ফটাঢোল

অসমীয়াৰ উদ্যম – ৰুবী বৰা বৰদলৈ

আমাৰ স্কুলখন গাঁও অঞ্চলত। স্কুলৰ পৰা ঘৰলৈ আহোঁতে, জীৱনত প্ৰথমবাৰৰ বাবে এদিন এজন অসমীয়া চানাৱালা দেখিলোঁ। মানে চেহেৰা দেখি ধৰিব পাৰিলোঁ। এখেত বৰা, বৰদলৈ, গগৈ, বৰুৱা, এনেকুৱাই কোনোবা হ’ব। এনেয়েতো সমগ্ৰ ভাৰতৰ বহু নাগৰিকেই বৰ্তমান ভোটাৰ লিষ্ট মতে খাঁটি অসমীয়া, পিছে আমি যিসকল অসমীয়াক এলেহুৱা, কেলেহুৱা, ধদুৱা, সোৰোপা, কাণীয়া, ভঙুৱা বুলি গালি পাৰি থাকোঁ, এইজন সেইসকলৰ মাজৰে এজন। পৰোঁ বুলি ভয়তে স্কুটিখনৰ স্পীড একেবাৰে কমাই লৈ দুবাৰ ঘূৰি ঘূৰি চালোঁ। একদম হয়, এখেত আমাৰে এজন। বিশ্বাস কৰক, মনটো কিন্তু কিবা এটা ভাল লাগিল।

আন এদিন সেইটো অঞ্চলতে দেখিলোঁ, আন এজন আমাৰ জাতি ভাই। তেওঁ চাইকেলৰ কেৰিয়াৰত বান্ধি, আইনা লগোৱা বাকচ এটাত ফুচকা এসোপা ভৰাই লৈ বাটেৰে গৈ আছে। মই বোলোঁ, অ’ কৃষ্ণ গোসাঁই ঠিকেই দেখিছোঁনে মই! সেইদিনাও কিন্তু মোৰ মনটো বেয়া নালাগিল।

সিদিনা কোনোবা এটা মাহৰ বুধবাৰ আছিল। স্কুলৰ পৰা ওলায়েই তিনিআলি এটাত দেখিলোঁ, মানুহে জুম পাতি আছে। ওচৰ পাই দেখিলোঁ, কেইগৰাকীমান মহিলাই বজাৰ মেলিছে। আচৰিত! আজি ইমান দিন এইফালেদি অহা-যোৱা কৰি আছোঁ, কিন্তু আজি কি দেখিলোঁ! ৰৈ দিলোঁ। সঁচাকৈ সেইখন বজাৰ। সেইদিনাৰ পৰা আৰম্ভ হৈছে। বিক্ৰেতা মহিলাৰ সংখ্যা কম, পিছে বস্তুৰ প্ৰকাৰ বহুত।কচু, ঢেঁকীয়া, কলডিল, কলাখাৰ, খৰিচা, পানীটেঙা, ঘিলাপিঠা, লেটা, সাজপানী আৰু অসমীয়া মানুহৰ বাৰীয়ে-ঘৰে উৎপন্ন হোৱা প্ৰায় সকলো বস্তু। এটা ফূৰ্তিৰ বাতাৱৰণ। ময়ো এটা ভাল আৰম্ভণি বুলি কিবাকিবি কেইটামান কিনি লৈ স্কুটিৰ ডিকিতে গৰ্বেৰে ভৰাই ল’লোঁ ঘৰত দেখুৱামগৈ বুলি। তেতিয়াৰ পৰা সেইখন বজাৰৰ আকাৰ বাঢ়ি আহিছে ক্ৰমান্বয়ে। বস্তুবোৰ এতিয়াও ঘৰুৱা হৈয়ে আছে। ভাল লাগে দেখি। মোৰ গতি সেইখিনিত আজিকালি আনন্দেৰে কিছু সময়ৰ বাবে থমকি ৰয়।

এদিন টাউনত দেখিলোঁ, এজন বয়োজ্যেষ্ঠ দদাইদেৱে কাৰ্ট এখনত লৈ ম’ম’ বেচি আছে। দেখি ওচৰ চাপি গ’লোঁ। কাষতে নিজৰ মানুহগৰাকীও। মাত-বোলতে ধৰিব পাৰি নহয়! ৰাস্তাত ৰৈ সাধাৰণতে নাখাওঁ। পেকেট কৰি দিওঁতে বহুত সময় লয়, হ’লেও আজিকালি দদাইদেউৰ পৰাহে ম’ম’ আনো ঘৰলৈ।এদিন বোলোঁ—

: অ’ দাইদেউ, এই পেকিংটো অলপ সোনকাল কৰিব, গ্ৰাহক দুজন বেছিকৈ পাব।

মানুহজনে হেস্ত-নেস্ত হৈ মানুহজনীক চিঞৰি উঠিল—

: ঐজনী, এই মোক কিবা-কিবি এটা হাতত লগাই দি সহায় কৰি দিব নোৱাৰ? সেইফালে ভেবা লাগি কি চাই আছ বাটলে?

এৰাতো; ঘৰৰ ভিতৰৰ ভেবালগা ভাব আঁতৰাই নাই সেইভাগেই মানুহজনীক বেপাৰলৈ উলিয়াই আনিছে দেহি! মনটো কিবা লাগিল যদিও বেয়া লাগিবলৈ নিদিলোঁ, কাৰণ আমি কেইটামান টকা-পইচা থকা মানুহখিনিয়ে, “অসমীয়াই সৰু-সুৰা কাম নকৰে” বুলি নিজকে গালি পাৰি থাকোঁ নহয়!

এদিন সন্ধ্যা টাউনলৈ ওলাই গ’লোঁ, কেবত। কেবৰ ল’ৰাহঁত চিনাকি হৈ গৈছে। ঘূৰি আহোঁতেও কেবতে আহিলোঁ। কথা পাতি ভাল পাওঁৱেই, গতিকে আৰম্ভ কৰি দিলোঁ।

: আজি কেইটা ভাড়া মাৰিলা?

: হিচাপ নাই। (এই বেছি কথা কোৱা স্বভাৱটো আকৌ বেয়া পাওঁ দেই!)

: আও, হিচাপ নাইনে? দেওবাৰে ছুটী পোৱানে?

: আমি অসম-বন্ধতো ছুটী নাপাওঁ।

: বৰ ভাল কথা। উপাৰ্জন ভাল চাগে। (এইবিষয়ে একোৱেই নাজানোঁ।)

: আমাৰ দৰমহা বাইদেউ।

দিনটো হিচাপ নোহোৱাকৈ ভাড়া মাৰিও ল’ৰাটোৰ দুখ-ভাগৰ নাই। তাতে মিউজিক ছিষ্টেমত লগাই লৈছে জুবিন গাৰ্গৰ ভক্তিমূলক গীত এটা। খাছ অসমীয়া পৰিৱেশটোৱে মনটো অধিক ভাল লগাই দিলে।

আমাৰ পৰা অলপ দূৰতে এটা ফুড-কৰ্ণাৰ আছে। তিনিজন বিহাৰী সম্প্ৰদায়ৰ ল’ৰাই বাবা-ৰ’ল বনাই বেচে। দেধাৰ গ্ৰাহক। গোটে-প্ৰতি এশ টকা। আপুনি এটা খাব পাৰিলে, আনলৈ মন কৰিব নালাগে আৰু।দিনটোৰ বিক্ৰী এশটাৰ কম নহ’ব। মোৰ মনে বিচাৰি আছে আজি-কালি ফাষ্ট-ফুডৰ ব্যৱসায় কৰা অসংখ্য অসমীয়া যুৱকৰ দৰে কোনো এজন বা দুজন যুৱকে এনেকৈ বাবা-ৰ’ল বনাওক। মাহে অতি কমেও দুইলাখ টকা নগদ উপাৰ্জন। আপোনাৰ বিশ্বাস হোৱা নাই?দেখিলে হ’ব। মোক ক’ব পাৰিব তেতিয়া।

অসমত এতিয়া বহুত কিবাকিবি নোহোৱাৰ মাজত বহুত কিবাকিবি হৈ আছে। এনেকৈ থাকিলে আৰু ৫/১০ বছৰৰ ভিতৰত অসমৰ চেহেৰা সলনি হ’ব। তাৰ মাজতে যদি আমাৰ দৰে পিতৃ-মাতৃ আৰু অভিভাৱক সকলে নিজৰ কিশোৰ সন্তান সকলক সন্ধ্যা হোৱাৰ লগে-লগে সুস্থিৰে ঘৰ সোমাবলৈ আৰু বাইক আৰু এণ্ড্ৰইড ফোনৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ বাধ্য কৰাব পাৰে, কামৰ সৰু-বৰ নাই বুলি নিজেও পতিয়ন গৈ সন্তানকো পতিয়ন নিয়াব পাৰে, তেনেহ’লে এই চেহেৰা আৰু সুন্দৰ হ’ব।

অসমীয়াক আজিকালি প্ৰায় সকলো ঠাইতে দেখিছোঁ।তাৰ মাজতো মোৰ চকুৱে পিট-পিটাই ফুৰে—কোনোবা অসমীয়া মুছী এজন, লেপ-তুলি বনোৱা ধুনীয়া ল’ৰা এজন আৰু নগৰৰ চাফাই কৰ্মী এজন ক’ৰবাত দেখোঁ নেকি! আমি ‘ধদুৱা’ বুলি নিজকে নিজে গালি পৰাবোৰে এনেকৈ সকলোফালৰ পৰা আগবাঢ়িলেহে হ’ব। নহ’লে “আমাৰ ৰাজহাড় নাই বুলি বিশ্বই বৰকে হাঁহিব।”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.