ফটাঢোল

আঁঠুৰ মগজু – ৰীতা লীনা সোণোৱাল

নতুন কৈ বিয়া হোৱাৰ পাছত এওঁৰ লগত গৈ কিছুবছৰ হোজাইৰ লংকাত আছিলোঁ। এওঁ, মই কিবা এটা খেলি মেলি কৈ কাম কৰিলেই পাছফালৰ পৰা চিঞৰি কয়,

: ছোৱালীবোৰৰ মগজুটো আঁঠুত থাকে জানানে?

প্ৰথমতে  বুজি পোৱা নাছিলোঁ, পাছত এদিন সুধিলোঁ,

: কিয় ছোৱালীৰ মগজু আঁঠুত থাকে বুলি চিঞৰি থাকা হে?

ইয়াৰ উত্তৰত তেওঁ এটা কাহিনী শুনালে৷

: আমাৰ অফিচৰ অমুক দাদাক চিনি পোৱা নহয়?

মই বোলোঁ,

: অঁ পাওঁ।

: সেই দাদাজনৰ, বৌৰ কাহিনী এয়া। দাদাজনৰ ঘৰ আছিল নগাঁও চহৰত। বৌৰ ইণ্টাৰভিউ এটালৈ খবৰ আহিল। প্ৰথমতে লিখিত পৰীক্ষাত বহিব লাগিব।  তাৰ পাছতহে ভাইভা হ’ব। লিখিত পৰীক্ষাটো আছিল  গুৱাহাটীত৷ বৌৱে পৰীক্ষাৰ এসপ্তাহ মানৰ আগৰ পৰা প্ৰস্তুতি চলালে। পঢ়া শুনাৰ সমানে সমানে গুৱাহাটীলৈ যোৱাৰ বাবে বজাৰ সমাৰো চলিল বৌৰ। যিহেতু বৌৱে পৰীক্ষাৰ আগ দিনা আহি গুৱাহাটীৰ সম্পৰ্কীয় মানুহ এঘৰত থাকিব, সেইবাবে বৌৱে তেওঁলোকৰ বাবেও কিবা কিবি ল’লে। খোৱা বস্তুও অলপ বনাই মেলি সাজু হ’ল।

নিৰ্দিষ্ট দিনা বৌ গুৱাহাটীলৈ ৰাওনা হ’ল। দাদায়ে বৌক শুভেচ্ছা জনায় গাড়ীত উঠাই দিলে। বৌ ঠিকে ঠাকে আহি গুৱাহাটী পালেহি। পাছদিনা পুৱাই উঠি, পঢ়ি মেলি বৌ পৰীক্ষা কেন্দ্ৰলৈ গ’ল। সেইখিনি সময়তে  দাদায়ে বৌলৈ দুবাৰ মান ফোনো কৰিলে হেনো। সব ঠিক ঠাক আছে। পিচে অঘটনটো ঘটিল তেতিয়াহে, যেতিয়া বৌক পৰীক্ষা হলত সোমাবলৈ দিবলৈ গাৰ্ডজনে এডমিট কাৰ্ডখন বিচাৰিলে। বৌৰতো দূৰ দূৰলৈকে এডমিট কাৰ্ডৰ লগত সম্বন্ধ নাই। এডমিটৰ লগত সম্বন্ধ দাদাৰহে আছিল। তেওঁ তাৰমানে বৌৰ ফাইলত এডমিটখন ভৰাই নিদিলে। তেতিয়াহ’লে দোষটো কাৰ? থৌড়ী না বৌৰ দোষ এইটো? তেওঁ যে পৰীক্ষা দিবলৈ গুৱাহাটীলৈ আহিছে সেইটোৱেই বহুত৷

বৌৱে দাদালৈ ফোন লগালে। পৰীক্ষা দিবলৈ নোপোৱাৰ দুখত বেচেৰীৰ মুখেৰে মাত নোলায়। এডমিট কাৰ্ডখন দাদাৰ দোষতে বেগত নাহিল। দাদাই বোলে,

: হেৰা, দুখ কৰিব নালাগে দিয়া৷ ঈশ্বৰে তোমালোকৰ মগজুটো আঁঠুতে দি পঠিয়ালে, কি কৰিবা আৰু! বজাৰ সমাৰ আছে যদি কিবা, কৰি লোৱা। পাৰিলে আবেলিৰ বাছত নগাঁৱলৈ উঠি দিয়া।

দাদাৰ কাহিনী শুনি আঁঠু দুটা খেপিয়াই চালোঁ৷ এনেকুৱা যে মগজুৰ কাহিনী আৰু কিমান আছে!  যিয়ে নহওক দোষটো কিন্তু দাদাৰহে আছিল, ময়ো ক’লোঁ। বেচেৰী আজলী বৌজনীলৈ বেয়াই লাগিল…!!

☆ ★ ☆ ★ ☆

7 Comments

  • HEMANTA KAKATI

    ধেত তেৰি! কম দুখ লগা কথানে?

    ভাল লাগিল ৰীতা

    Reply
  • হাঃ হাঃ, হয়তো বৌৰ গাত কি দোষ—! সেইবুলি নাৰীক এই অপমান–হুহ। 😀😀

    Reply
    • Anonymous

      হয়, বা বহু অপমান। ধন্যবাদ বা পষ্টটো শ্বেয়াৰ কৰাৰ বাবে।

      Reply
  • deepjyoti handique

    আইঐ হয়তোন । দি নপথালে ক’ৰ পৰা পাব 😂😂😂😂

    Reply
    • Anonymous

      হয় সব দোষ দাদাজনৰ আছিল ।তেওঁ দি নপঠিয়ালে 😀

      Reply
  • ৰাজশ্ৰী শৰ্মা

    হিংসাতে কয় এইবোৰ।

    Reply

Leave a Reply

Your email address will not be published.