ফটাঢোল

বিশ্বকাপ ফুটবল’২০৪৬ চন (ভাৰত আৰু ব্ৰাজিল) – ঈশ্বৰ প্ৰসন্ন বৰা

যিমান পাৰি সোনকালে দোকান বজাৰ কৰি ঘৰ সোমালো—ক্লাবলে সোনকালে আহিব লাগিব। আজি ৱৰ্ল্ড কাপ ফুটবলত প্ৰথম বাৰৰ বাবে ভাৰত ব্ৰাজিলৰ মুখা মুখি হব।সমগ্ৰ দেশ ফুটবল জ্বৰত আক্ৰান্ত।প্ৰথম বাৰলে ভাৰতে কোৱালিফাই কৰিছে।আমাৰ কথা আকৌ আৰু সুকীয়া।অসমৰ দুজনে খেলিছে— চিবচান্দ টিমূং আৰু ভূপেন বৰা।ভূপেনক আকৌ মই সৰুৰে পৰাই জানো।গতিকে কথাই সুকীয়া।ডাঙৰ স্ক্ৰীন লগাইছো ক্লাবত,সকলোৱে একেলগে চাম।অসমৰ দুজনে বিশ্বকাপত খেলিব—তাতে আকৌ ভূপেনেই মূল ষ্ট্ৰাইকাৰ,কিবা বুজাব নোৱাৰা আনন্দ। অসমীয়া স্পৰ্টচ চেনেলত লগাই ললো। ভাল লাগিব।অসমীয়াত কমেন্টেৰী শুনাৰ মজাই বেলেগ। মন ভাল লগা পানীয় আৰু

Read more

আজি এইটোৱেই খা – পাপৰি দত্ত

অফিচৰ পৰা ঘৰলৈ আহোঁতে বজাৰত সোমাই দুই-এটা ঘৰুৱা বস্তু কিনি অনাটো মোৰ এটা পুৰণা অভ্যাস৷ এনেদৰে বজাৰ কৰিলে দুই এজন ভিক্ষাৰী আহি ওচৰতে ঠিয় দিয়েহি৷ হাতত খুচুৰা পইচা থাকিলে কেতিয়াবা সিহঁতক দিওঁ আৰু কেতিয়াবা ধমক এটা দি আঁতৰাই পঠাওঁ৷ এদিন এনেকৈ অফিচৰ পৰা আহোঁতে মিঠাই দোকান এখনত সোমালোঁ৷ ভাবিলোঁ পনীৰ আৰু ব্ৰেডৰ লগতে অলপ মিঠাইও কিনি লৈ যাওঁ৷ সেইদিনা মনটো ভাল লাগি আছিল দিনটোৰ কামবোৰ সুকলমে পাৰ হোৱাৰ বাবে৷ মিঠাই দোকানখনৰ পৰা বস্তু কেইপদ লওঁতেই আহি পালে এজন ভিক্ষাৰী৷ হাত

Read more

বাটে ঘাটে – চম্পক শৰ্মা

১২০৮৭ শতাব্দী এক্সপ্ৰেছ খন ৰঙিয়াৰ তিনি নম্বৰ প্লেটফৰ্ম সোমাই গৈ মানে চিফুং পেছেঞ্জাৰ খন দুই নম্বৰ প্লেটফর্মত ৰৈ আছিল। দৌৰা দৌৰিকৈ গৈ ট্ৰেইন খনত উঠি দিলোঁ। ট্ৰেইন খনত যাত্ৰী কম। খিৰিকিৰ কাষৰ ছিট এটাত বহি মোবাইলত সময় চালোঁ, ঠিক টাইম মতে ট্ৰেইন চলি আছে। শতাব্দী খনহে এডভান্স সোমাইছে। “আৰে চম্পক, তুই এইখানে” চিনাকী চিনাকী লগা মাত এটাত ঘূৰি চালোঁ, হয়, ভবা জনেই হয়। সেইজন নৰেন দা। আলিপুৰত লগ পাইছিলোঁ। সদাহাস্যমুখী নৰেন দা গাজা কোৱাত পাকৈত। এনেকুৱা ৰস লগাই কথাবোৰ কয়,

Read more

যথা কন্যা তথা বিবাহ – ধ্ৰুৱজ্যোতি অৰ্জুন

তেতিয়া তাইৰ আৰু মোৰ দুৰ্ঘোৰ প্ৰেম । ভোডাফোনৰ ওৰে নিশা ফ্ৰী টকটাইমৰ মই দামী গ্ৰাহক । বাৰিষাৰ বাঢ়নী পানীৰ দৰে কথা উলাই । সাধাৰণতে বাহিৰত ৰাজনীতি , কুটনীতি, সমাজ সংস্কাৰৰ দৰে কথাহে পতা মইটোৰ বুকুত ৰাতি বাহ লয় কোনো প্ৰেমিক চৰাই । বিয়াৰ দিনা মোৰ টেনচন । এনেয়ে প্ৰত্যেকটো ডেকালৰাৰ বিয়া বুলিলে মনটো ৰোমাঞ্চিত হৈ থাকে যদিও সেই বিশেষ দিনটোত কিন্তু ক’ৰপৰা অনামী ভয় এসোপাই বুকুত ভিৰ কৰেহি । “মই”বোৰ যে” আমি” হৈ যায় সিদিনাৰে পৰা । উৰুলিপুঙা হৈ থকা

Read more

গৰুৱে মানুহৰ বিষয়ে লিখা ৰচনাখন – দেৱজিত শইকীয়া

“মানুহ” আৰম্ভণি: মানুহ এবিধ অপকাৰী ঘৰচীয়া জন্তু ৷ ইহঁত দুঠেঙীয়া যদিও পুৰ্বপুৰুষ সকল চাৰিঠেঙীয়া আছিল বুলি নিজকে গৰ্ব কৰে ৷ ইহতঁৰ ঠেং দুখনক ভৰি বুলি কয় আৰু ভৰিৰে খোজ কঢ়াৰ ওপৰিও ভুল কৰি উঠি ভৰিত ধৰি মাফ খোজা কাৰ্যতো ব্যৱহাৰ কৰে ৷ ইহঁতৰ নিজৰ মাজতে লাট মৰা তথা লেং মৰা ইত্যাদি কাৰ্যত সিদ্ধহস্ত ৷ আগফালৰ ঠেংদুখন ভৰিৰ তুলনাত পয়া লগা যাক হাত বোলা হয় ৷ হাতেৰে ইহঁতে খোৱা আৰু হেৰি ধোৱা দুয়োটা কাৰ্য সম্পাদন কৰে ৷ কিছুমান মানুহৰ হাত লৰ

Read more

ফটা-সাক্ষাৎকাৰ – অভিজিত কলিতা

এই পৰী বোলা ছোৱালীজনী ভাল নহয়। সেইদিনা খবৰ এটা লওঁ বুলি তেখেতৰ অফিচলে গ’লো; বঢ়িয়াকৈ চাহ মিঠাই খুৱাই, মিঠা মিঠা কথা কৈ মোক ফচাই দিলে নহয়, বোলে এই সংখ্যা আলোচনীৰ বাবে সা‍ক্ষাৎকাৰ মই লৈ দিব লাগিব। মই চালে বেৰে কোবাই নাই নুই কৰি চালো, পিছে তেওঁ নাচোৰবান্দা। মোক তামাম জেক মাৰিলে,বোলে মই হেনহে, তেনহে, মই নকৰিলে এইটো কাম কোনেও কৰিব নোৱাৰে। মই বুজি পালো যে মোৰ পৰা কাম উলিয়াবলৈ জেক মাৰি আছে। কিন্তু শেষত গৈ না কৰিব নোৱাৰিলোগৈ। এনেও সুন্দৰী

Read more

থোলোক আৰু জাপানী সাহিত্যিকৰ পত্ৰালাপ – জ্যোতিৰূপম দত্ত

জাপানৰ প্ৰখ্যাত সাহিত্যিক হাৰুকি মুৰাকামি আৰু আমাৰ থোলোকৰ মাজত হেনো প্ৰায়েই চিঠি-পত্ৰৰ মাজেৰে মধুৰ ভাৱৰ আদান প্ৰদান চলি থাকে৷ মই প্ৰথমে কথাটো মুঠেও বিশ্বাস কৰা নাছিলো৷ পিছে সিদিনা একেবাৰে চকুৰ সমুখতে প্ৰমাণ পালো৷ কথাটো হয়, সঁচা৷ পিছে ডাঙৰ কথাটো হ’ল যে মুৰাকামিয়ে অসমীয়া, হিন্দী, ইংৰাজী নাজানে, কেৱল জাপানী ভাষাহে জানে আৰু থোলোকে হেনো নজনাৰ ভিতৰত কেৱল জাপানী ভাষাটোহে নাজানে! তথাপিও দুয়োৰে মাজত চিঠিপত্ৰৰ আদান প্ৰদান? কেনেকৈ বাৰু? উৰহীৰ ওৰ বিচাৰি গৈ থোলোকৰ ঘৰ পালো৷ সুধিলো ‘কিবা বোলে জাপানী সাহিত্যিকৰ সৈতে

Read more

তীখৰৰ তাবিজ – মৃদুস্মিতা অংকুৰ ৰাজ

আন একো কৰিব নোৱাৰি নতুনকৈ গানৰ প্ৰেমত পৰি গান লিখি গাবলৈ লোৱা ন-যুৱক এজন আকৌ আমাৰ তীখৰৰ পাল্লাত পৰিল৷ মনত থকা ক্ষোভ বোৰ তীখৰৰ আগত উজাৰি থাকোতেই তীখৰে মাত দিলে যে,” আপোনাৰ দৰে কলাকাৰৰ প্ৰতিটো কথাতে ক্ষোভ।প্ৰকৃততে নিজৰ প্ৰতিভা অনুসৰি সন্মান নাপাই আপোনালোক হীনমন্যতাত ভূগে।মই আপোনাক কিবা এটা দিম।দেখিব সুৰে নিজে নিজেই আপোনাৰ কাণত বাজিবহি,আপুনি শব্দকেইটা মান সুৰৰ লগত মিলাই বহাই দিলেই হ’ল, বেছি অৰ্থপূৰ্ণ শব্দ মাৰ্কেটত নচলে,অলপ পাতলীয়া ধৰণৰ বহাই দিব আৰু চাব আপুনি গানেৰে জগত নিজিনিলেও বিহু মঞ্চ

Read more

ডুৱেল চিম বনাম ডুৱেল চেহেৰা – লখিমী হাজৰিকা

“ফটাঢোল” আলোচনীৰ সম্পাদকৰ মেচেজ আহিল,- :কি লিখিছা? :মেছেজ আকৌ। :কালৈ? :তোমাৰ লগতে পাতি আছো দেখোন! :এহ নহয় অ’, আলোচনীলৈ লিখাৰ কথা কৈছো। :আলোচনী? ক’ৰ আলোচনী? অনলাইন নে অফলাইন? :অহ হো, তুমিও যে, “ফটাঢোল”ৰ আকৌ! :মানে মই দিনে তিনিখন মান আলোচনী, সাতটামান গোটত লিখোতো! নিজৰ ৱাল বা কমেন্টছৰ ৰিপ্লাই আছেই। সময়ে নিমিলে জানা। ৱাহ! পাৰা কিন্তু। :হেঃ হেঃ হেঃ নাই নাই এইবোৰকে অলপ চেষ্টা কৰি চলি আছো আৰু! :লিখা লিখা, সোনকালে লিখি দিয়া। :অ’ বা, তুমি যেনেকৈ কৈছা যেন কাপোৰৰ বজাৰৰ

Read more

সানমিহলি – সোমকান্ত শইকীয়া

মনেশ্বৰৰ কথাৰে (১) “চিনা আগে” (ক) মনেশ্বৰে মেট্ৰিক পাছ কৰি কলেজত নাম লগোৱা বছৰতে “চীন- ভাৰত ” যুদ্ধখন সংঘটিত হৈছিল ৷ তেতিয়াৰ পৰা বহুত দিনলৈকে স্কুল কলেজত প্ৰায় গোটেই দিনটো ল’ৰা ছোৱালী বিলাকে স্কুল বা কলেজ ফিল্ডত “পেৰেড” কৰি থাকিব লগা হৈছিল — আনকি বন্দুক -ৰাইফল আদি চালনাৰ প্ৰশিক্ষণো দিয়া হৈছিল ৷ এই প্ৰশিক্ষণ দিছিল হিন্দীভাষী আৰ্মী অফিচাৰ সকলে ॥ তেনে এটা প্ৰশিক্ষণৰ পেৰেড চলি থকা দিনৰ কথা । মনেশ্বৰ ল’ৰাটো গায়ে-গাৰিয়ে বেছ হৃষ্ট পুষ্ট — কিন্তু সেই অনুপাতে তজবজীয়া

Read more
1 2 3 4 5 17