ফটাঢোল

অসমীয়া ই-সাহিত্য – প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বান- অভিজিত কলিতা

বৰ্তমান সময়ছোৱাত অসমৰ বিদ্বৎ জগতখনত উপৰোক্ত বিষয়টো সম্পৰ্কে কিছু চিন্তা চৰ্চা চলি থকা দেখা গৈছে। পাৰ হৈ যোৱা প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাতো এই বিষয়ে এটি আলোচনাচক্ৰ অনুষ্ঠিত হৈছিল আৰু সেই অনুষ্ঠানত বিভিন্ন প্ৰতিষ্ঠিত সাহিত্যসেৱীৰ লগতে সামাজিক মাধ্যমৰ যোগে লিখা মেলা কৰা কেইবাজনো লেখক/সম্পাদকে নিজৰ মন্তব্য ৰাখিছিল। ইয়াৰপৰা এটা কথাই প্ৰতীয়মান হয় যে সামাজিক মাধ্যম বা বৈদ্যুতিক মাধ্যমৰ লেখা মেলাক আগৰ দৰে উপেক্ষা কৰিবৰ পৰা পৰিবেশ আজি অসমত নাই। গতিকে এই বিষয়টি সন্দৰ্ভত প্ৰণালীবদ্ধ আলোচনাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এই আলোচনাত সাহিত্যৰ কলাত্মক, নীতিগত,  প্ৰযুক্তিগত আৰু ব্যৱসায়গত দিশসমূহ সামৰি লোৱাৰ প্ৰচেষ্টা কৰা হৈছে। 

সংজ্ঞা :

ই-সাহিত্য, সামাজিক মাধ্যমৰ সাহিত্য, বৈদ্যুতিক মাধ্যমৰ সাহিত্য আচলতে কি? এইকেইটা শব্দ প্ৰায় সমাৰ্থক বুলি ধৰি ল’ব পাৰি। ৱিকিপেডিয়াত ইলেক্ট্ৰনিক সাহিত্য বা ই -সাহিত্যৰ সংজ্ঞা দিয়া হৈছে এনেদৰে, “A work of electronic literature can be defined as “a construction whose literary aesthetics emerge from computation” – কম্পিউটাৰৰ যোগে সৃষ্ট সৃষ্টিশীল লিখনি। অৱশ্যে এই সংজ্ঞাটোৱে আজি আলোচনা কৰিব খোজা সকলো দিশ সামৰি নলয়। সেয়ে আমি ই-সাহিত্যৰ সংজ্ঞা হিচাপে ক’ব পাৰোঁ যে, “কেৱল ডিজিটেল যন্ত্ৰ যেনে কম্পিউটাৰ, মোবাইল আদি যোগেৰে সৃষ্ট আৰু পঠিত সাহিত্যই ই-সাহিত্য।” (এই লিখাটোত ই-সাহিত্য শব্দটোকে বেছিকৈ ব্যৱহাৰ কৰা হৈছে; এই শব্দটোৱে সামাজিক মাধ্যম, ব্যক্তিগত ব্লগ, ইমেইল, আমাজন কিণ্ডল আৰু বিভিন্ন প্ৰকাৰৰ ছফ্ট কপি, যেনে পিডিএফ, ইপাব (epub) আদি সকলো দিশকে সামৰি ল’ব)। এইখিনিতে মন কৰিব লাগিব যে কম্পিউটাৰত টাইপ কৰা যিকোনো লিখাই, যেনে ডিটিপি আদি ই-সাহিত্যৰ ভিতৰত নপৰে। কাৰণ এইবোৰ ছপা মাধ্যমৰ সহযোগী বস্তুহে। ই-সাহিত্য হ’বলৈ হ’লে ই এক ধৰণৰ বৈদ্যুতিক যন্ত্ৰৰপৰা আন ধৰণৰ (প্লেটফৰ্ম) যন্ত্ৰলৈ সহজে প্ৰেৰণ কৰিব পৰা আৰু যিকোনো যন্ত্ৰতে পঢ়িব পৰা হ’ব লাগিব। অসমীয়া বা ভাৰতীয় ভাষাসমূহৰ বাবে আমি সহজতে এই কথাটো “ইউনিকোড সমৰ্থিত হ’ব লাগিব” বুলি ক’ব পাৰোঁ। ইউনিকোড বৰ্তমান ইংৰাজীৰ (লেটিন) বাদে আন লিপিসমূহত লিখা মেলা কৰাৰ বাবে বিশ্বজনীন মানক। আৰু এটা কথা মন কৰিবলগীয়া যে, ফে’চবুক বা ব্লগত লিখা সকলো কথাই সাহিত্য নহয়। এই আলোচনাত কেৱল বৈদ্যুতিক মাধ্যমেৰে সৃষ্ট আৰু পঠিত সৃষ্টিশীল লিখনিখিনিৰ কথাহে সামৰি লোৱা হৈছে। ফে’চবুকত অসমীয়া আখৰেৰে দিয়া সকলো আপডেট সাহিত্য বুলি ধৰি ল’লে ভুল হ’ব। ই-সাহিত্য বুলিলে তলত উল্লেখ কৰা মঞ্চবোৰ সামৰি লোৱা হৈছে –

১) সামাজিক মাধ্যমৰ সাহিত্য – ফে’চবুক আদিৰ দৰে সামাজিক মাধ্যমৰ লিখা ব্যক্তিগত টাইমলাইন বা গোটত লিখা লিখনিবোৰ।

২) ই-আলোচনী – অসমীয়া ভাষাত নিয়মীয়াকৈ প্ৰকাশ হৈ থকা ই আলোচনী, যেনে সাহিত্য ডট অৰ্গ, ফটাঢোল, মণিকুট, অসম দৰ্পন, সপোন, নিৰিবিলি, ডঁৰিয়লি, প্ৰজন্ম, গণিত চ’ৰা, সন্ধান আদি।

৩) অসমীয়া ভাষাত থকা ব্যক্তিগত বা ৰাজহুৱা ব্লগসমুহ আৰু ৱেবচাইটসমূহ।

৪) আমাজন কিণ্ডল/ক’ব’ অউৰা/চনী ডিজিটেল পেপাৰ আদি মাধ্যমবোৰৰ যোগে প্ৰকাশিত অসমীয়া ই-পুথিবোৰ।

৫) বিভিন্ন মোবাইল আৰু কম্পিউটাৰ এপৰ যোগে পঢ়িব পৰা অসমীয়া সাহিত্য।

৬) ইমেইল যোগে প্ৰচলিত সাহিত্য।

৭) অডিঅ’ বুক বা শ্ৰাব্য পুথি।

৮) অনলাইন সাহিত্য প্লেটফৰ্ম যেনে the Lit platform আদি।

৯) ডিজিটেল পয়েট্ৰী, এনিমেচন বা গ্ৰাফিকেল সাহিত্য ইত্যাদি।

১০) কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সমৰ্থিত সাহিত্যকৰ্ম যেনে literatronica ইত্যাদি। 

ই-সাহিত্যৰ ইতিহাস :

জাৰ্মানীত গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰাৰ লগে লগে সাহিত্যৰ জগতখনলৈ আমূল পৰিবৰ্তন আহে। কিন্তু স্বাভাৱিকভাৱেই মানুহে কিতাপ পঢ়াৰ আন উপায় বিচৰাৰ প্ৰচেষ্টাও চলাই থাকে। ১৮৭৭ চনত ফ’নোগ্ৰাফ আৱিষ্কাৰ হোৱাৰ পাছত অৱশ্যে ইয়াক মুলতঃ সংগীতৰ ক্ষেত্ৰখনতহে ব্যৱহাৰ কৰা হৈছিল। ১৯৩০ চনত প্ৰথম সাহিত্য ৰেকৰ্ড কৰি শুনাৰ প্ৰচেষ্টা আৰম্ভ হয়। অৱশ্যে অডিঅ’ বুক বা শ্ৰাব্য পুথি ১৯৭০ চনমানলৈহে জনপ্ৰিয় হয়। তাৰ এবছৰ পাছতে ১৯৭১ চনত মাইকেল হাৰ্টে আমেৰিকাৰ স্বাধীনতাৰ ঘোষণাপত্ৰখন বৈদ্যুতিক মাধ্যমেৰে প্ৰকাশ কৰে, সেইখনকে পৃথিৱীৰ প্ৰথম ডিজিটেল সাহিত্যৰ স্বীকৃতি দিয়া হয়। অৱশ্যে আমাৰ আজিৰ আলোচনাৰ ই-সাহিত্যৰ ধাৰণাটো আহিবলৈ তেতিয়াও বহুদিন বাকী। আশীৰ দশকত কিছুমান সাহিত্য ভিত্তিক ভিডিঅ’ গে’ম নিৰ্মাণ কৰা হৈছিল আৰু তাৰ মাজৰে ক’ল’ছেল কে’ব এডভেন্সাৰ, জৰ্ক আদি অতি জনপ্ৰিয় হৈছিল। এই গে’মবোৰত একো একোটা সৰু কাহিনী পঢ়িবলৈ দিয়া হৈছিল আৰু সেই কাহিনীটোৰ মাজতে পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াৰ সংকেত মজুত থাকিছিল। কিন্তু তেতিয়াও কম্পিউটাৰ অতি ব্যয়বহুল সামগ্ৰী আছিল, সেয়ে বৃহৎ প্ৰতিষ্ঠানবোৰেহে কম্পিউটাৰ ৰাখিব পাৰিছিল। গতিকে এইবোৰ কামৰ সাহিত্যৰ সৈতে সম্পৰ্ক থাকিলেও ইয়াক ই-সাহিত্য বোলা উচিত নহ’ব। বৰঞ্চ এইবোৰক আজিৰ ই-সাহিত্যৰ পূৰ্বসূৰীহে বুলিব পাৰি।

৯০ দশকৰ শেষৰ ফাললৈ ব্যক্তিগত কম্পিউটাৰবোৰ জনপ্ৰিয় হৈ উঠে আৰু লাহে লাহে মানুহে কম্পিউটাৰৰ যোগে লিখা মেলা কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে, চপা মাধ্যমৰ বাবে কম্পজিং কৰিবলৈ ডিটিপিৰ ব্যৱহাৰ আৰম্ভ হয়। তাৰ পাছতে আহে ইণ্টাৰনেট। ইণ্টাৰনেটেই প্ৰকৃততে এই ই-সাহিত্যৰ বাবে বিশাল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়ে। 

এইখিনিতে এটা কথা মন কৰিব লাগিব। কম্পিউটাৰৰ সকলো কাম কাজ, যেনে প্ৰগ্ৰামিং আদি চলিছিল ইংৰাজী ভাষাত। গতিকে প্ৰথমতে কম্পিউটাৰত ইংৰাজীৰ বাদে আন ভাষাত কাম কৰা সম্ভৱ নাছিল। কিন্তু ইংৰাজীৰ বাদে আন ভাষাত কম্পিউটাৰত কাম কৰিবলৈ অহৰহ প্ৰচেষ্টা চলি আছিল। অৱশ্যে এই প্ৰচেষ্টাবোৰ গাইগুটীয়া আছিল, মানে এটা কোম্পানীয়ে এক ধৰণৰ সংকেতেৰে (code) লিখা স্থানীয় ভাষাৰ লিখনি আন কোম্পানীৰ কম্পিউটাৰত পঢ়িব পৰা নগৈছিল, কাৰণ তেওঁলোকৰ সংকেত পৃথক আছিল। সেই সময়তে ইণ্টাৰনেটে পৃথিৱীৰ প্ৰায় সকলোবোৰ ব্যক্তিগত কম্পিউটাৰ সংযুক্ত কৰিবলৈ আগবাঢ়িছিল, ইণ্টাৰনেট হৈ পৰিছিল মানৱজাতিৰ ভৱিষ্যতৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তু। ইমেইল আদি লাহে লাহে জনপ্ৰিয় হৈ পৰিছিল। কিন্তু আগতে কোৱা অসুবিধাটো থাকিয়েই গৈছিল, এটা কোম্পানীৰ কম্পিউটাৰত এক ধৰণৰ সংকেতেৰে লিখা মেইল এখন আন এটা কোম্পানীৰ কম্পিউটাৰ ইণ্টাৰনেটৰ যোগে গৈ পালেও, সেয়া পঢ়িব পৰা নগৈছিল, কাৰণ প্ৰাপক কম্পিউটাৰে সেই ক’ডিং বুজি নেপাইছিল। 

এই সমস্যাটো সমাধানৰ বাবেই ইউনিকোডৰ জন্ম হৈছিল, ইউনিকোডে পৃথিৱীৰ সকলো লিপিৰ বাবে নিৰ্দিষ্ট মানক নিৰ্ধাৰণ কৰি দিলে আৰু পৃথিৱীৰ সকলো বৃহৎ কম্পিউটাৰ কোম্পানীয়ে সেই মানকবোৰ মানি ল’লে, আৰু সেই সংকেতৰ অসুবিধাবোৰ নাইকিয়া হ’ল। ইউনিকোড আৰু ইণ্টাৰনেট অহাৰ পাছতহে ই-সাহিত্যই জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰিলে। 

অসমীয়া ই-সাহিত্যৰ ক্ষেত্ৰখনত সকলোতকৈ বেছি অৱদান আছে ফে’চবুকৰ। ফে’চবুক অসমত জনপ্ৰিয় হোৱাৰ আগতে অৰ্কুট নামৰ সামাজিক মাধ্যমটোত অতি কম পৰিমাণে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰাৰ প্ৰচেষ্টা চলিছিল, কিন্তু সেই সময়ত সমস্যাও বহু বেছি আছিল। ৱিণ্ডৌজ এক্স পি শ্ৰেণীৰ কম্পিউটাৰবোৰত অসমীয়া লিপি লিখিবলৈ কম্পিউটাৰৰ অপাৰেটিং চিষ্টেমটোৰ চেটিংচ সলাব লগা হৈছিল। হ’লেও ৱিণ্ডৌজ এক্স পি অপাৰেটিং চিষ্টেম যুক্ত ব্যক্তিগত কম্পিউটাৰবোৰেই প্ৰথম জনপ্ৰিয় কম্পিউটাৰ য’ত অসমীয়া বা আন ভাৰতীয় ভাষাত লিখিব পৰা গৈছিল আৰু সি ইউনিকোড সমৰ্থিতও আছিল। আৰু এটা বিশেষ সমস্যা আছিল, সেইটো হ’ল অসমীয়া লিপি ইউনিকোড সমৰ্থিত লিখন সঁজুলিৰ অভাৱ। সেই সময়ত বাংলা ভাষা লিখিবলৈ ‘অভ্ৰ’ নামৰ এটা সঁজুলি আছিল, যিটো অসমীয়া লিখিবলৈয়ো বহুলভাৱে ব্যৱহৃত হৈছিল। সেই সময়তে ইউনিকোডত অসমীয়া লিপিৰ স্বীকৃতি আনকি বাংলাৰপৰা সুকীয়া ৰেঞ্জৰ বাবেও জন-সজাগতা আৰু দাবী উত্থাপন আৰম্ভ হৈছিল। সেইবাবে বাংলা ছফটৱেৰে অসমীয়া লিখিলে এই দাবীটোৰ বিপক্ষে যোৱা নিশ্চিত আছিল। বেছি বাহুল্যলৈ নোযোৱাকৈ ক’ব পাৰি যে, বাংলা লিপিৰ বাবে তৈয়াৰ কৰা ছফ্টৱেৰেৰে অসমীয়া লিখিলে তাত বাংলা লিপিৰ বিশেষ বৰ্ণকেইটাৰ চিন ৰৈ যোৱাৰ সুবিধা প্ৰৱল আছিল, সেয়ে কম্পিউটাৰ বা ইণ্টাৰনেটৰ স্বয়ংক্ৰিয় ব্যৱস্থাবোৰে অসমীয়াত লিখা কথাখিনি বাংলা বুলি ভাবি লোৱাৰ সম্ভাৱনা ৰৈ গৈছিল। সেয়ে সেই সময়ত অসমৰ কেইবাজনো উদীয়মান যুৱক যুৱতী তথা সংগঠনে ব্যক্তিগত পৰ্যায়ত ইউনিকোড সমৰ্থিত লিখন সঁজুলি নিৰ্মাণ কৰাৰ প্ৰচেষ্টাত লাগি পৰিছিল। ভাল লগা কথা যে কোনো চৰকাৰী বা অসমীয়া সাহিত্যৰ সৈতে জড়িত সংগঠনৰ সমৰ্থন নোহোৱাকৈয়ে, কেৱল ব্যক্তিগত উদ্যোগত, আজিৰ দিনত স্থানীয়ভাৱে কেইবাটাও তেনে সঁজুলি গঢ়ি তোলা হৈছে। আজিৰ দিনত ৱিণ্ডৌজ কম্পিউটাৰ, এপ’ল কম্পিউটাৰ, এণ্ড্ৰইড বা এপ’ল মোবাইল, লিনাক্স, আদি সকলো প্লেটফৰ্মতে অতি সহজে অসমীয়া লিপিত লিখিব পৰা পৰিস্থিতি আহি পৰিছে। কথাখিনি কোৱাৰ উদ্দেশ্য হ’ল- মোবাইল আৰু কম্পিউটাৰত সহজে অসমীয়া লিখিব পৰা পৰিস্থিতিটোৱে অসমীয়া ই-সাহিত্যৰ সমৃদ্ধিত সকলোতকৈ বেছি অৱদান যোগাইছে বুলি ক’লেও ভুল নহ’ব। 

এইখিনিতে ফে’চবুকৰ অৱদানৰ কথাও উল্লেখ কৰিব লাগিব। সেই সময়ছোৱাত অসমত সকলোতকৈ জনপ্ৰিয় সামাজিক মাধ্যম আছিল ফে’চবুক। সেই ফে’চবুকৰপৰাই ইউনিকোড সংগ্ৰামৰ লগতে, সঁজুলি নিৰ্মাণ, অসমীয়া ৱিকিপেডিয়া, অসমীয়া গুগল ট্ৰেন্সলেটৰ স্বেচ্ছাসেৱা আদি সকলো প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল। কম্পিউটাৰত অসমীয়া লিখিবলৈ যথেষ্ট অসুবিধা চলি থকা সময়তে ফে’চবুকত অসমীয়াত কথা বতৰা বা অকব বুলি গোট এটা আৰম্ভ হৈছিল, আৰু তাৰপৰাই সকলো প্ৰচেষ্টাৰ গুৰি ধৰা হৈছিল। অসমীয়া ই-সাহিত্যলৈ অকবৰ অৱদান অপৰিসীম। তাৰপাছতো সাহিত্য আৰু সমাজৰ বিভিন্ন দিশবোৰ সামৰি লোৱা বহুতো গোট জন্ম হ’ল আৰু সেই গোটবোৰেও এই প্ৰচেষ্টা আগুৱাই নিলে। ফে’চবুকৰপৰাই বহুত নতুন লেখক লেখিকা ওলাই আহিল, তাৰে কিছুৱে ছপা মাধ্যমতো জনপ্ৰিয়তা অৰ্জন কৰিলে। গতিকে প্ৰায় দহ বছৰ মান সময়ৰ ভিতৰতে অসমীয়া ই-সাহিত্যই যথেষ্ট পৰিপক্কতা লাভ কৰিবলৈ সক্ষম হ’ল। 

বৈদ্যুতিক মাধ্যমৰ সুবিধা :

মানৱজাতিৰ জ্ঞানৰ সম্প্ৰসাৰণ আৰু সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ হৈছিল হয়তো গুহা মানৱে দেৱালত অঁকা শৈল চিত্ৰৰপৰাই। শিলালিপি, তাম্ৰলিপি আদিৰ পাছত এদিন আহিল সাঁচিপাত, ভোজপত্ৰ, তালপত্ৰ আদি। মিছৰীয়সকলে ব্যৱহাৰ কৰা পেপিৰাছেই প্ৰথম এনে ব্যৱস্থাৰ আৰম্ভণি বুলি ক’ব পাৰি। সকলোতে মূল কথাটো একেই, কোনো গছৰ বাকলিক চাঁচি চুৰুকি সমান কৰি আৰু লগতে দীৰ্ঘদিন সংৰক্ষণ কৰিবৰ বাবে ভেষজ ৰাসায়নিক দ্ৰব্য লগাই, তাত হাতেৰে লিখা হয়। এই উপায়টোৰ ওপৰত সেই সময়তে বহু গৱেষণাও হৈছিল আৰু লিখনিসমূহ কেইবা শতিকা জুৰি ভালকৈ ৰাখিব পৰা ব্যৱস্থা এটা গঢ়ি উঠিছিল গৈ। আৰু তেতিয়াই প্ৰকৃততে সাহিত্যৰো জন্ম হৈছিল। এই সাহিত্যসমূহক সেয়ে আমি হাতে লিখা সাহিত্য বুলি ক’ব পাৰোঁ। এইখিনিতে উল্লেখ কৰিব পাৰি যে, অসমতো সেই কালছোৱাত সাঁচিপাত, হেঙুল হাইতাল, বিভিন্ন গছৰ ৰসৰ স্থায়ী চিয়াহী আদি লিখন প্ৰযুক্তিৰ উদ্ভাৱন আৰু প্ৰচলন হৈছিল; আৰু এই প্ৰক্ৰিয়াটো বিশ্বৰ আন ঠাইত চলি থকা উপায়সমূহতকৈ কোনো গুণে পিছপৰা নাছিল। সেইবাবেই হয়তো, হাতে লিখা সাহিত্যৰ কালছোৱাত অসমীয়া সাহিত্য ভাৰতৰ ভিতৰতে এক অগ্ৰণী সাহিত্য ৰূপে পৰিগণিত হৈছিল। 

তাৰ পাছতে কাগজ আৰু ছপাশালৰ উদ্ভাৱন হয়, হাতে লিখাৰ তুলনাত ছপা মাধ্যমৰ সা-সুবিধা বহু বেছি আছিল। তাৰ মাজত সকলোতকৈ উল্লেখযোগ্য সুবিধাটো হ’ল, কম খৰচত, কম সময়তে এটা লিখাৰ বহু কপি বা নকল সৃষ্টি কৰিব পৰাৰ ব্যৱস্থাটো। সেই সুবিধাতে মানৱ সমাজত আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ প্ৰচলন হ’ল, সাহিত্যৰ ব্যৱসায়ীকৰণ হ’ল, আৰু নানান নতুন ধাৰণা মানৱ সভ্যতাৰ মাজত সোমাই পৰিল। সহজতে ক’ব পাৰি যে, ছপা মাধ্যম নোহোৱা হ’লে আজি মানৱ সভ্যতাৰ এই বিকাশ সম্ভৱপৰ নহ’লহেঁতেন। 

সাহিত্যৰ মাধ্যমৰ বিকাশৰ একেবাৰে শেহতীয়া স্তৰটো হ’ল এই ই-সাহিত্য বা বৈদ্যুতিক মাধ্যমৰ সাহিত্য। এই মাধ্যমত কিছুমান বিশেষ সুবিধা আছে, যিবোৰ ছপা মাধ্যমত নাই। পোনপ্ৰথমেই আমি বিতৰণৰ কথা উল্লেখ কৰিব পাৰোঁ, ছপা পুথি এখন এঠাইৰপৰা আন ঠাইলৈ শাৰীৰিকভাৱে পঠাব লাগে, আনহাতে ই-সাহিত্য ইণ্টাৰনেটৰ যোগে মুহূৰ্তৰ ভিতৰতে  পৃথিৱীৰ এটা কোণৰপৰা আন এটা কোণলৈ প্ৰেৰণ কৰিব পাৰি। ইয়াৰ বাবে কোনো পৰিবহণ বা বিতৰণ ব্যৱস্থাৰ প্ৰয়োজন নহয়। চপা মাধ্যমৰ তুলনাত ই-সাহিত্যৰ কেইটামান আন কেইটামান সুবিধা হ’ল সংৰক্ষণৰ সুবিধা, অতি কম ঠাইতে ইয়াৰ সংৰক্ষণ কৰিব পাৰি আৰু কঢ়িয়াই ফুৰিব পাৰি। এটা মোবাইল ফোনতে এটা মধ্যমীয়া আকাৰৰ পুথিভঁড়ালৰ সকলো কিতাপৰ ই-সংস্কৰণ সুমুৱাই থ’ব পাৰি। ই এক বৃহৎ সুবিধা। এইখিনিতে এটা উদাহৰণ দিব পাৰি – এচাইক্ল’পেডিয়া ব্ৰিটানিকা পৃথিৱীৰ সকলোতকৈ অগ্ৰণী বিশ্বকোষ, ইয়াত প্ৰতিদিনে নতুন নতুন তথ্য যোগ কৰা হৈ গৈ থাকে। কিন্তু শেষত গৈ এনেকুৱা পৰিস্থিতি হ’ল যে, এই বিশ্বকোষখন অকলেই প্ৰায় এটা সৰু পুথিভঁড়ালৰ সমান হ’লগৈ। মূল্যও সাধাৰণ মানুহে বলে পৰা হৈ নেথাকিলগৈ আৰু কোনোবাই কিনিলে তেওঁক বিশ্বকোষৰ লগতে কিতাপৰ আলমাৰি এটাও দিব লগাত পৰিল। সেয়ে এসময়ত তেওঁলোকে এনচাইক্ল’পেডিয়া ব্ৰিটানিকাৰ ছপা সংস্কৰণ বন্ধ কৰি কেৱল ই-সংস্কৰণ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিব লগা হ’লগৈ। 

ই-মাধ্যমৰ আন এটা সুবিধা হ’ল – কম খৰছ। চপা মাধ্যমৰ তুলনাত ই -মাধ্যমত খৰছ একেবাৰে কম হয়। এনেধৰণৰ বহু সা-সুবিধাৰ বাবে বৰ্তমান বহু লোক ই-সাহিত্যৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। 

চমুৱাই ক’বলৈ গ’লে চপা মাধ্যমৰ তুলনাত ই-মাধ্যমৰ সুবিধাবোৰ এনেধৰণৰ, 

১) বিতৰণ আৰু পৰিবহণৰ সুবিধা।

২) সংৰক্ষণৰ সুবিধা।

৩) ন্যূনতম ব্যয়।

৪) যিকোনো ঠাইতে পঢ়াৰ সুবিধা।

৫) ব্যৱসায়িক দিশৰপৰা অসুবিধা হোৱা স্থানতো পোৱাৰ সুবিধা। (কোনো অঞ্চলত যদি আলোচনী এখনৰ কেৱল এজন গ্ৰাহক থাকে, তালৈ সেই আলোচনীখন পঠোৱা এক ব্যয়বহুল ব্যৱস্থা হৈ পৰে) 

৬) কপি আৰু পেষ্টৰ সুবিধা।

৭) সম্পাদনাৰ আৰু ডিজাইন/লে-আউট আদিৰ সুবিধা।

৮) হাইপাৰলিংক কৰাৰ সুবিধা। (লিখনিত কোনো এটা শব্দৰ বাবে বহুল ব্যাখ্যাৰ প্ৰয়োজন হ’লে তেনে ব্যাখ্যাই মূল লিখনিৰ সৌষ্ঠৱ হানি কৰিব পাৰে, তেনে ক্ষেত্ৰত হাইপাৰলিংক ব্যৱহাৰ কৰিলে সুবিধা হয়)

৯) একে ঠাইৰপৰাই পৃথিৱীৰ বিভিন্ন স্থানত থকা সাহিত্য সমল পঢ়িব বা বিচাৰি পোৱাৰ সুবিধা।

১০) একেখিনি সমলকে একে সময়তে বহুলোকে ব্যৱহাৰ কৰিব পৰাৰ সুবিধা ইত্যাদি।

ই-সাহিত্যৰ সমস্যাসমূহ :

ওপৰৰ আলোচনাৰপৰা বুজিব পৰি যে কাৰিকৰী দিশৰ পৰা চাবলৈ গ’লে ই-সাহিত্য ছপা সাহিত্যতকৈ তুলনামূলকভাৱে সুবিধাজনক। কিন্তু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে কিছুমান সমস্যাও আৱশ্যম্ভাৱী ভাৱে আহে। তাৰোপৰি কেৱল কাৰিকৰী আৰু ব্যৱসায়িক সুবিধা থাকিলেই এটা প্ৰক্ৰিয়াক কলাত্মক আৰু নীতিগত দিশৰপৰা গ্ৰহণযোগ্য বুলি কোৱা উচিত নহয়। সেয়ে সাহিত্যৰ মান আৰু নীতিগত দিশবোৰৰ ফালৰপৰাও অসমীয়া ই-সাহিত্যক বিচাৰ কৰি চোৱাৰ প্ৰয়োজনীয়তা আছে। 

সাধাৰণভাৱে চাবলৈ গ’লে – ই-সাহিত্য মূলতঃ স্ব-সম্পাদিত আৰু স্ব-প্ৰকাশিত সাহিত্য। ফে’চবুক বা আন কোনো মাধ্যমত কোনো এটা লিখা, মূল লেখকৰ বাদে আনে সম্পাদনা কৰাৰ সুবিধা নাই। সৃষ্টিশীল সাহিত্যত আচলতে সম্পাদনা লাগে নে নেলাগে, সেইটো বিষয়লৈ ক্ষেত্ৰবিশেষ আলোচনা-সমালোচনা চলা দেখা যায়। এজন লেখকে যিদৰে এটা লেখা ধাৰণ কৰে, সেইটো পোনে পোনে তেনেদৰেই পাঠকৰ ওচৰ পোৱা উচিত বুলি বহুলোকে মত পোষণ কৰে, পাঠকেই হ’ব এটা কলাত্মক সৃষ্টিৰ চুড়ান্ত বিচাৰক। এই যুক্তিখিনি কোনোবা ক্ষেত্ৰত মানি ল’লেও আমি সম্পাদনাৰ গুৰুত্ব নুই কৰিব নোৱাৰোঁ। এজন ভাল সম্পাদকেহে ভাল লেখক গঢ়ি তুলিব পাৰে, তেনে উদাহৰণ অসমতে বহুত আছে। আন কলাৰ ক্ষেত্ৰবোৰৰ দৰেই, সাহিত্যৰ বাবে কেৱল প্ৰতিভা বা চিন্তাই যথেষ্ট নহয়, অনুশীলন আৰু পথনিদৰ্শনো সমানেই গুৰুত্বপুৰ্ণ। লগতে ভাষা, বাক্য-গাঁঠনি, বানান আদি দিশবোৰ আছেই। সম্পাদক আৰু লেখক দুয়ো মিলিহে এটা সুন্দৰ লিখনি পাঠকৰ মাজলৈ আগুৱাই দিব পাৰে। 

কিন্তু এই সম্পাদনা ব্যৱস্থাটোৰ অলপ আসোঁৱাহো নথকা নহয়। এখন আলোচনী সম্পাদকৰ মেজলৈ দিনে শতাধিক লেখা আহে। তাৰ মাজত তেওঁ হয়তো আলোচনীৰ কলেৱৰ আৰু নীতিলৈ লক্ষ্য কৰি এটা বা দুটা লেখাহে নিৰ্বাচন কৰে। তদুপৰি তেওঁলোক প্ৰতিষ্ঠিত লেখকৰ লিখনীৰ প্ৰতি বেছিকৈ আকৰ্ষিত হোৱাৰ সম্ভাৱনা থাকে। গতিকে তাৰ মাজত নতুন লেখকৰ দুই ভাল লেখাও বাদ পৰি যাব পাৰে, যোৱাটো স্বাভাৱিক। আনহাতে সম্পাদকসকলে ছপা আলোচনী বা গ্ৰন্থ এখনৰ ব্যৱসায়িক দিশটোৰ প্ৰতিও চকু ৰাখিব লাগে। গতিকেই কিছু সম্ভাৱনা পূৰ্ণ লেখক এই ব্যৱস্থাটোৰ বলি হয়, লিখাৰ উৎসাহ হেৰুৱাই পেলায়। জনপ্ৰিয় চিৰিজ হেৰী প’টাৰৰ লেখিকা জে কে ৰাউলিঙেই এই ব্যৱস্থাৰ কুফল ভুগিব লগা হৈছিল;  ৱাল্ট ডিজনীক এখন দৈনিক বাতৰি কাকতৰ চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল, অভিযোগ আছিল তেওঁৰ হেনো সৃষ্টিশীলতাৰ অভাৱ। মুঠতে এই ছপাৰ সম্পাদনা ব্যৱস্থাটো যিমানেই গুৰুত্বপূৰ্ণ নহওক কিয়, তাত স্বাভাৱিক ভাৱেই কিছু আসোঁৱাহ ৰৈ যায়।

আনহাতে ই-সাহিত্যই এই অসুবিধা সমুলঞ্চে নাইকিয়া কৰি পেলালে। এই বৈদ্যুতিক মাধ্যমবিলাকৰ যোগে যি মন যায়, যেনেকৈ মন যায় লিখি, সামাজিক মাধ্যম বা ব্লগত পোনে পোনে প্ৰকাশ কৰি পাঠকৰ ওচৰ পাব পৰা পৰিস্থিতি এটা সৃষ্টি হ’ল আৰু ক্ষন্তেকৰ ভিতৰতে পাঠকৰ প্ৰতিক্ৰিয়াও প্ৰত্যক্ষভাৱে জানিব পৰা গ’ল – পাঠক আৰু লেখকৰ মাজত এটা পোনপটীয়া আৰু সহজ সম্পৰ্ক গঢ়ি উঠিল আৰু সেয়ে যথেষ্ট নতুন লেখক লেখিকা ওলাই আহিল, সাহিত্য চৰ্চাৰ পৰিধি বহুল হ’ল। 

আপাত দৃষ্টিত কথাটো অতি উৎসাহজনক যেন লাগিলেও ইয়াৰপৰা কিছু অসুবিধাৰ সৃষ্টিও নোহোৱা নহয়। সম্পাদনাৰ অভাৱত ই-সাহিত্যৰ গুণ-মান নিৰূপণ কৰাৰ কোনো সুবিধা নেথাকিল। বানান, বাক্য-গাঁঠনি, ভাষাৰ ব্যৱহাৰ আদিয়ো স্বীকৃত সীমাৰ ভিতৰত নেথাকিল আৰু সি ভাষা বা লিপি ভৱিষ্যতৰ বাবে কোনোপধ্যে সুখবৰ বুলি ক’ব নোৱাৰি। 

এই কাৰণতে প্ৰতিষ্ঠিত সাহিত্য সমাজে পোন-প্ৰথমে অসমীয়া ই-সাহিত্যক গুৰুত্ব সহকাৰে লোৱা নাছিল। ইয়াক একধৰণৰ আৱেগিক ধেমালি বুলিয়েই ভবা হৈছিল, প্ৰকৃত সাহিত্যৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই বুলিয়ে বহুতে ধাৰণা কৰিছিল। অৱশ্যে অসমীয়া ই-আলোচনীবোৰ অহাৰ লগে লগে এই ব্যৱস্থাটোৰ পৰিৱৰ্তন হ’ল। ই-আলোচনীবোৰে ই-সাহিত্যলৈ সম্পাদনা, প্ৰুফ ৰীডিং, আদি সুবিধাবোৰ লৈ আনিলে। আজিৰ প্ৰায়বোৰ নিয়মীয়া আৰু জনপ্ৰিয় ই-আলোচনীৰে একোখনকৈ পূৰ্ণাংগ সম্পাদনা সমিতি আৰু একোজনকৈ স্থায়ী বা অস্থায়ী সম্পাদক থাকে। লিখা নিৰ্বাচনৰপৰা ধৰি বানান, বাক্য-গাঁঠনি শুদ্ধ কৰা, সম্পাদনা, লে-আউট, অংগসজ্জা আদি এখন ছপা আলোচনীৰ সমানেই গুৰুত্বসহকাৰে কৰা হয়। ইয়াৰ পৰা দুটা সুফল পোৱা গ’ল – সামাজিক মাধ্যমৰ বচা বচা লেখাবিলাক একেঠাইতে সম্পাদিত ৰূপত পোৱা হ’ল আৰু দ্বিতীয়তে ই-সাহিত্যই সামাজিক মাধ্যমৰ সীমা চেৰাই আৰু বেছি বহল ক্ষেত্ৰ এখনত প্ৰবেশ কৰিলে। আৰু এই ই-আলোচনীবোৰৰদ্বাৰাই মূলতঃ সামাজিক মাধ্যমৰ সাহিত্যই প্ৰতিষ্ঠিত ছপা মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল। 

অৱশ্যে এটা কথা স্বীকাৰ কৰিবই লাগিব যে অসমীয়া ই-আলোচনীসমূহ আচলতে এতিয়াও যথেষ্ট চালুকীয়া অৱস্থাতে আছে, প্ৰফেচনেলিজম আহিবলৈ এতিয়াও বহু বাকী। কোনো ছপা মাধ্যমৰ প্ৰতিষ্ঠিত সম্পাদকে এনে আলোচনী সম্পাদনা কৰাও চকুত পৰা নাই। সকলো কাম অবৈতনিক ভাৱে চলি আছে আৰু এনে প্ৰচেষ্টা দীৰ্ঘদিন ধৰি চলাই থকাত যথেষ্ট অসুবিধা আছে। সি যি কি নহওক, এই ই-আলোচনীবোৰৰ যোগে অসমীয়া সাহিত্যৰ এক নতুন অধ্যায়ৰ সূচনা হ’ল- যি হয়তো অসমীয়া ভাষা লিপিৰ স্থায়ীত্ব আৰু জনপ্ৰিয়তাৰ দিশৰপৰা অতি গুৰুত্বপূৰ্ণ। 

ই-সাহিত্যৰ সকলোতকৈ ডাঙৰ অসুবিধা হ’ল – বৌদ্ধিক সম্পত্তি অধিকাৰ বা ইণ্টেলেকচুয়েল প্ৰপাৰ্টী ৰাইটৰ উলংঘন। অতি সহজে কপি কৰিব পৰা সুবিধাটোৰ বাবে দুষ্ট প্ৰকৃতিৰ লোকে আন কাৰোবাৰ লেখা নিজৰ নামত চলাই দিয়াৰ বহু উদাহৰণ অসমীয়া ই-সাহিত্যত পোৱা যায়। এনে কৰা আইনগত ভাৱেও অপৰাধ, তথাপিও মূল লেখকে গম নোপোৱাকৈ এনে কিছু কাম চলি থকা দেখা পোৱা গৈছে। তাৰ বাবে পাঠকৰ সজাগতা অতি প্ৰয়োজনীয়। 

ই-সাহিত্যৰ আন এটা অসুবিধা হ’ল ব্যৱসায়িক। এমাজন আদিত স্বপ্ৰকাশিত গ্ৰন্থবোৰ আৰু বাতৰি কাকত বা আলোচনীৰ ই- সংস্কৰণৰ বাদে ই-সাহিত্যৰদ্বাৰা লেখকৰ মাননি উপাৰ্জন কৰা কঠিন। বৰ্তমান অসমৰ ই-আলোচনীবোৰতো লেখকক মাননি দিয়াৰ নিয়মীয়া ব্যৱস্থা গঢ়ি উঠা নাই, কাৰণ এই আলোচনীবোৰৰপৰা প্ৰকাশকৰো একো উপাৰ্জন নহয়। কিন্তু যি কোনো প্ৰচেষ্টাই অৰ্থনৈতিক ভাৱে স্বাৱলম্বী নহ’লে বেছি দিন চলি নেথাকে। ই-আলোচনী এখন চলাই থাকিবলৈ যথেষ্ট খৰছো হয়, ডমেইন নে’ম, চাৰ্ভাৰ স্পেচ, বেণ্ড-ৱিথ আদিৰ বাবে প্ৰকাশকসকলে নিয়মীয়াকৈ পইচা দি থাকিব লাগে, ৱেব ডিজাইনিঙৰ খৰছ আছে, লগতে কমেও এজন কম্পিউটাৰ বিশেষজ্ঞ থাকিবই। কিন্তু তাৰ বিনিময়ত ইয়াৰপৰা উপাৰ্জন অহাৰ সুবিধা অতি সীমিত। অৱশ্যে জনপ্ৰিয় হ’লে বিজ্ঞাপনৰপৰা কিছু ধন আৰ্জন হ’ব পাৰে, কিন্তু অসমীয়া ই-আলোচনী বা ব্লগবোৰলৈ সেই সুবিধা অহা নাই। ইণ্টাৰনেটত তেনে কিছুমান ব্যৱস্থা আছে (যেনে গুগল এডচেন্স আদি), কিন্তু অসমীয়া ভাষাৰ বাবে এই বিজ্ঞাপন ব্যৱস্থাটো এতিয়াও পৰিপক্ক হৈ উঠা নাই। 

 

বৰ্তমান অসমৰ ই-সাহিত্যৰ পৰিবেশ :

আজিৰপৰা দহ বছৰমানৰ আগৰ তুলনাত অসমীয়া ই-সাহিত্যই আজি যথেষ্ট পৰিপক্কতা লাভ কৰিছে, পৰিমাণো বাঢ়িছে। ইউনিকোডত অসমীয়া লিপিৰ স্থায়ীত্বৰ লগতে গুগল বা আন চাৰ্চ ইঞ্জিনেৰে অসমীয়া সমল বিচাৰি উলিওৱাৰ সুবিধা, বা বিভিন্ন ছফ্টৱেৰ, অপাৰেটিং চিষ্টেম আদি অসমীয়াত উপলব্ধ হোৱাৰ বাবে ইণ্টাৰনেটত অসমীয়া লিখনি বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। কাৰণ এই কামবোৰ মূলতঃ ব্যক্তিগত খণ্ডৰ ব্যৱসায়ৰ অন্তৰ্গত, গুগল বা ৱিণ্ডৌজে ব্যৱসায়িক সফলতাৰ আশা নেদেখিলে অসমীয়া ভাষা লিপিত ছফটৱেৰ নিৰ্মাণত বিনিয়োগ নকৰে, সেয়ে ইণ্টাৰনেটত অসমীয়া লিপিৰ সমল বৃদ্ধি কৰাৰ লগতে ব্যৱহাৰকাৰীৰ সংখ্যাও বৃদ্ধি কৰা অতি আৱশ্যকীয়। আজি কিছু বছৰৰ আগতে ইণ্টাৰনেটত অসমীয়া সমল অতি কম আছিল, সেই সময়তে ওপৰত কোৱা কথাকেইটাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি, মূলতঃ ফে’চবুকৰ যোগেদিয়েই জনসমাজত এক সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। লগতে অসমীয়া ৱিকিপেডিয়া আৰু ৱিকিমেডিয়াৰ যোগে ইণ্টাৰনেটত ইউনিকোড সমৰ্থিত অসমীয়া সমল বৃদ্ধি কৰাৰো চেষ্টা কৰা হৈছিল। উল্লেখযোগ্য যে কোনো চৰকাৰী নিৰ্দেশনা বা সহযোগিতা নোহোৱাকৈ কেৱল সামাজিক মাধ্যমৰ যোগে গঢ়ি তোলা এই আন্দোলনে আজি যথেষ্ট পৰিমাণে সফলতা লাভ কৰিছে। এইখিনিতে এটা কথা উল্লেখ কৰিলে গৌৰৱবোধ হ’ব যে – প্ৰভাকৰ শৰ্মা নেওগৰ উদ্যোগত আৰম্ভ হোৱা অসমীয়া ৱিকিপেডিয়া ভাৰতৰ ভিতৰতে প্ৰথম প্ৰান্তীয় ভাষাৰ ৱিকিপেডিয়া। আজি অসমীয়া ৱিকিপেডিয়াত প্ৰায় আঠ হেজাৰ প্ৰবন্ধ আছে, আৰু অসমীয়া ৱিকি উৎসত (Wikisource) ২,২১৪ টা লেখা আৰু ৩০৫ খন স্বত্ত্ববিলোপ হোৱা পূৰ্ণাংগ গ্ৰন্থ আছে। ইয়াৰপৰাই বুজিব পাৰি যে আজিৰ দিনত ইণ্টাৰনেটত অসমীয়া সমল আৰু ব্যৱহাৰকাৰী আশাজনকভাৱে বৃদ্ধি পাইছে। তাৰ আওপকীয়া প্ৰমাণ হ’ল – আজি ৱিণ্ডৌজৰ সম্পূৰ্ণ অপাৰেটিং চিষ্টেম অসমীয়াত উপলব্ধ, গুগল চাৰ্চত অসমীয়াৰে চাৰ্চ কৰিলে মূলতঃ অসমীয়া সমলৰ লিংকেই পোৱা যায় (এসময়ত অসমীয়াত চাৰ্চ কৰিলে কেৱল বাংলা সমল পোৱা গৈছিল), গুগল ড্ৰাইভৰ যোগে অসমীয়া অ চি আৰ (Optical Character Recognition) আজি সম্ভৱ, মই এই প্ৰবন্ধটো লিখি থকাৰ সময়ত বানান নিৰীক্ষণৰ বাবে মাইক্ৰছ’ফ্ট অফিচৰ অসমীয়া লেংগুৱেজ পেক ব্যৱহাৰ কৰি আছোঁ (অৱশ্যে এই নিৰীক্ষকটো সম্পূৰ্ণভাৱে নিৰ্ভৰ যোগ্য হৈ উঠা নাই)। এইবোৰ কথাৰ অৰ্থ হ’ল – গুগল বা মাইক্ৰছফ্টৰ দৰে কোম্পানীয়ে অসমীয়া ভাষা লিপিত বিনিয়োগ কৰিছে, কাৰণ তেওঁলোকে ব্যৱহাৰকাৰীৰ সংখ্যা আৰু সমলৰপৰা অসমীয়া ভাষাত ব্যৱসায়িক সম্ভাৱনা দেখা পাইছে। এইখিনিতে এটা কথা উল্লেখ কৰিবই লাগিব যে, এই সকলোবোৰ সম্ভৱ হৈছে কেৱল কেইজনমান যুৱক যুৱতীৰ ব্যক্তিগত উদ্যোগৰ বাবে, ইয়াত চৰকাৰ বা আন সাহিত্য সংগঠন/প্ৰতিষ্ঠানবোৰৰ অৰিহণা একেবাৰে ন্যূনতম। শেহতীয়াভাৱে চৰকাৰী উদ্যোগত তেনে দুটামান প্ৰয়োজনীয় কাম হৈ আছে বুলি জানিব পৰা গৈছে। 

আজিৰ নতুন প্ৰজন্মই  ইণ্টাৰনেট বা মোবাইল আদিৰ সৈতেহে সহজ অনুভৱ কৰে, প্ৰায় সকলোৱেই এনে যন্ত্ৰবোৰৰ ব্যৱহাৰত সিদ্ধহস্ত। আনহাতে ই-মাধ্যমৰ সুবিধাবোৰো আছে; গতিকে দেখা গৈছে, অসমীয়া ভাষা লিপি ই-মাধ্যমেৰে প্ৰচাৰ হোৱাৰ লগে লগে নতুন প্ৰজন্ম মাতৃভাষাৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। বহু কিশোৰ কিশোৰীয়ে অসমীয়া লিপি নতুনকৈ শিকি সামাজিক মাধ্যমত লিখা মেলা কৰা দেখা গৈছে। ই অসমীয়া ভাষা-লিপি-সাহিত্যৰ বাবে সকলোতকৈ উৎসাহজনক খবৰ বুলি ক’লেও বঢ়াই কোৱা নহ’ব।   

অসমীয়া ই-সাহিত্য : কেইটামান লক্ষণীয় বিশেষত্ব :

এই বিষয়টোলৈ সুদীৰ্ঘ আলোচনা কৰাৰ থল আছে, কিন্তু এই প্ৰবন্ধত চমুকৈ কেইটামান মাত্ৰ বিশেষত্বৰ কথাহে আলোচনা কৰা হৈছ। অসমীয়া ছপা মাধ্যমৰ সাহিত্যৰ সৈতে তুলনামূলকভাৱে অধ্যয়ন কৰিলে ইণ্টাৰনেটৰ অসমীয়া সাহিত্যৰ কেইটামান বিশেষত্ব দেখা পোৱা যায়। অৱশ্যে এইখিনি সকলো ক্ষেত্ৰতে এশ শতাংশ শুদ্ধ নহয়, এইবিলাকক গঢ় বৈশিষ্ট বুলি ক’লেহে উপযুক্ত হ’ব। 

পোন প্ৰথমে অসমীয়া ভাষাত মূলতঃ ইণ্টাৰনেটৰ যোগে লিখা মেলা কৰা লেখকসকলৰ কথা আলোচনা কৰা যাওক। সাধাৰণতে এই লেখকসকল মূলতঃ সাহিত্যসেৱী নহয়, তেওঁলোক আন কোনো ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰা লোকহে। সাহিত্য তেওঁলোকৰ ৰুচিহে। ইয়াৰপৰা এক সুফলো পোৱা গৈছে,  তেওঁলোকৰ কৰ্মক্ষেত্ৰৰ অভিজ্ঞতাই তেওঁলোকৰ লিখনি সমৃদ্ধ কৰিছে আৰু অসমীয়া সাহিত্যলৈ কিছু নতুনত্বৰ সোৱাদ আহিছে। সদ্যহতে জনপ্ৰিয় হোৱা “কেবিনৰ সিপাৰে” উপন্যাসখনলৈ এইখিনিতে আঙুলিয়াব পাৰি। গ্ৰন্থখনৰ আন দিশবোৰ আলোচনা নকৰিলেও, গ্ৰন্থখনে অসমীয়া পাঠকক নতুনত্বৰ সোৱাদ দিছে সি অনস্বীকাৰ্য। 

আন এটা কথা মন কৰিব লগীয়া যে, বহুলোকে কেৱল সামাজিক মাধ্যমৰ সুবিধা বাবেহে সাহিত্যৰ ক্ষেত্ৰখনত ভৰি দিছে – অসমত নিয়মীয়াকৈ ই-মাধ্যমত সাহিত্য চৰ্চা কৰি থকা প্ৰায়বোৰ লেখকেই – ফাৰ্ষ্ট টাইম ৰাইটাৰ, তেওঁলোকে সামাজিক মাধ্যম বা ব্ল’গতে সাহিত্য চৰ্চা আৰম্ভ কৰিছে। অসমীয়া ই-সাহিত্যই বহু নতুন লেখক জন্ম দিছে। 

এতিয়া যদি আমি অসমীয়া ই-সাহিত্যৰ লিখনিবোৰলৈ মন কৰোঁ, স্বীকাৰ কৰিব লাগিব যে গুণগতভাৱে ই-সাহিত্য ছপা মাধ্যমৰ সাহিত্যৰ ওচৰ চাপিবলৈ এতিয়াও বহু বাকী, এই যাত্ৰা প্ৰকৃততে আৰম্ভ হৈছেহে। তথাপিও কিছু কথা মন কৰা প্ৰয়োজন। অসমীয়া ই সাহিত্যত ব্যংগক প্ৰাধান্য দিয়া হৈছে, আনহাতে অসমীয়া ছপা সাহিত্যত ব্যংগ কিছু এলাগী হৈ থকা বুলি পৰিলক্ষিত হয়। কিন্তু অসমীয়া সামাজিক মাধ্যমৰ লিখাত ব্যংগৰস সন্ধালনিকৈ ব্যৱহাৰ হৈছে, আনকি প্ৰায়বোৰ গল্প বা প্ৰবন্ধতো ব্যংগৰ এক আণ্ডাৰট’ন দেখা পোৱা যায়। ই-মাধ্যমত আনকি কেইবাখনো ব্যংগ উপন্যাসো লিখা হৈছে, যি অসমীয়া ছপা মাধ্যমৰ সাহিত্যত অতি বিৰল। ব্যংগ ৰসে সকলো শ্ৰেণীৰ পাঠকক সহজে চুব পাৰে, আৰু সেয়ে নতুন পাঠক সৃষ্টি কৰাত অৰিহণা যোগায়। বৰ্তমান অসমীয়া ই-সাহিত্যৰ বাবেই নৱ প্ৰজন্মৰ এক শ্ৰেণী পাঠক জন্ম হৈছে, ই নিসন্দেহে সুখবৰ।

আমাৰ কৰণীয় :

ওপৰৰ আলোচনাৰপৰা অনুমান কৰিব পাৰি যে সম্ভৱতঃ বৈদ্যুতিক মাধ্যমেই ভৱিষ্যতৰ সাহিত্যৰ মাধ্যম। এনে পৰিবৰ্তনবোৰ স্বয়ংক্ৰিয়ভাৱে আহি থাকে। এসময়ত আমি হাতে লিখাৰপৰা ছপা মাধ্যমলৈ গতি কৰিলোঁ আৰু এতিয়া হয়তো আৱশ্যম্ভাৱী ভাৱে ই-মাধ্যমলৈ গতি কৰি আছোঁ। হাতে লিখা সাহিত্যৰপৰা ছপালৈ আগবাঢ়োতেও বহুলোকে অসুবিধা পাইছিল, আপত্তি কৰিছিল যে গ্ৰন্থৰ পৱিত্ৰতা নোহোৱা হৈ গ’ল। তেনেকৈয়ে ছপাৰপৰা ই-সাহিত্যলৈ এই বিৱৰ্তনো আমাৰ সকলোৰে বাবে গ্ৰহণযোগ্য নহ’ব পাৰে। কিন্তু ভৱিষ্যতে ই সাহিত্যই ছপা মাধ্যমক স্থানচ্যুত কৰাৰ সম্ভাৱনা প্ৰচুৰ। অথবা ছপা মাধ্যম চলি থাকিলেও অসমীয়া ভাষা লিপিৰ বাবেই ই-সাহিত্যৰ চৰ্চা প্ৰয়োজনীয় হৈ পৰিব। 

গতিকে অদূৰ ভৱিষ্যতে অসমীয়া ই-সাহিত্যই অসমৰ বৌদ্ধিক জগতত এক অতি গুৰুত্বপূৰ্ণ স্থান লাভ কৰিব বুলি আশা কৰিব পাৰি। কিন্তু ওপৰত কোৱাৰ দৰে এটা কথা একেসময়তে মনত ৰখা প্ৰয়োজন। অসমীয়া ই-সাহিত্যৰ যাত্ৰা আচলতে আৰম্ভ হৈছেহে, ই এতিয়াও প্ৰাৰম্ভিক পৰ্যায়তে আছে। আনহাতে অসমীয়া ছপা মাধ্যমৰ সাহিত্য ইতিমধ্যেই সুপ্ৰতিষ্ঠিত হৈছে, আৰু নিজ বৈশিষ্টৰে আগবাঢ়ি আছে। এই সময়ছোৱাত দুইটা মাধ্যমেই আমাৰ বাবে সমানে গুৰুত্বপূৰ্ণ হৈ আছে। গতিকে এই বিবৰ্তনৰ কালছোৱাত সকলোতকৈ গুৰুত্বপূৰ্ণ কাম হৈছে অসমীয়া ছপা আৰু ই-সাহিত্যৰ এক সামঞ্জস্য বজাই ৰখা। এই সময়ত দুইটা মাধ্যমে ইটোৱে সিটোৰ পৰিপূৰক হিচাপে কাম কৰা প্ৰয়োজনীয়।

☆ ★ ☆ ★ ☆

One comment

  • Lakhya borthakur

    উচ্চমানৰ প্ৰৱন্ধ। লেখকক অভিনন্দন।

    Reply

Leave a Reply

Your email address will not be published.