ফটাঢোল

অলপ চাবাচোন-প্ৰণৱ সিংহ

বেকাৰী এখনত মিঠাই কিনি আছিলোঁ৷ হুৰমুৰকৈ সোমাই আহিল এজনী ছোৱালী৷ প্ৰায় মোৰ সমবয়সৰে৷ চকুতেই চকু পৰিল৷ এইচ অন্তৰত খলকনি উঠি যায়৷ মিঠাই লৈ হৈছিলেই মোৰ তথাপি মনৰ জোৰত বোলো অলপ সময় ৰওচোন৷ কিজানিবা কিবা এটা হয়েই৷ আশাইটো জীৱন৷ ছোৱালী জনীলৈ মন কৰিলোঁ ব্যস্তভাৱে ইফালে সিফালে চাই দুই এপদ বস্তু কিনি আছে৷ মাজে মাজে মোলৈয়ো চাই৷ চকুত চকু পৰিলেই বেকগ্ৰাউণ্ডত বাজি যায়,
“চকু যায় তোৰে চকুলৈ/ মৰমতে ডুবি যাবলৈ৷ ”
মন কৰিলোঁ মোলৈ সঘনাই চাব ধৰিছে৷ মানে “মনমে লাড্ডু ফুটা৷” ৰ’ব নালাগে আৰু এতিয়া চিগনেল সঘনাই আহি আছে বিপক্ষৰ পৰা৷  চিনাকিটো হ’বলৈ মুখত ভমকাফুলীয়া হাঁহিটো লৈ মুখ মেলিছিলোঁহে তাৰ আগতেই ছোৱালী জনীয়ে বুকুত ডেগাৰ বহুৱাই দিলে৷ ভবাই নাছিলোঁ এনে হ’ব বুলি৷ দোকানী ল’ৰাজনৰ মুখতো দেখিলোঁ ঠাট্টাৰ হাঁহি৷ তাইৰ মুখলৈ চালোঁ৷ বিশেষ একো প্ৰতিক্ৰিয়া নেদেখিলোঁ৷ চকুলৈ চালোঁ ছোৱালীজনীৰ,  কোনোধৰণৰ অনুশোচনা অথবা আক্ষেপ দেখা নাপালোঁ৷ মনৰ হাজাৰটা প্ৰশ্নৰ উদয় হৈছিল৷ কিয় এনে হ’ল, কিয় ছোৱালী জনীয়ে এনে কৰিলে? অলপো সময় নৰ’লোঁ আৰু তাত৷
যিমান পাৰোঁ পলাব খুজিছিলোঁ তাৰ পৰা৷ বাটত আহি থাকোঁতে এটা প্ৰশ্নই মনলৈ বাৰে বাৰে অসুবিধা দি আছিল৷  ছোৱালী জনীয়ে মোৰ চকুলৈ চাই কিয় ক’লে, “ভাইটি অলপ চাবাচোন৷”
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.