বজ্ৰলেপৰ দৰে একেটাতে লাগি থাকে৷ মনগ’লেই কাৰোবাক কৈ দিব পাৰে I Love You বা চমুকৈ ILU ILU বুলি৷ লগতে সহায়ক হিচাপে FB, Whatsapp আছেই মনৰ বতৰা

Read more

ভাইটিৰ ইণ্টাৰভিউ– কমলা দাস

চৰকাৰী চাকৰি এটা সকলোৱে বিচাৰে দিয়কচোন।আজিৰ দিনত চৰকাৰী চাকৰি এটা পালে আৰু নো কি লাগে! নহয় জানো? আগৰ দিনতো নাই আৰু যে চৰকাৰী চাকৰি নেলাগে লাহৰী, তাত নাই এফেৰি সুখ বুলি ক’বলৈ। আজিকালি চৰকাৰী চাকৰিত ঢেৰ সুখ। মোৰ ভাইটিও তাৰ ব্যতিক্ৰম নহয়। সি চাকৰি এটাৰ আশাত কেইবা বছৰো ইণ্টাৰভিউ দিলে, ইণ্টাৰভিউ দি দি ভাগৰি গ’ল পিচে কোনো এটা চাকৰিৰ লগতে তাৰ ৰাহি যোৰা অহা নাই। মাজতে আকৌ চৰকাৰে ঘোষণা কৰিলে, যে থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড চাকৰিত অকল লিখিত পৰীক্ষাত পাছ

Read more

বিধাতাৰ ডাটা – দেৱজিত শইকীয়া

ডিজিটেলি চাবলৈ গ’লে বৰ্তমান মানুহৰ জীৱন আৰু ডাটাৰ মাজত একো পাৰ্থক্য নাই৷ ডাটা অন মানে জীয়াই আছে, ডাটা অফ মানে চেটেপ৷ মোৰ লগৰ এজনৰ ছোৱালী এজনী পচন্দ হ’ল৷ ৰূমমেটটোক ক’বলৈ হে পালে, সিজনে বোলে দৌষ্ট চিন্তা নকৰিবি কালিলৈকে মই তাইৰ ডিটেইলচ ডাটা আনি তোক দিম৷ ময়ো আচৰিত! কি তামাম কাৰবাৰ, ক’বলৈ গ’লে একদম চাকৰিৰ প্ৰপত্ৰ ভৰোৱাৰ সময়ত গাঁঠি দিয়া বায়’-ডাটাখনৰ দৰেই৷   বান্ধৱী এজনীৰ বিয়াৰ বাবে ল’ৰাজন প্ৰায় ঠিক হৈছিলেই, সম্বন্ধীয় খুড়াক এজন আহি বোলে মই ল’ৰাটোৰ বিষয়ে যিখিনি ডাটা

Read more

মি উইথ বানানা ইন গোৱা – পৰীশ‍্যামলী ভূঞাঁ

— বানানা চাহিয়ে বানানা? বৌলৌ দিদি বানানা চাহিয়ে? –নেহি চাহিয়ে –একবাৰ ট্ৰায়তৌ কিজিয়ে — নেহি ট্ৰাই কৰনা — আৰে বেহেন একবাৰ ট্ৰাই তৌ কৰৌ, কুছ নেহি হৌগা — আৰে নেহি চাহিয়ে। কিয়া মতলব কুছ নেহি হৌগা –আপ ধিৰেসে গিৰৌগি। — ধিৰেসে গিৰৌগি? বানানা খাকে ভলা কই কিউ গিৰে? ল’ৰাজনৰ মুখখনলৈ এবাৰ ভালকৈ চালো। সেইবিধ টেটুলৈকে ধৰি আহিছেনেকি? এই বিচ্ছবোৰত সেইটোৱেই বৰ এটা অশান্তি। ক’ৰ পৰাযে ক’ৰ ক’ৰ বেপাৰীবোৰ আহি ওলাইহি। গোৱা ফুৰিবলৈ আহি আকৌ কেনেকুৱা ধৰণৰ কল বেপাৰী পালোহি। মুঠতে

Read more

ভুল – সুনীল দত্ত

অথনিৰপৰা কথা পকাই পকাই মানুহজনে মূৰটোৱেই নষ্ট কৰি পেলাইছে৷ কি দৰকাৰ আছিল আহোঁতে হাঁহিটো মাৰি মিঠাকৈ মাতষাৰ লগাবলৈ? এনেকুৱা কামোৰ মানুহ বুলি একেবাৰেই ভবা নাছিলোঁ৷ লাহে লাহে মোৰ খং উঠি আহিবলৈ ধৰিলে৷ এসপ্তাহমান ঘৰতেই আছিলোঁ৷ অহাৰ সময়ত মায়ে আটোলটোলকৈ কিছুমান বস্তু মোনা এটাত ভৰাই দিলে৷ এই এসপ্তাহ ঘৰত দকচি খোৱা আৰু শোৱাৰ বাহিৰে একোৱেই কৰা নাই৷ ৰে’লখনৰ খালী দবাটোত আৰামত বহি আহি থাকোতেই অনুভৱ কৰিলোঁ যে পেটটো গোমোঠা মাৰি ধৰাৰ লগতে কুৰুং কাৰাং কৰিবলৈ ধৰিছে৷ এনেতে লগৰ এটাই ফোন কৰিলে৷

Read more

ম’হ বৃতান্ত – যোগেন্দ্ৰ ভূঞা

: দেউতা মহিষী মানে কিনো ? এইযে বাতৰি কাগজ টিভিত দিয়ে। : তাকো নেজান তই? : মাইকী ম’হ বুজিছ। বিপৰীত লিঙ্গ মহিষ। : অ এতিয়াহে বুজিছোঁ। আৰু এই যে মাতামহ পিতামহ, তাৰমানেনো কি? : ওৱাই একো ডালেই নেজান। পথাৰত চৰি থকা ম’হজনী অই অই কৈ মাতা আৰু গুৰুলা গুৰুল কৈ পিটা। তাকে কয় মাতামহ আৰু পিতামহ। : থাংকীও দেউতা। উম্মাহ। এইবাৰ মই অসমীয়াত লেটাৰ টেলিগ্ৰাম সব লৈ আছোঁ চাই থাকা। ☆★☆★☆

Read more

আম ডালি গাঁঠিছো – কাজল প্ৰিয়া

চুবুৰীয়া ৰাজীৱ দাইৰ বিয়া। আচলতে বিয়া নহৈ তেওঁৰ স্বাধীনতাত নাকি লগোৱাৰ অভিসন্ধি আইতাৰ। বিয়া কৰাবলৈ ছোৱালী দেখুৱাইহে দেখুৱাই সব ছোৱালী ৰাজীৱ দাইটিয়ে কেঞ্চেল কৰে। অজুহাত এখন দুখন নহয় মহিষাসুৰ মৰ্দিনীৰ দৰে দহখনমান। কাৰোবাৰ নাক ভোটা, কাৰোবাৰ চকু কেৰা, খেনোৰ আকৌ ভৰিৰ গেৰুৱা ফটা এজনীৰ ঘৰৰ কুকুৰটোৱে ৰাজীৱ দাইটিলৈ চাই ভুকিলে বুলিও সেইজনীও কেঞ্চেল। বোলে, “সৈইজনী ভাগ কুকুটো মুখখনে ইমান চোকা সৌজনীখন কমখন হ’ব নে বাও!”আইতাৰ তালুখনত এটেমা পেৰাছোট নাৰিকল তেল উঠে ৰাতিলৈ। “হেঅ অধম পো, নাইকলঅ বাকলি তইনো কোনজনী কইছমা

Read more

নতুন আইন – কমল তালুকদাৰ

কাউৰীয়ে কা নকৰোঁতে পানীৰামে আজি শোৱাপাটী এৰিছে। উঠিয়েই মুখত পানী এচলু মাৰি ঘৈণীয়েক পদুমীক নমতাকৈ ৰাস্তা ওলালেগৈ। (মৰিলুং মৰিলুং লাগি যায় , মৰিলুং…) এৰি চাদৰখন কাণে মূৰে মেৰিয়াই গুণগুণাই গৈ আছে। পানীৰাম চানা দোকানীৰ বৰ ফূৰ্তি, নহ’বনো কিয়? চৰকাৰেহেনো নতুন আইন জাৰি কৰিছে, আকৌ সি শেষত দেবজিৎ মাষ্টৰৰ পৰা বুজি ল’লে যে অইন ঠাইত নিৰ্যাতনৰ সন্মুখীন হোৱা মানুহক উদ্ধাৰ কৰি নিজৰ ঘৰত আশ্ৰয় দিলে আশ্ৰয়দাতাক চৰকাৰী সাহায্য দিয়া হ’ব। এনেই বুঢ়ী নাচনী তাতে নাতিনীৰ বিয়া, বহু দিনৰ পৰা ভাবি আছিল

Read more

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ – মৃদুল নাথ

(১) নতুন বছৰটো সিদিনা আঁ‌দৰিছিলোহে, আজি জানুৱাৰী মাহটো বিদায় দিবৰে হ’ল। দুদিন পিছত গৰম পৰিবই। এই সময়খিনি মোৰ বাবে যিদৰে বহুমূলীয়া, একেদৰে আহুকলীয়াও। বহুমূলীয়া বুলি এই কাৰণে কৈছোঁ যে, লেপৰ মাজত সোমাই লোৱা শীতৰ আমেজ আন কাৰোৱে লগত তুলনা নহয়। লগতে আহুকলীয়া বুলি কোৱাৰ কাৰণটো হ’ল, ৰাতিপুৱা সময়মতে অফিছত হাজিৰি দিবলৈ গৈ প্ৰায়ে সন্মুখীন হোৱা বিফলতা, যাৰ বাবে বৰমুৰীয়াৰ কেটেৰা জেঙেৰা উপহাৰ হিচাপে পোৱাতো একেবাৰে দৈনন্দিন কাৰ্য্যসূচীত পৰিণত হৈ পৰে। ঠাণ্ডাৰ প্ৰকোপ লাহে লাহে কমি আহিছে যদিও যোৱা কালি হঠাতে

Read more

আপদীয়া পদ্য – তবিবৰ ৰহমান

১) জাতি মাটি ভেটিৰ দিছিল আশ্বাস ৰাইজে চকু মুদি কৰিছিল বিশ্বাস ৰজাই বাগৰ সলালে কান্ধুলি মাছকো চেৰ পেলালে প্ৰজাই ল’ব নোৱাৰা হ’ল শ্বাস প্ৰশ্বাস।     ২) নিৰ্বাচনৰ আগত দিছিল উদাত্ত ভাষণ নাম দি লৈছিল শৰাইঘাটৰ দ্বিতীয় ৰণ জনতা ভাষণত ভোল গ’ল ডাঙৰীয়া বৈতৰণী পাৰ হ’ল উপহাৰ হিচাপে জনতাই পালে ৰামঠগন৷ ☆★☆★☆

Read more
1 5 6 7 8 9