ফটাঢোল

অধিকাৰ- -প্ৰান্তৰ ভাগৱতী

: হেৰা, খবৰদাৰ কিন্তু। তুমি সেইকেইটাৰ লগত ৰাতি খানা খাবলৈ যাব নোৱাৰা। খানা খোৱাৰ নামত কি কৰিবাগৈ মোৰ জনা আছে।

শ্ৰীমতীয়ে খেচখেচকৈ কোৱা কথা কেইটা শুনি টিঙিচ কৈ উঠি আহিল নহয় খঙটো। লগে লগে ময়ো সমান টেম্পাৰত ক’লোঁ,

: তুমি কোনহে! মই য’ত ইচ্ছা ত’ত যাম, যি মন যায় খাম।

লাগে লগে ডাবল ভলিউমত ৰিপ্লাই আহিল- ‌

: তোমাৰ ওপৰত মোৰ অধিকাৰ আছে।

লগে লগে নিজৰ এলেকাত দপ-দপাই ফুৰা কুকুৰটো বেলেগৰ এৰিয়াত সোমালে সেই এৰিয়াৰ কুকুৰকেইটাই যেতিয়া খেদে তেতিয়া নেগুৰ পেলাই তীব্ৰ গতিত পলোৱা কুকুৰটোৰ দৰে মোৰ মনটোও লগৰ ল’ৰাৰ লগত খানা খোৱাৰ কল্পনাৰ পৰা দৌৰি পলাই গ’ল। খানাৰ মাংস আৰু পানীয়ৰ ভাঁহি উঠা ছবিখন যেন মোহাৰি পেলাই দিলে। আৰু মুখেৰে একো নামাতি চুপ-চাপ ঘৰতে বহি থকাৰ বাহিৰে উপাই নাইকিয়া হ’ল। ইয়াৰ কাৰণ নথকা নহয়। ইয়াৰ বহুত কাৰণ আছে।

বিয়াৰ পাছত কেইবছৰমান এটা দুটা সৰু-সুৰা খুট-খাটৰ বাহিৰে তেনেকুৱা একো লগা নাছিল শ্ৰীমতীৰ লগত। তাৰপিছত লাহে লাহে এই বোলে কাপোৰহে নাই (এক গডৰেজ ঠাঁচি ঠাঁচি কাপোৰ থকাৰ পিছতো), এই বোলে চেণ্ডেল কেইযোৰ পুৰণি ডিজাইনৰ হ’ল (চাৰি মাহ হোৱাই নাই কিজানি নতুন দুয়োৰ কিনা), মই বোলে সিদিনা অমুকৰ বিয়াত কোনোবা বেলেগ এজনীৰ ফালে বৰকৈ চাই আছিলোঁ(মোৰ বোলে পুৰণি প্ৰেমিকা), শহুৰ-শাহু আহোঁতে মই বোলে ইচ্ছা কৰি মাইকী ছাগলী মাংস আনিলোঁ ইত্যাদি কত কিমান বাহানা উলিয়াই সুবিধা পালেই খুটুৰ খাটাৰ লাগি থাকে। লগতে ইম’চনেল ব্লেকমেইলটো আছেই, মাকৰ ঘৰলৈ গুচি যোৱাৰ। ময়ো ইমান গুৰুত্ব নিদি ইকাণে সুমুৱাই সিকাণে পাছ কৰি দিওঁ। এবাৰ কিবা এটা কথাত তেনেকৈ বাক্যবাণ শুনাই থাকোঁতে খঙতে দিলোঁ নহয় কৈ,

: অ’ হ’ব। যোৱা গৈ তেনেহ’লে মায়েৰাৰ ঘৰলৈ।

মই ভাবিছিলোঁ তেনেকৈ ক’লে হয়তো ভয়তে মোক তেল মাৰিব। পিচে যিহে উত্তৰ আহিল, পেটতে হাত-ভৰি লুকাল। সিফালৰ পৰা হাই ভলিউমত ভাঁহি আহিল,

: অ হ’ব, যাম। কিন্তু তোমাৰ ওপৰত মোৰ ফিফটি পাৰচেণ্ট অধিকাৰ আছে। মোক বিয়া কৰাই আনিছাতো, গতিকে তোমাৰ দৰমহা, গাড়ী, ঘৰ, মাটি-বাৰী, ইত্যাদি ইত্যাদি সকলোবোৰ আধা আধা কৰা। আৰু তোমাৰ মানুহটোৰো ফিফটি পাৰচেণ্ট মোৰ অধিকাৰ। সৱবোৰ ফিফটি ফিফটি কৰি দিয়া, এতিয়াই যামগৈ!

মনতে ভাবিলোঁ বাকী সৱ বস্তু বাৰু ফিফটি ফিফটি কৰিব পাৰিম। পিচে মই মানুহটোক ফিফটি ফিফটি কৰিলে কেনেকুৱা দেখাব বাৰু! এটা চকু, এখন কাণ, এটা হাত, এটা ভৰি এফালে আৰু নাক, জিভা আৰু কিবাকিবি যিবোৰ মাত্ৰ এটা আছে সেইবোৰৰ অৱস্থা কি হ’ব! সেইকেইটা কোনফালে থাকিব! মনলৈ অদ্ভূত কিবা এফলীয়া মানুহ এটাৰ ছবি এখন ভাঁহি আহিল। সেই দিন ধৰি কেতিয়াবা এওঁৰ লগত কিবা লাগিলেও এই ‘অধিকাৰ’ শব্দটো শুনিলেই মনতো পাম যোৱা বেলুনৰ দৰে হৈ যায়। কাৰণ এই অধিকাৰটো তেওঁৰহে সম্পত্তি। মোৰ নহয়। কাৰণ তেওঁৰ মোৰ মোবাইল চেক কৰাৰ অধিকাৰ আছে। মই কোনোবা মহিলাৰ লগত মেছেজা-মেছেজী কৰিছোঁ নেকি? কিন্তু মই যদি তেওঁৰ মোবাইলটো চেক কৰিলোঁ, তেওঁলৈ কোনোবা পুৰুষে মেছেজ দিছে নেকি, ফেচবুক ষ্টেটাচত কোনে কোনে কি লিখিছে চাবলৈ, হৈ গ’ল আৰু! মোৰ লগত বিয়া হৈ তেওঁৰ পাৰ্চনেল বুলি একো নাইকীয়া হৈ গ’ল হেনো, মই বোলে তেওঁৰ উৰণীয়া মনটোক বান্ধি পেলালোঁ, তেওঁ বোলে বিশ বছৰৰ পাছত কলেজৰ লগৰ ল’ৰা লগ পাইছে। মোৰ মনটো হেনো বৰ ঠেক। ইত্যাদি ইত্যাদি। আৰে বাবা, ময়োতো বিশ বছৰৰ পাছত কোনোবা কলেজৰ লগৰ ছোৱালী লগ পাব পাৰোঁ ফেচবুকত। দুষাৰ কথাও পাতিব পাৰোঁ! কিন্তু নহ’ব। একেটা বস্তুতে মোৰ অধিকাৰ নাই কিন্তু তেওঁৰ আছে।

সেয়েহে আজিকালি অধিকাৰ বুলি ক’লেই মোৰ– ‘পাখি পাখি এই মন, উৰি যায় মোৰ মন’ বুলি উৰি যাব খোজা মনটো ‘ফিফটি ফিফটি’ হোৱাৰ ভয়তে পাখি জপাই বহি পৰে।

☆★☆★☆

2 Comments

  • প্ৰদীপ বৰা

    ৫০% ৰ অৰ্থটো জানিলোৱা হ’লে কামত আহিল কিজানি ?

    Reply
  • Pranita Goswami

    ফিফটি ফিফটি অধিকাৰটো কিন্তু মানিব লাগিব। তাৰ দহ শতাংশমান পত্নীৰ ফালে পাল্লা ভাৰি হোৱাতো একো বেয়া নহয়— এইবোৰ ঘৰুৱা বুজা-বুজি😁

    Reply

Leave a Reply

Your email address will not be published.