ফটাঢোল

নীলা খামৰ চিঠি – ববীতা কোঁৱৰ

মৰমৰ “জানমণি” এবুকু মৰম ল’বা। তোমাক “ভালপাব নাজানিলো” বুলিয়েই তুমি নাভাবিবা । তোমাক মই “ত্যাগ” কৰিম। ১৬ বছৰ বয়সতে প্ৰথম “যৌৱনে আমনি কৰে”; তাৰ পাছত ক্ৰমান্বয়ে “ছয়গাঁৱৰ চম্পা” আৰু “কাদম্বৰী”ৰ স’তে “হিয়া-দিয়া–নিয়া” কৰি আহিছোঁ। তোমালৈ মোৰ মৰম “জেতুকা পাতৰ দৰে” সেউজীয়া যদিও “কেঁচা সোণ”ৰ পানী ছটিয়ালে “ৰামধেনু”ৰ দৰে সাতোৰঙী হৈ পৰে। সিদিনা ৰাতি “চুৰেন চুৰৰ পুতেক”ৰ লগ লাগি তোমাৰ ঘৰৰ “ইটো সিটো বহুতো” চুৰ কৰি আনিলোঁ। কিন্তু পাছদিনা ৰাতিপুৱা “দীনবন্ধু” দোকানীয়ে তোমাৰ “ভাইটি”ক কথাষাৰ লগাই দিয়াত কমখন “লটিঘটি” কৰিলেনে সি

Read more

মৰমৰ – উত্তৰা শৰ্মা বৰুৱা

মৰমৰ মোৰ দেহলাও, জন্ম হোৱা দিন ধৰি সাঁচি ৰখা ভালপোৱাবোৰ যাচিলোঁ তোমালৈ।আশা কৰোঁ অনাদৰ নকৰি বুকুত আলফুলে সাবটি ল’বা। সোণ, যদিও একেলগেই দুইটাই জন্ম লৈছিলোঁ,একেলগেই ডাঙৰ দীঘল হৈছোঁ তথাপিও আমাৰ মাজত সদায়ে কিমান দূৰত্ব !! তুমি আগবাঢ়িলে মই এখোজ পিছ পৰি ৰওঁ,আকৌ মই এখোজ আগুৱালে তুমি পাছ পৰি ৰোৱা। ভগৱানৰ লীলা চোৱাচোন, কাষতে থাকিও আমি কিমান দূৰ ! দুখ লাগে,খুউব দুখ লাগে ৷ মন যায় সকলো বাধা যেন ভাঙি পেলাম,কিন্তু তেতিয়া যে সমাজে আমাক হাঁহিব। তোমাৰ কষ্ট হৈছে ন ?

Read more

তেওঁ আৰু মই – যাযাবৰ পথিক

(১) নিৰ্যাতন ৰাতিপুৱাই শ্ৰীমতীয়ে যেতিয়াই মৰমত “শুনিছে” বুলি ক’লে,মোৰ বুকুখন ঢিপিংকৈ গ’ল । হয় শ্বপিং,নহ’লে আজি নাৰী সমিতিৰ মিটিঙলৈ যাবলৈ মই ড্ৰাইভাৰৰ ভূমিকা ল’ব লাগিব । আজি বাচিবলৈ অফিচো নাই । মই বোলোঁ-“হেৰা দেৰি নকৰিবা ৷ কৈ দিয়া কোনটো কৰিব লাগে৷” “ব’লানা সেই ওচৰৰে গাঁও এখনতে ‘নাৰী নিৰ্যাতন’ৰ এৱাৰনেছ কেম্প এটা আছে । আৰু তুমিতো জানাই মই নাৰী মুক্তি কমিটিখনৰ সভানেত্ৰী৷” ভবাটোৱেই হ’ল ৷ এতিয়া আৰু নিস্তাৰ নাই । গা-পা ধুই চাহ কাপ খাইছোঁহে। শ্ৰীমতী ৰেডী । মই বোলোঁ- “আনকালেতো

Read more

প্ৰ’পজ – উজ্জ্বল দীপলু গগৈ

২০০৭চন মানৰ কথা ; তেতিয়া মই যোৰহাট জেবি কলেজৰ ছাত্ৰ ৷ কলেজত হঠাৎ দেখা পাইছিলোঁ এদিন তাইক ৷ আগৰাতি হোষ্টেলৰ মালিকৰ ঘৰত ‘ৰেহনা হ্যেই তেৰে দিল ম্যে’ চিনেমাখন চাই তাত হোৱাৰ দৰেই মোৰো পাছদিনা তাইক দেখিয়ে ‘লাভ এট্ ফাৰ্ষ্ট চাইট’ হৈছিল ৷ তাইৰ ডিপাৰ্টমেণ্টলৈকে পাছে পাছে যোৱা, তাই পাছলৈ ঘূৰি চালেই মই মুখ ঘূৰাই কলেজৰ বেৰত ক’ত ক’ত মকৰাজাল আছে সেইয়া হিচাপ কৰা নিত্য-নৈমিত্তিক ঘটনা হৈ পৰিছিল ৷ মুঠৰ ওপৰত এটা সাংঘাতিক ৰোমাণ্টিক পিৰিয়ড ৷ কম দিনৰ ভিতৰতে তাইৰ নামৰপৰা

Read more

ৰিক্ত হৃদয় – ধৃতিস্মিতা বৈশ্য

তেতিয়া নতুনকৈ কলেজলৈ গৈছোঁহে মাথোন।চকুৱে-মুখে অলপ এটিটিউড সানি ৰাখোঁ৷ ল’ৰাবোৰক তেনেকৈ পাত্তা নিদিওঁ। ক্লাছৰ কিছু ল’ৰাই এটিটিউদটোৰ কাৰণে মোৰ পৰা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখে৷ তাৰ মাজতো দুই-এটাই প্ৰেমৰ উৰাজাহাজখন মোৰ কুমলীয়া কলিজাত লেণ্ড কৰাবলৈ চেষ্টা নকৰা নহয়।মই পিছে সেইকেইটাৰ আগত অলপ বেছি গহীন হৈ দেখুৱাওঁ,যেন বিল গেটছৰ জীয়েকজনীহে।পিছে গহীন স্বভাৱটো বেছিদিন বৰ্তি নাথাকিল ৷ অতি শীঘ্ৰে মই চঞ্চলা হৈ পৰিলোঁ। এদিন কলেজৰ পৰা যাবলৈ ওলাওঁতেই দেখিলোঁ এজন সুদৰ্শন যুৱক৷ আই অ’,এক নজৰতেই ‘প্যাৰ হো গয়া’।চকুৱেই চাবা নে হাঁহিয়েই চাবা-একেবাৰে ৰোমাণ্টিক

Read more

অচিনাকি প্ৰেম – দিগন্ত কুমাৰ ভট্টাচাৰ্য

মন গৈছিল। বৰকৈ মন গৈছিল। আগদিনা ৰামলাল ধোবীয়ে ধুই ইস্ত্ৰী কৰি দিয়া ছাৰ্টটো পিন্ধি ৰুমমেট অমিতে যেতিয়া ক্লাছ বাংক কৰি ভেলেণ্টাইন ডেৰ ৰাতিপুৱাই নবজাৰ বাছত উঠি পাণবজাৰলৈ যাবলৈ যো-জা চলাইছিল, মোৰো মন গৈছিল তেতিয়া। নেহৰু পাৰ্কত কিমান ভিৰ বা হয় আজি? উমানন্দলৈ ফেৰীত জেগা পাম নে নাই বা! – এনেকুৱা কথাবোৰ ভাবি আগনিশাৰে পৰা উদ্বিগ্ন হ’বলৈ মন গৈছিল, যোৱাটো স্বাভাৱিক। হাতত মেছত দিয়া ঠাণ্ডা চাহকাপ আৰু অকল এক ছেণ্টিমিটাৰমান ঠাইত বাটাৰ লগোৱা ব্ৰেড দুটুকুৰা লিৰিকি বিদাৰি মই অমিতৰ আয়োজনবোৰ চাই

Read more

ফটাপ্ৰেম – প্ৰাঞ্জল গোস্বামী

বয়সত যদি বয়সৰ দোষে নুচুৱে তেন্তে জানো হ’ব? জীৱনত এটা বয়স আহেই এনেকুৱা, যেতিয়া পৃথিৱীখন বৰ ৰঙীন যেন লাগে, কবিতাৰ কলি কিছুমানে মনৰ মাজত অগা দেৱা কৰিবলৈ লয়, ৰোমাণ্টিক গান শুনি থাকোতে চিনেমাৰ হিৰোবোৰৰ ঠাইত নিজকে থ’বৰ মন যায়। তেনে দোষে চোৱা দিনৰে কথা। কলেজত পঢ়ি থাকোতে মাজে মধ্যে “সাহিত্য চর্চা” কৰিছিলো, “সমাজ সেৱা’’তো আগৰণুৱা আছিলো। কাজেই কেইবাগৰাকীও ষোড়শী যুৱতীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিলো বুলি বন্ধুবৰ্গই কোৱাকুই কৰিছিল। কথাবোৰ শুনি বেয়া লগাৰ প্ৰশ্নই নুঠে, বৰঞ্চ হিয়াখনে থৌকি বাথৌহে কৰিছিল। দুই

Read more

ফটাপ্রেম – খনিন্দ্র ভূষণ মহন্ত

“নুবুজিবা তুমি ঐ যৌৱনৰ আমনি ঐ ৰাতি মোৰ টোপনি নাই…” আস্! গানটো যেন মোৰ বাবেহে গাইছে! আমি দুয়ো হাতত ধৰা-ধৰিকৈ নৈখনৰ পাৰলৈ যাওঁ। কেতিয়াবা ওখ শিলচটাত বহোঁ, কেতিয়াবা পাৰৰ বালিত থকা ঝাওবন ফালি-ফালি খোজ কাঢ়োঁ। দিনটোত শেষবাৰৰ বাবে ৰান্ধনি বেলিয়ে নৈখনত গা ধুই থকাৰ মনোৰম দৃশ্যই আমাৰ মন-প্রাণ পুলকিত কৰি ৰাখে। ৰোমাণ্টিক মুদটো আহেহে, ধেই! সাৰেই পাই যাওঁ নহয়। এদিন-দুদিনৰ কথা নহয়। প্রায় সদায়েই এইটো হয়। নৱম শ্রেণীৰ কথা। আমি একেটা শ্রেণীৰে আছিলোঁ যদিও, মই ‘ক’ শাখাৰ ছাত্র আৰু তাই

Read more

ফটাপ্ৰেম – ভানুশ্ৰী দেউৰী

স্কুলীয়া শিক্ষা সাং কৰি কলেজত ভৰি দিছোঁ তেতিয়া। একেবাৰে মন উৰণীয়া, দেহা উৰণীয়া হৈ থকাৰ বয়স। দুই একে প্ৰেমৰ প্ৰস্তাৱ দিয়ে, একে আষাৰে নাকচ কৰো। তথাপি মনে মনে গপতে গঙ্গাটোপ হৈ থাকো, কাৰোবাৰ সপোন কুঁৱৰী যে হ’ব পাৰিছোঁ সেই কথা ভাবি। তেনেকুৱাতে ল’ৰা এজনৰ সৈতে চিনা পৰিচয় হ’লো। কলেজখনৰ ভিতৰতে “হেণ্ডচাম” বুলি সুখ্যাতি থকা ডেকাকেইজনৰ ভিতৰত অন্যতম আছিল তেওঁ। সাহিত্য চৰ্চা কৰিছিল, বাঁহী বজাইছিল, উদ্দাত্ত কণ্ঠেৰে তৰ্ক প্ৰতিযোগিতাবোৰত ভাগ লৈ পুৰস্কাৰ বুটলিছিল। এক কথাত কলেজৰ বহু যুৱতীৰ হাৰ্টথ্ৰ’ব আছিল তেওঁ।

Read more

ডুখৰীয়া স্মৃতি – ৰাজীৱ শৰ্মা

সৰুৰেপৰাই মোৰ দুটা বস্তুৰ বৰ অভাৱ আছিল। গাৰ মঙহ আৰু সাহস। এতিয়াও মনত আছে। বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোতে মোৰ ওজন আছিল উঞ্চল্লিশ কেজি। বতাহত উৰি যাওঁ যাওঁ হেন দেহৰ অৱস্থা। কাজেই সাহসৰ ঘৰত শূন্য। আনৰপৰা মাৰ খোৱাৰ ভয়ত কাজিয়াতো বাদেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাহৰৰ তলেদি (চেনী আলি) অহা-যোৱা কৰোঁতেও কোনো ছোৱালীক মাতি নাপালো। আৰু জোকোৱা! নৈব নৈব চঃ। কিন্তু বাৰিষা বৰষুণ অহাৰ দৰে কেতিয়াবা মনটো ৰঙীন হোৱা যে নাছিল এনেও নহয়। হৈছিল দুবাৰমান। লগৰ দুজনীয়ে মোক এইক্ষেত্ৰত এচুলিমানো সহায় যদি কৰিলেহেঁতেন তেতিয়া

Read more
1 4 5 6 7 8 10