ফটাঢোল

মোৰ ‘ফাৰ্ষ্ট ৰিয়েল ছিক্স ষ্ট্ৰিং – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘ৱাজ দা ছামাৰ অৱ নাইনটি নাইন’- হয়, নিৰানব্বৈৰ গৰমকালিৰ এদিন সন্ধিয়া ফাঁচী বজাৰৰ পৰা ছেকেণ্ড হেন্দ গীটাৰ এখন কিনি কান্ধত পেলাই সোমাইছিলোঁ হোষ্টেল। গাঁৱৰ দাদালৈ মনত পৰিছিল। সিও প্ৰতি ৰাতিপুৱা কান্ধত নাঙলখন লৈ এনেদৰেই পথাৰলৈ যায়। হোষ্টেলত সোমাওঁতে ৰান্ধনীকায়ে দেখি সুধিলে চিঞৰি -‘হাউ, যুদ্ধত যাবি না কি এ? কান্ধত ইমান ডাঙাৰ ৰাইফল লৈ ঘূৰি ফুইৰচা!’ গীটাৰ এখনৰ প্ৰতি মোৰ হাবিয়াস কোনো দিনেই নাছিল। কিছুমান আশা-হেঁপাহ হঠাতেই জন্মে, সৃষ্টি হয়। যেনেদৰে আমাতকৈ এবছৰৰ জুনিয়’ৰ অদিতিৰ প্ৰতিও আকৰ্ষণ হঠাতেই হৈছিল। : ‘অদিতিৰ

Read more

শিৱৰাত্ৰিৰ ৰাতি – ৰুবী বৰা বৰদলৈ

: Hallow : Hallow Mrs. Sharma কওক। : শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। : আপোনালৈয়ো…. : পূজা পাতিছেনে? : ঘৰৰ শিৱজনা নায়েই। কিনো পূজা পাতিম আৰু! চাকি এগচ জ্বলাম……. : আমাৰজনা ঘৰতে, জানেই নহয়! ৰাতিলৈ পূজাৰ আয়োজন কৰিছোঁ। ছোৱালী দুজনীক লৈ আপুনি আহিব। খিছিৰিখন আপুনিয়েই ৰান্ধিবহি লাগিব।অকমান সোনকালে আহিবচোন! : No problem. সময়ত উপস্থিত হ’মগৈ। আৰু কাক কাক মাতিছে? : ওচৰৰ বৰাৰ পৰিয়াল আৰু আপোনালোক। অন্য কোনো নাই। : ঠিক আছে৷ শিৱপূজা৷ শ্ৰী শৰ্মাই পূজা সম্পন্ন কৰিলে। মই আৰু বৰাৰ পত্নী জুমণিৰে

Read more

সোঁৱৰণিৰ কুঁৱলীয়ে – জিতু শৰ্মা

সোঁৱৰণিৰ কুঁৱলীয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমা ৰেখা নাই ….. নগাঁৱৰ ফটাঢোল মীটলৈ নগ’লোঁ যদিও ঘৰতে বহি কাকতি দাৰ গান লাইভ চাই আছোঁ। জয়ন্ত হাজৰিকাই গোৱা মোৰ এটা অতি প্ৰিয় গান। সঁচাই সোঁৱৰণিও কাৰোবাৰ বাবে মধুৰ হ’ব পাৰে, মোৰ বাবে কিন্তু বৰ গধুৰ। গান শুনি শুনি সোৱঁৰণিৰ কুৱঁলীত অতীতলৈ ফ্লেচবেক, ডিগ্ৰী ফাইনেল ইয়েৰ …. পুৱাৰ সুৰুযে ঢাকিলে মুখৰ ছবি দুৰৰ আকাশ জুৰি ….. বাইদেৱে লগাই দিয়া ৰেডিঅ’ত গীতাঞ্জলী শুনি লৰালৰিকৈ কিতাপ সামৰি মাক চিঞৰিলোঁ, : মা ভাত হ’লনে? কলেজ যাবৰ

Read more

কৌতুক – ৰিতন বৰুৱা

পতি-(মাংসৰ বাটিটো চাই ) হেৰা, এইয়া মাংস কোনে আনিছিল? মইতো ইমান ডাঙৰ ডাঙৰ টুকুৰা বনাই অনা নাছিলোঁ‌। মই সৰু সৰুকৈ কটাই আনিছিলোঁ। পত্নী- (পাক ঘৰৰ ভিতৰৰ পৰা) আপুনি অনা মাংসই সেইয়া। কোনেও অনা নহয়। ৰান্ধোতে পানী পাই অলপ ফুলি গ’ল চাগে। পতি- হেৰা হেৰা, আজি ভাতবিলাকো বৰ ডাঙৰ ডাঙৰ দেখিছোঁহে। কিবা বেলেগ চাউল নেকি? পত্নী- নহয় একে চাউল। পতি- নহয়হে, চোৱাহিচোন, আনদিনাতকৈ মই কিবা ডাঙৰ ডাঙৰ দেখিছোঁ। পত্নী- ( ভিতৰৰ পৰা ওলাই আহি ) হে হৰি, আপুনি ভাত খাবৰ সময়তো

Read more

সন্মান – কমল চন্দ্ৰ নেওগ

ঘটনাটো আনকালে ঘটাহেঁতেন মান সন্মানৰ প্ৰশ্নটো নাহিলহেঁতেন। আগতেও মোৰ অজ্ঞাতে বা জ্ঞাতসাৰেই তাই জীয়েকক লগতে লৈ এৰাতি কি দুই -তিনি ৰাতি পৰ্য্যন্ত আপোন খুচী মতে নিজৰ পচন্দৰ সংগী-সখীসকলৰ লগত থাকি সকলো প্ৰকাৰৰ বন্ধন মুক্ত হৈ বেচ মৌজ-মস্তি কৰে। তাত মোৰ আপত্তি কৰিবলগীয়া একো নাছিল। সকলোৰেতো স্বাধীনতা বোলা ব্যৱস্থা এটা আছে। সেইটো মই বুজি পাওঁ। কিন্তু, আজিৰ কথাটো অলপ সুকীয়া। কাইলৈ বছৰেকৰ দোমাহী। আজি উৰুকা৷ আজিও যদি মাক-জীয়েক ঘৰলৈ নাহে কাইলৈ মোৰ চুবুৰিটোতে মই নাক উলিয়াব নোৱাৰা হ’ম। কালিলৈ ৰাতিপুৱা কেনেকুৱা

Read more

আচাৰ – মনালিছা গগৈ

দেশৰ পৰিস্থিতি বিৰাট বেয়া৷ শত্ৰুপক্ষই য’তে ত’তে ব’ম পেলাব পাৰে গোলাবাৰি কৰি দিব পাৰে সাৱধান৷ মআপা বাচিছো হেৰৌ আজি৷ লগৰ এজনীয়ে দিলে বগৰী অলপ৷ তাকে বোলো আচাৰ বনাই থওঁ৷ যুদ্ধ চুদ্ধ হ’লে আটকত খাবলে হ’ব৷ খোৱাবস্তুৰ নাটনি হয় না যুদ্ধ হ’লে৷ ইনেই মই আচাৰ প্ৰতিবছৰে থওঁ৷ নাখাই যেনিবা কোনেও৷ আগতে খাইছিল৷ বেছি ভাল পালে হপায় খাই আজিকালি হিংসাতে নেখায়৷ মই হেনো তেল সোপা নষ্ট কৰিবলেহে আচাৰ থওঁ আমাৰ পেটকুলীৰ কথা সেয়া৷ বাৰু৷ আগৰ আচাৰ পেলাই বটল ধুই শুকুৱাই ল’লোঁ৷ তেল

Read more

আপদীয়া পদ্য – তবিবৰ ৰহমান

১) এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হ’ল সঁচা কি মিছা কি ধৰিব নোৱাৰা হ’ল সপক্ষে ক’লে ভাল বিপক্ষে ক’লে মহাকাল আচল সমস্যাবোৰ হাৱা হৈ উৰি গ’ল। ২) বাংলা মূলৰ মানুহৰ কথা থাকে জিভাৰ আগত মেলে মিটিঙে আওৰাই থাকে নিৰ্বাচনী বতৰত আনে নিলে বাংলাদেশী নিজে পালে আসাম দেশী হলি গলিও কৰিবলৈ নেৰে ক্ষমতাৰ লোভত। ☆★☆★☆

Read more

লোকেল – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

‘লোকেল’ শব্দটোৰ আজিকালি অপাৰ মহিমা৷ ‘আব্বে চন মই লোকেল হয়’ বুলি আস্তিন কোঁচাই কোনোবা এজন যদি আগবাঢ়ি আহে তেনেক্ষেত্ৰত সন্মুখৰজন ‘চালানী’ হ’লে প্ৰায়েই চুণ দিয়া জোকৰ দৰে লেউসেউ হৈ পৰে। অৱশ্যে সন্মুখৰজনো লোকেল হ’লে এই ক্ষেত্ৰত আন এখন কুৰুক্ষেত্ৰৰ কথা কোনোপধ্যেই নুই কৰিব নোৱাৰি৷ লোকেল মানেই যেন এক ঐন্দ্ৰজালিক সন্মোহন৷ আনকি কিবা এপদ সামগ্ৰীৰ লগত এই বিশেষণটো সংযুক্ত হোৱা মানেই তাৰ মূল্যও আকাশলংঘী হৈ উঠে৷ মই গুৱাহাটীলৈ অহাৰ কেইদিনমান পিছত ওচৰতে থকা সন্ধিয়াৰ বজাৰখনত এদিন পাচলি কিনি থকা অৱস্থাত আমাৰ

Read more

বিলৈ – মানসী বৰুৱা

যোৱা এমাহ ধৰি জ্বৰ। জ্বৰ মানে জ্বৰ জ্বৰ ভাব অনবৰতে। গাল এখনো দেখাত আনখনতকৈ অলপ ফুলা ফুলা যেন লাগে। ভয়তে নে সঁচাকৈয়ে নাজানো, কাণ এখনো কিবা চিৰিং চিৰিং মৰা যেন লাগে মাজে মাজে। গুৰিৰ দাঁত এটা পোকে খোৱা আছিল। সেইকাৰণে দাঁতটোও মাজে মাজে বিষ বিষ লাগে। মুঠতে মই ক’ব নোৱাৰোঁ প্ৰকৃততে মোৰ দাঁতেই বিষাই নে কাণেই বিষাই নে গালেই বিষায়। মোৰ বেমাৰৰ লক্ষণ শুনিলে ঘৰৰ মানুহৰ লগতে ডাক্তৰো হাঁহিত ফাটি যায়। ইফালে মইহে জানো কিমান টেনশ্যন! মায়ে ক’লে সদায়নো কি

Read more

টিকটক আৰু মোৰ ফটাপ্ৰেম – ধৃতিস্মিতা বৈশ্য

নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ দৰেই মই দিষ্টিংচন মাৰ্ক লৈ মেট্ৰিক পাছ কৰাৰ পিছত দেউতাই মোক এখন বাইক কিনি দিলে আৰু সেইখন লৈ মই পাঁচ কি:মি: দূৰৰ কলেজলৈ নিতৌ অহা-যোৱা কৰোঁ।মেট্ৰিকত মই ভাল ৰিজাল্ট আশা কৰা নাছিলোঁ যদিও মাৰ ‘চকীদাৰী’ আৰু দেউতাৰ প্ৰতিশ্ৰুতিৰ ফলত আশা কৰাতকৈ বহুত ভাল ৰিজাল্ট হ’ল আৰু বন্ধুমহলত মোৰ প্ৰেছটিজ ও বাঢ়িল।কলেজত লগৰবোৰে মোক ইমান পাত্তা দিয়া দেখি মোৰ নিজৰে ‘প্ৰিন্স’ টাইপৰ ফিলিং এটা আহি গ’ল আৰু নতুনকৈ যৌৱনৰ ‘বলিয়া বতাহত’ মোৰো উটি- ভাঁহি ফুৰিবলৈ মন গ’ল।

Read more
1 2 3 4 5 10