ফটাঢোল

অফাৰ-পৰাগ শৰ্মা

ছুপাৰচনিক বিমান এখন আকাশত উৰি যাওঁতে হোৱা শব্দৰ নিচিনা এটা বিকট শব্দত বৰুৱানী উচপ খাই উঠিল। বৰুৱানীয়ে বেলি থকা ৰুটি আধাতে এৰি কিহৰ শব্দ বুলি বাৰাণ্ডালৈ ওলাই আহিল। ৰাস্তাটোৱেদি ক’লা ধোঁৱা উৰুৱাই কিবা এটা আহি আছে। বস্তুটো যিমানেই ওচৰ চাপি আহিছে শব্দৰ মাত্ৰাও বৃদ্ধি হৈ কাণ ফালো যেন কৰিছে। অসহ্যকৰ বিকট শব্দটোৰ পৰা পৰিত্ৰাণ বিচাৰি সহজ উপায় হিচাপে বৰুৱানীয়ে কাণ দুখন হাতেৰে হেঁচি ধৰিলে।

বৰুৱানীক আচৰিত কৰি ক’লা ধোঁৱা উৰুৱাই বিকট শব্দ কৰি আহি থকা বস্তুটো তেওঁলোকৰ পদূলিতে হঠাৎ ৰৈ গ’ল। পদূলিটো ধোঁৱাময় হৈ পৰা কাৰণে বস্তুটো কি বৰুৱানীয়ে অনুমান কৰিব পৰা নাই। ধোঁৱাৰ মাজতে কিবা এটাই লৰচৰ কৰা যেন লাগিল। তাৰ পাছত.. হাইৎ চৌ…হাইৎ চৌ… হাইৎ চৌ….। ধোঁৱাৰ অত্যাচাৰত সৃষ্টি হোৱা তিনিটা হাঁচিৰ শব্দ ছিটিকি আহিল। হাঁচিকেইটা বৰুৱানীৰ চিনাকি যেন লাগিল। বৰুৱাই বৰষুণত তিতিলে মৰা হাঁচিকেইটাৰ লগত মিল আছে। 

ৰিব্‌ৰিব্‌কৈ বলি থকা বতাহজাকৰ কৃপাত ক’লা ধোঁৱাবোৰ অলপ সময়ৰ পিছতে নোহোৱা হ’ল। বৰুৱানীয়ে তেতিয়াহে মন কৰিলে এখন পুৰণা স্কুটাৰত ভৰি দুটা দুফালে মাটিত নমাই বৰুৱানীলৈ চাই থকা সেইটোচোন বৰুৱাই। বৰুৱাই এটা হেলমেট পিন্ধি আছিল বাবে প্ৰথমে চিনি পোৱাত অলপ অসুবিধা হৈছিল। পুৰণি হেলমেট পৰিহিত সৰু মূৰীয়া বৰুৱাক দেখিবলৈ একেবাৰে স্পেছ  ছ্যুট পিন্ধা মহাকাশচাৰী যেন লাগিছে। কাণ্ড কি! একো বুজি নাপাই বৰুৱানী ভেলেঙী লাগিল।

পানী এঘটি, নতুন গামোছা এখন আৰু ধূপ আনিবলৈ কোৱাতহে বৰুৱানীৰ মনলৈ আহিল যে ঘৰলৈ নতুন বস্তু এটা আনিলে এই নিয়মে আদৰিব লাগে। বৰুৱানীয়ে যথাৰীতি আদৰণী পৰ্বৰ সামৰণি মাৰিলে।

বৰুৱাই লৰালৰিকৈ গাটো ধুই আহি ডাইনিং টেবুলত বহিল। বৰুৱানীয়ে ইতিমধ্যে গৰম গৰম লুচী আৰু আলু ভাজি সাজু কৰিলে। সেইখিনি খাই উঠি বৰুৱাই চকীৰ হেণ্ডেলত ওলমি থকা পুৰণি টাৱেলখনেৰে মুখখন মচি মচি তিনিটামান সন্তুষ্টিৰ উগাৰ মাৰি বৰুৱানীয়ে কালজিৰা দি ৰন্ধা আলুৰ ভাজিখন যে সোৱাদ লগা হৈছে বুজাই দিলে।

ইতিমধ্যে বৰুৱানীৰ মুখখন ফুলি ফুলি পাঁচ নম্বৰী ফুটবলৰ আকৃতি ধাৰণ কৰিছে। তেওঁৰ খং উঠিছে বৰুৱাই স্কুটাৰখন ঘপহকৈ কিনি পেলোৱাৰ বাবে। কাৰণ অহা মাহত তেওঁৰ সৰু ভনীয়েকৰ বিয়াৰ বাবে পাটৰ কাপোৰ এযোৰৰ কথা বৰুৱাক কৈ আছে। বৰুৱাই অভাৱৰ অজুহাতত কাপোৰযোৰ আনি দিয়া নাই। তেনেস্থলত ন কইনা অনা দি স্কুটাৰ এখন কিনি আনি হঠাৎ এনেদৰে ঘৰ সুমুওৱা দেখি বৰুৱানীৰ খং উঠিছে। বৰুৱানীয়ে এতিয়া বকিবলৈ আৰম্ভ কৰিব। তেওঁৰ মুখখন মদন দাইটিৰ ৰেডিঅ’টোৰ দৰে। এবাৰ খোল খালে বহুত সময় ধৰি বাজিয়েই থাকে।

কিন্তু বৰুৱাই যদি স্কুটাৰ কিনাৰ আচল ৰহস্যটো প্ৰকাশ কৰে বৰুৱানীৰ মুখখন যে তৎক্ষণাত নৰ্মেল শ্বেপলৈ আহি যাব সেইটো খাটাং।

অফিচত শইকীয়াই কালি হঠাতে ক’লে বোলে তেওঁ এটা পুৰণি হেলমেট বিক্ৰী কৰিব। হেলমেটটোৰ মূল্য অৱশ্যে অলপ বেছি, পাঁচ হাজাৰ টকা। তেতিয়া বৰুৱাই বোলে ইমান টকা দি পুৰণি হেলমেট এটা কোনে কিনিব। হেলমেটটোৰ বিশেষত্বই বা কি?  শইকীয়াৰ মতে কিনিব। কাৰণ তেওঁ হেলমেটটোৰ লগত এখন পুৰণা বাজাজ স্কুটাৰ ফ্রী দিব। মানে অফাৰ দিব। অফাৰটো বৰুৱাৰ বেয়া নালাগিল। ওচৰ বুলিয়েই বৰুৱাই অফিচলৈ ইমান দিনে গাড়ীতে অহা-যোৱা কৰি আহিছে। গৰমৰ দিনত বৰ অশান্তি লাগে। পুৰণা হ’লেও স্কুটাৰ এখন হ’লে অফিচলৈ অহা-যোৱা কৰিবলৈ সুবিধা হ’ব।

স্কুটাৰখন কিনাৰ পাছত ট্ৰেন্সফাৰৰ কথা ওলালতহে শইকীয়াই বোলে সেই কথাটোত অলপ ঝামেলা আছে। স্কুটাৰখনৰ প্রকৃত গৰাকী কোন জনা নাযায়। স্কুটাৰখন শইকীয়াই কিনিছিল বন্ধু এজনৰ ককায়েকৰ পৰা। তেওঁ কিনিছিল ভিনিহিয়েকৰ ভায়েকৰ পৰা। সেইজনে কিনিছিল আকৌ এজন পুলিচৰ পৰা। পুলিচজনে কিন্তু কাৰোৰে পৰাই কিনা নাছিল। পুলিচে জব্দ কৰা দুর্ঘটনাগ্ৰস্ত স্কুটাৰ এখন বহুদিন ধৰি থানাতে পৰি আছিল। পুলিচজনে কৌশলেৰে ওপৰৱালা বিষয়াক মেনেজ কৰি স্কুটাৰখন কিবাকৈ হস্তগত কৰিছিল। আজি সেই স্কুটাৰখনই পৰিলহি বৰুৱাৰ হাতত। গতিকে স্কুটাৰখনৰ প্ৰকৃত মালিক কোন আছিল সেই বিষয়ে বুৰঞ্জী নিমাত।

শইকীয়াই কোৱা মতে যদিও পুৰণি হৈছে স্কুটাৰখনৰ কণ্ডিশ্যন ইমান বেয়া নহয়। বহুত দিন নচলোৱাৰ বাবে অৱশ্যে বেটাৰীটো অলপ বহি গৈছে। গতিকে ষ্টাৰ্ট কৰোঁতে অলপ ডিষ্টাৰ্ব কৰে। সেইবুলি এনেকুৱাও নহয় যে পঞ্চাছবাৰ কিক্‌ মাৰিলেও ষ্টাৰ্ট নহ’ব। তেতিয়াও যদি নহয়, আৰু অপচন আছে। কোনোবা এজনে অলপ ঠেলি দিব লাগে। গীয়েৰ বক্সটোৰ সামান্য বিজুতিৰ বাবে এক নম্বৰৰ পাছত দুই নম্বৰ গীয়েৰটো শ্লিপ মাৰি ডাইৰেক্ট তিনি নম্বৰ গীয়েৰ লাগি যায়। হেড লাইটো অৱশ্যে নজ্বলে। ছাইলেন্সাৰ পাইপডাল কিন্তু সলনি কৰিব লাগিব। বাকী ঠিকেই আছে, কেৱল তেল অলপ বেছি খায় আৰু…!

বৰুৱানীৰ আকৌ অফাৰৰ প্ৰতি দুৰ্বলতা অলপ বেছি। তেওঁ অফাৰ নিদিয়া কোনো বস্তুৱেই নিকিনে। বৰুৱানীয়ে হেঁপাহতে কিনি পেলোৱা অফাৰত পোৱা বস্তুৱে বৰুৱাৰ ঘৰ নধৰা হৈছেগৈ। অফাৰত পোৱা বস্তু মানেই লাভজনক বুলি বৰুৱানীৰ এটা ধাৰণা আছে। বৰুৱাই অৱশ্য বৰকৈ অফাৰ চফাৰ বিচাৰি নাথাকে। তথাপি অফাৰে আহি কেতিয়াবা নিজেই ধৰা দিয়েহি। যেনেকৈ আজিৰ এই স্কুটাৰখন। 

বৰুৱাই জীৱনত আটাইতকৈ ডাঙৰ অফাৰটো লাভ কৰি থৈছে স্বয়ং বৰুৱানীৰ পৰা। বৰুৱানীয়ে দয়া কৰি তেওঁলৈ আগবঢ়োৱা সেই বিশেষ অফাৰৰ কৃপাতেই  বৰুৱাই আজি সমাজত বুকু ফিন্দাই নিজকে এটি পাঁচ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ বুলি পৰিচয় দিবলৈ সক্ষম হৈছে! নহ’লে…!

☆ ★ ☆ ★ ☆

One comment

  • Pranita Goswami

    বৰ ৰস পালোঁ। সুন্দৰ ব্যংগ। বৰুৱানীৰ অফাৰৰ মোহে বৰুৱাকো চুলে।

    Reply

Leave a Reply

Your email address will not be published.