ফটাঢোল

অজলা মই-সুচিত্ৰা দেৱী

তাইক নিজৰ কৰিম বুলিয়েই মই ক’লা চুলিকেইডালৰ দুডালমান সোণালী কৰিলোঁ। ভাল লংপেণ্টটো ব্লেডেৰে কাটি আঁঠুত দুটা ফুটা কৰিলোঁ। মুঠতে যি কৰিব লাগিলেও কৰিম, মাত্ৰ তাই মোক চাওক।

আমাৰ ঘৰৰ সন্মুখৰ ৰাস্তাৰে তাই সদায় যায়। ময়ো তাইক চাবলৈকে সেইখিনি সময়ত ৰাস্তাত ৰৈ থাকোঁ। মায়ে গালি পাৰে, “ক’লৈ গ’লি তই? আহ আহ। এইখিনি সময়ত তই সদায় কিয় ৰাস্তালৈ যাৱ?” মাও যে আৰু! পাৰিলে যেন চাদৰৰ আঁচলত মোক বান্ধিহে ৰাখিব।

মই মাৰ খুব মৰমৰ। গালিও পাৰে, কিন্তু মনে মনে ভাৱে মই এতিয়াও ফুলকুমলীয়া, অজলা হৈয়ে আছোঁ। বি.এ. পঢ়ি আছোঁ, তথাপি আকৌ সৰু হৈ থকা বুলিয়েই ভাৱে। পূজা, বিহুত মোক মোৰ বন্ধুৰ সৈতে যাবলৈ নিদিয়ে। মাৰ পাছে পাছে যাবলৈ দিয়ে।

মায়ে ভবাৰ দৰে মই কিন্তু এতিয়াও অজলা হৈ থকা নাই। পূজাত, বিহুত মাৰ লগত গ’লেও চকু দুটা ছোৱালীৰ ফালে গৈ থাকে। মাজে মাজে বেছি ধুনীয়া ছোৱালী দেখা পালে টিপ এটাও মাৰি দিওঁ। অৱশ্যে মাৰ ওচৰত এদিনো ধৰা পৰা নাই। মই সৰু হৈ থকা নাই এতিয়া। মোৰো ইচ্ছা হয় লগৰবোৰৰ দৰে ছোৱালীৰ লগত ঘূৰিবলৈ, প্ৰেম কৰিবলৈ। মাৰ কাৰণেহে নোৱাৰোঁ মই। কেতিয়াবা ভাবোঁ, মায়ে সৰু, অজলা বুলি ভাবি বিয়া পাতি নিদিয়াকৈ মোক বুঢ়া কৰিব।

তাইৰ কাৰণে কি কৰা নাই মই! চুলিত ৰং, লংপেণ্টত ফুটা। তথাপিও মোলৈ নাচায়। আজি যি হয় হ’ব, তাইক ভাল পাওঁ বুলি ক’ম বুলি ঠিৰাং কৰি ৰাস্তাত ঠিয় হৈ আছোঁ। তাই আহি যেতিয়া মোৰ ওচৰ পালেহি মই লাহেকৈ মাত লগালোঁ,

: শুনাচোন।

: কোৱা।

মই মতাৰ কাৰণে যে তাই ভাল পোৱা নাই সেই কথা তাইৰ মুখখন চায়েই গম পালোঁ। তথাপি মনত সাহস গোটাই ক’লোঁ,

: মই তোমাক বহুত ভাল পাওঁ। তুমি দেখিছা চাগে তোমাৰ কাৰণে মই সদায় ৰাস্তাত ৰৈ থাকোঁ। তোমাক মই বিয়া পাতিব খোজোঁ। তুমি মোৰ সৈতে বিয়া হ’বানে?

 : কি ক’লি? মোক ভাল পাৱ আৰু বিয়া পাতিবি! তোৰ ইমান সাহস! মই তোক লক্ষ্য কৰিহে আছোঁ। যিটোহে চেহেৰা তাৰ! আৰু মই জানো সেই একেটা লংপেণ্টকে মোক দেখুৱাবলৈকে ফুটা কৰি লৈছ। মই তোক ভালপোৱাতো দূৰৰ কথা, কি কৰোঁ চা…

ঠাঁচ….

মোৰ গালত এটা পূৰ্ণহতীয়া চৰ পৰিল। নাজানো মা ক’ত আছিল! দৌৰি আহি ক’লে,

: দাংকাতি ঐ মোৰ অজলাটোক কিয় মাৰিলি ঐ?

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.