ফটাঢোল

গাখীৰ চাহ – মনজিৎ বৰা

দিগু কাইৰ ঘৰলৈ গৈছিলো বি এছ এন এলৰ চিম বেছিবলে,চিমো ল’লে চাহো খুৱালে। মইতো হতচকিত যে কৃপণৰ ঘৰত এইয়া কেনেকৈ সম্ভৱ? আলহীক গাখীৰ চাহ? তাকো ফুল কাপ। চিন্তা এটা থাকিলেও পাইচো যেতিয়া খাই দিওঁ বুলি দুহোপা মাৰোঁতেই শিলগুটি এটাই দাঁতত খুন্দা মাৰিলেহি। মই খঙত ঘোপাকে চালো দিগুলে। সি মোৰ খং উঠা যেন পাই মৰমেৰে মোক শান্ত কৰিবলে মৰম সনা মাতেৰে কব ধৰিল– : চা, তই মোৰ পুৰণি ফেৰেন্দ মোক ঘৰত আহি ফিৰি চিম দিছ। গতিকে তোক চাহ কাপ খুওৱাটো মোৰ

Read more

পচন্দৰ বোৱাৰী – প্ৰদীপ পাটগিৰি

মাক-দেউতাকে তগৰক পচন্দ কৰিব বুলি দীপে ভবা নাছিল ৷ কিন্তু পচন্দ কৰিলে ৷ দীপ আজি সেয়ে বিৰাট সুখী ৷ বিৰাট আনন্দ তাৰ মনত ৷ তাৰ সোণালী সপোনবোৰ যে দিঠকত পৰিণত হোৱাৰ পথত ৷ দীপ তগৰৰ প্ৰেমত পৰিছিল আজিৰ পৰা তিনি বছৰ পূৰ্বেই ৷ বৰপেটাৰোডৰ বিহুতলীত প্ৰথম দৰ্শনৰ পৰাই দীপে তাইক ভাল পাই পেলাইছিল ৷ তগৰৰ বান্ধৱী কৰবীৰ সহযোগত সিহঁতৰ মাজত প্ৰেমৰ শুভাৰম্ভ হৈছিল ৷ নিয়মীয়া ওখ যদিও খীণ-মীন চেহেৰাৰ তগৰক দীপৰ বন্ধুবৰ্গই অকণো পচন্দ কৰা নাছিল ৷ পচন্দ নকৰাৰ একমাত্ৰ

Read more

ছেণ্ডেল – চিকু শৰ্মা

২০২০ চনত “ছেণ্ডেল” উপাধিৰে সন্মানিত কৰা প্ৰথম বৰলা চিকু শৰ্মা মহোদয়ৰ কথা কবলৈ গৈছো। চিকু শৰ্মা হৈছে একাধাৰে কলি যুগৰ কবি, সাহিত্যিক, তৰ্কবিদ, ছেণ্ডেল বিজ্ঞানী। জানিব পৰা মতে তেওঁ শিব বাবাৰ ভক্ত। তেওঁ কেইবাখনো চিনেমাত অভিনেতা সমূহক ছেণ্ডেল পিন্ধাই বহুতো টকা উপাৰ্জন কৰিব পৰা বুলি জনা যায়। তেওঁৰ দ্বাৰা লিখা কেইবাখনো ছেণ্ডেল সাহিত্য হৈছে- ছেণ্ডেলৰ প্ৰেম, ছেণ্ডেলৰ ৰং, ছেণ্ডেলৰ প্ৰকৃতি, ছেণ্ডেলৰ ব্যৱহাৰ ইত্যাদি ইত্যাদি। এতিয়া মূল কথালৈ আহোঁ। শৰ্মা ডাঙৰীয়াক ছেণ্ডেল উপাধিৰে কিয় বিভূষিত কৰা হৈছিল তাৰ এটা কাৰণ আছে।

Read more

চুপ! ৰজা শুই আছে!! – জ্যোতিৰূপম দত্ত

চুপ! হৈ-হাল্লা একো নকৰিব! ৰজা শুইছে৷ অমাত্যবৰ্গও ঘোৰ নিদ্ৰাত৷ ৰাজন্যবৰ্গ, সভাসদসকল, পাৰিষদসকল, পালি-পহৰীয়া সকলো গভীৰ নিদ্ৰাত৷ আনকি আনটো ফৈদৰ ৰজাৰ বিৰোধী বীৰসকলেও এঘুমটি মাৰিছে৷ ৰজাকে ধৰি ৰাজন্যবৰ্গয়ো সুউচ্চ দেৱালেৰে ঘেৰা হাউলীত শান্তিৰে শুইছে৷বৰ্তমানৰ ৰজাই ৰাজধানীৰ সোঁমাজত নৱনিৰ্মিত অত্যাধুনিক ৰাজপ্ৰাসাদত থাকিবলৈ এৰি বৰ-লুইতৰ পাৰৰ ৰাজ্যিক অতিথিশালাটোকেই ৰজাৰ ৰাজহাউলী হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে৷ নিৰিবিলি মনোৰম ঠাই, সেয়ে আপোনালোকে বেছিকৈ চিঞৰ-বাখৰ কৰিলে ৰজাৰ সুখনিদ্ৰা ভংগ হ’ব পাৰে৷ পিছে আগৰজনা স্বৰ্গদেৱেও ৰজাৰ বাবে নিৰ্দিষ্টকৈ ৰখা প্ৰাসাদত নাথাকি পাহাৰৰ ওপৰৰ আন এটা অতিথিশালাকেই বাছনি কৰিছিল৷

Read more

অট্টহাস্য – প্ৰণীতা গোস্বামী বৰঠাকুৰ

:মা,ইমান হাঁহিছে কিয় ইহঁতি-?? সৰুপোণা দমদমে মোৰ মুখলৈ চাই সুধিলে৷ :নাজানো অ’ বোপাই, এওঁলোকৰ ফূৰ্তি লাগিলেই মোৰ ভয় লাগে। :কিয় মা ? :দেখা নাই জানো, ইহঁতি ফূৰ্তি কৰি কেনেকৈ তোৰ ডাঙৰ বায়েৰক সাউতকৈ ধৰি লৈ গ’ল ৷ উফ্! বুকুখন বিষাই গ’ল। তোক আৱৰি ধৰি থকা বাবে মোলৈ হাত নপৰিল সিহঁতৰ৷ :সৰু বাই ক’ত গ’ল মা?– দমদমে অলপ ৰৈ পুনৰ সুধিলে মোক৷ :আছে চাগৈ সেই নাটেশাৰীকেইজনীৰ লগত উমলি৷ ডাঙৰ হৈ আহিছে,পিছে তাইৰ গাত কথা লগাই নাই৷-খং আৰু দুখভৰা মনেৰে মই ভোৰভোৰাই

Read more

দম – গীতিকা শইকীয়া

ধক্‌ধকীয়া বগা বিচনা চাদৰ পাৰি থোৱা মাংগীলাল আগৰৱালৰ ডাঙৰ কাপোৰৰ দোকানখনৰ আগত হঠাতে এখন স্ক’ৰপিঅ’ ৰ’লহি! স্পীডত আহি হঠাতে ব্ৰেক মৰাৰ ফলত ঠাইখিনিত এক প্ৰকাৰৰ গোঁজৰণিৰ দৰে শুনা গ’ল। গোঁজৰণিত উৰি যোৱা ধূলিৰ মাজতেই গাড়ীখনৰ পিছে পিছে ছন্দোবদ্ধভাৱে আহি থকা এজাক যুৱকৰ বাইকবোৰ হঠাতে ব্ৰেক মাৰি ৰখাই দিয়াত ঠাইখিনি গুমগুমাই উঠিল। যেন দক্ষিণ ভাৰতীয় চিনেমা এখনৰহে ট্ৰেইলাৰ ! প্ৰথমে বাইক এখনৰ পৰা এজন সাউতকৈ নামি আহি ভব্য-গব্যভাৱে স্ক’ৰপিঅ’ৰ দুৱাৰখন খুলি দিলে-লগুৱাই মালিকৰ গাড়ীৰ দুৱাৰ খুলি দিয়াৰ লেখীয়াকৈ! চ্যুট-টাই পিন্ধা এজন

Read more

কৃষ্ণাই মূৰৰে বকুল ফুল এপাহি – পৰিস্মিতা বৰদলৈ

পিন্ধি থকা ফ্ৰকটোৰ ঠিক কঁকালৰ ওচৰতে মায়ে ৰছী এডাল বান্ধি দিয়ে ৷ মাৰ মেখেলাখনকে দুমোকোট কৰি পিন্ধাই দিয়ে এক বিশেষ কায়দাত ৷ চাদৰখন পকাই পকাই পিন্ধাই দিয়ে ৷ পেটুলি এজনী হৈ পৰোঁ৷ ইমানবোৰ কাপোৰ সোমাই থাকে যে পেটটোত ! তাৰ পাছত আইতাৰ নাইবা মাৰ নিজৰ ভাগৰে নকল চুলি (আইতাহঁতে টাৰ্চেল বুলি কোৱা মনত কৰে) লগাই খোপা এটা বান্ধি দিয়ে ৷ তাতে ওচৰৰ জুন বাইদেউহঁতৰ আমজোপাত ওলমি থকা কপৌপাহ দেউতাই খুজি আনেগৈ ৷ পুতু বৰ্তাৰ খং উঠে চাগে কপৌফুলপাহ খুজিবলৈ যোৱা

Read more

ফুলিলে ভেবেলি লতা – অনন্ত কলিতা

বজৌ কেৰেক্টাৰটো অলপ ডেন্‌জাৰাছ ৷ অলপ নহয়,সাংঘাতিক ডেন্‌জাৰাছ ৷ বিহু পাতিছিল এইবাৰ৷ গাঁৱৰ ওচৰৰ ল’ৰাবোৰে তাৰ কথা জানে৷ সেয়ে তাৰ বিহুত গাঁৱৰ ল’ৰা-ছোৱালীবোৰ নাই৷ অলপ আঁতৰৰ দহ-বাৰটামান ল’ৰা-ছোৱালী গোটাই বজৌৱে বিহু দল এটা আৰম্ভ কৰি বিহু মাৰিলে৷ মই জানো-তাৰ উদ্দেশ্য বিহু মাৰি কৃষ্টি-সংস্কৃতি ৰক্ষা কৰা নহয়৷ কেনেকৈ বিহুৰ নামত ৰাইজক ঠগি দুই-চাৰিটকা ঘটিব পাৰি-তাৰ ধান্দা সেইটোহে৷ মই অৱশ্যে তাৰ এই কথাটোত বৰ এটা বেয়াও পোৱা নাই ৷ যিয়েই নহওঁক , সি অন্ততঃ কিবা এটা ভাল কামেই কৰিবলৈ হাতত লৈছে ৷

Read more

প্ৰেমিকা, গাৰ্লফ্ৰেণ্ড আৰু ৱমেন…অ’হ আৰু ৱাইফ – বৰ্ণালী গগৈ

‘তুমি চুলি, মই কিলিপ তুমি গাৰু, মই গিলিপ মই তোমাক নিমখৰ সমান ভালপাওঁ’ নিমখৰ মহঙাদিনত কোনোবা প্ৰেমিকে প্ৰেমিকালৈ লিখা এই প্ৰেমপত্ৰখনি কিন্তু আজিৰ জেটযুগতো সম্পূৰ্ণ প্ৰাসঙ্গিক। আটাইতকৈ আটকীয়া বস্তুটোৰ সমানেই ভালপায় মানুহে প্ৰেমিকাক। ইয়াত কোনো সন্দেহ নাই যে প্ৰেমিকা হোৱা বৰ সুখৰ। বিবাহিতা স্ত্ৰী হোৱাও বৰ সুখৰ,বিশেষকৈ প্ৰথম দিনবোৰত বৰ ৰোমাণ্টিক। গাৰ্লফ্ৰেণ্ডৰ পজিচন অৱশ্যে ‘ফিফটি ফিফটি’৷ কিন্তু ৱমেন ! বৰ ৰিস্কৰ কথা দেই। কৈশোৰ আৰু যৌৱনৰ প্ৰাক্‌কালতে ছোৱালীবোৰৰ প্ৰেম হয় প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই। কিছুমানৰ তাৰ আগতেও হয় আৰু কিছুমানৰ জীৱনলৈ

Read more

ভূতৰ চিনেমা – মিৰাজুল ৰছিদ

সৰুৰে পৰা ভূতৰ চিনেমা চাবলৈ ভয় ৷ মেট্ৰিক পাছ কৰালৈকে ৰাতি প্ৰস্ৰাৱ কৰিব লাগিলেও লগত মা বা দেউতাক লৈ যাওঁ,কাৰণ-এই ভূত ৷ মায়ে বুজাইছিল-“তোৰ সিংহ ৰাশি৷ ভূত নাহে তোৰ ওচৰলৈ৷” মই নাজানো-কিয় সিংহ ৰাশিৰ ল’ৰাটোৰ কলিজাখন মেকুৰীটোৰ দৰে ? যি নহওক,ভূতৰ চিনেমা যদি কেতিয়াবা চাওঁ;এটাই কথা মনলৈ আহে “কিয় গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুয়ো ফুৰিবলৈ যাব বহু ভিতৰত থকা জংঘল এখনৰ মাজলৈ ? কিয় আধা ৰাস্তাতে গাড়ী বেয়া হ’ব ? কিয় দুয়ো গৈ এনেকুৱা এটা বাংলোত থাকিব য’ত কোনো মানুহ নাথাকে ?

Read more
1 17 18 19 20 21 31