ফটাঢোল

অসমীয়াগিৰি-সুনীল দত্ত

এঙামুৰি এটা মাৰি উঠোঁ নুঠোঁকৈ বিচনাৰ পৰা উঠিলোঁ। দমকলৰ পাৰলৈ গৈ চকুদুটা পানী এচলুৰে মচি পাকঘৰত সোমালোঁ। কালি দাঁত ব্ৰাছ কৰিছিলোঁহে, আজি নকৰিলেও কথা নাই! ডাইনিং টেবুলখনত চৰিয়াটোৰে ঢাকি থোৱা চুজিখিনি মোকোৰা মোকোৰে খাই গাত চোলা আৰু পেণ্টটো সুমুৱাই বাইকখনত ষ্টাৰ্ট দিলোঁ। মূৰ ফণিয়াবলৈ মূৰত চুলি নায়েই, আজিকালি সেইকাৰণে আৰ্চি ফণিৰ লগত তেনেকুৱা ৰাহি জোৰাও নাই। দুমাহমানৰ মূৰত এবাৰ বীৰেন্দ্ৰৰ চেলুনলৈ গৈ দাড়িখিনি অকণমান কাটি আহিলেই লেঠা শেষ।

পঞ্চায়ত নিৰ্বাচনত এইবাৰ জিলা পৰিষদৰ সদস্য পদটোত প্ৰতিদ্বন্দিতা কৰিম বুলি মনে মনে ঠিৰাং কৰি আছোঁ। ইমান বছৰে ছাত্ৰ সংগঠনটোৰ জিলা সমিতিৰ সভাপতি হৈ থাকি যদি নিৰ্বাচনত জিকিবই নোৱাৰোঁ তেন্তে বৰ লাজৰ কথা হ’ব। এনেয়েও এতিয়া অসমীয়াগিৰিৰ চেণ্টি, ভলুকা বাঁহ এইবোৰ চলি আছেই। এই ছেগতে বৈতৰণী পাৰ হোৱাৰ ভাল সুযোগ আহি পৰিছে। অলপ দূৰৰ মুছলিম অধ্যুষিত নদীপৰীয়া গাঁওখনলৈ ওলাইছোঁ আজি। সেইপিনৰ পৰা অলপ ভোট গোটাব পাৰিলে চিন্তাই নাই আৰু। বৰ্তমান অকলেই ঘূৰা মেলা কৰি আছোঁ। এতিয়াৰ পৰাই লগৰসোপাক খুৱাই লৈ খৰচ কৰি মৰিলেহে হ’ব!

লাহে লাহে গৈ গাঁওখনত সোমালোঁ। প্ৰতিবছৰে হোৱা বানপানীৰ বাবে ৰাইজে ধান খেতি কৰা বাদ দিছে। পানী কমাৰ লগে লগেই ৰাইজে ৰবি শস্যত উঠি পৰি লাগে। চকুৰে মণিব নোৱাৰা দূৰত্বলৈ মাথো সেউজীয়া। কবি, বেঙেনা, মূলা আদিৰে ৰাস্তাৰ দুয়োকাষৰ পথাৰ ভৰি পৰিছে। সকলোৱে নিজৰ নিজৰ খেতিত ব্যস্ত। গছ এজোপাৰ কাষত বাইকখন ৰখাই গছজোপাৰ আঁৰত মূত্ৰ বিসৰ্জন কৰিলোঁ। নাকটো এবাৰ মোহাৰোঁতেই ভাল বুদ্ধি এটা পালোঁ। নিৰ্বাচনলৈ হাতত আৰু এমাহো সময় নাই। এতিয়াৰ পৰাই এইবোৰ বুদ্ধি কামত নখটুৱালে কেতিয়া খটুৱাম? পিছফালৰ খেতিপথাৰৰ লগত দুটামান ছেলফি উঠিলোঁ। ওচৰতে পথাৰত কাম কৰি থকা বুঢ়া এটাক পতাই মেলি দুটামান প্ৰকাণ্ড বন্ধাকবি, ফুলকবি আৰু ওলকবি ছিঙি হাতত লৈ ছেলফি উঠিলোঁ। তাৰ পিছত আৰু কোনে মাতে! আটাইকেইখন ফটো লগে লগে ফেচবুকত আপলোড কৰি দিলোঁ। শিৰোনাম দিলোঁ-

“হাতে কামে অসমীয়াগিৰিৰ পৰিচয়। ভলুকা বাঁহেৰে বহিৰাগতক খেদাৰ সলনি খন্তি, কোৰেৰে নিজক স্বাৱলম্বী কৰিলে বহিৰাগত অপশক্তিয়ে কেনেকৈ খোপনি পুতিব? মোৰ ফাৰ্মত নিজে কৰা খেতিডৰাৰ সৈতে মই।”

বুঢ়াৰ লগত দুআষাৰমান কথা পাতি বাইকখন ষ্টাৰ্ট দিয়াৰ আগতে মোবাইলটো এবাৰ চালোঁ। পাঁচ মিনিট নহওঁতেই ইতিমধ্যে এশ লাইক, আশীটা কমেণ্ট আৰু বাইশজনে শ্বেয়াৰ কৰিছেই। অলপ দূৰ আহি মানুহ এঘৰত সোমালোঁ। গৃহস্থই বাৰাণ্ডাতে আথেবেথে বহিবলৈ দিলে। আৰামত বহি লৈ মোবাইলটো উলিয়াই ল’লোঁ। ইতিমধ্যে লাইকৰ সংখ্যা পাঁচশ পাৰ হ’লেই। এফালৰপৰা কমেণ্টবোৰ পঢ়ি গৈ কমেণ্টবোৰত লাইক মাৰি গ’লোঁ। সকলোৱে মাথোঁ মোক ভূয়সী প্ৰশংসা কৰিছে। গৰ্বত ফুলি উঠা বুকুখনেৰে লাহেকৈ ‘জয় আই অসম’ বুলিও এবাৰ চিঞৰি দিলোঁ। গৃহস্থই ঘৰৰ ভিতৰৰপৰা দৌৰি ওলাই আহি ঘৰৰ কুকুৰটোৱে কামুৰিলে নেকি সুধিলে। এনেয়ে গান এটা গাইছোঁ বুলি মক্কেলটোক বুজাই বঢ়াই কথাটো সামৰি থ’লোঁ।

সৰ্বনাশ! আমাৰ বুঢ়াই আজি খালে! কি কুক্ষণত বা বুঢ়াটোক ফেচবুক একাউণ্টটো খুলি দিছিলোঁ! দিনৰ দিনটো সেইটোতেই ব্যস্ত হৈ থাকে। এতিয়া আকৌ অসমীয়াতে ফেচবুকত লিখাটো শিকি লৈ যাৰে তাৰে অসমীয়া বানানৰ ভুলবোৰ ধৰি থাকে। মোৰ আপডেটটোত দিয়া বুঢ়াৰ কমেণ্টটোত ইতিমধ্যে ষাঠিটামান লাইক পৰিছেই। মূৰটোৱে কাম নকৰা হৈ আহিল। লাহেকৈ বুঢ়াৰ কমেণ্টটো ডিলিট কৰি বুঢ়াক ব্লক কৰি দিলোঁ। ঘৰ গৈ পাই আজি বুঢ়াৰ ফেচবুক একাউণ্টটোৱেই উৰুৱাই দিম বাপ্পেকে!

“বাপু, পাৰিলে বাৰীৰ চুকত মই ৰোৱা জলকীয়া, বেঙেনা আৰু ওলকবিৰ পুলিকেইটাতেই অকণ অকণ পানী দিবিচোন। ইমান দূৰলৈ মই আজিকালি পানীৰ বাল্টি কঢ়িয়াব নোৱাৰোঁ, কঁকালখন বিষায়। সেইকেইটা লাগিলে আমি আৰু ঘৰত খাবলৈ বজাৰৰ পৰা পাচলি নিকিনিলেও হ’ব।”

মোৰ আপডেটত এনেকৈ কমেণ্ট কৰাৰ মজা আজি বাহিৰ কৰিহে এৰিম।

 ☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.