ফটাঢোল

কৃষ্ণ – মানসী বৰা

গাঁৱৰ কাৰোবাৰ বিয়া বুলিলেই অলিকণৰ গা সাতখন আঠখনl এবাৰ কাৰোবাক কৈছিল সি,-“বিয়া-বাৰুত কাৰিকৰে বনোৱা লুচি-পুৰিৰ গোন্ধই তাক বোলে একেবাৰে টানি লৈ যায়।“ পিচে গাঁৱৰ প্রায়সকলৰ মতে লুচি-পুৰিয়ে হওঁক, দৈ-চিৰাৰ জলপানেই হওঁক নাইবা ভাতেই হওঁক, অলিকণৰ কোনো আক্ষেপ নাই। মুঠতে সি হেপাহ পলোৱাই খাবলৈ পালেই হ’ল। বিয়া-সবাহত একেলগতে বহা মানুহ খাই বৈ উঠি যায়, নতুন মানুহ আহি বহে। পিচে অলিকণৰ সেইবোৰ খবৰ নাই। কেইবাটাও টিপ খাই বৈ উঠি গ’লেও অলিকণে খায়েই থাকে। সেই কাৰণে আজিকালি তাৰ লগত কোনো বিয়া খাবলৈ নাযায়|

Read more

মুদ্ৰাদোষ – মৌচুমী বৰুৱা

আমাৰ ঘৰৰ ওচৰতে ককা এজন আছে৷ কথাৰ মাজতে “আপোনাৰ” “আপোনাৰ” কৰি থাকে৷ এদিন লগ পাই সুধিলোঁ,- “ককা ভালনে?” “নহয় অ ভাল৷ দাঁতবোৰ সৰিল আপোনাৰ৷ তামোল এখনো শান্তিৰে খাব নোৱাৰো কটা আপোনাৰ৷” “হে হে হে”- মই হাঁহি দিয়া দেখি তেওঁ বেয়াই পালে৷ কালি তেওঁলোকৰ ঘৰৰ গৰু এটাৰ বেমাৰ কাৰণে ডাক্তৰ মাতি আনিলে ডাঙৰ পুতেকে৷ ককাই ডাক্তৰক এনেকৈ বুজাইছে গৰুটোৰ বেমাৰৰ কথা,- “চাৰ আপোনাৰ গাত মানে পোক হৈছে৷ বেচেৰাটোৰ অৱস্থা দেখি আপোনাৰ মনটো দুখ লাগি আছে৷ আপোনাৰ হাগিবলৈও কষ্ট হৈছে৷” ☆★☆★☆

Read more

কেছটো বিজয় – সৌৰভ শৰ্মা

বিজয়ে সৰুতে স্কুললৈ যাবলৈ নিবিচাৰে|  সেই লৈ এদিন মাকে ধৰি লৈ বুজাই আছে বিজয়ক|  বপুৰাৰ কাণ্ডত দেউতাকে খঙত উগ্র হৈ আছিল|  মাকে এৰাৰ লগে লগে দেউতাকে আৰম্ভ কৰিলে,- দেউতাকঃ স্কুল নাযাৱ, (জোৰকৈ এচাট দি),তোৰ বাপ যাব লাগিব! দেউতাকঃ আকৌ, তোৰ বাপ যাব লাগিব, তোৰ বাপ….. এনেদৰে ১০ চাট মান দিছেহে….। বিজয়ঃ বেগটো লৈ নোযোৱানো কিয়, তেতিয়াৰে পৰা পিটি পিটি পিঠি বখলিয়াই দিছা দেতা….। ☆★☆★☆

Read more

কৌতুক – সৰ্ব হাজৰিকা

(১) আজিকালি বহুত মানুহৰে চুগাৰৰ সমস্যা হোৱা দেখা গৈছে৷ সেয়েহে আমি আগবঢ়াইছো চুগাৰ টেষ্টৰ সুবিধা৷ আফতাৰ বেড মানে বিচনাৰ পিচত আৰু বিফো’ৰ বেড, মানে বিচনাৰ আগত৷ ফটাঢোল গোটৰ সদস্যৰ বাবে ৯০% ৰেহাইৰ ব্যৱস্থা আছে৷ সমস্যা থকা ব্যক্তিয়ে ৫ কিলোগ্ৰাম চুগাৰ অৰ্থাৎ চেনি যোগান ধৰিব লাগিব৷ সেই চুগাৰ আমি টেষ্ট কৰিম৷ এবাৰ মোৰ বিচনাৰ আগফালে আৰু এবাৰ মোৰ বিচনাৰ পিচফালে৷ ৰাহি হোৱা চুগাৰৰ সমস্যা গ্ৰাহকক দিয়া নহয়৷ আমি ৰাখি থম৷ খৰধৰ কৰক৷ অফাৰ সীমিত সময়ৰ বাবেহে৷ (২) আজিকালি যুগ সলনি হ’ল

Read more

ভালপোৱাৰ তেজ – উজ্জ্বল দিপ্লু গগৈ

যোৰহাট জে.বি. কলেজৰ কোনোবা এটা দুপৰীয়া: আৰ্টছৰ ল’ৰা এজন,  জুল’জী ডিপাৰ্টমেণ্টৰ ছোৱালী এজনীৰ প্ৰতি,- “মোক তুমি কিয় ভাল নোপোৱা, মোৰ হাত কাটিলেও ৰঙা তেজ ওলাব, তোমাৰো ৰঙা তেজেই ওলাব, মাত্ৰ আমাৰ মন দুটা মিলাব পৰাটোহে আচল কথা৷” ছাত্ৰী: বান্দৰ, তেজৰ কথা ক’বলৈ আহিছ’?  মোৰ ব্লাড গ্ৰুপ A-,  তোৰ ব্লাড গ্ৰুপ কি? ক’  মিলিবনে তোৰ গ্ৰুপ?  য’ত ত’ত তেজৰ কথা মিলাবলৈ নাহিবি বুইছ’! জুল’জী ৰকড্ আৰ্টচ শ্বকড্৷ ☆★☆★☆

Read more

ডাক্তৰৰ চিঠি – ব্ৰহ্মানন্দ পাতিৰি

এবাৰ আমাৰ ডাক্তৰ চাহাবৰ পো’ষ্টিং ইন্দু বাইটিহঁতৰ গাঁৱৰ ফালে হ’ল। বাইটি সৰবৰহী,  তাতে চেলিব্ৰেটি। সকলোৱে চিনি পায় আৰু! এদিন আমাৰ ডাক্তৰ বাবুৰ কাম কৰা ল’ৰাটো ‘দেচ’ গ’লগৈ। ৰাতিপুৱা মেগী চেগী খালে। দুপৰীয়াৰ বাবে ইন্দু বাইটিৰ ঘৰত খোৱাৰ প্লেন কৰিলে। ফোনালে এয়াৰচেল। একো নাই। লৰা-লৰিকৈ প্ৰেছক্ৰিপশ্বন শ্লিপত দুপৰীয়া ভাত খাম বুলি চিঠি এখন লিখি ৱাৰ্ড বয়টোৰ হাতত দি বাইটিৰ ঘৰলৈ পঠিয়াই দিলে। বাইটিয়ে এনে চিঠি পায় অবাক! একো বুজি নাপালে। ল’ৰা-ছোৱালীক পঢ়িব দিলে, নাই একো বুজি নাপালে। ডাক্তৰে লিখা বুলি কাষৰ

Read more

বুৰী নজৰ আপ লৌগৌঁ’কৌ’ স্বাগত – নাজিয়া হাছান

ৰেডিঅ’টো শুনা মই আজিলৈকে এৰা নাই। তাহানিতে, মানে মই কেঁচুৱা মইনাজনী হৈ থাকোতে, মায়ে হেনো মোক শুবলৈ দি কাণতে ৰেডিঅ’টো লগাই থৈছিল। শুনি শুনি হেনো মই কেতিয়া টোপনি গৈছিলোঁ ময়েই নহয়, মায়েও গমকে নেপাইছিল বোলে! এতিয়াও মানে মোৰ সেই অভ্যাসটো চলায়ে ৰাখিছোঁ। ৰেডিঅ’ শুনি শুনি ঘৰৰ কাম সোপা কৰি থাকোঁ। পুৰণা দিনবোৰ গ’লেও, কিয় জানো মোৰ ৰেডিঅ’টো শুনিলে পুৰণা দিনবোৰ আকৌ আশে-পাশে ঘূৰি ফুৰা যেন লাগে চোন অ’! বেছিয়েই ইম’চ’নেল হ’বলৈ গ’লো নেকি বাৰু? বেলেগ কথা এটাৰ কাৰণেহে আচলতে ৰেডিঅ’ৰ

Read more

গগৈয়নীৰ “ফেচবিউটি মোড” – নমিতা কোঁৱৰ গগৈ

গগৈয়নীয়ে সাজি কাচি আহি ৰেডমি ন’ট ফাইৱ মোবাইলটো গগৈৰ হাতত দি ক’লে,- “দিয়া চোন দিয়া, কেইটামান ক্লিক কৰি ধুনীয়া কৈ! ফেচবিউটি মোডত ৰাখি লোৱা।” গগৈয়ে ফটো তুলিবলৈ লৈ স্ক্ৰীণৰ ফালে চাই থৰ লাগিলে। গগৈয়নীয়ে বোলে কি হ’ল! গগৈয়ে লাহে লাহে কলে,-“কি কথা হে, মবাইলৰ স্ক্ৰীণত দেখুন তোমাকো ধুনীয়া বুলি ভ্ৰম হয়।” গগৈয়নীয়ে মুখমেলি চাই থাকোতেই গ’ল। গগৈয়ে আকৌ কলে,-” এই টেকন’ল’জি বাৰু ঘৰোৱা ব্যৱহাৰতো লগাব নোৱাৰি নেকি? এই ধৰা, তুমি চাহকাপ লৈ আহিছা, বজাৰৰ মোনাখন দিছা। এই ফেচবিউটি মোড অন।”

Read more

কলিতা খুৰাৰ সংকল্প – ববিতা কলিতা

কলিতা খুৰাই আজি নতুন বছৰৰ পহিলা দিনটোত সংকল্প লৈয়ে পেলাইছিল-এইবেলি আনৰ ভুল ধৰা,সমালোচনা কৰা,প্ৰতিবাদ কৰা..সব বন্ধ৷ দিনটো তেওঁ চকু-কাণ চেপি পাৰ কৰিলে। কিন্তু এই ৰাতিখন তেওঁৰ সংকল্পত আউল লাগিল। আচলতে তেওঁৰেই পুত্ৰ টিংকুৱে লগালে জগৰটো। সি মঞ্চত আঁৰিবলৈ অনা বেনাৰখনত খুৰাই দেখিলে- ‘বহাগ’ বানানটি ‘ব’হাগ’ হৈ আছে!! এতিয়া কয় কেনেকৈ?? টিংকুয়েইতো জানে তেওঁৰ সংকল্পৰ কথা। চৌবিশ ঘণ্টাও হোৱা নাই আনৰ ভুল নধৰোঁ বুলিবলৈ। খুৰাৰ পেটটো পকাবলৈ ধৰিলে। চকু দুটা পিৰ্‌পিৰাবলৈ ধৰিলে। জিভাখন লপ্‌লপাবলৈ ধৰিলে। কিন্তু খুৰাই ইন্দ্ৰিয় দমন কৰিবলৈ যৎপৰোনাস্তি

Read more

পাঁচটা পিটিকলি গল্প – মনজিৎ

(১) সুখ পিঁয়াজ ম’ম খাই থাকোঁতে অপ্ৰত্যাশিতভাৱে মাংসৰ নেন’টুকুৰা এটা পালোঁ৷ মনটো কিবা ভাল লাগি গ’ল ৷ তাক মই মৰমতে চিকেন ম’মৰ পইচা দি আহিলোঁ৷ (২) সন্দেহ ক্লাছত বুজাই উঠি প্ৰফেচাৰে ক’লে- -তোমালোকৰ যদি কিবা ‘ডাউট’ আছে নিসংকোচে সুধিব পাৰা। কোনেও একো নোসোধা দেখি থুলুকেই চুচুক-চামাককৈ থিয় হৈ সুধিলে- “ছাৰ,এই হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ যে এঞ্জেল তুলতুলি,মানে আপোনাৰ সৰুজনীৰ কথা কৈছোঁ। তেওঁৰ লগত যে পেহীয়েকৰ ল’ৰা বুলি কৈ অনবৰতে ঘূৰি ফুৰে ল’ৰাজন;সেয়া সঁচাকৈ বাৰু পেহীয়েকৰ ল’ৰা হয় নে? সেই ডাউটটো

Read more
1 2 3 4 9