ফটাঢোল

অভিজ্ঞতা – প্ৰাঞ্জল অনুভৱী

যাত্ৰী: দুপৰীয়া চিটি বাছেৰে দিশপুৰৰ পৰা পল্টন বজাৰলৈ উভতিছোঁ। মোৰ সন্মুখৰ চিটত দুজন যাত্ৰীয়ে কথা পাতিছে। প্ৰথম যাত্ৰী: কণ্ডাক্টৰ দচ তেহা বেছি নিলো কেন? দ্বিতীয় যাত্ৰী: এচি বাছ যে তাই। প্ৰথম যাত্ৰী: এছি বাছ? এটা আবাৰ কি? দ্বিতীয় যাত্ৰী: গায় ঠাণ্ডা হাৱা লাগছে না? প্ৰথম যাত্ৰী: ঠাণ্ডাৰ দিনে এছি না নিলে কি হয়না? দ্বিতীয় যাত্ৰী: বাছটাই যে এচি। প্ৰথম যাত্ৰী: ধুৰ বেটা! বিড়ি খাৱাৰ দহ তেহা এমনি গেলো। কবি বন্ধু: বন্ধু পেচাত ঠিকাদাৰ। হঠাতে এদিন হুৰমুৰকৈ তেওঁ মোৰ কোঠালৈ সোমাই

Read more

মোৰ ফে'চবুক যাত্ৰাৰ সেই ৰোমাঞ্চক কাহিনী – দিপালী বসুমতাৰী

“ফেচবুকে কি দিলে?” বুলি যদি কোনোবাই মোক একাষাৰে সোধে…মই ক’ম,-“ই মোক কাহানিয়ো নভবা, নেদেখা বিচাৰি নোপোৱা বহুতেই….(?) দিলে।”..স্মার্ট ফোনটো লোৱাৰ পিছৰে পৰা ল’ৰাটোক ‘ ৱাট্ চ- এপ’ আৰু ‘ফেচবুক’ একাউণ্টটো খুলি দিবলৈ জোৰ দিলোঁ। সি নিদিয়েহে নিদিয়ে ৷ ক’লে ..”নালাগে দে .., এইবোৰ ভাল বস্তু নহয়।” মই কলোঁ ..”কি আৰু ভাল হ’ব লাগে..মইতো য’তে -ত’তে হাত নিদিওঁ নহয়।” এইদৰে গ’ল দহদিন মান ৷ আকৌ ক’লোঁ, “দে না বাবা! মোৰ লগৰ সবৰে ‘ৱাটচ্- এপ’ ,’ফেচবুক’ আছে,। সিহঁতে মোৰ কণ্টেকত আহিবলৈ বিচাৰি

Read more

পেডমেন আৰু পদ্মাৱত – ৰুপল নাথ

যোৱা দেওবাৰৰ কাহিনী৷ সপ্তাহৰ আন দিন কেইটাত ঘৰত থাকিবলৈ সুবিধাই নাপাওঁ৷ কোনো বন্ধৰ দিন হ’লে বেলেগ কথা; এনেয়ে হ’লে বিভিন্ন কামত ঘৰৰ বাহিৰতে বেছিভাগ সময় পাৰ হয়৷ ৰাতিটোহে ঘৰত থাকিবলৈ পাওঁ৷ সেইবাবে সুবিধা পালেই পৰিয়ালটো লৈ এপাক ফুৰিবলৈ ওলাই যাওঁ। সেইদিনা কিন্তু কেনিও ওলাই যোৱাৰ মন নাছিল। দিনটো ঘৰতে কটাম বুলি ৰাতিপুৱাই ঠিৰাং কৰিলোঁ‌৷ শ্ৰীমতীয়ে কিন্তু নামানে, আজি ক’ৰবালৈ এপাক যাবই৷ কথাটো অযুক্তিকৰ নহয়৷ ঘৰ, চাকৰি, ল’ৰা-ছোৱালীৰ লগত লাগি থাকোতেই সময়বোৰ পাৰ হয়৷ মিটিৰ-কুটুমৰ ঘৰলৈ এপাক যাবলৈও সময় নোলায়৷ সেইবাবে

Read more

এখনি ফটা ৰচনা : গা – খগেশ সেন ডেকা

ঘপহকৈ ‘গা’ বুলি নোকোৱাই ভাল৷ ক’লে সাংঘাটিক সমস্যা হোৱাৰ প্ৰৱল সম্ভাৱনা৷ গান গাওঁ গাওঁ কৰি উচপিচাই থকা কোনোবাই ‘গা’ বুলি কোৱাৰ লগে লগে একোকে নাচাই কাণৰ পৰ্দা ফাটি যোৱাকৈ কণ্ঠত গৰ্দভ ৰাগ তুলিব পাৰে৷ তেতিয়া কিন্তু হাই বিপি বা হৃদৰোগীয়ে নিজক চম্ভালা টান হৈ পৰিব৷ গতিকে ’গা’ হৈছে আগ-পিছ চাই বুজি উচ্চাৰণ কৰিবলগীয়া অসমীয়া ভাষাৰ এটা বিশেষ শব্দ৷ সকলো কথাৰে দুটা দিশ থাকে৷ আমাৰ ঢোলটো ফটা হ’লেও তাৰো নিঃসন্দেহে দুটা দিশ আছে৷ এফালত মাৰিৰ কোব আৰু আনফালত আঙুলিৰ বুলন৷ তালৰ

Read more

নিউ ইয়েৰ ৰিজলিউচন – হেমন্ত কাকতি

এটা সময় আছিল, যেতিয়া সৰু আছিলো- কেতিয়া ডাঙৰ হম,  কেতিয়া ডাঙৰ হম সেই চিন্তাত দিন নাযায় ৰাতি নুপুৱাই হৈছিল৷ এতিয়া আদবয়স পাৰ হওঁ হওঁ৷  ৰিলেটিভিটীৰ কৱলত পৰি বয়সটো তীব্ৰ গতিত বাঢ়িছে যদিও মনটোক আগবাঢ়িবলৈ দিয়া নাই৷ সেই তাহানিতে “লক” কৰি দিলো৷ কিছু অপূৰ্ণ আশা পুহি ৰাখিছোঁ,  পূৰণ কৰিম বুলি৷ আজিকালি কোনোবাই বয়স বাঢ়িলে বুলি ক’লে নিজকে সান্ত্বনা দিবলৈ এপাত “ডিফেন্স মেকানিজিম” বনাই লৈছো,-“মই চলমান খানৰ লগৰ৷ শ্বাহৰুখ আৰু আমিৰতকৈ সৰু মই৷” এইটোৰ পৰা দুটা লাভ হয়,  এক- নিজৰে ইয়ং ইয়ং

Read more

গৃহস্থ হোৱাৰ মজা – অগ্নিভ দত্ত

ইঞ্জিনিয়াৰিঙৰ প্ৰথম  চেমেষ্টাৰৰ হোষ্টেলৰ কথা। এমাহমান যোৱাৰ লগে লগে হোষ্টেল লাইফটোৰ লগত এডজাষ্ট হৈ গৈছো আমিবোৰ। ক’ত কি কৰিলে ৰেগিঙৰ পৰা অলপমান হলেও বাছি যাব পাৰি গম পোৱা হৈ গৈছো। আমি কেইটামানে কিছুমান ৰিস্কও লোৱা আৰম্ভ কৰি দিছিলো। গধুলিটো হোষ্টেলত পিলিং-পালাং কৰি চবৰ আগত দেখা দি ৰাতি কলেজৰ লাষ্ট বাছখন খালি হৈ ৯ টা বজাত কাছাৰীলৈ ঘূৰি যাওঁতে তাতে কোনেও নেদেখাকৈ উঠি ৰাতিটো কটনৰ হোষ্টেলত কটাই দিয়াৰও অভিজ্ঞতা হোৱা হ’ল। আকৌ ৰাতিপুৱা কাছাৰীৰ পৰা ৬ টাতে অহা বাছখনত আহি হোষ্টেলত

Read more

দৈনন্দিন – অনন্ত বৰা

চাকৰিৰ পৰা ঘৰলৈ গ’লে মানুহজনীয়ে কাপোৰ সোপা খুলি গা-ধুই আহক, গোটেইখন তেল তেল গোন্ধাইছে বুলি খেং খেঙাই উঠে। তেলৰ চাকৰি কৰা মানুহ, অলপতো গোন্ধাবই! :”সেইৰা,  তুমিতো আগতে এনেকুৱা নাছিলা। ফুড ভিল্লাৰ মিঠাই সোপা লৈ সন্ধিয়া তোমালোকৰ ঘৰলৈ অহা-যোৱা কৰোঁতে একেবাৰে কাষ চাপি বহিছিলা। তেতিয়াও দেখোন কেতিয়াবা ডিউটিৰ পৰা বাহিৰে বাহিৰে তোমালোকৰ ঘৰ পাইছিলোগৈ! তেতিয়া কি গোন্ধ পোৱা নাছিলা!” : হ’ব হ’ব গা নোধোৱাকৈ ছোৱালীজনী কোলাত ন’লব । ৰাতিলৈও সেই একেই কাহিনী। মুঠতে ইটো-সিটো,  সৰু-সৰু কথাতে কেটেৰা-জেঙেৰা। এক জানুৱাৰীত বোলে আমাৰ

Read more

এগৰাকী মহিলা ড্ৰাইভাৰৰ ইতিবৃত্ত – উৎপলা কৌৰ

সৰুৰেপৰা বৰ ইচ্ছা আছিল গাড়ী এখন চলাবলৈ শিকিম। ষ্টাইল কৰি ক’লা ছান গ্লাছ পিন্ধি ৰাস্তাৰে গহীন হৈ চলাই যাম। সৰুতে চিনেমাবোৰত দেখা নায়িকাবোৰ যেনে পাৰবীন বাবী, জিন্নত আমন, হেমা মালিনী আদিক গাড়ী চলাই যোৱা দেখি এই ইচ্ছা পুহি ৰাখিছিলো। তেতিয়া বৃহস্পতিবাৰ আৰু দেওবাৰে দিয়া চিনেমাবোৰত নায়িকাই গাড়ী চলোৱা দৃশ্যবোৰ য়েতিয়া দেখুৱাই মনুহঁতে, মানে আমাৰ গৰখীয়াটো আৰু লগৰবোৰে কৈছিল, “ইহ! ক’ত চলাব? এনেয়ে বহি ষ্টিয়েৰিঙত ধৰি আছে।” যেতিয়া গাড়ীখন নায়িকাৰে সৈতে দেখুৱাই সিহঁতে চিঞৰে, “ই, চা চা কেমেৰাৰ বাহাদুৰি। মাইকী মানুহে

Read more

প্ৰতিধ্বনি – পল্লৱী দত্ত

মোৰ মা ধেমেলীয়া স্বভাৱৰ। সুখে দুখে হাঁহিটো ওলমি থাকিবই।ভাইটি আৰু মই পঢ়াৰ সকামত বাহিৰত থাকিবলৈ লোৱাৰ পৰা এতিয়া দুখে সুখে মা-দেতাই ইটো-সিটোৰ লগৰী। দেতাই অৱসৰ লোৱাৰ পৰা সন্ধিয়াটো টিভি চায়েই কটায়। বিশেষকৈ ভাড়াঘৰ চোৱাৰ সময়ত এনেকৈ চায় টিভি আৰু নাকৰ মাজত দূৰত্ব বৰ বেছি নৰয় গৈ। মায়ে কয় আৰু অকণমান ওচৰ চাপি পাৰিলে টিভিটোতে সোমাই লওঁক বুইছে, কি ঠিক সিহঁতে আপোনাক মাতি নি চাহ একাপ খুৱাবও পাৰে। দেতাই যেন একো শুনাই নাই এনে ভাবত ভাড়াঘৰ চোৱাত ব্যস্ত। এদিন মায়ে ভাত

Read more

মাল, অনলাইন মাৰ্কেটিং ইত্যাদি – ৰাজীৱ শৰ্মা

মাইক লগোৱা টেম্পো এখনত কিবা এটা ঘোষণা বাৰে বাৰে শুনাই ৰাস্তাৰে আগবাঢ়িছিল। হোষ্টেলীয়া আমিবোৰ মুহুৰ্ততে কোঠাৰ পৰা ওলাই বাৰান্দা পালোহি।এই উৎসুকতাৰ কাৰণ আছিল ঘোষণাৰ এটা বিশেষ শব্দ। উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ আমিবোৰৰ বাবে মন ৰঙিয়াল কৰি পেলাবলৈ যথেষ্ট। তাতে হোষ্টেলত মোৰ দৰে গাঁৱৰ পৰা জীৱনত প্ৰথম  টাউনত থাকি পঢ়িবলৈ যোৱা ল’ৰাৰ সংখ্যাই বেছি।বেয়া কথা বা শব্দ নাজানিছিলোৱেই, শুনিলেও লাজতে মৰি যাম যেন!লাহে লাহে হোষ্টেলৰ ডাঙৰ খিনিৰ পৰা আমাৰো লাজ ভাগিল।শেষলৈ এনে মাত ডাঙৰকৈ চিঞৰিব পৰাটো ভাতৰ লগত পানী খোৱাৰ দৰেই হ’লগৈ।

Read more
1 21 22 23 24 25 31