ফটাঢোল

দৰঙীয়া উপভাষাৰ লিমাৰিক – ধৰ্মজ্যোতি ভট্টাচাৰ্য

১.

কলেজীয়া ঝিয়াগিলা ৰাষ্টাইদি যায়
তাকে দেখি লিকিৰাহেঁতে সুহুৰিয়ায়
ঝিয়াই ভাৱে মনে মনে
মই বৰ ধুনীয়া তাৰমানে
চুলিকোঁচাত হাত ফুৰাই নিজকে জহায় ।

 

 

২.

কোমল কোমল বন্নি চাউলৰ কোমল কোমল পিঠা
আমাৰ গাঁৱৰ চেনীৰামৰ মাতটো বৰ মিঠা
ভাদেইৰ ঘৰত পিঠাৰ গোন্ধ
সক্ৰিয় হয় তাৰ নাকৰ ৰন্ধ্ৰ
সন্ধিয়া ওলায়গৈ ভাদেইৰ ঘৰ যেন ভোবোলা পঠা ।

৩.

বজাৰৰপে আনলো ভথ্থা কল জলপান খাম বুলি
থৈ দিলোঁ পাকঘৰৰ চুকত ভালকে পকক বুলি
পিছে ৰামভক্ত আহি পাই
গোটাক গোটাই গিল্লা ভাই
মায়ে মোক বকবা ধল্লা খিৰ্কি কিয়া থৈছিলি খুলি ।

৪.

বেহেপ পুৱাই উঠিয়ে মোক লাগেই চাহ
নহলি মোৰ উঠেই ঘহক ঘহক কাহ
মায়ে দেই লাল চাহ
মোক লাগেই গাখীৰ চাহ
মায়ে কৱেই গাখীৰ চাহ হেনো গেষ্ট্ৰিকৰ বাহ ।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *