ফটাঢোল

ফটাঢোল এডভেন্সাৰ (অষ্টম খণ্ড) – হেমন্ত কাকতি/বিজয় মহন্ত

মুৰ্গা ফচা যেন দেখি বিজয়ক চকু টিপ দি ওচৰৰ ৰেষ্টুৰেন্ট এখনলৈ মাতি লৈ গ’লো৷ প্ৰায় আধা ঘন্টা আলোচনাৰ মুৰত সি কলে,

“মই ভাৰতৰ গুজৰাটি মানুহ, মোৰ নাম দাবাং পেটেল৷ আপোনালোকে বিশ্বাস কৰিব পাৰে৷ এইটো ‘বস্তু’ৰ খালী প্ৰমান কৰি দিয়ক, বাকী মোৰ ওপৰত এৰক৷ কীমত কী চিন্তা মত কৰো ভাই, য়ে লো হমাৰা কাৰ্ড!”

“আপকা সামনে প্ৰুফ কৰ দেতা হু” বুলি কৈ বিজয়ৰ পৰা হাতৰ টিপতে তাবিজ টো লৈ ডিঙিত পিন্ধি ললোঁ৷

“মেৰে সাথ আও!”

পেটেল আৰু বিজয় পিচে পিচে মোৰ লগত৷ ৱাল স্ট্ৰীটত তেতিয়া মানুহৰ ভীৰ! এজনী বিদেশী মহিলাক দেখি “হাই” বুলি কবহে পালো তায়ো “হাই হেণ্ডচাম!!!” বুলি মন্ত্ৰমুগ্ধৰ দৰে এটা মিচিকিয়া হাঁহি মাৰি মোৰ ওচৰ পালে৷ ‘কথা’ বেচি আগবঢ়াৰ আগতে ফটাফট তাবিজটো খুলি বিজয়ৰ পকেটত দিলোঁ৷ সেইজনীয়ে বাই কৰি গুছি গল৷ পেটেল ভবাতকে বেছিয়েই ইমপ্ৰেচড হল৷

“ভাই, আপকো দো মিলিয়ন দে দুংগা, লেকিন উচসে উপৰ মিলেগা তো বাকী মেৰা ৷ আপকো মেৰা কাষ্টমাৰ কে পাচ লে যাউংগা ৷ বাকী আপকে মৰ্জী ৷ অব বতাও!”

“কাষ্টমাৰ কোন হেই?”

“বৰা বৰা আদমী হেই, আপকো পেৰ সে ক্যা মতলব, ফল খাও”

“বাত সহী হেই, ফিৰভী বতাও না, য়ে মত বোলনা কি চালা ডোনাল্ড ট্ৰাম্প হেই!উচকা লেন ডেন ঠিক নহী হেই, লাষ্ট ইয়েৰ কা পৈচা অভী তক পেইমেন্ট নহী হুৱা হেই!”

অলপ লেভেল দিলোঁ৷ বিজয়ে ভৰি খনত গছক এটা মাৰি বেছি নাগুৱাব লৈ ইংগিত দিলে৷ মই চকুৰ ঠাৰেৰে তাক বুজাবলৈ চেষ্টা কৰিলো যে এনে লেভেলেও বিজনেচত কামত দিয়ে৷

পেটেলে কলে-

“পুৰানা বাত ছোৰো, নয়া ৰিস্তা জোৰো, য়ে মাল কা কীমত উসচে জ্যাদা কই নেহী দে সকতা৷ হোৱাইট হাউচ মে হী বিকেংগে৷ আপ মেৰে ওপৰ ছোৰ দো”

ডিল হৈ গ’ল৷ পেটেল মই আৰু বিজয়৷ লক্ষ্যস্থান -হোৱাইট হাউচ৷ ৱাচিংটন ডি চি৷

—————————

দেবাং পেটেলক লগ পোৱাৰ পিচৰে পৰা বিজয় আৰু মোৰ টোপনি নোহোৱা হ’ল৷

“কাকতি দা, সচাকে ভবাই নাছিলো যে ইম্মান সোনকালে আমি মালামাল হৈ যাম! মানুহৰ কপাল ফুলিলে ধনী হবলৈ বেচি দিন নালাগে দেই! কিবা পাৰ্টি এটাহে কৰিব মন গৈছে!” বিজয়ে উৎসাহতে কৈ গ’ল-

“বিজয়, সব তোমাৰেই ক্ৰেডিট বুজিছা৷ তোমাৰ আইডিয়াটো ব্ৰেইনত নেখেলোৱা হলে আজি মই তো খাৰখোৱা মাঠাৰে এইবোৰ ভাবিবই পৰা নাছিলো৷ পিচে মণিকাই তাবিজ হেৰোৱা কথাতো গম পাই নে নাই?”

“ধুৰ, বাদ দিয়ক না৷ তাই হেৰালেও এতিয়া লাজত কব নোৱাৰিব৷ আৰু কলেও আমি কি জানো৷ কেনেকে গম পাব আমি সৰকোৱা বুলি? মণিকাক আৰু বেচি পাট্টা নিদিব বুজিছে৷ লাহে লাহে কাটি খাওক!”

“ময়ো ভাবিছো কথাতো৷ এতিয়া মিলিয়নেয়াৰ হোৱাৰ পিচত এই দুখীয়া গৰীবৰ মুখ চাই লাভ নাই৷ আমাৰ ষ্টেটাচ, ক্লাচ সব বেলেগ হব৷ ডাঙৰ ডাঙৰ মানুহৰ লগত উঠা বহা কৰিম, গতিকে অলপ দূৰত্ব বজাই ৰাখা আৰম্ভ কৰা বুজিছা৷”

“মই কালিৰ পৰা দিনে ৰাতিয়ে সপোনে দেখি আছো ফুৰ্তিতে৷ কালি কি সপোন দেখিলো জানে? অভিজিত দা আহি ওলাইছে ইয়াতে৷ হা হা! ৰাতি আহি মোৰ ৰুমত তাবিজ টো বিচাৰি ফুৰিছে!”

“ধেই, বিজয়, তুমি ইয়াতে আছা যদিও, মনটো তোমাৰ তাতেই থাকি গল৷ মিছ কৰিছা ছাগে সিহতক বেয়াকে৷ সেই কাৰণে ফটা ঢোলৰ মানুহ বিলাকৰ সপোন দেখি আছা৷ এতিয়া লাহে লাহে সেইবোৰ পাহৰা আৰু!”

“তাকেই! অভিজিতদাহঁত বেছেৰা ক’ত ছাগে পাহাৰৰ মাজত মেচিন ভাল কৰি আছে, হাতত তেল মবিল লগাই আৰু আমি কত ফাইভ স্টাৰ হোটেলত মস্তি কৰি আছোঁ!”

——–

ৰাতিপুৱা ন মান বজাত পেটেলৰ ফোন আহিল৷ ৱাচিংটন যাবলৈ৷ সি সুধিলে কিহত যাম৷ বিজয়ক সুধিলো-

“বিজয়, কি কৰা? কিহত যোৱা৷ কিমান বা দূৰ? কালি বাৰ্লিংটন যাওঁতে দুঘন্টা লাগিল৷ ৱাচিংটন পাও মানে আৰু ডাবোলত বেচি বুলি কৈছিল৷”

“আপুনিয়ে কওক! পাৰিলে পেটেলৰ পৰা অলপ খিৰাওক গাড়ী ভাৰাতো৷”

“ৰবা, সি হল বেপাৰী মানুহ, তাতে গুজৰাটি, ইমান সহজ নহব৷ ইফালে আমি হোজা গাঁৱলীয়া বুলি গম পাবলৈ দিবও নোৱাৰি৷ অলপ লেভেল নিদিলেও নহব৷ সি বুজি পাব লাগিব যে আমিও পাক্কা খিলাৰী মানুহ বুলি৷ নহ’লে কেতিয়া ঠগন খাই যাবা গমেই নাপাবা”

“হব তাক কওক যে আমেৰিকাত আমি বেচি বিজনেচ কৰা নাই, আমাৰ কামকাজ চাইনা, ইউৰোপত হে বেচি চলে৷ গতিকে ইয়াৰ চাইডটো সিয়ে মেনেজ কৰক৷ পইচা একবাৰ হজম কৰি লব পাৰিলে হ’ল৷”

অৱশেষত তাক আৰু এবাৰ ফোন কৰিলো৷ উত্তৰত সি যিহে ক’লে আমাৰ আশ্বৰ্য্যৰ ঠিকনা নোহোৱা হ’ল৷ তাৰ কথা খিনি মোটামুটি এনেধৰণৰ-

দহ বজাত হেনো আমি ৱাল স্ট্ৰীটৰ ওচৰতে থকা ডাউনটাউন মানহাটান হেলীপৰ্ট যাব লাগে৷ তাৰ পৰাই আমাক প্ৰাইভেট হেলিকপ্টাৰেৰে ৱাচিংটন লৈ যাব৷ অহা আৰু যোৱা মিলাই ভাৰা প্ৰায় পাচ হাজাৰ ডলাৰ৷ আমাকে দিব কৈছে, তাৰ হেনো কেশ্ব্ লগত নাই, ক্ৰেডিড কাৰ্ডো ৱাচিংটনতে থৈ আহিছে৷ গৈ পেলাই ধাৰ মাৰি দিব৷ আমি তাৰ অতিথি যেতিয়া অহা যোৱা থকা খোৱা সকলো তাৰ ৰিস্ক! মই বিজয়ক কলো হব দিয়া সাত হাজাৰ ডলাৰ এতিয়াও পকেটত৷ গধূলিৰ পৰাতো এই শ হাজাৰ এইবোৰ নচলিব, মিলিয়নত খেলিম হে! এটা সন্তুষ্টিৰ হাঁহি মাৰি আমি ওলালো ৱাল স্ট্ৰীট, মানহাটান হেলিপৰ্ট!

হেলীপৰ্টত গৈ পেটেলেই বুক কৰিলে বেল-৪২৭ ডুৱেল ইঞ্জিন ছয়জনীয়া মিনি হেলিকপটাৰ এখন৷ পাচ হাজাৰ ডলাৰত অহা যোৱা ফাইনেল৷ ইয়াত ডাঙৰ ডাঙৰ মানুহবোৰে টেক্সীত যোৱাদি ইফালৰ পৰা সিফালে হেলিকপ্টাৰতে অহাযোৱা কৰে৷ পেটেলেই ক’লে বোলে আহোঁতে তেওঁলোকে একেবাৰে আমাৰ হোটেলৰ চাদতে থকা মিনি হেলিপেডতে ড্ৰপ কৰি দিব৷ টিকেট লৈ তললৈ নামি আহিলোঁ৷ অলপ আগত সৰু কলা ৰঙৰ চেমচুং এৰোস্পেচ ইণ্ডাস্ট্ৰিজ কম্পেনীৰ বেল- ৪২৭ মডেলৰ হেলিকপটাৰ খন ৰৈ আছিল প্ৰচণ্ড গৰ্জনি মাৰি আমাৰ কাৰণে৷ তাৰ পাংখাৰ বতাহে আমাৰ চুট টাই আৰু চুলি আউলি বাউলী কৰি পেলাইছিল৷ বতাহ আৰু শব্দৰ গৰ্জনী ভেদ কৰি সোমাই পৰিলো বেল ৪২৭ ত৷ ভিতৰখন দেখিবলৈ আমাৰ মৃত্যুঞ্জয়-১০৮ খনৰ দৰেই ৷ খালি আয়নাবোৰ প্ৰকাণ্ড প্ৰকাণ্ড দীঘলীয়া ধৰণৰ ৷ সোমোৱাৰ লগে লগে কান তাল মাৰি ধৰাৰ দৰে হল৷ পাইলটে ওপৰত ওলোমাই থোৱা হেডফোনৰ দৰে বস্তুকিটা কাণত লগাবলৈ নিৰ্দেশ দিলে৷ চিট বেল্টো বান্ধি ললোঁ৷

প্ৰায় এক মিনিট পিচত আমাৰ হেলিকপ্টাৰ আকাশলৈ উৰা মাৰিলে৷

লাহে লাহে মাটহাটান স্কাই লাইনৰ ওখ ওখ অট্টালিকা বোৰ সৰু সৰু লগা হ’ল৷ সকলোতকৈ ওখ এম্পায়াৰ ষ্টেট বিল্ডিংটো মমবাটি এডাল হেন হ’ল৷হাডচন আৰু পুৰৱ নদীৰ মাজৰ মানহাটান খন কিবা আমাৰ মাজুলি হেন লগা হল৷ অলপ আগলৈ আহি হাডচন নদী আৰু উপসাগৰৰ সংযোগ স্থলীত আমাৰ ব্ৰহ্মপুত্ৰৰ উমানন্দ হেন জেগা এটাত সুবিশাল ওখ মুৰ্তি চকুত পৰিল৷ পেটেলে ক’লে সেয়া হেনো “ষ্টেচু অৱ লিবাৰ্টী”! আমেৰিকান স্বাভিমানৰ প্ৰতীক! সঁচাকে হুমুনিয়াহ এটা ওলাই আহিলে৷ আমাৰ লাচিতৰো যদি শৰাইঘাটত এটা ইমান ডাঙৰ মুৰ্তি থাকিলহেঁতেন! ওচৰে পাজৰে পৰুৱাৰ লাইন হেনকে দৰ্শনাৰ্থীৰ ভিৰ আৰু অসংখ্য সৰু সৰু জাহাজ৷ উমানন্দ হেন জেগাটোৰ নাম লিবাৰ্টি দ্বীপ৷ ওচৰতে আৰু এটা E আকৃতিৰ দ্বীপ, নাম ইলিচ দ্বীপ ৷

লাহে লাহে নিউ ইয়ৰ্ক এৰি ফিলাডেলফিয়া চহৰ আৰু তাৰ পিচতেই ৱাচিংটন জিলাৰ আকাশত ভূমুকি মাৰিলোঁ৷ দূৰৰ পৰাই চকুত পৰিল পাচকোনীয়া পেন্টাগনটো আৰু আমেৰিকান সুপ্ৰীম কৰ্ট! নিউ ইয়ৰ্কত কৈ ৱাচিংটন অলপ সৰু ঠাই৷ তাতো সৰু নদী এখন চকুত পৰিল৷ পেটেলে কৈ গল-

“ৱাচিংটন চহৰ খন আগতে নাছিলে৷ ৰাজধানী বনাবলৈ মেৰিলেণ্ড আৰু ভাৰ্জিনিয়া ৰাজ্য দুখনে অলপ অলপ মাটি এৰি দি এই চহৰখনৰ জন্ম দিছিল৷ ইয়াতে আমেৰিকাৰ ৰক্ষাপ্ৰণালীৰ হেড কোৱাৰ্টাৰ পেন্টাগন আৰু বিখ্যাত হাৰভাৰ্ড বিশ্ববিদ্যালয় আৰু ইহঁতৰ চুপ্ৰীম কৰ্ট আছে৷ এইবোৰ পিচতো চাব পাৰিব৷ সময় নষ্ট নকৰি আমি চিধাই হোৱাইট হাউচলে যাম৷ ট্ৰাম্প চাহাবৰ লগত দেখা কৰিব নোৱাৰিলেও তেখেতৰ পি এচৰ লগত লেনডেন কৰিলেও হব৷”

আমাৰ হেলিকপ্টাৰ হোৱাইট হাউচৰ কিছুদূৰত কমাৰ্চিয়েল পাবলিক হেলিপেড এটাত ৰ’ল৷ হোৱাইট হাউচৰ নিজৰ হেলিপেডত বাহিৰা ফ্লাইট অৱতৰন কৰাৰ অনুমতি ৰাষ্ট্ৰপতিৰ বাহিৰে কাৰো নাই! আমি নামিয়েই পেটেলক অনুসৰন কৰিলোঁ৷ দূৰত ফিল্ড এখনৰ সন্মুখত আমাক থৈ পেটেল আগলৈ আগবাঢ়িল৷ পাচলৈ আহি আমাক ক’লে আহিবলৈ৷গৈ গৈ হোৱাইট হাউচ পালোগৈ৷ এয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি থকা ঘৰ৷ উত্তৰ আৰু দক্ষিনে দুখন সুবিশাল সুদৃশ্য ঘাঁহনি আৰু বাগিছা মাজে মাজে গছৰ জোপোহা ৷ দূৰৰ পৰা তেনেই সাধাৰণ যেনেই লাগিল যদিও কিবা এটা বেলেগ অনুভৱ হল ইয়াৰ সাতামপুৰুষীয়া ঐতিহ্যৰ কথা ভাবি৷ দুইমহলীয়া বগা ৰং দিয়া গম্বুজ হেন ঘৰটো৷ আগফালে মাজতে অৰ্দ্ধাগোলাকাৰ বাৰান্দা৷ ইয়াতেই হেনো ১৮০০ খৃষ্টাব্দৰ পৰা প্ৰতিজন ৰাষ্ট্ৰপতিয়ে থাকি গৈছে৷ পেটেলে ক’লে ঘৰটো হেনো ছয় মহলীয়া৷ ওপৰত তিনি আৰু তলত তিনিটা ফ্লৰ আছে৷

যাহক, আমাক নি ৰিচিপচন উয়িঙত ৰখাই পেটেল ভিতৰলৈ গল৷ নতুন জেগা হিচাবে বেচি ইফালে সিফালে ঘুৰিবও নোৱাৰি৷ তাতে আকৌ বেচি হেবাং যেন হৈয়ো থাকিব নোৱাৰি৷ এবাৰ ৰিন্টুৱে কৈছিল, চিক্ৰেট চাৰ্ভিচৰ লোক হেনো পিয়াপি দি ঘূৰিও ফুৰে৷ আমাক বা কিমানে লক্ষ্য কৰি আছে৷

হঠাৎ খবৰ পালো অভেল অফিচৰ প্ৰথম মহলাৰ বেলকনিখন সাজু, ৰাষ্ট্ৰপতিয়ে ভাষণ দিব। তলত যেন গোটেই আমেৰিকাখন উবুৰি খাই পৰিছে। লাখ লাখ মানুহ।মেডিয়াই ট্ৰাম্পৰ বিষয়ে বেয়াকে ক’লে কিডাল হব, ট্ৰাম্পক ভাল পোৱা মানুহৰ যে আকাল নাই সেইটো মই আমেৰিকাত ভৰি দিয়েই বুজিছোঁ। আজিৰ সমাগমেই তাৰ প্ৰমাণ।

” হৌৰা বিজয়, আজি এওঁক লগ পোৱা টান হব দেই। তাতকৈ ইয়াতে ৰৈ ভাষণকে শুনো দিয়া। পেটেলো যে কেতিয়া ঘুৰিব তাৰো আশা দেখা নাই৷ ক’ত গল মানুহজন, এতিয়া লৈকে খৱৰ নাই যে?”

“ঠিকেই কৈছে দাদা, আমেৰিকাত গৈ ৰাষ্ট্ৰপতিৰ লাইভ ভাষণ শুনিলো বুলি বুঢ়া কালত নাতি পুতিক কবলে হ’ব। পেটেল অহালে ভাষনেই শুনা যাওক৷”

আমি দুইজনে অপেক্ষা কৰিবলৈ ধৰিলো, মনে মনে চাধা এপালিও মোহাৰিবলৈ পালে বৰ সুখ পালোহেঁতেন৷ বিৰি এডাল হুপিবলৈ তামাম মন গৈ আছিল৷ চালা ভদ্ৰলোক হৈ থকাও যে কি মস্কিল! আমাৰ তাত হোৱাহেঁতেন ইমান দেৰি তামোলৰ পিকেৰে অভেল অফিচ ৰাঙলী হলহেঁতেন৷

কিছু দেৰি অপেক্ষাৰ পাছত ডোনাল্ড ট্ৰাম্প বেলকনিলৈ ওলাই আহিল। মানুহবোৰে একলগে গিৰ্জনি মাৰি উঠিল। মই লক্ষ্য কৰিলো- ট্ৰাম্প অকলে নাই। লগত আৰু এজন চফল ডেকা মানুহ আছে। মিচিক মাচাক হাঁহি আছে মানুহজনে। ট্ৰাম্পে বোধহয় মানুহজনৰ বিষয়েই কিবা কৈ আছে- মানুহ হুলস্থুলত ভালকৈ শুনাই নেযায়… মাহ ফ্ৰেণ্ড..ফিলচ’ফাৰ… এণ্ড মাহ ফিউচাৰ…ড’টাৰ .ইত্যাদি কিবা কিবি দুই এটা শব্দ মোৰ কাণত উফৰি পৰিছেহি।

হঠাত মোৰ মনে গাজিল, আৰে, এই ডেকাজনক দেখোন চিনাকী যেন লাগিছে। বিজয়লৈ চালো, তাৰ চকু ট্ৰাম্পত নাই, শ্বৰ্ট পৰিহিতা আমেৰিকান গাভৰুবোৰ তাৰ বৰ পছন্দ হৈছে যেন পাইছো। মোৰ কিন্তু টেনচন হৈ গ’ল,

বিজয় চোৱাচোন, ট্ৰাম্পৰ লগত সেই মানুহজন .. চিনাকী যেন লগা নাই নে? চোৱাচোন চোৱা

মোৰ কথাত বিজয়ে এইবাৰ ভালকৈ বেলকনিলৈ জুমি চালে। আৰু অলপ পাছত হঠাত চিঞৰি উঠিল।

“হেমন্ত দা, মোৰ গালত দুটা চৰ মাৰকচোন, জোৰকে মাৰিব।”

“কি কোৱা হে, মানুহজন চিনি পাইছা নেকি?”

“আপুনি মাৰকচোন, মই কনফাৰ্ম কৰিব লাগে মই আচলতে সাৰ পাই আছো নে সপোন আকৌ দেখি আছো।”

“ধুত ধেমালি নকৰিবা, তুমি সাৰ পায়েই আছা। কোৱা কোন তেওঁ?”

“আপুনি মোৰ কান্ধত ভালকৈ ধৰি লওক, নহ’লে লুটি খাই পৰি যাব, তেওঁৰ নামটো শুনি।”

মই অলপ চিৰিয়াচ হৈ গ’লো- ঘটনা কি?

“ককাই, মোৰ চকু যদি অন্ধ হোৱা নাই, তেনে ট্ৰাম্পৰ লগত ঠিয় হৈ থকা মানুহজন, আমাৰ অভিজিত দা।

আৰে হয়তো। অভিজিতেই হয়, মোৰ বাবে একেবাৰে অপ্ৰত্যাশিত আছিল বাবেহে মই ধৰিব পৰা নাছিলো।

দুইটা কিমান দেৰি বজ্ৰপাত পৰা মানুহৰ দৰে ঠিয় হৈ আছিলো গম নেপাওঁ, হঠাত পিছফালৰ পৰা পৰা এটা প্ৰকাণ্ড ধাক্কাত দুইটাৰে সম্বিত ঘুৰি আহিল। হুৰমুৰকৈ আমাৰ দুইটাৰ গাতে উজুটি খাইপৰিছেহি এগৰাকী আমেৰিকান যুৱতী। ওখই কমেও ছফুট। পিন্ধনত.. এহ নকও আৰু।

এনেই দেখাক দেখুৱাই চৰি বুলি কলেও আমি বুজিব পাৰিলো, যুৱতীৰ ধ্যান বেলকনিত। বাকী একো খবৰ নাই তেওঁৰ। দুইটাই আঁৰচকুৰে যুৱতীৰ ৰূপসুধা পান কৰাত লাগিলো।

“এক্সকিউজ মি?” যুৱতীয়ে আমাৰ ফালে নোচোৱাকৈয়ে সুধিলে।

আমাকে সুধিছে বুলি কনফাৰ্ম হোৱাৰ পাছত, আমি দুইটাই একেলগে মাত দিলো

“ইয়েচ, হাও কেন আই হেল্প ইউ?”

আমাৰ ইংৰাজী শুনি আমি যে লোকেল মাল নহয় যুৱতীয়ে বুজি পালে চাগে, এইবাৰ আমাৰ ফালে কটাক্ষ নিক্ষেপ কৰি আকৌ সুধিলে,

“হু ইজ ডেট?”

বিজয়ে মোৰ ফালে চালে, ময়ো। সঁচা কথাটো কওঁ নে নকওঁ, ক’লে বিশ্বাস কৰিব জানো? তথাপিও মই চান্স এটা লৈ জানিব খুজিলো।

“কাৰ কথা সুধিছে নো তাই?”

অলপ চান্স পালেই কৈ দিম, সেইজন আমাৰ খাচ মানুহ, আমাৰ ফেচবুক গোটৰ পুৰণা বন্ধু..আমাক কি এৰা গেৰা বুলি ভাৱিছে তাই।

“ন ন ন! আই মিন, হু ইজ ডেট গাই, ষ্টেণ্ডিং বিচাইড অভিজিত কলিতা। এণ্ড হোৱাই হি ইজ টকিং চ’ মাচ্ছ। আই ৱাণ্ট টু হিয়েৰ অভিজিত, .. অহ .. মাই লাভ…!”

“বিজয়, কাণ্ট বিলিভ ডিচ্! অভিজিতৰ ডিঙিত যে তিৰবিৰাই আছে, সেই তাবিজ টো নহয় নে?”

বিজয়, পকেটত হাত ভৰাই চিঞৰি উঠিল-

“কাকতি দা, তাবিজ টো নাই! “

এটা হুমনিয়াহৰ সৈতে অসমীয়া দুটা শব্দ মোৰ মুখেৰে উচ্ছাৰিত হ’ল!

——————–

অভিজিত কলিতাৰ ডিঙিত তাবিজৰ আবিস্কাৰ কোনো সাধাৰণ ঘটনা নাছিল৷ ইমান দিনৰ জল্পনা কল্পনা মাত্ৰ কিছু চেকেণ্ডত মষিমুৰ হৈ গৈছিল মোৰ৷ বুদ্ধি ভ্ৰষ্ট হৈছিল৷ মগজুৱে কাম কৰা নাছিল৷ বিজয় কিন্তু তেতিয়াও নিৰ্বিকাৰ৷ বিজয়ৰ এই স্বভাৱটো ভাল লাগে মোৰ৷ সাংঘাটিক কিবা এটা হলেও সি এনেকুৱা দেখাই যেন অন্য এটা আইডিয়াই তাৰ মুৰত ইতিমধ্যে বাহ বান্ধি আছে৷ মই বেচি হতাশাত ভুগিলে তাৰ মুখলে চাওঁ৷ পকেটৰ পৰা হেলিকপ্টাৰৰ নামত ওলাই যোৱা পাঁচ হাজাৰ ডলাৰ টো মনত পৰাৰ লগে লগে মোৰ মুৰটো ঘুৰোৱা যেন লাগিল৷ ইফালে পেটেলক কি কম, ৰিন্টুৱেও ছাগে বেয়া পাইছে ৷ জিমনিৰ কথা নকলোৱেই যেনিবা ৷

-বিজয়, অভিজিতে কেনেকে এই অসাধ্য সাধন কৰিলে? অলপ চিন্তাক্লিষ্ট ভাবে মই বিজয়ক সুধিলো ৷

-কাকতি দা, অভিজিত দা যোৱাকালি হোটেললৈ আহিছিল৷ মোক কালি সেই পানীসোপা অলপ বেচিয়ে খুৱাই দিছিল ফুৰ্তিতে আপুনি৷ নিচাতে লাং খাই পৰি আছিলো৷ অভিজিতদা হোটেললৈ অহাটো মই সপোন দেখা বুলিহে ভাবি আছিলো৷ জোচতে মই তাবিজৰ কথাটো কৈ পেলাইছিলো৷ আমি যে মালামালো হৈ যাম সেইবোৰো বকি দিলো৷ গম পাই মোক তাবিজটো দেখাবলৈ কৈছিল৷ তাৰপাচত মোৰ মনত পৰা নাই৷ ৰাতিপুৱা খালি দুৱাৰ খন খোলা দেখা পাই অলপ পৰ ভাবিছিলোঁ৷ কিন্তু সমস্ত ঘটনাটো কিবা সপোন বুলিয়েই পাট্টা নিদি পেটেলৰ লগত গুছি গলোঁ৷ অভাৰ কনফিডেন্সটো বেয়া আছিল৷ আনকি যোৱাৰ সময়ত নিজৰ পকেট খনে চেক নকৰিলো যে বস্তুটো আছিল নে নাই! বিজয় একে উশাহে গাই গল ৷

-ওকে, এতিয়া কি কৰিবা? চৰাই উৰি যোৱাৰ আগতে ধৰিব লাগিব৷

-ৰব, চৰাই এতিয়াও উৰা নাই৷ মই পল্লুবৌক ফোন কৰিছিলো৷ অভিজিত দাক কোম্পানীয়ে আমেৰিকা পঠাইছে কিবা টেকনিকেল কামত৷ আৰু তিনি চাৰি দিন ইয়াত থাকিব৷ কিন্তু টুৰ ডিটেইলচ টো পল্লুবৌয়েও নাজানে৷

এইবোৰ আলোচনা কৰি থাকোতে পেটেল আহি ওলালহি৷ এটা ম্লান হাঁহিৰে পেটেলে ক’লে-

-আজ ট্ৰাম্প চাহাব সে মিলনা মুচকিল হি নেহী, না-মুমকিন হেই৷ উচকা পি এ ভী বিজি হেই৷

-ঠিক হেই কল মিলতে হেই! আপ থোৰা ৰোকো, হমলোগ এক দুচৰা আদমী সে মিলনা পৰেগা৷

এইবুলি আমি দুয়ো অলপ কাটি খালোঁ৷ অভিজিতক বিচাৰি বেচি কষ্ট কৰিব লগীয়া ন’হল৷ এজেগাত এজাক বিদেশী সুন্দৰীয়ে ঘেৰি চেলফি তুলি থকা অৱস্থাত অভিজিতক ‘উদ্ধাৰ’ কৰিলো৷ গাল আৰু চোলাত অসংখ্য লিপষ্টিকৰ দাগেৰে সৈতে অভিজিত প্ৰায় বিধ্বস্ত! আমাক দেখি সি যেন জীৱটো ঘুৰাই হে পালে৷ বিজয়ে “অভিজিত দা” বুলি মতাৰ লগে লগে সিও জীৱন্ত হেন হৈ ছোৱালী জাকক ঠেলি হেঁচি আহি আমাৰ কাষ পালে৷

“কি ফাল্টু বস্তুটো দিলাহে বিজয়? আই এম ভেৰি চৰী কাকতিদা ৷ এইটো মই কিবা ভাবি চুৰ কৰিলো যদিও হিতে বিপৰীত হে হ’ল৷ বিজয়, ঘুৰাই লোৱা তোমাৰ বস্তু৷ যি কৰা কৰিবা৷ মোৰ অফিচৰ কামত আহি এই নলগা জেঙত লাগি গলোঁ৷ মই যাওঁ আজি৷ দুদিনত কম্পেনীৰ টুৰ শেষ কৰি যাব লাগিব৷ গতিকে বাই বাই৷ ফটা ঢোলত আকৌ সোনকালে লগ পাম!”

যোৱাৰ সময়ত মোৰ কানে কানে আৰু এষাৰী বাক্য কৈ গ’ল -” দাদা, যি হ’ল হ’ল, ঘৰত গৈ একো কথা উচ্চাৰণ নকৰিব আৰু নিজৰ বুলি! নহলে বোৱাৰীকটো জানেই! “

মই নিৰ্ভয় দি অভিজিতক বিদায় দিলোঁ৷

বিজয়ে তাবিজটো হাতত লৈ পুনৰ বিজয়ৰ হাঁহি এটা মাৰিলে৷আমি যেন উশাহ ঘুৰাই পালোঁ৷ লাহে লাহে এইবাৰ পেটেলৰ সন্ধানত নামি পৰিলোঁ৷

” বিজয়, তুমি ক্লোনিংৰ বিষয় কিবা জানানে?”

“কি বস্তু সেইটো?” বিজয়ে অলপ বেঙাৰ দৰে চাৱনি এটা দি মোৰ ফালে চালে৷

“বুজিছা, তামাম আইডিয়া এটা আহিছে৷ শুনিলে তোমাৰ মূৰ ঘুৰাই যাব৷ বাৰু তোমাৰ মনত আছেনে আমেৰিকা সোমাবৰ সময়ত এয়াৰ পৰ্টত মণিকাক পুলিছে ধৰিছিল আৰু তাবিজটো খুলি চাই ভিতৰত আৰবী ভাষাত লিখা কাগজ এখন পাই যে টেৰ’ৰিষ্ট বুলি সন্দেহ কৰিছিল?”

“অ’ তো, কি হ’ল তাতে?”

” সেইটোৱেই তো মেইন কেচ! তাবিজটো নিমিত্ত হে মাত্ৰ, লিখা টোৱেই টো আছল মাল৷”

বিজয়ে নিজৰ গালতে চৰ এটা মাৰি কলে –

“ধেত তেৰি, হয়তো! আৰে ক্লাচ ফাইভ লৈকে ময়ো স্কুলত আৰবী পঢ়িছিলোঁ৷ এইটো খুলি চাও কি লিখা আছে৷ মই হুবহু লিখি দিব পাৰিম৷”

মই বিজয়ৰ ফালে চালো ৷ তাৰ অভাৰ কনফিডেন্সে মোক আগতেও বহুবাৰ বিপদত পেলাইছে৷ গতিকে ৰিস্ক নললোঁ৷

“শুনা বিজয়, তুমি কৰিব নালাগে৷ কামটো পাৰফেক্ট নহ’লে বেলেগ কিবা হে হব পাৰে৷ গতিকে সঠিক মানুহৰ দ্বাৰা হে কৰিব লাগিব৷ আজি পেটেলৰ পৰা পুৰাই কাটি খাওঁ৷ হোটেললৈ ঘুৰি গৈ ৰাতিৰ ভিতৰতে ইয়াৰ ডুপ্লিকেট বনাই কালি ট্ৰায়েল লৈ তাৰ পিচত হে মালটো মাৰ্কেটত এৰিম৷ যদি চাকচেচ হওঁ তেতিয়া আমাক আৰু কোনেও ঢুকি নাপাব৷ ইমান জল্দিবাজী একো নাই৷ ধীৰে সুস্থিৰে হওক কামটো৷” বিজ্ঞৰ দৰে কৈ উঠিলোঁ৷

পেটেলক বুজাই বঢ়াই ঘুৰি আহিলো পুনৰ আমাৰ হেলিকপ্টাৰ বেল ৪২৭ লৈ৷ প্ৰায় দেৰ ঘন্টা মুৰত নিউইয়ৰ্কৰ হোটেলৰ ছাদত অবতৰন কৰি সোনকালে আগুৱালো আমাৰ ৰুমলৈ৷

চিন্টু আৰু মণিকা দুয়ো ঘুৰি অহা নাছিল৷ বিজয়ৰ কোঠাত প্ৰবেশ কৰিয়েই বিজয়ক ক’লো তাবিজটো খুলিবলৈ৷ বিজয়ে তাবিজ খুলি বিছনাত থলে৷ সৰু চুৰি এখনেৰে তাবিজৰ সাফৰটো খুলি চাৰি জাপ কে মেৰাই থোৱা সৰু কাগজৰ টুকুৰাটো সাউৎ কে বাহিৰ কৰি আনিলোঁ৷

কাগজ খন মেলি বিজয়ৰ ফালে টোৱাই দেখাই সুধিলো বিজয় কিবা পঢ়ি বুজি পাইছানে? বিজয়ে সেমেনা সেমেনি কৈ মুৰটো খজুৱাই কলে – নাই অ, একো ধৰিব পৰা নাই!

“ধেই! মই বুজিছিলোই তোমাৰ দ্বাৰা নহ’ব বুলি ৷ বাদ দিয়া, এইখন আৰবী জানা কোনো মানুহক দেখাব লাগিব৷ আচ্ছা, চিন্টুৱে কোনোবা আৰবিয়ান শ্বেখৰ লগত মিটিঙত যাব বুলি কৈছিল না? তাক কবা নেকি কথাটো?”

“কব পাৰি ৷ ফোন এটা কৰি সুধি চাওঁ নেকি ক’ত আছে?”

“সোধা”

বিজয়ে ফোন কৰি গম পালে যে চিন্টু ইতিমধ্যে আহি হোটেল পাইছেই৷ লগত আৰবীয়ান শ্বেখ দুজনো তেওলোকৰ বেগমৰ লগতেই আছে৷ আমি পলম নকৰি দৰ্জা বন্ধ কৰি ওলাই আহিলো চিন্টুক বিচাৰি৷ বিজয়ৰ হাতত কাগজ৷ হোটেলৰ লবীত দেখিলো চিন্টু তেতিয়াও আৰবীয়ান কিজনৰ লগত কিবা কথা পতাত ব্যস্ত৷ হয়তো সিহঁতৰ বিজনেচ ডিল তেতিয়াও সম্পুৰ্ণ হোৱা নাই৷ ওচৰতে শ্বেখৰ পত্নী সকল বহি আছিল৷ বিজয়ক ঈংগিত দিলো, শ্বেখ বিজি যেতিয়া তাহাঁতৰ পত্নী এজনীকে পটকে দেখুৱাই দিয়াচোন কাগজ খন৷

বিজয়ে কাগজখন লৈ এজনীক দেখাই কি বুলি ওচৰতে ঠিয় দি থাকিল৷ মই দুৰৰ পৰাই লক্ষ্য কৰি ৰলোঁ৷ শ্বেখৰ ঘৈনীয়েকে এবাৰ কাগজখন চালে এবাৰ বিজয়ৰ মুখলে চালে৷ বিজয় তেতিয়াও তাইৰ নিচেই ওচৰত৷ প্ৰায় দুই চেকেণ্ডৰ ব্যৱধানত বিজয়ৰ গালত ‘টপক’ কে এটা চৰ পৰিল৷ চাৰিওফালে হুৱাদুৱা লাগিল৷ কাগজখন টুকুৰা টুকুৰ কৈ ফালি বিজয়ৰ মুখলে মাৰি পঠিয়ালে৷ ঘটনাৰ আকস্মিকতা তলকিব নোৱাৰি মই সিহঁতৰ কাষ পালোগৈ৷ শ্বেখৰ ঘৈণীয়েকৰ চকুমুখত তীব্ৰ খঙৰ চাৱনি৷ চিন্টু আৰু শ্বেখহঁতো উঠি আহিল৷ কি হ’ল বুলি সকলোৱে প্ৰশ্নবোধক চাৱনিৰে শ্বেখৰ ঘৈণীয়েকলৈ চালে৷ ভঙা ভঙা ইংৰাজীতে তাই বকি গ’ল –

-চাওকচোন, এই মানুহজন! মোক কি লিখি পঢ়িব দিছে? আৰবী ভাষাতে কাগজৰ টুকুৰাটোত ” আই লাভ ইউ চ’  মাটচ্” লিখি মোক পঢিবলৈ দিছে!

অৱশেষত পৰিস্থিতি বিষম দেখি ঘটনাৰ সবিশেষ বিৱৰি কোৱাত সকলো ঠাণ্ডা হল৷ শ্বেখৰ ঘৈনীয়েকে বিজয়ক ক্ষমা খুজিলে৷ চিন্টুক গোটেই ঘটনাৰ আদ্যোপান্ত বিৱৰি ক’লো৷ লাজে অপমানে আৰু সপোন ভাঙি চুৰমাৰ হোৱাত আমি দুয়ো ৰাতি শুব নোৱাৰিলোঁ৷

পিচদিনা ঠিৰাং কৰিলো, আমি আৰু আমেৰিকাত নাথাকোঁ৷ মণিকা তেতিয়াও পেট্ৰিচিয়াৰ ঘৰত৷ গধূলি পেন আমেৰিকাৰ বিমান যোগে ওভতনি যাত্ৰা কৰাৰ সিদ্ধান্ত ললোঁ৷

(ক্ৰমশঃ)

☆★☆★☆

2 Comments

  • ৰাস্না বৰা

    আমেৰিকাতো ফটাধুলিয়াৰ কামাল। ভাল লাগিল পঢ়ি।

    Reply
  • অনুৰূপ মহন্ত

    ক্লণ বনাবলৈ লোৱা তাবিজ ৰ অৱস্থা সেইয়া হে হব গৈ লাগে নে! ভাল লাগিল। সুন্দৰ বৰ্ণনা।

    Reply

Leave a Reply

Your email address will not be published.