ফটাঢোল

DC ৰ বচন – দুলাল চন্দ্ৰ বৰা

১/
ঠাণ্ডা দিনৰ বাথৰুমৰ পানী
আৰু
নিৰ্বাচনৰ সময়ত নেতাৰ মুখেৰে ওলোৱা বাণী। দুয়োটাই ভয়ানক!

২/
দেৱালীৰ সময়ত জ্বলোৱা চাইনীজ লাইটৰ পোহৰৰ চিকমিকণি
আৰু
বিবাহিত পুৰুষে, নিজৰ পত্নীৰ সন্মুখত দেখুওৱা দপদপনি৷ সদায়েই ক্ষন্তেকীয়া !

৩/
সুৰক্ষাৰ বাবে ৰজা ঘৰত Z Plus
আৰু প্ৰজাৰ ঘৰত Boro Plus সদায়েই মজুত থাকে!

৪/
Summer চিজনত আম
আৰু
Winter চিজনত Rum; এই দুটা বস্তুৰ চাহিদা বজাৰত কেতিয়াও নকমে!

৫/
বানপানীত উটি অহা মেটেকা
আৰু
নিৰ্বাচনত নেতাই বিলোৱা টকা; দুয়োটাই সমাজক ক্ষতি কৰে!

৬/ ডিচকাউণ্ট পাই শ্ব’পিং মলত জধে মধে কৰা বজাৰ
আৰু
নেতাসকলে হেলিকপ্টাৰত উঠি চলোৱা নিৰ্বাচনী প্ৰচাৰ। এইবোৰ সদায়েই অতিৰিক্ত খৰচ হিচাবে ধৰি ল’ব লাগে !

৭/
পামছাৰ হোৱা Car
আৰু
ইলেকচনত হোৱা হাৰ ‌দুয়োটাই কষ্ট দিয়ে!

৮/
গাড়ী তলৰ Suspension
আৰু
ৰাজনৈতিক দলৰ Spokeperson। দুয়োটাৰে ওপৰত প্ৰচণ্ড চাপ পৰে!

৯/
হৰেনৰ দোকানত বিক্ৰীৰ বাবে ৰখা Neelkamal ৰ প্লাষ্টিকৰ। Chair
আৰু
শ্ৰীমতীয়ে parlour ত গৈ straight কৰা Hair; দুয়োটাৰে দাম প্ৰায় সমান!

১০/
ঘৰ সাৰিবলৈ ব্যৱহাৰ কৰা ধান-খেৰৰ সোতা
আৰু
branded বুলি পিন্ধা addidas ৰ duplicate জোতা। বেছিদিন lasting নকৰে!

১১/
হেলমেট নিপিন্ধাৰ অপৰাধত টেফ্ৰিকে কটা চালান
আৰু
দুৰ্নীতিৰ টকাৰে গঢ়ি তোলা বৃহৎ বৃহৎ দালান। দুয়োটাই দুঃখজনক ঘটনা!

১২/
অন্য কিবা সলনি নহ’লেও, আমাৰ দৰে আম আদমীৰ ঘৰত,
মাহটোৰ শেষত চিলিণ্ডাৰ
আৰু
বছৰটোৰ শেষত কেলেণ্ডাৰ সলনি হয়!

১৩/
নপঢ়ি নুশুনি ৰিজাল্টৰ সময়ত ভগৱানৰ ওচৰত দিয়া চাকি
আৰু
দৰমহা নাই হোৱা বুলি চাকৰিয়াল মানুহে গেলামালৰ দোকানীক দিয়া ফাঁকি। সদায়েই কামত নাহে!

১৪/
শেহতীয়া এটা গবেষণাত প্ৰকাশ পাইছে যে বাগিচাৰ বাবে যোগাৰ কৰা ফুল
আৰু
পিকনিকৰ বাবে যোগাৰ কৰা ফুল, একেই নহ’বও পাৰে !

১৫/
ভেদভাৱ কেবলমাত্ৰ সমাজতেই নহয়, কেলেণ্ডাৰতো থাকে !
21 December: সৰুদিন

25 December: বৰদিন

১৬/
Long Drive ত যাওঁতে Puncture হোৱা চকা
আৰু
ধাৰলৈ দি ঘূৰাই নোপোৱা টকা৷ এইবোৰ মৰ্ত্যত যমে দিয়া শাস্তি বুলি ধৰি ল’ব লাগে!

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.