ফটাঢোল

উত্তৰাধিকাৰ – ভাস্কৰ শৰ্ম্মা

(শিক্ষামন্ত্ৰীৰে শিক্ষা সচিবৰ বৈঠকৰ ৰেঙনি:) শিক্ষামন্ত্ৰীঃ কওকচোন, কি আপত্তি আহিছে জিলা শিক্ষা বিষয়াসকলৰ পৰা ? শিক্ষা-সচিবঃ সকলো জিলাৰপৰা নহয় ছাৰ। উজনিৰ দুখন আৰু নামনিৰ পাঁচখন জিলাৰপৰা আপত্তি আহিছে নিম্ন বুনিয়াদী পাঠ্যক্ৰমক লৈ। শিক্ষামন্ত্ৰীঃ কি আপত্তি তাকে কওক । বেছি পেঘেনিয়াই থাকি লাভ কি ? শিক্ষা-সচিবঃ ছাৰ, ইংৰাজী পাঠ্যক্ৰমটো অধিক জটিল হৈ পৰিছে বুলি ব্লক অফিচাৰসকলৰ যোগেদি আপত্তি আহিছে। বহুকেইজন প্ৰধান শিক্ষকে জনাইছে যে যি পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰভাইড কৰা হৈছে, সেইবোৰ পঢ়ুৱাবলৈ শিক্ষকসকল অপাৰগ হৈ পৰিছে। প্ৰথম-দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথিত voice, narrationৰ

Read more

অফিচে ঘৰে-বাহিৰে – ভাস্কৰজ্যোতি দাস

দৃশ্য-১ ঘোচ(উৎকোচ) নিদিও, নলওঁ বছৰটোৰ আৰম্ভণিতে চিয়েমে অফিচত হোৱা মিটিং এখনত আহি কৈ গ’ল -“সকলোৱে এটা কথা হৃদয়ত বহাই ল’ব লাগিব৷ আৰু সেয়া হ’ল -“নিদিও আৰু নলওঁ”৷ সেইমতে সকলোৱে হৃদয়ত বহালে৷ উপায়ুক্তৰ নিৰ্দেশমতে অফিচৰ গেটৰ পৰা আৰম্ভ কৰি, ক’ৰ্টয়াৰ্ড, ক’ৰিডৰলৈকে প্ৰায় ২০ খন মান লোহাৰ ফলক লগাব লাগে৷ আৰু তাত লিখিব লাগে “ঘোচ(উৎকোচ) নিদিও, নলওঁ”৷ দায়িত্ব দিয়া হ’ল আমাৰ ADC X ক৷ আলিৰ ফেব্ৰিকেশ্যনৰ দোকানখন ডাঙৰ হ’ল৷ আগতে সৰু আছিল৷ আমাৰ ঘৰৰ RCC পাৰ্টটোৰ গ্ৰীল সিয়েই বনাইছিল৷ বেচ অমায়িক৷ আজিকালি

Read more

আত্মশ্লাঘা – সোমকান্ত শইকীয়া

ক’লে অহংকাৰ কৰা হয়, নক’লেও মনটো খু-দুৱাই থাকে । কোনোবাই ‘আত্মশ্লাঘা’ বুলি ক’লেও কওক — কথাটো কৈয়েই দিও। আজি কালি বহুত মানুহে মোক এটা প্ৰশ্ন সঘনাই সুধি থাকে — মোতকৈ সৰু ডাঙৰ বহুতেই। প্ৰশ্নটো কি? ৰ’ব কৈ আছোঁ : আপোনাৰো চাগে কৌতূহল হৈছে — কি বা প্ৰশ্ন? প্ৰশ্নটো সৰু, কিন্তু উত্তৰটোহে অলপ দীঘলীয়া হ’ব। “আপুনি কেনেকৈ এই বয়সতো স্বাস্থ্য, চেহেৰা অটুট ৰাখিব পাৰিছে — ইয়াৰ ৰহস্যটো কি ?” —এইটোৱেই প্ৰশ্ন। ভাবি চাওকচোন, এই প্ৰশ্নৰ সঁচা উত্তৰ দিবলৈ হ’লে মোৰ নিজৰ

Read more

পুতাইলৈ চিঠি – সোণটো ৰঞ্জন বৰুৱা

মৰমৰ ধন, এই চিঠিখন তোৰ বেগৰ ভিতৰত পাই আৰু বিশেষকৈ খামৰ ওপৰত “কোনেও নেদেখাকৈ খুলিবি” শীর্ষক শিৰোনামা দেখি তোৰ কেনেকুৱা অৱস্থা হৈছে মই গম পাইছোঁ‌। পোনাকণ বাপেৰৰ মৰম ল’বি। এই মৰম বোলা বস্তুটো চিঠিখনত এনেই লিখিব লাগে কাৰণে লিখা নাই। বহুত বেছিকৈ মৰম আছে কাৰণেহে এই চিঠিখন লিখিছোঁ। এই চিঠিখন তই সময়ত পঢ়িবি বুলি আজিৰ পৰা ষোল্লবছৰৰ আগতেই তোৰ জন্মৰ দিনাই লিখি ৰাখিছিলোঁ‌। আজি তোৰ কলেজৰ প্রথম দিন। গতিকে আজিয়েই এইখন চিঠি তোক হেণ্ড অভাৰ কৰাটো ভাল বুলি বিবেচনা কৰিলোঁ‌।

Read more

আজাহাৰ, কুম্ব্লে, শৰ্মা, বাগলাৰী ইত্যাদি – সঞ্জীব কুমাৰ ভট্টাচাৰ্য্য

চৰকাৰী বিভাগ এটাৰ মূখ্য অফিচলৈ গৈছিলোঁ আজি৷ আজি বুলি নহয়, প্ৰায় যোৱা এবছৰ ধৰি গৈয়েই আছোঁ। বিল এখন পাবলগীয়া হৈ আছোঁ আমি৷ এতিয়ালৈকে তিনিবাৰ জমা কৰিছোঁ বিলখন৷ পইচা কেতিয়া পাম সেইটো কোনেও নাজানে৷ অফিচটোৰ পিয়নটোৱেও নাজানে, কেৰাণীজনেও নাজানে; গণিকজনেও নাজানে, ময়ো নাজানো৷ মূখ্য অভিযন্তাজনেও নাজানে মুঠতে কোনেও নাজানে । সেইফালে অন্য কামত ওলাই গ’লে গতানুগতিক দৰ্শন এটা, মানে কামোৰ এটা দি আহোঁ অফিচটোত, মানুহবোৰক, কিজানিবা পাই যাওঁ পইচাটো! আজি কিন্তু মোৰ মুড বেলেগ৷ অফিচত বচৰ গালি শুনি ওলাই আহিছোঁ! হয়

Read more

ছেল্ফীৰ দহবিধ উপকাৰিতা – মনমী ভট্টাচাৰ্য্য

গৱেষণাৰ ওৰ:::ফটো মোৰ চখ। জনাই নজনাই ক্লিক কৰি ভাল লাগে। পিছে ছেল্ফী-গ্ৰুপফীৰ কৌশল আয়ত্ব কৰাত অমুকী অপাৰগ। সিদিনা তাৰ পৰিণাম ভূগিলো। মানে পাৰ্টী এটাত মান বচাই আহিবলৈ কি কি যে কৰিবলগীয়া হ’ল। ভেৰী ইচমাৰ্ট এজনীয়ে টো মুখ টিপি ঢেকেৰী জাতীয় কিবা এটা ভোৰভোৰালে। এই কথাই কথা নহয়।ঢেকেৰী টেগ আঁতৰাবলৈ ছেল্ফীৰ ওপৰত পাৰদৰ্শিতা দেখুওৱা অত্যাৱশ্যকীয়। কাৰিকৰী দিশত পণ্ডিতালি দেখুওৱাৰ চূড়ান্ত মূৰ্খামি কৰিব নোৱাৰি। জ্ঞানগৰ্ভ গৱেষণা এটিকে প্ৰস্তুত কৰা যাওক। পইণ্ট নোট ডাউন কৰি ললো। ,,,,ছেল্ফীৰ দহবিধ উপকাৰিতা,,, ছেল্ফী মাথোঁ এটি শব্দ

Read more

ওৱান ফৰ বেড্ টু ফৰ গুড্ থ্ৰি ফৰ বেটাৰ,ফ'ৰ ফৰ লভাৰ – জীতামণি দত্ত

বুঢ়া আঙুলিৰ কাষৰ সোঁহাতৰ লিহিৰি আঙুলিটো আৰু অনামিকা আঙুলিৰ কাষৰ মধ্যমা আঙুলিটো একেলগ কৰি চকুৰ আগত বা ক’ৰবাত হ’লেও দুটা বা চাৰিটা শালিকা দেখিলে ওঠৰ ওপৰত বিশেষ সুখী ভংগীমাত যিটো চুমা বতাহত এৰি দিয়া হয় , নিশ্চয় অতীতৰ সেই ছৱিখন প্ৰতিজনী ছোৱালী বা ছোৱালীকাল এৰি সাংসাৰিক মায়াত বন্দী বহুগৰাকী নাৰীৰ মনত সজীৱ হৈ আছে বা স্মৃতি হৈ কেতিয়াবা আমনি কৰে । ” আজি তোৰ যে মন বেয়া কি হ’ল ?” ইজনীয়ে সিজনীক সোধো ,লাগিলে ঘৰত বা জীৱনত সুখে চপচপাই থাকক

Read more

মুম্বাই ডায়েৰী -মাধুৰ্য্য গগৈ

মায়ানগৰী মুম্বাইৰ এটা বিশেষত্ব, ’নাইট লাইফ’। মানে ৰাতিৰ জীৱন৷ হয়, আধা দিনটো ট্ৰেফিক জামত ফচি মানুহবোৰে ৰাতি অলপ এনজয় কৰিবই দিয়কচোন৷ এই ’নাইট লাইফ’ৰে এটা অন্যতম ব্যৱস্থা ’পাব’। বাহঁগছৰ পাব বুলি ভুলতেও নাভাবিব৷ এই ’পাব’ অৰ্থাৎ ডিস্ক’বোৰ হৈছে মুম্বাইৰ নাইট লাইফৰ অন্যতম আকৰ্ষণ৷ মুম্বাইলৈ অহাৰ পিছৰে পৰাই শ্ৰীমতীৰ ’পাব’ প্ৰীতি দিনক দিনে বাঢ়ি গৈ থাকিল৷ পিছে ময়ো এলা-পেছা ভকত নহয়তো৷ গতিকে এই ’পাব’ জাতীয় বস্তুবোৰৰ পৰা এওঁক আঁতৰাই ৰাখিবলৈ পাৰ্য্যমানে চেষ্টা কৰিছিলো৷ এনেকুৱা নহয় যে মই ’পাব’লৈ গৈ পোৱা নাই, বা ’পাব’ মই বেয়া পাওঁ৷ আচলতে

Read more

ডিগ্নিটী অৱ লেবাৰ – পাৰ্থ প্ৰতিম বৰকটকী

অৰ্ণৱ, তোমাক ছাৰে মাতিছে৷ কিয়? কিয়, মই কেনেকৈ জানিম! মোৰ কাম আছে, মই যাওঁ৷ হ’ল আৰু৷ অৰ্ণৱৰ মূৰটো এনেই গৰম হৈ থাকে, তাতে এই ছাৰৰ নিমন্ত্ৰণ পালে উতলি উঠে৷ ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি৷ কণা বিধিৰো যদি হৃদয় বোলা অংশবিধ কেনেবাকৈ ক’ৰবাত আছে, এই ছাৰৰ নাই৷ ছাৰ, সোমাইছোঁ৷ আৰে, অৰ্ণৱ৷ আহা, আহা৷ এই কেবিনৰ হাস্যবদন আৰু প্ৰফুল্লচিত্তৰ আদৰণি আৰু সিহঁতৰ ঘৰৰ কাষৰ থানখনত বলি দিবলৈ অনা ছাগলীটোক মানুহে কৰা শুশ্ৰূষাৰ মাজত অৰ্ণৱে কোনো পাৰ্থক্য বিচাৰি নাপায়৷ ছাৰ,

Read more

শনিপাত- পূৰ্ণাক্ষী ভট্টাচাৰ্য্য

এইবাৰৰ শনি এক্কেবাৰে পঢ়াকু শনি৷ দিনৰ দিনটো লাইব্ৰেৰীত বহি থাকে৷ প্ৰতি দুঘণ্টাৰ মূৰে মূৰে এবাৰকৈ উঠি আহে৷ কাৰণটো চাহ৷ শনি চাহপ্ৰেমী৷ পঢ়া আৰু চাহ নহ’লে শনিৰ জীৱন বৃথা৷ এপ্ৰিল মাহৰ কথা৷ লেবাৰ ৰুমত ডিউটি চলি আছে৷ শনি, মই আৰু আন তেৰজনৰ ডিউটি পৰিছে গোটেই এপ্ৰিল মাহটোত৷ পোন্ধৰজনৰ পাঁচজনকৈ তিনিটা সৰু সৰু গ্ৰুপত ভাগহৈ ইভিনিং আৰু নাইট ছিফটৰ ডিউটি কৰি আছিলোঁ‌৷ দুদিনৰ মূৰে মূৰে এদিন অফ্৷ প্ৰথম কেইদিনমান ঠিক ঠাকে গ’ল৷ কিন্তু যিমানেই বিহু ওচৰ চাপি আহিল, সিমানেই গ্ৰুপৰ মাজত এটা

Read more
1 17 18 19 20 21 25