ফটাঢোল

সাক্ষাৎকাৰ – বিশিষ্ট সংগীত শিল্পী মণিষা হাজৰিকাৰ সৈতে অন্তৰংগ আলাপ

তেওঁ আছিল পশ্চিমবঙ্গৰ জীয়ৰী। কিন্তু পিছলৈ হ’লগৈ অসমৰ হাড়ে হিমজুৱে অসমীয়া বোৱাৰী। অসমৰ সঙ্গীত জগতৰ দুগৰাকী উজ্জ্বল নক্ষত্ৰৰ ঘৰত তেওঁক বো‍ৱাৰী হিচাপে আদৰি অনা হৈছিল। হয়, অসমৰ সঙ্গীত জগতৰ ভোটাতৰা স্বৰ্গীয় জয়ন্ত হাজৰিকাৰ পত্নী আৰু জ্যেষ্ঠ ভাতৃ স্বৰ্গীয় ড° ভূপেন হাজৰিকাৰ ভাই বোৱাৰী শ্ৰদ্ধাৰ মণিষা হাজৰিকাৰ কথাকে কৈছোঁ। আমাৰ এই মাহৰ ফটাঢোল আলোচনীৰ মজিয়ালৈ অতিথি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট গায়িকা শ্ৰদ্ধাৰ মণিষা হাজৰিকা বাইদেউক। সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰা মণিষা হাজৰিকাই ড° ভূপেন হাজৰিকাদেৱৰ লগত প্ৰথম সহশিল্পী হিচাপে কণ্ঠদান

Read more

ডাক্তৰ হ’ব খোজা ছোৱালীজনী — খনিন্দ্র ভূষণ মহন্ত

আমি তেতিয়া তৃতীয় ষাণ্মাসিকৰ ছাত্র। নতুন ‘চিনিয়ৰ’। স্বভাৱগতভাৱে ফটা লেবেল এটাই আহি গাত থিতাপি ল’লেহি। গতিকে নৱাগতসকলক য’তে-ত’তে, “ঐ ক্লাচ নাই নেকি?”, “ইয়াত কিয় ঘূৰি ফুৰিছ?”, “এতিয়ালৈকে বাহিৰত আছ যে!” জাতীয় হুমকিবোৰ উপহাৰ দি ফুৰিছিলোঁ। নক’লেও হ’ব যে এই সুৰটো নৱাগতাসকলৰ ওচৰত “তোমালোকৰ ক্লাচ শেষ হ’ল ন!”, “অচিনাকি ঠাই। কিবা অসুবিধা হ’লে জনাবা দেই।” আদিলৈ সলনি হৈছিল। নতুনকৈ কবিতা লিখিবলৈ লৈছোঁ। যোৰহাটত পঢ়ি থকা দিনৰ কথা। প্রণৱ কুমাৰ বর্মন, নীলিম কুমাৰৰ কবিতাৰ স্তৱক একেবাৰে ওঁঠতে থাকে বুলিলেও ভুল নহ’ব। নৱাগত

Read more

কৌতুক- পূৰ্ণময়ী মেধি

কালি তাবিবৰৰ সমাজ অধ্যয়নৰ ক্লাছ আছিল। এনেয়ে গৰমত মূৰ গৰম হৈ আছিল। ক্লাছত এজনক সুধিলে,”গজানন ক’ছোন মাল ভূমি কাক বোলে?” গজাননে মূৰ খজুৱাই খজুৱাই ক’লে,”চাৰ,যি ভূমিত বহি মাল খোৱা হয়, তাকেই মালভূমি বোলে।” লগে লগে বৰফৰ ডাঙৰ টুকুৰা এটা মাছৰ বেপাৰীৰ পৰা আনি তবলাক বহাই থোৱা হ’ল। ☆★☆★☆

Read more

কুল কাৰ্ণিভেল! – জ্যোতিৰূপম দত্ত

চৰকাৰী ঘোষণাটো শুনিয়েই আমাৰ এই পিছপৰা অঞ্চলটোত দলদোপ-হেন্দোলদোপ লাগি গ’ল৷ ৰাইজৰ কল্যাণৰ বাবে সমগ্ৰ ৰাজ্যজুৰি প্ৰৱৰ্তিত হ’বলগীয়া এখন বিশেষ আচনিৰ আমাৰ অঞ্চলটোতেই উদ্বোধন হ’ব হেনো! নামটোও কিবা ‘ঠাণ্ডা-উৎসৱ’ মানে ‘কুল কাৰ্ণিভেল’ টাইপ! তাৰমানে আমাৰ অঞ্চলতেই প্ৰথমবাৰলৈ এটা চৰকাৰী উৎসৱ অনুষ্ঠিত হ’ব! মুখৰ কথা নহয়৷ তাতে ৰাজধানীৰ পৰা বিয়াগোম দৌতাসৱ আহিব৷ ইমানদিনে বহু অভাৱত ভুগি থকা বাসিন্দাসকলৰ মুখলৈ পানী আহিল, মনলৈ আশাৰ সঞ্চাৰ হ’ল৷ আমাৰ দৰে অনবৰতে দকা-হকা দি, মাৰ কিল কৰি হলেও চান্দা তোলা, নেতাৰ দালালি কৰা, দুখীয়া লোকৰ নামত

Read more

প্ৰথম মৰমে যদি — তবিবৰ ৰহমান

মোৰ লগৰ ল’ৰা কিছুমানে অষ্টম-নৱম মানৰ পৰাই আঠ মান বজাৰ পৰাই গা পা ধুই স্কুল যাবলৈ সাজু হৈ থাকে। মোৰ আৰু ন মান বজালৈকে মাৰ্বল, পইচা বা কিবাকিবি খেল খেলি থাকোঁতে যায়। কিন্তু দশম শ্ৰেণী পোৱাৰ লগে লগে মোৰো সোনকালেই স্কুললৈ যাবলৈ মন যোৱা হ’ল। কেইদিনমান আগলৈকে মা’ৰ কোবৰ ভয়তহে স্কুল যোৱা মইজনৰো সদায় স্কুল যাবলৈ মন যোৱা হ’ল। ইয়াৰ কাৰণ হ’ল মই পঢ়া হাইস্কুল খনতে ক্লাছ ছিক্সত পঢ়া আমাৰ গাঁৱৰে মূৰৰ ছোৱালী এজনী। ছোৱালীজনীক দেখিলে কিবা ভাল লগা হ’ল

Read more

বাঘ আৰু হৰিণাৰ সাধু – অনুৰূপ মহন্ত

এখন ডাঙৰ হাবিত এটা বাঘৰ দল আছিল। বাঘ বোৰৰ মাজত সকলোতকৈ শক্তিশালীজন ৰজা আছিল আৰু তেওঁৰ ছত্র ছায়াতেই বাকী বিলাক বাঘে মিলাপ্ৰীতিৰে বাস কৰিছিল। সেই হাবি খনত বহুত বিলাক হৰিণাও আছিল। বাঘ বিলাকে ভোক লাগিলেই সেই হৰিণা বিলাক মাৰি খাইছিল। লাহে লাহে হাবি খনত হৰিণাৰ সংখ্যা কমি আহিছিল আৰু এদিন সকলো হৰিণা বাঘৰ মুখত পৰি মৃত্যু হ’ব বুলি হৰিণা সমাজত সকলোৰে চিন্তাৰ বিষয় হৈ পৰিছিল। এইটো বিষয়ত হৰিণা সমাজত এদিন এখন ডাঙৰ সভা অনুষ্ঠিত হ’ল। গোটেইখন হাবিৰে জাকে জাকে হৰিণা

Read more

এতিয়া বহুত ৰাতি — ঈশান জ্যোতি বৰা

(১) -অকেই !! তেন্তে মেইন মেইন কাৰ্যসূচীকেইটা মই লাষ্ট এবাৰ মাতি দিওঁ ৷ তহঁতে শুনি যাবি ৷ ন বজাত জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীসকলৰ দ্বাৰা বন্তি-প্ৰজ্বলন,দহ বজাত হাতী আৰু প্ৰখ্যাত ঢুলীয়া ৰামেশ্বৰ বৰকাকতীৰ সাংস্কৃতিক শোভাযাত্ৰা, এক বজাত বিশিষ্ট অতিথিৰ সৈতে অন্তৰংগ আলাপ, বিয়লি তিনি বজাত আধুনিক গীতৰ বাৰেৰহনীয়া অনুষ্ঠান,লগতে থাকিব কণ-কণ মইনাসকলৰ মাজত ৰাভা সংগীত প্ৰতিযোগিতা ৷ ঐ বিজন; ষ্টিলৰ গিলাচকেইটা বাবুৰ দোকানৰ পৰা আনিবি অ’৷ ৰাজুৱে পঠাইছে বুলি ক’লেই হ’ল ৷ ল’ছালিকেইটাক কিবা এটা দিব নালাগিব জানো ? -হ’ব ৷ তাৰপিছত পঢ়ি

Read more

হাস্য-ব্যঙ্গ সাহিত্যৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ সাম্প্ৰতিক সম্প্ৰসাৰণ –গায়ত্ৰী চাহু

সাহিত্য মানৱ জীৱনৰ অভিব্যক্তি। প্ৰগতিশীল জীৱন, অনুভূতিশীল সমাজ, মন্থন আৰু অৱগুন্থণৰ বাবে যিকোনো সাহিত্যই সৱল ভুমিকা পালন কৰে। বৰ্তমান সময় আৰু সমাজৰ পৰিবৰ্তনশীলতাৰ মূল মাপকাঠিয়েই হ’ল সাহিত্য। বৰ্তমান মানৱ সমাজ বহুজাতিক,বহুভাষিক আৰু বহুগোষ্ঠীয় সংস্কৰণ হৈ পৰাৰ কাৰণে মানুহৰ মানসিক উৎকৰ্ষ সাধনাৰ বৈচিত্ৰও হৈ পৰিছে। নতুনত্বৰ অভিভাষিক , প্ৰতিভাশীল লেখকসকলে এনে এক বৈচিত্ৰময় জীৱনৰ আঁত ধৰি মানৱ সভ্যতাকো নৱৰূপত নিৰ্মান কৰিবলৈ উদ্যত হৈছে। সাম্প্ৰতিক বাস্তৱৰ বিশাল বোজাই মানুহৰ জীৱনটো দুৰ্বিসহ কৰি তোলাৰ পৰিপ্ৰেক্ষিতত মানুহে জীৱনৰ ভাৱ গম্ভীৰতাক কাটি কৰি কাজেই ব্যঙ্গ

Read more

হিন্দী ভাষাৰ মহিমা – ৰঞ্জিত হাজৰিকা

কিছুমান মানুহে কৰোঁ বুলি ৰসিকতা নকৰে৷ কিন্তু তেওঁলোকৰ কাম-কাজ আৰু কিছুমান কথা-কাণ্ডবোৰে নিৰ্মল ৰসৰ যোগান ধৰি যায়৷ এইলেখীয়া অনভিপ্ৰেত ৰসিকতা মোৰ আটাইতকৈ প্ৰিয়৷ তেনে বহু চৰিত্ৰকে লগ পাইছোঁ জীৱনৰ বাটে-ঘাটে আৰু বাৰে বাৰে বুৰ গৈছোঁ ৰসৰ অনন্ত সাগৰত৷ যোৰহাটৰ মানুহগৰাকীৰ কথাই কওঁ৷ সম্বন্ধত তেওঁ আছিল মোৰ জেঠাই৷ তেওঁ এতিয়া এই সংসাৰত নাই৷ পিছে মানুহগৰাকীক লৈ অনেক ৰসাল কথাৰে ভৰি আছে তেওঁৰ সান্নিধ্যলৈ অহা প্ৰতিজনৰে হৃদয়৷ স্বৰূপাৰ্থত জেঠাইগৰাকীয়েও কৰোঁ বুলি হয়তো ৰসিকতা কৰা নাছিল৷ পিছে তেওঁৰ কিছুমান কথা-কাণ্ডই আমাক যোগাই গৈছিল

Read more

330 বালাকোট-দ্যা ৰিভেঞ্জ – ৰামানুজ গোস্বামী

পথৰুঘাট পুলিচ থানা। অ.চিৰ পিছফালে টিকটিকাই থকা ‘এয়াৰচেল’কোম্পানীৰ ঘড়ীটোৱে সকলোকে জনাইছে সময়: নিশা ১০ বাজি ৪০ মিনিট হেলনীয়া চকীত দেহা এৰি দি ভাৰপ্ৰাপ্ত অ.চি.বাঘেশ্বৰ হালৈয়ে সন্মুখৰ আচামী দুয়োটাক তাচ্ছিল্যৰেই গোজৰণি মাৰি সুধিলে- : কি নাম দুইটাৰে? : ছাৰ পৱিত্র বৰা৷ : মোৰ নাম ছাৰ সৎৰাম দাস৷ : হুঁ…..হ্..হ্…! নাম পৱিত্ৰ! সৎৰাম! আৰু ছাগলীচোৰৰ নিচিনা অপৱিত্র অসৎকাম? ইন্সপেক্টৰ বাঘেশ্বৰ হালৈৰ নাম শুনা নাই? : শুনিছোঁ ছাৰ৷ : আৰু নাম শুনিও মোৰ এলেকাত চুৰি? ইমান সাহস? ইমান স্পৰ্ধা? : নহয় ছাৰ; নামটো

Read more
1 2 3 4 5 13