ফটাঢোল

পৰীক্ষাটোনো কি কথা জীৱনটোহে ঘাই – দাদুল দেৱকৃষ্ণ বৰুৱা

হ’ব দে বোপাই, যেনেতেনে পাছ কৰাক লৈ মই দুখ কৰা নাই পৰীক্ষাটোনো কি কথা জীৱনটোহে ঘাইআখৰ নিচিনাৰ পুতেক হৈ পাছ যে কৰিলি অংক নুবুজাৰ পুতেক হৈ নম্বৰ যে গোটালিবৰ মানুহ হৈ সাজি দিব নালাগে বঙলা গাড়ী কিনি আঁতৰাব নালাগে পদূলিৰ নঙলা যিকণ আছে মাটি তাতেই কৰিবি খেতি যিকণ চেনেহ আছে তাৰেই বান্ধিবি আঁটি আঁটি বৰ মানুহ হ’ব নালাগেে, ভাল মানুহ হ’বি যি জান’ যি বুজ’ মানুহক ভালকৈ ক’বি আকাশ চুব নেলাগে পূজিবি মাটিক চৰণ চুব নেলাগে ভাল পাবি জাতিক হ’ব

Read more

ফুড শ্বেয়াৰিঙ – দেবজিত শইকীয়া

ফুডশ্বেয়াৰিং – দেবজিত শইকীয়া এই যে মোবাইলটো৷ ফ’টোৰ পৰা গানৰ পৰা ভিডিঅ’লৈকে সকলো শ্বেয়াৰ কৰিব পৰা হ’ল৷ এতিয়া কোনোবাদিনা কোনোবা জকাইচুকৰ বিজয় বা ভাস্কৰৰ দৰে বৈজ্ঞানিকে যদি হোৱাটচএপত বা ফেচবুক-মেচেঞ্জাৰত খোৱা বস্তুও শ্বেয়াৰ কৰিব পৰা এপচ বনাই দিয়ে কথোপকথনসমূহ কি হ’ব ভাবকচোন.. ১. বুজিছা চবিনা, কালিয়েই পৰিস্মিতাই হাঁহৰ মাংস বনাই মোক হোৱাটচএপত দিছিল, মই নেদেখিলোৱেই৷ এতিয়া দেখিছো গোন্ধাই গ’ল৷ ইয়ে তাই বেয়া পাব নহয়, কি কৰিলে? মইঃ বিজয়লৈ ফৰৱাৰ্ড কৰি দিলো৷ ২. ৰিমঝিমঃ কালিৰে পৰা পেটৰ বিষ বুজিছিনে দেবু দা

Read more

পিউৰ ভক্তিমূলক জ’ক – মনালিছা গগৈ

ভাদ মাহ৷ আমাৰ পুনু পেহী খুব ভক্তিপৰায়ণ৷ এটা দিনো নামঘৰত “এবচেণ্ট” নামাৰে৷ নামঘৰত সদায় নাম কীৰ্তন, ভাগৱতৰ ব্যাখ্যা চলি থাকে৷ পুনু পেহী নিজেতো যাবই, লগতে গাঁৱৰ বোৱাৰীমখাকো মাতি মাতি নিয়ে৷ পিছে বোৱাৰীমখাৰ ইমান ৰাপ নাই বাৰু৷ এবাৰ নামঘৰতে আলোচনা হ’ল বোলে, “আমিতো সদায় ভাগৱত পাঠ কৰি থাকোঁ৷ কিন্ত আমাৰ ব্যাখ্যাত ভুল থাকিও যাব পাৰে৷ গতিকে এইবাৰ জন্মাষ্টমীৰ দিনাই গুণী জ্ঞানী এজনক মতাই ব্যাখ্যা কৰোৱা যাওক৷” কথামতেই কাম৷ সেইদিনা পুৱাই আমাৰ পুনু পেহীয়ে ওলাই মেলি সকলোকে চিঞৰ বাখৰ কৰি মাতি লৈ

Read more

কলকাতাৰ ৰসগােল্লা আৰু দুখ – ডাঃ অঞ্জনজ্যোতি চৌধুৰী

চিকিৎসা সম্বন্ধীয় আলােচনা-চক্র এখনত ভাগ ল’বলৈ কেইদিনমান আগতে কলকাতালৈ গৈছিলােঁ। লগত মােৰ সহকর্মী ডা° ইন্দ্রজিৎ কলিতা। ইন্দ্রজিৎ সংগীতক অন্তঃকৰণেৰে ভালপােৱা লােক। সংগীতৰ প্রতিটো দিশৰ সূক্ষ্ম বিশ্লেষণ কৰি চাব জানে। যি নহওক, নির্দিষ্ট দিনত আমি সময়মতে কলকাতামুখী উৰাজাহাজত উঠিলােঁঁ। কিমানবাৰ যে উৰাজাহাজত উঠিছােঁ, তথাপি অলপ হ’লেও ভয় লাগে। আকাশলৈ উৰা মৰাৰ সময়ত যিমান দেৱ-দেৱীৰ নাম জানাে সকলােকে স্মৰণ কৰােঁ। এইবাৰাে তাৰ ব্যতিক্রম নহ’ল। ইন্দ্রজিতলৈ চালােঁ। চকলেট এটা খােৱা দেখিলােঁ। চকুৰে ইংগিত দি খাবৰ হ’লেই নেকি বুলি সােধাত তেওঁ ক’লে, : ছাৰ,

Read more

হেমচন্দ্ৰ বৰুৱাৰ ‘কানীয়াৰ কীৰ্ত্তন’ : এটি আলোচনা – ড০ বসন্ত কুমাৰ ভট্টাচাৰ্য

হেমচন্দ্ৰ বৰুৱা আছিল প্রধানকৈ সংস্কাৰবাদী আৰু সমাজ সচেতন লেখক। এনে লেখকৰ ৰচনাত প্ৰায়েই প্রচাৰধর্মিতা স্পষ্ট হৈ জিলিকি উঠে। ‘কানীয়াৰ কীৰ্তন’তো প্রচাৰধর্মী সুস্পষ্ট। সংস্কাৰবাদী হেমচন্দ্রই কানিৰ বিৰুদ্ধে দ্রোহ আচৰণ কৰাৰ লগতে সমসাময়িক সমাজৰ উচ্চ শ্ৰেণীৰ লােকৰ ভেম ভণ্ডামি, অন্যায় অনীতি আদি উদঙাই দি সেইবােৰক ব্যংগ বিদ্ৰুপ বাণেৰে ক্ষত বিক্ষত কৰাৰ প্রয়াস কৰিছে ‘কানীয়াৰ কীৰ্তন’ নাটকত। ‘কানীয়াৰ কীৰ্তন’ৰ কাহিনী ভাগ: নাটকখনৰ কাহিনীটো এনে ধৰণৰ – ভদ্রেশ্বৰ বৰুৱা এজন ভদ্রলােক আৰু সোনাৰগাঁও মৌজাৰ মৌজাদাৰ। কীর্তি তেওঁৰ পুতেক। এদিনাখন পদ্মপাণি নামৰ এজন মহাপুৰুষীয়া পথত

Read more

পৰিৱৰ্ত্তন – দিগন্ত কুমাৰ ভট্টাচাৰ্য

‘মই হেৰিক ভোট নিদিও’ – শ্ৰীমতীয়ে ইলেকশ্যনৰ দিনা ৰাতিপুৱাই চিঞৰি চিঞৰি ক’লে। ইলেকশ্যনলৈ তেতিয়াও এসপ্তাহ মাজত। তেওঁ কেতিয়াবা গোটেই ৰাতি কিবাকিবি কথাবোৰ ভাবি, চিন্তা কৰি, ভাবনাবোৰ জিভাতে থূপ খুৱাই থৈ দিয়ে, আৰু ৰাতিপুৱা চকু মেলাৰ লগে লগে সেইবোৰ লেলাউটি পেলোৱা দি পেলাবলৈ আৰম্ভ কৰে। সেয়েহে মই বেছিভাগ কথাৰ আগ-গুৰি নুবুজোঁ। দুই মিনিটমান বুজোৱাৰ পাছতহে বুজোঁ, কিন্তু সেইটো যে তেওঁৰ জন্মগত অভ্যাস সেয়া বুজি পোৱা হৈছোঁ। ‘কিয়?’ – এঙামুৰি এটা দি ম’বাইলত ফে’চবুক খুলি দাগ লগোৱা সুন্দৰীসকলৰ সুন্দৰ মুখবোৰ (আঙুলিক কেন্দ্ৰ

Read more

Ruthless : William De Mille – অনুবাদ : অলকেশ ভাগৱতী

অক্টোবৰ মাহৰ সুন্দৰ ৰাতিপুৱা আজি নানা গছ গছনিৰে আৱৰা বিস্তীৰ্ণ অঞ্চলটোৰ প্ৰায় সোঁমাজতেই থকা ঘৰটো ৰদ’ৰ পোহৰ পৰি জিলিকি উঠিছে৷ বাহিৰত নিয়ৰে সেমেকা মাটি আৰু ওখ ওক গছৰ সৰি পৰা পাতবোৰৰ পৰা ৰ’দৰ তাপত এক সুন্দৰ গোন্ধ ওলাই চৌদিশে বিয়পি পৰিছে৷ শৰৎ কালৰ এই অনন্য প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ জুডছন আৰু মাবেলা প্ৰতি বছৰেই দুমাহমানৰ কাৰণে তেওঁলোকৰ এই ‘ফাৰ্মহাউছ’টোলৈ আহে৷ এই বছৰৰ বাবে আজিৰ দিনটোৱেই ঘৰটোত তেওঁলোকৰ শেষ দিন৷ স্নানাগাৰৰ পৰা ওলায়েই জুডছনে পোনে পোনে তেওঁলোকৰ শোৱনি কোঠাৰ বেৰত পাইন

Read more

সাক্ষাৎকাৰ – মোহময়ী অভিনেত্ৰী মৃদুলা বৰুৱাৰ সৈতে অন্তৰংগ আলাপ

নদী মাথো বয় কালৈকো নৰয় বাধা দি ৰাখিব কোনে…. আছে সাগৰেৰে যাৰ ভালপোৱা… সাগৰেৰে সি মিলিব পাৰে… ও ও বাধা দি ৰাখিব কোনে… *** দেহেই যৌৱনমতীৰ লাজ লাজ লাজ.. সাজেই সাজোনমতীৰ সাজোন কাঁচ … মোৰ দেহা ঐ লাজ লাজ লাজ কিনো তোৰ…. **** এটি মনৰ দুটি মানুহ মৰমী সৰগ ৰচে… সৰগী মৰতত এই প্ৰিয়জনে আৱেগৰ নাচোন নাচে… মৰমী সৰগ ৰচে….॥ এই সুন্দৰ গীতসমূহ এসময়ত চুপাৰহিট বোলছবিৰ চুপাৰহিট গীতেই নহয়, অসমৰ ৰাইজৰ সকলোৰে মুখে মুখে আছিল। এই গীত বা বোলছবিসমূহৰ দৰে

Read more

সম্পাদকীয় – ৰিণ্টুমনি দত্ত

বিষয়ঃ ‘ফেচবুকীয়া সাহিত্যিক’, চুগাৰক’টেড মন্তব্য আৰু অন্যান্য ‘ফেচবুকীয়া সাহিত্যিক!’ যিখন প্লেটফ’ৰ্মত ভেজা দি এই মুহূৰ্ত্তত আমি কিছু কথা লিখিবলৈ সুযোগ পাইছোঁ, সেই প্লেটফ’ৰ্মখনেও ‘ফেচবুক’ৰ বুকুতেই পোখা মেলিছিল৷ সেইবাবেই হয়তো প্ৰথমতেই ফেচবুক বা ফেচবুকীয়া সাহিত্যিকৰ কথা মনলৈ অহাটো অস্বাভাৱিক নহয়৷ যতদূৰ সম্ভৱ, এই ‘ফেচবুকীয়া সাহিত্যিক’ শব্দটো প্ৰথমে ভাতৃপ্ৰতীম দিগন্ত কুমাৰ ভট্টাচাৰ্যই তেওঁৰ কোনোবা এটা ফেচবুক আপডেটত আক্ষেপ কৰি লিখিছিল৷ কোনে লিখিছিল সেই কথা সঠিককৈ মনত নাথাকিলেও কিন্তু শব্দটো মনত চিৰস্থায়ী হৈ থাকি গ’ল৷ শুনিবলৈ অলপ অখজা যেন লাগিব পাৰে, তথাপিও আলোচনাৰ

Read more
1 2 3 16