ফটাঢোল

নাম বিভ্ৰাট – বৰ্ণালী গগৈ

গুৱাহাটীত ভাৰাঘৰ লৈ থাকিম বুলি স্থিৰ কৰাৰ পিছত দেখিলো মোৰতো পঢ়া টেবুল, আলমাৰি এটা আৰু বেতৰ ঝুলা চকী এখনৰ বাহিৰে একোৱেই নাই৷ গতিকে বিছনা এখন আৰু গেছ এটা লৈ দিয়াৰ দায়িত্ব ভাইটিক (সি আগৰে পৰাই গুৱাহাটীত থাকে) দি মই ড্ৰয়িং ৰুমত থ’বলৈ চকী টেবুলৰ চেট এটা আৰু এখন ডাইনিং টেবুল লোৱাৰ চিন্তা কৰিলো৷ ঘৰৰ পৰা মোক প্লাষ্টিকৰ চকী দুখনমানকে কিনি কাম চলাবলৈ কৈছিল। কিন্তু মোৰ সেইবোৰত একেবাৰে মন নাখাইছিল৷ মোৰ পছন্দৰ বস্তু হ’ল বেতৰ ফাৰ্ণিচাৰ আৰু মই ঠিকেই কৰি লৈছিলো

Read more

লটি-ঘটি – খনিন্দ্ৰভূষণ মহন্ত

স্থান : গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ বিভাগীয় মুৰব্বীৰ কোঠা। সময় : ২০১৬ চনৰ আগষ্ট মাহৰ ৩ তাৰিখ, ঘড়ীত তেতিয়া পুৱা ৯ বাজি ৪৫ মিনিট হৈছে৷ আগদিনাই HOD (Head of the Department) ছাৰে ’মেইল’ কৰি তেওঁক ৯-৩০ বজাত লগ পাবলৈ নিৰ্দেশ দিছিল৷ ওৰেটো ৰাতি “ছাৰে মোক কিয় মাতিলে” ধৰণৰ প্ৰশ্ন এটাই মোৰ টোপনিটো খালে৷ আৰে, ক্লাচত আটাইতকৈ বেছি গালি খোৱাৰ ৰেকৰ্ড থকাটোক তেনেকৈ মাতিলে টেনচন নহৈ পাৰেনে? ৯-২৫ত গৈ মই উপস্থিত৷ গৈ দেখিছোঁ লগৰে আৰু দুজনী ৰৈ আছে।

Read more

লটি-ঘটি – মৃদুল শইকীয়া

নতুন বছৰৰ বিদ্যাৰম্ভ উৎসৱৰ পোন্ধৰ দিন পাছতো বিদ্যালয়ৰ ওচৰৰে অষ্টম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা কাৰ্তিক নামৰ ছাত্ৰজন বিদ্যালয়লৈ নহাৰ বাবে তেওঁৰ ঘৰলৈ খবৰ এটা কৰি আহো বুলি গৈছিলো৷ বিদ্যালয়খনৰ কাষতে লাগি থকা চাহ বাগানখনৰ আনটো মূৰে থকা লেজুৱাবস্তিৰ ওচৰা ওচৰিকৈ থকা কেইবাটাও ঘৰৰ মাজত থকা ছাত্ৰজনৰ ঘৰৰ আগচোতালত উপস্থিত হৈ দেখিলো বাৰাণ্ডাত টোপনিত লালকাল দি শুই আছে কাৰ্তিকৰ দেউতাক মঙলু৷ কাষতে পৰি থকা অমূল্য বৰুৱাদেৱৰ কবিতাত বৰ্ণনা কৰাৰ দৰে খাবলৈ নোপোৱা এটা নিম্ন বংশজাত কুকুৰ। হাঁড়ে ছালে লগা পেটটো আন্তৰ্জাতিক খাৰুৱা

Read more

মডেলৰ অৰ্ডাৰ – লক্ষ্য শইকীয়া

প্ৰায়েই ৰাতি এখুন্দা লাগোৱেই তেখেতৰ লগত! নালাগিলে ৰাতিৰ ভাত সাঁজো হজম নহয়, ৰাতি ভয়ানক ভয়ানক সপোন দেখো (তেখেতে মোৰ মূৰ পিটিকি আছে, গা মালিছ কৰি আছে, যিটো কেতিয়াও নহয়! এইবোৰ ভয়ানক সপোন নহয়নো কি?) আজিও সময়মতেই কল আহিল তেখেতৰ৷ মুদটো অলপ ভাল আজি (শনিবৰীয়া ৰাতি ফুল এজোপা শিপালৈকে চোবাই আছোতো! লগতে ডাৱৰ সৃষ্টি কৰি লৈছো ধূপ জ্বলাই, এৰোপ্লেন চলাম তলৰ পৰা বিছনাত উঠিবলৈ!) বিয়াৰ কথা কিবা কিবি কৈ আছিল, মোৰ মূৰতহে একো সোমোৱা নাছিল! কিবা ড্ৰেছৰ কথাও কৈ আছিল৷ যিকেইটা

Read more

ৱেষ্টাৰ্ণ – মণ্টু কুমাৰ ডেকা

এই যে “ৱেষ্টাৰ্ণ” বিধ, ১৯৯৬ চনতেই গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ত প্ৰথম দেখিছিলো৷ ব্যৱহাৰো কৰিছিলো৷ মোৰ চকুৰ অস্ত্ৰোপচাৰৰ পাছত প্ৰায় দুদিনলৈ বেণ্ডেজ লগাই থোৱাৰ বাবে কেনেকৈ সেইবিধ ব্যৱহাৰ কৰিছিলো এতিয়াও নুবুজিলো। প্ৰথম দিনা দেউতাই সহায় কৰিছিল, দ্বিতীয় দিনা ৱাৰ্ডবয়জনে, গমেই পোৱা নাছিলো সেই বগা চকীখনৰ ওপৰত ভৰি তুলি আৰামত বহিছিলো নে চকীত বহাৰ দৰে বহিছিলো? মনত নাই৷ থাকিবওনো কিয়? নিজৰ কাম সম্পূৰ্ণ হোৱাতহে বেছি গুৰুত্ব দিছিলো। কেনেকৈ কৰিলো, কেনেকৈ বহিলো ইমানবোৰ অদৰকাৰী কথাত তেতিয়া গুৰুত্ব দিয়া নাছিলো। দহ বছৰ পাছত প্ৰথমবাৰ দিল্লীলৈ

Read more

ছাউথৰ বিহু সম্ৰাজ্ঞী – মানসী হাজৰিকা

বিহু নচাৰ প্ৰতি দুৰ্বলতা খুব সৰুৰে পৰা। মোৰ তেতিয়া বয়স পাঁচ বছৰমান৷ ওচৰৰে বাইদেউ এজনীক বিহু শিকাবলৈ বিহুৱা ডেকাৰ দল এটা আহে। মোৰ আগ্ৰহ দেখি মায়ে তাত বিহু নাচ শিকাৰ সুবিধা কৰি দিলে। দহ দিন মান গৈছিলনে নাই জানো,দূৰদৰ্শী পিতৃৰ চকুত ভৱিষ্যতে কন্যাই কোনোবা ঢুলীয়া ডেকাৰ বৰঘৰ শুৱনি কৰাৰ ছবিখন ছয়া-ময়াকৈ ধৰা দিলে আৰু সেইখিনিতে বিহু প্ৰশিক্ষণৰ অন্ত পৰিল। তাৰ সলনি মোক বৰগীত বা সত্ৰীয়া নৃত্যৰ তালিম দিয়াৰ আলোচনা চলিল ৷ কটন কলেজত পঢ়ি থাকোঁতে তাত হোৱা বিভিন্ন অনুষ্ঠানত লগৰবোৰে

Read more

চোৰৰ ইতিবৃত্ত – মণিষা কাকতী

আগকথাঃ নমস্কাৰ। মোৰ নাম চোৰ। হয়, মোৰ নামটোৱেই চোৰ। ‘চোৰক চোৰে পাই’ বুলি মই মোৰ নামটোৱেই ‘চোৰ’ ৰাখিছোঁ । ক’বতো নোৱাৰি! কি ঠিক! নামটোও যদি চুৰি হৈ যায়। চোৰৰ যিহে উপদ্ৰৱ আজিকালি।  আগে-পিছে, সোঁৱে-বাঁৱে, ওপৰে-তলে-চাৰিওফালে সুন্দৰ, সুন্দৰ একোটা নাম লৈ মোৰ আজোককাৰ দিনৰে বৃত্তিটোক চুৰ কৰি বহি আছে প্ৰায়ভাগে। অৱশ্যে স্পেচিফিকেলি মোৰ পৰিচয় দিবলৈ গ’লে মই হ’লোঁ ‘ফে’চবুকৰ চোৰ’। আজি আপোনালোকৰ সমুখত মই মোৰ নিজৰ কিছু কথা ব্যক্ত কৰিব ওলাইছোঁ। ইয়াৰ মূলতে হৈছে দুৰ্নাম। আজি কিছুদিন ধৰি একাংশই মোৰ নাম

Read more

দেউতা,মই আৰু এডভেন্সাৰ – কৃষ্ণা বৰা ফুকন

(১) দেউতাই অৱসৰ লোৱা তিনিবছৰ মান হ’ল। চৰকাৰী হিচাপমতে জ্যেষ্ঠ নাগৰিকৰ শাৰীত পৰিলেও দেউতাই পিছে কথাষাৰ এতিয়ালৈকে মনে-প্ৰাণে মানি লোৱা নাই। দেউতাই এতিয়াও এনে কিছুমান কাম কৰে যিবোৰ কৰিবলৈ যোৱাৰ আগতে ডেকা মানুহেও বহুতবাৰ ভাবিব। এই ধৰক-অকলে গাড়ীখন লৈ গুৱাহাটীলৈ যোৱা নাইবা গুৱাহাটীৰ পৰা ঘৰলৈ মানে শিৱসাগৰলৈ অহা৷ মোৰ ‘ফ্লাইট’খন চলাই অকলেই গুৱাহাটীৰ পৰা ঘৰ পোৱাহি, নাইট ছুপাৰত ঘৰলৈ গৈ, ঘৰ পাইয়েই গাটো ধুই কাৰোবাৰ ঘৰত নাম বা সকামলৈ দৌৰা….আদি। অৱশ্যে অৱসৰ লোৱাৰ এমাহৰ ভিতৰতে তেওঁৰ বেঙ্কৰ কাম-কাজৰ পৰা আদি

Read more

ৰে’ল-যাত্ৰাত লটিঘটি – অনুৰূপ মহন্ত

বিভিন্ন সময়ত আমি সকলোৱেই বিভিন্ন যাত্ৰা কৰিছোঁ ৷ কেতিয়াবা প্লেনত, কেতিয়াবা ট্ৰেইনত আৰু কেতিয়াবা বাছ বা সৰু গাড়ীত। এই যাত্ৰাসমূহৰ কিছুমান অভিজ্ঞতা আৰু লটিঘটি আমাৰ মনত ৰৈ যায়। ৰে’ল-যাত্ৰাৰ অভিজ্ঞতাবিলাক সাধাৰণতে মনত থাকি যায়। তেনেকুৱা দুটামান মনত ৰৈ যোৱা যাত্ৰাৰে কাহিনী ক’বলৈ ওলাইছোঁ। এই কাহিনী সম্পূৰ্ণ সঁচা। (১)প্ৰথম যাত্ৰা দেৰগাঁৱৰ পৰা ছিলভাচ্ছা (দাদৰা আৰু নগৰ হাভেলী) ************************************* ২০১১ চন, জুলাই মাহ। ইতিমধ্যে মই পলিটেকনিক (টেক্সটাইল) সমাপ্ত কৰি উঠি এবছৰ গুৱাহাটীৰ মিল এটাত চাকৰি কৰি ঘৰলৈ আহিছিলোঁ। তেনেকুৱাতে খবৰ পালোঁ যে-ছিলভাচ্ছাত

Read more

বৰ্ষাসিক্ত সেই আবেলিটো – নীলাক্ষি দেৱী ডেকা

ল’ৰাক স্কুলৰ পৰা আনিবলৈ ৰাস্তাৰ কাষত বাছ নাইবা ট্ৰেকাৰৰ বাবে পৰ দি আছোঁ। বতৰটোও বৰ সুন্দৰ। কিনকিনীয়া বৰষুণ৷ বেগৰ ভিতৰত ছাতিটো আছে যদিও ৰোমাণ্টিকতাৰ আতিশয্যত ছাতিটো মেলিবলৈ মন যোৱা নাই। অলপ দেৰি ৰৈ থকাৰ পাছত মোৰ সন্মুখত সজোৰে ব্ৰেক মাৰি এখন বাইক আহি ৰ’ল। আৰোহী হেলমেট পৰিহিত,মুখত ধূলিৰ পৰা বাচিবলৈ ‘মাস্ক’ লগাই লৈছে৷ মোৰ চকুৰ চেলাউৰি কোঁচ খালে,মুখত বিৰক্তিৰ চিন৷ মোৰ ৰূপ দেখিয়েই বাইক আৰোহীয়ে ততাতৈয়াকৈ মুখৰ মাস্ক আৰু হেলমেট গুচালে,“বাইদেউ মোক চিনি পোৱা নাই? মই অমুক৷” নিজৰে লাজ লাগিল,সেইটো

Read more
1 2 3 4 11