ফটাঢোল

নিজেও জুখিব পাৰে আপুনি মূৰ্খ, ঋষি নে দেৱতা – সৌমিত্ৰ যোগী

আগৰ দিনৰ কথাবোৰ অলপ বেলেগ আছিল৷ জোখ-মাখৰ পদ্ধতিও সেই হিচাপে বেলেগ বেলেগ আছিল৷ ধৰি লওক মুহিধৰৰ ঘৰৰ পৰা মেনকাহঁতৰ ঘৰলৈ তামোল এখনৰ বাট আছিল৷ এতিয়া আমি অনুমান কৰিব নোৱাৰোঁ মুহিধৰে কিমান ডাঙৰ তামোল খাইছিল৷ কুমলীয়া তামোল পকতিয়াইছিল নে পূৰঠ তামোল এখন চূণ-চাধা মিলাই গোন্ধপাণৰ সৈতে মেনকাৰ মন কুমলি যোৱাকৈ মহমহীয়া গোন্ধ এটা চাৰিওফালে বিয়পাই দি চোবাই গৈছিল? নে ওপৰত গোবৰ দি সযতনে পুতি ৰখা তামোল উলিয়াই তাৰে এখন মলাধঁপাতৰ লগত জুতিকে খাই গৈছিল? ঘনে ঘনে চোবাইছিল নে জুতি লৈ লৈ

Read more

সুখ দুখ – বৈদুৰ্য্য বৰুৱা

মতিৰ মনটো কেইদিনমানৰপৰা বেয়া। মাজে মাজে কথাটো মনত পৰিলেই তাৰ টিঙিচকৈ খংটো উঠে। অলপ দেৰিৰ আগতে কিন্তু তাৰ মনটো ভাল লাগিছিল। এতিয়া আকৌ বেয়া। কোন হাৰামীয়ে তাক ঠগন দিলে বাৰু! চাল্লা বজ্জাত চব! কেইদিনমানৰ আগতে সি সন্ধিয়া বজাৰলৈ গৈছিল। চালানী মাছ এপোৱা, মচুৰ ডাইল আৰু মগু ডাইল মিলাই এপোৱা, আলু কেইটামান, পিয়াঁজ দুটা, পাচলি দুটামান লৈ সি শংকৰৰ পাণ ঘূমটিৰপৰা বিড়ি এমুঠা ল’লে। মানিবেগটোৰপৰা সি বিশটকীয়া এখন উলিয়াই শংকৰৰ হাতত দিলে। সি হিচাপত দহ টকা ঘূৰাই পাব। শংকৰে নোটখন তাৰ

Read more

ভাগৱতৰ সপোন – প্ৰশান্ত বৰগোহাঁই

ৰসেশ্বৰ হাজৰিকাই দুপৰীয়া ভাত খাই আগফালৰ চকীখনতে বহি মূৰটো বেৰত‍ে ভেঁজা দি অকণমান জিৰণি লৈছে ৷ তেওঁ আটোমটোকাৰিকৈ গঢ়ি তোলা আগফালৰ বাৰীখন এবাৰ ফেদুৱাহঁতৰ  বাঘৰ আগতেল খোৱা গৰু দুটাই মোহাৰি পেলোৱাৰ দিনাৰ পৰাই দুপৰীয়াৰ ভাত সাঁজ খাই এনেকৈয়ে এঘূমতি মৰাৰ অভ্যাস ৷ দূৰৈৰ পৰা ভাঁহি আহিছে মাইক লগাই ভাগৱত পাঠ কৰাৰ শব্দ ৷ হাজৰিকাহঁতৰ ঘৰৰ আগফাল আৰু পাছৰ গাঁওদুখনত ভাগৱত পাঠ চলিছে ৷ প্ৰতিখন গাঁৱতে আক দুটা নামঘৰ– মানে এতিয়ালৈকে চাৰিবাৰ অখণ্ড পাঠ হ’লেই ৷ টোপনিৰ জালতে ৰসেশ্বৰৰ মূৰটো মাজে-সময়ে

Read more

মেট্ৰিক – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: সেইবোৰ সকলো ঠিকে আছে বাৰু। কিন্তু তুমি মাত্ৰ এটা বিষয়ৰ পৰীক্ষা দি পৰীক্ষাহলৰপৰা বাহিৰে বাহিৰে পলালা কিয়? তুমিতো পৰীক্ষা দিয়া বিষয়টোত লেটাৰ মাৰ্কেই পালা। বাকীকেইটা বিষয়ৰ পৰীক্ষা দিয়া হ’লেও দেখোন ৰিজাল্ট ভালেই হ’লহেতেন তোমাৰ। : কথাবোৰ ইমানো উজু নহয় সকলোৱে কোৱাৰ দৰে। মই কি ইংৰাজীত লেটাৰ মাৰ্ক পোৱাৰ কাৰণে মোক বহুত চোকা ল’ৰা বুলি ভাবিছে নেকি মানুহবোৰে! দস্তুৰমত এমাহ আগৰপৰা ৰাতি টোপনি ক্ষতি কৰি কৰি নকল লিখিছিলো। কমন পৰা কাৰণেহে লেটাৰ পালো, কমন নপৰা হ’লে ফেইল কৰিলো হয়। তেতিয়াও

Read more

এখন সাধুকথাৰ দেশ – বিনয় কৃষ্ণ তামুলী ফুকন

এখন দেশত এজন ৰজা আছিল। এইখন দেশত এজন মন্ত্ৰীহে থাকে। এখন আজৱ দেশৰ কাহিনী এয়া। আগৰ দিনত মন্ত্ৰীৰ কাম আছিল ৰজাক মন্ত্ৰণা দিয়া। এইখন দেশত আকৌ ৰজাৰ কাম জনতাক যন্ত্ৰণা দিয়া। এইখন দেশৰে নতুন সাধু এটা কওঁ শুনক। এইখন বৰ আজৱ দেশ। পূৰ্বে বংশানুক্ৰমিক ভাৱে ৰজাৰ পুতেক ৰজা হোৱাৰ নিয়ম আছিল যদিও এতিয়া হেনো ৰাইজেই ৰজা। গতিকে এইখন দেশত ৰজা নাথাকে। মন্ত্ৰীহে থাকে। মন্ত্ৰীৰ কাম ৰজাক মন্ত্ৰণা দিয়া। কিন্তু ইমানবোৰ ৰাইজৰ যেতিয়া ৰজা, কাক মন্ত্ৰণা দিব মন্ত্ৰীয়ে? গতিকে মন্ত্ৰীয়ে আৰামত

Read more

অথ মোৰ ফচল পুৰাণ – সাৰদা শ্ৰেষ্ঠ

মোৰ মূৰটো বৰ এটা সাৰুৱা নহয় । গোবৰেৰে ভৰা বুলিও ক’ব নোৱাৰোঁ, থকা হ’লেও ভালেই হ’লহেঁতেন । কাৰণ গোবৰোতো এবিধ ভাল সাৰেই । তথাপি যি অলপ ৰৈছেগৈ তাৰেই কেতিয়াবা চেষ্টা কৰোঁ ফচল অলপ অৰ্জন কৰিবলৈ । মন যায় দিয়কচোন নিজৰ ফচল  অৰ্জনৰ সুখ ভোগ কৰিবলৈ । কেতিয়াবা মূৰটোত বীজ কিছুমানে ঠন ধৰি উঠিবলৈ উচপিচাই উঠে । সময়ৰ শৰ সময়তে মাৰিব পৰাটো বুদ্ধিমানৰ কাম । সেয়ে বীজবোৰ ৰুই দিওঁ বুলি ঠাইকণ বিচাৰি মোবাইলটোকে তুলি লওঁ । কাগজ আৰু কলমৰ সৈতে সম্পৰ্ক

Read more

হৰি নামৰ ৰস – প্ৰদীপ বৰা

৩০ মে ২০১৮, নামঘৰত মাধৱদেৱৰ তিথি পালন কৰিবগৈ লাগে। শইকীয়াৰ গা সাতখন আঠখন কৰিব লাগিছে। মানে তেত্ৰিশ কোটি দেৱতাক যিজনে যুদ্ধত জিনি থৈছে, সেইজনৰ কথাকে কৈছো। ৰাইজে নিশ্চয় ধৰিব পাৰিছে৷ তাহানিখন বোটানিৰ পৰীক্ষাৰ দিনাই গোসাঁই ঘৰত সোমাই “মই দুৰাচাৰ, অপৰাধী নাৰায়ণ” গোৱা শইকীয়াই এতিয়া সেইবোৰ বাদ দি নাস্তিক হ’বলৈহে মনতে ভাবি আছে৷ নহ’বনো কিয়! মাধৱদেৱেনো বাৰু অপৰাধী নাৰায়ণ বুলি লিখিব লাগেনে! মই দুৰাচাৰ বুলি লিখাটো বাৰু মানিবই লাগিব। কাৰণ পুহমহীয়া তেওঁ বাহ্যিক কৰ্ম কৰিলে বেজীৰ আগত যোৱা পানী অকণমান শৰীৰত

Read more

হেৰি চিকটা – পাৰ্থ জ্যোতি বৰুৱা

তিনিআলিটোৰ কাষতে থকা পৰমাৰ অকণমানি কিতাপৰ দোকানখনতে বহে আমাৰ চুবুৰীৰ একমাত্ৰ সান্ধ্য আড্ডাটো। বৰা, শৰ্মা, কলিতা আৰু মই, বৰুৱা। পৰমাক লৈ মুঠ পাঁচটি মানুহ। পাঁচটি বুলিছোঁ যদিও আড্ডাবাজৰ পাৰ্ফৰমেঞ্চ অনুসৰি আমি মানুহ আচলতে তিনিটিহে। বয়সৰ লেখেৰে আটাইতকৈ সৰু বাবেই হয়তো পৰমাই আড্ডাত সক্ৰিয় অংশগ্ৰহণ নকৰে। মানে নিজাববীয়াকৈ কোনো মন্তব্য নকৰে বা কোনো টপিক আগনবঢ়ায়। কেৱল আমি কোৱা কথাবোৰত হয়ভৰ দি থাকে। কেতিয়াবা আমাৰ মাজত কিবা কথাত বিতৰ্ক হ’লে আটাইকেইটাকে পৃথকে পৃথকে কৌশলেৰে সমৰ্থন কৰি সি মোটামুটি সকলোৰে লগত মিলি থাকে।

Read more

ইউনিক’ড ব্যুৰ’ – নাজিফ হাজৰিকা

এবাৰ লণ্ডনত ইউনিক’ড ব্যুৰ’ই এখন সভা আহ্বান কৰিলে । বিশ্বৰ প্ৰায় সকলো ভাষাৰ ( যি ভাষাৰ নিজস্ব লিপি আছে ) কিছুসংখ্যক প্ৰতিনিধিক নিমন্ত্ৰণ জনালে । সভাখনৰ উদ্দেশ্য আছিল ইউনিক’ড লিপিৰ স্বতন্ত্ৰতা সম্পৰ্কে আলোচনা কৰা । আমাৰ অসমৰ পৰাও তিনি নদাই-ভদাই গৈছে সভালৈ । প্ৰদীপ ৰাজবংশী , ডঃ ধ্ৰুৱজিৎ বৰা আৰু শিখৰানন্দ শৰ্মা , এই তিনি নদাই-ভদাই টোপনিয়াই টোপনিয়াই বহি আছে সভাত । ইউনিক’ড  ব্যুৰ’ : তোমালোকৰ অসমীয়া ভাষাৰ লিপিটো একো স্বতন্ত্ৰ নহয় , বঙালী ভাষাৰ লিপিৰ পৰা লোৱাহে ! বুজিলা

Read more

এদিনৰ লিপি – Englishমীয়াত – ৰুবী বৰা বৰদলৈ

: Oh my God ইমান দেৰি হ’ল! sandalযোৰ ক’ত? হেৰা, good morning! আজি মোৰ schoolলৈ late হ’ল আৰু। তুমি উঠাচোন। বিচনাখন set কৰি থৈ আহিবা দেই। দৰ্জাখনৰ hookটো খুলি ওলাই আহিলো bedroomৰপৰা। Bathroomত tapeটো খুলি বাল্টিটো full কৰিলো। Mugটোৰে পানী লৈ floorত ঢালিলো। Brussত toothpaste লৈ দাঁত brush কৰি মুখ ধুই towelৰে মচিলো। Geyserটোৰ switch on কৰি চিধাই kitchenত সোমালো। Filterৰপৰা glassত লৈ পানী খালো। Lighterটোৰে gas stoveটো on কৰি saucepanটোত পানী বঢ়াই দিলো চাহৰ বাবে। চাহ হয় মানে cup-plate

Read more
1 2 3 14