ফটাঢোল

ফটাপ্ৰেম – মিতালী চহৰীয়া

চলনাধাৰী অনলাইন প্ৰেমৰ এইটো মোৰ দ্বিতীয় কাহিনী। তেতিয়া মোৰ নাৰ্চিং ট্ৰেইনিং শেষ হোৱা নাই, অন্তিম ছমাহ আছিল। শেষৰ ছমাহ ইনটাৰ্নশ্বিপ আছিল। পঢ়াৰ ধান্দা একেবাৰেই নাই। “ফেচবুক”ৰ নিচাই মোক ভাঙুৰীৰ নিচাৰ দৰে গ্ৰাস কৰিছিল।

এদিন মোৰ কাহিনীৰ আগন্তুকৰ বন্ধুত্বৰ আহ্বান আহিল। ময়ো লাহেকৈ গ্ৰহণ কৰিলোঁ। দেখিলোঁ ল’ৰাজন ডাঙৰ, মোতকৈ সাত আঠ বছৰ মান ডাঙৰেই হ’ব বয়সত। তেওঁ মেছেজ কৰিলে, মই ৰিপ্লাই কৰিলোঁ দাদা সম্বোধনৰেই । ঘৰ ক’ত কি সেইবোৰ কথাও পাতিলোঁ। লাহেকৈ ফোন নং দিয়া লোৱাও হ’ল । তেওঁ ক’লে, “তোমাৰ হস্পিতাললৈ মই গৈ থাকোঁ প্ৰায়ে।”

মই ক’লোঁ, “কেতিয়াবা ফোন কৰিব তেতিয়াহলে লগ হ’ম।”

এনেকৈয়ে এদিন হস্পিতালতেই লগ কৰিলোঁ । তাৰ পিছত মাজে মাজে তেনেকৈয়ে ফোনত কথা বতৰা পাতি থাকোঁ।

মোৰ ট্ৰেইনিং শেষ হল, ঘৰলৈ আহিলোঁ। এমাহমান গুৱাহাটীৰ প্ৰাইভেট হস্পিতালবোৰত বায়’ডাটা জমা দি ইন্টাৰনেচনেল হস্পিতালত মোৰ লগৰ তিনিওজনী মিলি সোমালোঁ। আমি চাৰিওজনী ভাৰাঘৰ বিচাৰি বিচাৰি যেনিবা প্ৰথমে থিতাপি লবলৈ এ আই ডি চি তে ঘৰ ললোঁ, যদিওবা তাত বানপানী হয় বুলি সকলোৱেই হাঁহিছিল। দাদাজনো আকৌ গুৱাহাটীতে কামৰ কাৰণে ভাড়া থাকে। তেওঁ অলপ অলপকৈ সহায় কৰিও দিলে আমাক । মোৰ ডিউটি আই চি ইউত আছিল, গতিকে ভাগৰত আহিয়েই ভাত খাই শুই যাওঁ, ঘৰৰ বাহিৰে কাকোৱেই ফোন কৰা নহয়। লাহে লাহে দাদাজনে ঘনাই খবৰ লোৱা হ’ল, ময়ো এনেই সময় কটাবলৈ কথা পাতিবলৈ ধৰিলোঁ। লগৰ দুজনী আকৌ মাজে মাজে আৰু অফ ডে’ ত বয়ফ্ৰেইণ্ডক লগ কৰিবলৈ যায়। মোৰো মন যায় কেতিয়াবা তেনেকৈ যাবলৈ।

এদিন দাদাজনে লগ ধৰাত মইও সুবিধা এৰি নিদি লগ কৰিবলৈ ওলাই গ’লো। প্ৰথম দিনাই তেওঁ মোক বিয়াৰ প্ৰস্তাৱ দিলে,“মিতালী তোমাক মোৰ ভাল লাগে। মোৰ লগত বিয়া হ’বানে? যদি তুমি হা কোৱা এই বহাগতেই বিয়াখন পাতি পেলাওঁ”।

মই তাতেই থৰ লাগিলোঁ। তেওঁক ক’লো,“মই আচলতে তেওঁক দাদা বুলিহে ভাৱোঁ। আৰু মই এনেও এতিয়া বিয়া নাপাতোঁ, যিহেতু মই ঘৰৰ ডাঙৰ ছোৱালী, ঘৰৰ প্ৰতি মোৰ বহুত দায়িত্ব আছে। চৰকাৰী চাকৰি এটা পোৱাৰ পিছতহে বিয়া পাতিম। আৰু মই ভাইটিক পঢ়াবও লাগিব।”

তেওঁ ক’লে,- “ঠিক আছে তুমি কথাটো ভাৱি উত্তৰ দিবা।“

লাহে লাহে দাদাজনক ভাল লাগিবলৈ ধৰিলে। তেওঁ ফোন নকৰিলেই ভাল নলগা হ’ল। ইন্টাৰনেচনেল হস্পিতালত পাঁচ মাহ ডিউটি কৰাৰ পিছত এদিন এন এইচ এম ৰ ৰিজাল্ট দিলে । ঠিকা ভিত্তিক চাকৰিটো ঘৰুৱা জিলাতে পাই ঘৰলৈ উভটি আহিলোঁ। দাদাজনৰ লগত মাজে মাজে আমাৰ কথা-বতৰা হৈ থাকিল। মাঘ বিহুত এদিন আমাৰ ঘৰলৈ ফুৰিবলৈও আহিল । কিন্তু মাজতে তেওঁ ফোন কৰা কমাই দিলে। মইও নতুন কামত ব্যস্ত হৈ পৰিলোঁ সেইকাৰণে ফোনত কথা পতা কমি আহিল । কিন্তু এদিন হঠাৎ তেওঁ কলে,“মিতালী, তুমিতো মোৰ লগত বিয়া নোহোৱা চাগে?”

মই ক’লো,“হঠাৎ এনেকৈ সুধিলে যে !”

তেওঁ ক’লে,“ ঘৰৰ পৰা ছোৱালী চাব গৈছে। এইবাৰ বহাগতেই বিয়া পাতিব কৈছে”।

মই তেওঁক ক’লো,“দুবছৰ ৰ’ব নোৱাৰিব নেকি!”

তেওঁ ক’লে, “দুবছৰ বহুত দেৰি হৈ যায়”।

মই ক’লো, “ঠিক আছে তেতিয়াহলে, ঘৰৰ পৰা জোৰ কৰিছে যেতিয়া মই একো নকওঁ, ছোৱালী চাওঁক বিয়া পাতক শুভেচ্ছা থাকিল আপোনালৈ” ।

মনটো দুখ লাগিল, কথা পতা কমাই দিলোঁ। গজালি মেলা প্ৰেম আকৌ এবাৰ মৰহি গ’ল।

কিন্তু কাহিনী এতিয়াও শেষ হোৱা নাই…

নিজৰ মনটোক বুজাই ডিউটিত ব্যস্ত হ’লো । এদিন মোৰ লগৰ এজনীৰ বায়েকৰ বিয়া খাবলৈ গ’লোঁ। তাত আমি একেলগে পঢ়া হায়াৰ ছেকেণ্ডেৰীৰ লগৰ আৰু এজনী লগ পালোঁ বহুদিনৰ পিছত। শিক্ষকতা কৰে তাই। কথা হ’লোঁ, কথাৰ মাজতে তাই দাদাজনৰ কথা উলিয়ালে। তেওঁ হেনো মোক চিনি পায় বুলি কৈছে লগৰজনীক। তাৰ পিছত তাই ক’লে, দাদাজনৰ লগত হেনো তাইৰ বিয়া ঠিক হৈছে । মই আচম্বিত হৈ পৰিলোঁ। ঠিক হিন্দী চিৰিয়েলত হাতৰ পৰা গাখীৰ ভৰ্তি গিলাচটো পৰি যোৱাৰ দৰে। তাই ক’লে, কি চাই যে তাইক ভাল পালে দাদাজনে। মই তাইক সুধিলো, কেতিয়াৰ পৰা ভালপোৱা দাদাজনৰ স’তে। তাই ক’লে, এবছৰ মান হল। মই তাইক শুভেচ্ছা জনালোঁ হ’বলগীয়া বিয়াখনৰ বাবে। তাৰ পিছত কিবাকৈহে বিয়াৰ পৰা আহিলোঁ। আহিয়েই দাদাজনলৈ ফোন লগাই বিয়াৰ কথা সুধিলোঁ। ক’ব বিচৰা নাছিল তেওঁ। মই লগৰজনীৰ কথা কোৱাত ক’বলৈ বাধ্য হ’ল । মই ক’লোঁ,- “ছোৱালীৰ জীৱনক লৈ খেলা কৰি আছিল অতদিনে, তাইক ভাল পাই থাকোতেও মোক বিয়াৰ প্ৰস্তাৱ দিছিল, মই হা ক’লে হয়তো তাইক বাদ দিলেহেঁতেন, ইমান নীচ চৰিত্ৰৰ আপুনি , ইচ্ছা কৰিলে বিয়াখন ভাঙিব পাৰোঁ এতিয়াই!”- তাৰ পিছতো তাক ক’বলৈ মোৰ অভিধানৰ এটাও অবাইচ শব্দ ৰৈ যোৱা নাছিল, অনৰ্গল গালি দিছিলোঁ। আৰু লগে লগে সকলোতে ব্লক কৰি দিছিলোঁ। প্ৰেম নামৰ শব্দটো নিমিষতে উৰি গৈছিল।

এবছৰৰ পিছত লগৰজনী ঘৰৰ পৰা বিয়া নিদিয়াত তালৈ পলাই গ’ল। তাৰ পিছৰ বছৰত ল’ৰা পোৱালি এটা জন্ম পালে। মাজে মাজে লগৰজনীক ফেচবুকত দেখা পাওঁ।

☆★☆★☆

29 Comments

  • তৃষ্ণা সো.

    পঢ়িলো মিতালী, দুখ পালো।
    অযোগ্য প্ৰেমিক সেইজন।তোমাৰ ভাগ্যৱান প্ৰেমিক হব কোটিৰ মাজৰ এক।

    Reply
  • কিছুমান মানুহ থাকে, প্ৰেমৰ মূল্য বুজি নোপোৱা ৷

    Reply
  • Sangita Baruah

    মই কাহিনীটো বৰ আমেজ পালো। ভগৱান শ্ৰীকৃষ্ণৰো সুদৃষ্টী…… তেওঁ লোকলৈয়ে।।।

    Reply
  • দুখ লাগিল যদিও গালি কেইটা দিয়া ভাল লাগিল।

    Reply
  • স্মিতা

    দূৰৰ পৰা জোনটো দেখি মনলৈ নাহেই যে জোনৰ বুকুত কিমান কলংক …..যি কৰে ভগৱানে ভালেই কৰে….কাহিনীৰ নায়কৰ চৰিত্ৰৰ মুক্ত প্ৰকাশ কৰিছা ভালেই কৰিছা..

    Reply
    • Mitali saharia

      সঁচাই ভালৰ কাৰণেই হয়টো।

      Reply
  • Mridula

    বৰ ধুনীয়াকে লিখিলা ।
    ভাল হ’ল দিয়া তেনেকুৱা ল’ৰালে বিয়া নহ’ল ।

    Reply
  • Suntu

    তামাম

    Reply
  • অনুৰূপ মহন্ত

    তোমাৰহে ভাগ্য ভাল আছিল। ল’ৰাটোৱে বেছি টেঙৰামি খটাব গৈছিল!

    Reply
  • Anonymous

    শব্দ গাঁথনি সলাগিব লগীয়া,

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ভালেই হ’ল বুজিছা।ৰক্ষা পৰিলা।

    Reply
  • বুবুল চেত্ৰী

    পঢ়ি দূখ লাগিল। তোমাৰ ভাষাৰ সৰল প্ৰকাশভংগী তোমাৰ লেখাৰ অলংকাৰ।

    Reply
  • দেৱজিৎ বৰুৱা

    গালি কেইটা মনত আছে নে এতিয়া । যি কি নহওঁক ভগৱানে যি কৰে ভালেই কৰে ।

    Reply
  • Anonymous

    তুমি lucky ….বাচিলা।

    Reply
  • অবিনাশ

    ভাল লাগিল ৷

    Reply
  • হেৰি নহয় বাই মইও এইফেৰা জনা নাছিলো যে!মোক দুজনীয়ে নকলি ন’!অবাইচ তাক কোৱা কেইটা

    Reply

Leave a Reply

Your email address will not be published.