ফটাঢোল

নাৰদৰ বিদ্ৰোহ – জিমি শইকীয়া

:আমাৰ এই নাৰদ বোলাজনৰ কি হ’ল হে ? ব্ৰহ্মাদেৱে ফুচফুচাই প্ৰভু নাৰায়ণক সুধিলে৷ :নাজানো ব্ৰহ্মাদেৱ৷ কিবা কাট্আউট গ’ল নেকি এইজনৰ! -প্ৰভু নাৰায়ণেও মুখখন ভেঙুচাই ক’লে৷ :মুঠতে কিবা এটা ঘেটেৰ-মেটেৰ হৈছে খাটাং । বৌম বৌম৷-শিৱবাবাই লগতে ফুচফুচালে। তেনেতে নাৰদে ক’ৰবাৰ পৰা আহি ভেঁকাহি মাৰি উঠিল৷ :আপোনালোকে কি এইখন ভেঙুচা-ভেঙুচি কৰি আছে। দৰকাৰী বিষয় গুৰুত্ব দি শুনিব। নহ’লে আপোনাসবৰ সান্দহ খোৱা বালি তল পৰিব৷ মোৰ মুখ খোল খালে স্বৰ্গৰ সব ঘেটেৰ-মেটেৰ ফাদিল কৰি দিম পৃথিৱীত। আপোনালোকে এটা শুদ্ধ ডিচিছন ল’বলৈ নিশিকিলে৷ সদায়

Read more

মোৰ শৈশৱৰ লগৰী – ধৰিত্ৰী শৰণীয়া

আতা(ককা)মোৰ শৈশৱৰ লগৰী। মোৰ জীৱন-বাটত প্ৰভাৱ পেলোৱা এক জীৱন্ত দলিল। মই প্ৰায় দেৰ বছৰ বয়সৰ পৰা আতাহঁতৰ লগত মানে মাৰ মাকৰ ঘৰত আছিলোঁ। দেউতাৰ ভাগৰ  আইতা-আতাক দেখাৰ সৌভাগ্য নহ’ল। মই বোলে সৰুতে মাৰ মাক আইতাক মা আৰু দেউতাক আতাক পিতা বুলি মাতিছিলোঁ। মোৰ শৈশৱ তেওঁলোকৰ লগতে সংপৃক্ত। বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুই নিৰক্ষৰ আতাৰ কণ্ঠস্থ  আছিল। দুটা সাধুক লগ লগাই এটা কৰি সুন্দৰকৈ উপস্থাপন কৰিব জানিছিল তেওঁ। কথাই কথাই ফকৰা-যোজনা কোৱা আতাৰ প্ৰতিটো কথাই আছিল ৰসাল। সৰুতে মোক পিঠিত লৈ

Read more

ৰেডুৱা – হেমন্ত ভট্টাচাৰ্য

মই তেতিয়া নিচেই সৰু ৷ থাকোঁ নলবাৰীৰ গাঁৱৰ ঘৰত ৷ সেইসময়ত টিভিতো বেলেগ কথা,গাঁৱৰ কোনো ঘৰতে ৰেডিঅ’ও নাছিল৷ দেউতাই ৰে’লৱেত চাকৰি কৰিছিল বাবেই ৰেডিঅ’ এটা কিনিলে৷ ৰেডিঅ’টো কিনাৰ দিনাৰ পৰা আমাৰ যে কি ফূৰ্তি ! স্কুললৈ যোৱা বন্ধ হৈ গ’ল ৷ কেৱল মোৰ বা আমাৰ ঘৰৰ ল’ৰা-ছোৱালীবোৰৰে নহয়,গাঁৱৰ সকলো ল’ৰা-ছোৱালীৰে স্কুললৈ যোৱা বন্ধ হৈ গ’ল ৷ আমাৰ নলবৰীয়া ভাষাত ৰেডিঅ’ক ৰেডুৱা বুলিছিলোঁ৷ ৰেডুৱাটো অনাৰ পিছতো আন এটা লেঠা থাকি গ’ল-তাক ‘ফিট্’ কৰা । তেতিয়া গাঁৱত বিজুলী-বাঁতি নাছিল ৷ আৰু সেই

Read more

ড° বিকাশ বৰুৱা চাৰ সমীপেষু – অভিজিত কলিতা

চাৰ, আন্তৰিক শ্ৰদ্ধা গ্ৰহণ কৰিব। সৰুকালৰপৰাই আপোনাৰ লেখা পঢ়িছো, যিকেইজন লেখকৰ লেখনী পঢ়ি নিজে কিবা এটা কৰি চাওঁ বুলি চেষ্টা কৰিছিলো, তাৰ ভিতৰত আপুনিও অন্যতম। আপুনি অসমৰ সৰ্বশ্ৰেষ্ঠ ব্যংগ সাহিত্যিক সকলৰ এজন বুলি স্বীকাৰ নকৰি নোৱাৰো। কেতিয়াবা ব্যংগ লিখিবলৈ চেষ্টা কৰিলে আপোনাৰ লেখনীৰ প্ৰভাৱ নপৰাকৈ এশাৰীও লিখিব নোৱাৰো। কোনোবা আলোচনীত কেনেবাকে আপোনাৰ নামটো দেখিলে প্ৰথম আপোনাৰ লেখাটোৱেই পঢ়া একধৰণৰ নিয়ম হৈ পৰিছে। মস্তভস্কি, ক্ষুদ্ৰপভ, বমফোচ দা ব্লাফমাষ্টাৰ জাতীয় চৰিত্ৰবোৰৰ নাম; – “হেৰি নহয় বিশ্ব! শুনাচোন! বৰ বিপদ এটা হ’ল হে!

Read more

ধুমকেতু – ঈশানজ্যোতি বৰা

মোৰ নাম ড৹ ধুমকেতু পাটগিৰি৷ মই ‘সোপাঢিলা চৰকাৰী মহাবিদ্যালয়’ৰ এজন ‘অ-সোপাঢিলা’ লেক্‌চাৰাৰ৷ কি সুধিলে? মোৰ আচল নামটো! এহ্ থাকক দিয়ক৷ ধুমকেতু নামটোহেচোন আজিকালি আপোন-আপোন লাগে৷ এনিৱে, মোৰ বিষয় হ’ল ৰাজনীতি বিজ্ঞান৷ পিছে ছাবজেক্টডাল একদম ব’ৰ আৰু কামোৰ! এইবোৰ মই পঢ়োৱা বস্তু মুঠেই নহয়৷ সেয়ে বছৰৰ প্ৰথমটো দিনাই মই ল’ৰা-ছোৱালীক কৈ দিওঁ- “বাছাহঁত৷ শুন৷ প্লে ষ্ট’ৰত দুটামান মজা মজা এপ্ আছে৷ সেইবোৰ ম’বাইলত ইনষ্টল কৰি ল’বি৷ ম’বাইল কিনিবলৈ যদি মাৰ-বাপেৰে টকা নিদিয়ে, মোৰপৰা ল’বি৷ নিতৌ সন্ধ্যা আঠ বজাত মোক টিভিত চাবি৷

Read more

ভগৱানৰ ছুটী – হেমন্ত কাকতি

  দেশৰ জ্বলন্ত সমস্যাসমূহ মূৰত লৈ ভাবি ভাবি বিছনাত পৰিছিলো। চিলমিল কৈ টোপনিটো আহিছিল মাত্ৰ, হঠাৎ দৰজাখনত ঢকিয়াই থকা শব্দ এটা শুনি কাণ দুখন উনাই থাকিলো৷ বাহিৰত ধুমুহা বৰষুণ চলি আছে৷ দূৰত বতাহৰ গোঁ গোঁ শব্দ, প্ৰচণ্ড তীব্ৰতাই গছবোৰক এনেকৈ নচুৱাই ফুৰিছে যেন চহৰখনৰ বুকুত কোনো এক মিউজিক ক’মপ’জাৰৰ নিৰ্দেশত চলি আছে এক সন্মোহিনী সুৰ আৰু উদ্দাম নৃত্যৰ তালে তালে এক মধুৰ চিম্ফনী৷ দৰ্জাৰ খট খট শব্দটো আৰু অলপ জোৰকৈ হ’বলৈ ধৰিলে৷ লাহেকৈ উঠি গৈ ভয়ে ভয়ে ভিতৰৰপৰা মাত দিলো

Read more

শৈশৱতে ধেমালিতে – মল্লিকা শৰ্মা বৰদলৈ

শৈশৱ বুলিলেই ওঁঠত হাঁহি এটা ওলমি ৰয়। তাহানিৰ শৈশৱৰ সেই ধেমালিবোৰ, লুকাভাকু, ৰজা-ৰাণী, টাংগুটি, দৰা-কইনা খেল, খেলি নোপোৱা মানুহ হয়তো কোনো নাই বুলিলেও ভুল নহ’ব। তেতিয়া সাংঘাটিক চিৰিয়াছ বুলি ভবা কথাবোৰ এতিয়া হাঁহিৰ অজুহাত মাথো। তাতে যদি আপোনাৰ শৈশৱত গাঁৱৰ ধূলি-মাকতিৰ পৰশ থাকে তেনেহ’লে আৰু মধুৰ হয় স্মৃতি। শৈশৱৰ বহুতো পাহৰিব নোৱাৰা সময়ৰ মাজৰে বিশেষ সময়খিনি হ’ল প্ৰাথমিক বিদ্যালয়ৰ সময়খিনি। আমি যিখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলো, তাত “বহা আসনখনো” ঘৰৰপৰাই লৈ যাব লাগিছিল। আহল বহল মাত্ৰ এটা কোঠাতে চাৰিটা

Read more

যমপুৰীৰপৰা লাইভ – সোণটো ৰঞ্জন বৰুৱা

  সন্ধ্যা সময়। গোলাপী ৰসত ডুবি জননেতাজন আৰু সাংবাদিকজনে মিলি দেশৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে আলোচনা কৰি আছিল। সেই সময়তে নিজে নিজে ঢোল পিটি সন্ত্ৰাসবাদ বিয়পোৱাৰ দায়িত্ব লৈ থোৱা সংগঠনটোৱে তাতে বোমা ফুটাই দিলে। লগে লগে দুয়োজনে চকু মুদিলে। এইফালে এওঁলোক দুজনে পৃথিৱী এৰিলে, ইফালে নৰকলৈ নিবলৈ যমদূত আহি হাজিৰ। পিছে ঘটনাস্থলী পাই যমদূতৰ মূৰত পানী দিব লগা অৱস্থা। নেতাৰ আত্মাটো নেতাৰ দেহৰ ওচৰতে চুপচাপ আছে, কিন্তু সাংবাদিকজনৰ দেহটোহে আছে, আত্মাৰ চিনমোকামেই নাই। ওচৰতে ইফাল সিফাল কৰি আছে বুলি চাৰিওফালে চোৱাচিতা

Read more

পতিচৰিত – দেৱাংগ পল্লৱ শইকীয়া

তিনিবছৰীয়া গৱেষণাৰ অন্তত পতিচৰিত গৱেষণাপত্ৰৰ মূল কথাকেইটা ৰাইজলৈ আগবঢ়ালো। এইকেইটা মূলহে, ভাঙনি বেলেগ। যথাসময়ত বিভিন্ন তথ্য যোগান ধৰা পতিসকললৈ কৃতজ্ঞতা। গোটাচেৰেক গৱেষকৰ নিজা। ইয়াত আপুনি/আপোনালোক মানে পত্নীক, আৰু আমি/তেখেত মানে পতিসমাজক বুজোৱা হৈছে! সমূহ পতি সমাজৰ সহযোগিতা কামনাৰে :- ১) পতিয়ে গা ধুই আহি যদি তেখেতে টাৱেলখন বিচনাত নথৈ ক’ৰবাত মেলি থৈছে তেনেহ’লে মৰম আৰু যত্নৰ পৰিমাণ বঢ়াওক। এনে পতি বিৰল। যদিহে টাৱেলখন নি ৰ’দত মেলি দিছে সেই পতিৰ চৰণ স্পৰ্শ কৰক। একলাখত এক তেখেত। আপুনি ভাগ্যৱতী। ২) সাধাৰণ তৰ্কৰ

Read more

ওকণী আখ্যান – প্ৰীতিষা গোস্বামী

এসময়ত ছোৱালী, তিৰোতা সকলোৰে কাৰণে আতংকস্বৰূপ আছিল এই ওকণী নামৰ ক্ষুদ্ৰ প্ৰাণীবিধ। চুলিৰ মাজত থকা এই প্ৰাণীবিধে প্ৰতিটো পথ-উপপথত দিন-ৰাতি ২৪ ঘণ্টাই দপদপাই ফুৰিছিল। সিহঁতৰ অবাধ বিচৰণে বহুতৰে চকুৰ টোপনিও হৰিছিল। অৱশ্যে বহুতৰ কাৰণে ওকণী স্বস্তিৰ নিশ্বাসো আছিল। কাৰণ দুপৰীয়া ভাত খাই উঠি তিৰোতাসকলে কাৰোবাৰ মূৰৰ ওকণী চোৱাৰ চলেৰে বিয়নি মেলত বহিব পাৰিছিল। ভূ-ভাৰস্তৰ সকলো বা-বাতৰি সেই মেলতে আদান-প্ৰদান হৈছিল। সৰুতে মোৰ মূৰতো ওকণীৰ এখন বিশাল সাম্ৰাজ্য গঢ়ি উঠিছিল। ৰজা-ৰাণী, সৈন্য-সামন্ত, পালি-পহৰীয়া মিলি একেবাৰে গজগজীয়া সাম্ৰাজ্য আছিল। সেই সাম্ৰাজ্য ধ্বংস

Read more
1 24 25 26 27 28 37