ফটাঢোল

অমানিশা- হেমেন ডেকা

আন্ধাৰত মানুহ কেইজনমান থিয় হৈ আছে৷ সম্পূৰ্ণ আন্ধাৰ বুলিব নোৱাৰি৷জোনৰ পোহৰ অলপ আছে যদিও বাঁহনিৰ বাবে এই ঠাইখিনি আন্ধাৰে আৱৰিছে৷
সাধাৰণতে ভাত খোৱাৰ পিছত ৰাস্তাই ৰাস্তাই অকণমান টহল দিওঁ৷ পুৰণি অভ্যাস৷ আজিও সেই উদ্দেশ্যেৰে গৈ আছিলো৷মানুহ কেইজনক দেখি ৰৈ ভালকৈ চালো৷মানুহ চাৰিজন৷দুজন ৰাস্তাৰ সোঁমাজত৷ এজনে ফোনত খুব ক্ষীণ মাতেৰে কথা পাতিছে৷ ওচৰতে চাৰিচকীয়া এখন ৰখাই থোৱা আছে৷
মনত কিবা এটা সন্দেহ সোমাল৷ইহঁতৰ হাব-ভাব সুবিধাজনক নহয় নেকি?
বাঁহনিৰ তলত ৰৈ আছে কিয় ইমান সময়? মতলব কি?
ছাগলী চোৰৰ দল নহয়তো!এনেধৰণৰ বেবেৰিবাং চিন্তা কিছুমান কৰি ৰাস্তাৰ কাষৰ গছ এজোপাৰ তলত থিয় হৈ ৰ’লো৷সিহঁতৰ পৰা মোৰ অৱস্থান এশ মিটাৰমান দূৰত৷
এখন মটৰ বাইক অহা দেখিলোঁ৷বাইকখন দেখিও মানুহ দুজন আঁতৰি নগ’ল৷আচৰিত! বাইক আৰোহীক আগভেটা দিছে নেকি? আও!বাইকখনে তীব্ৰ গতি লৈছে হঠাতে৷হেডলাইটৰ পোহৰত মানুহ দুজনৰ চেহেৰাটো অনুমান কৰিলোঁ৷ডেকা ল’ৰাই হ’ব৷এজনৰ হাতত টাঙোন জাতীয় কিবা এডাল জিলিকি উঠিল৷
:হেই!এটা বিকট আটাহ শুনা গ’ল৷সেয়া বাইক আৰোহীৰ কণ্ঠ৷পিচ মুহূৰ্ততে বাইকখন কোনোমতে মানুহ দুজনৰ গাৰ কাষেৰে পাৰ হৈ আহিল৷ উহ ৰক্ষা৷নিজকে যেন সান্ত্বনা বাণী শুনালো৷
ইহঁত ডকাইত নহয়তো৷ বাইকখন ধুমুহাৰ বেগেৰে পাৰ হৈ গ’ল৷
এতিয়া ৰাতি এঘাৰ বাজি গৈছে৷ইমান ৰাতি কোনো ভদ্ৰলোকে এনেদৰে খাপ পাতি নাথাকে নিশ্চয়৷
চে:ফোনটোও লগত নাই কাৰোবাক খবৰ দিবলৈ৷
দেখা যাওক ক’ৰ পানী ক’লৈ যায়৷ এই ভাবি সিহঁতৰ ফালে চালোঁ৷ৰাস্তা খালী৷গাড়ীখনৰ কাষত বাকী দুজন থিয় হৈ আছে৷যেন কাৰোবালৈ অপেক্ষাহে কৰিছে৷
:কি কৰিছে ইয়াত? যেন মাটি ফুটিহে ওলাল৷হঠাত সন্মুখত আহি ওলাল দুজন অচিনাকি ব্যক্তি৷দুয়োৱে ফোঁপাইছে৷চিকাৰী শ্বাপদৰ দৰে সিহঁতৰ চকু তিৰবিৰাই উঠিছে৷
:নাই,মানে ফুৰিবলৈ আহিছো৷
:এতিয়া কিমান বাজিল?ফুৰা সময় নেকি?
:চাওক,আপোনালোকে জেৰা কৰিছে কিয়? দুখোজ পিচুৱাই আহি সিহঁতলৈ চালো৷এজনৰ হাতত এটা তিনি বেটাৰীৰ ডাঙৰ টৰ্চ৷
:মোৰ সৌখিনিতে ঘৰ৷ সদায় ভাত খাই এপাক খোজ কাঢ়োঁ৷গাড়ী এখন ৰৈ থকা দেখিহে চাই আছিলোঁ৷
:আমি থানাৰ পৰা আহিছো৷ এজনে ক’লে৷দাড়ি-গোফে ভোবোকাৰ যুৱকজনে ক’লে৷সিহঁতক কিয় জানো পুলিচ যেন নালাগিল৷
:অ’ হয় নেকি? কেইদিনমান আগতে আমাৰ চুবুৰিয়া এঘৰৰ পৰা দুটা খাহী ছাগলী চুৰ হৈছে৷
 :যাওক যাওক শুই থাকগৈ৷ দিন কাল বেয়া বুজিছ৷এজনে ক’লে৷
আনজনে হঠাতে মোৰ সোঁহাতত থাপ মাৰি ধৰিলে৷
:বলক,ও চি চাৰ আছে৷গাড়ীত৷
মূৰলৈ যেন তপত তেজ এসোঁতা প্ৰবাহিত হ’ল৷তড়িৎ গতিত গাৰ  সমস্ত শক্তিৰে হাতখন এৰুৱাই ভিৰাই লৰ ধৰিলোঁ৷ পিছলৈ ঘূৰি চোৱা নাই৷হেঁপাই-ফোঁপাই ঘৰৰ চৌহদত সোমোৱাৰ পিছতেই দূৰত কেবাজাঁই গুলীৰ শব্দ শুনি মাটিতে বহি পৰিলোঁ৷উহ ভগৱান আজি ভাল বচালা৷
পিছদিনা পুৱা৷ সেই বাঁহনিডৰাৰ তলত এজন অচিনাক্ত যুৱকৰ মৃতদেহ আৱিষ্কাৰ হ’ল৷ আৰু ৰাতি দেখা দৃশ্যাৱলী মোৰ বাবে যেন এটি দু:স্বপ্ন হৈ ৰ’ল৷
☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published.