ফটাঢোল

আই এম্‌ ইন্‌ লাভ্‌  জীমণি গগৈ

চশমাখন পিন্ধি মোবাইল ডাটা অন কৰি ফেইচবুকটো খুলিবলৈ লওঁতেই ফোনটো বাজিল। কৌশিকৰ ফোন। মনটো ভাল লাগি গ’ল দেখি।

: হেল্ল’ ডিয়েৰ! কি খবৰ?

এইফালৰ পৰা মই ক’লোঁ।

: ৱাঃ! বেলেগ ফূৰ্তিত আছা দেখোন হে!  কথা কি? কিবা ভাল খবৰ আছে নেকি?

সিফালৰ পৰা কৌশিকৰ পৰিচিত গহীন  মাত ভাঁহি আহিল।
: হেঁ! তুমি কেনেকৈ জানিলা মোৰ ভাল খবৰ আছে বুলি?

মই আচৰিত হ’লোঁ কৌশিকে কেনেকৈ জানিলে কথাটো! মইতো এতিয়ালৈকে কাকো কোৱা নাই!

: আৰে ! মই ক’ত জানো বুলি ক’লোঁনো? তোমাৰ কথা কোৱাৰ ষ্টাইল দেখিহে সুধিছোঁ। এনেইতো মই মেছেজ বা ফোন কৰিলে সদায়ে তোমাৰ টানাহে আৰম্ভ হয়।

কৌশিকৰ কথা শুনি মই খিলখিলাই হাঁহি উঠিলোঁ। হয়ো কথাটো৷ কৌশিকে যেতিয়াই ফোন বা মেছেজ কৰে মই সদায়ে, “আজি হাইঠা কেনেকে মাটিত পৰিল বা, ডাক্তৰৰ নিচিনা ডাঙৰ মানুহবোৰে আজি বৰ আজৰি পালে দেখোন ফোন কৰিবলৈ” ইত্যাদি কথাৰে মোৰ কপট অভিমান জাহিৰ কৰোঁ। আজি পিচে মোৰ মনটো সঁচাকৈয়ে ভাল লাগি আছিল আৰু মবাইলৰ স্ক্ৰীনত কৌশিকৰ  নামটো দেখি সেই আনন্দ দুগুণে চৰিল বুলিব পাৰি। সেই উলাহতে হয়তো তাৰ লগত আজি তেনেকুৱা ষ্টাইলত কথা আৰম্ভ কৰিলোঁ।

: হেইই শুনানা, তোমাক কথা এটা ক’বলৈ আছে।

পূৰ্বৰ উলাহভৰা মাতেৰে মই পুনৰ ক’লোঁ।

: কি কথা বা!

: আই এম্‌ ইন্‌ লাভ..

: আচ্ছা? ভিনিয়ে এইবাৰ বাৰ্থডে’ত ডাইমণ্ড ৰিং দিলে যেন পাওঁ।

মোৰ উলাহক  বিশেষ পাত্তা নিদি সি গহীনাই ক’লে।

: ধুৰৰ, তোমাৰ ভিনিয়েৰাৰ লগত প্ৰেম হৈছে বুলি কোনে ক’লে? আৰু ভিনিয়েৰৰ প্ৰেমত নতুনকৈ পৰিবলৈ পুৰণিখিনিয়ে আঁটিছে বুইছা।

: হয়নে! তেনেহ’লে?

তাৰ একেই নিৰুদ্বেগ সুৰ।

: আই এম চিৰিয়াছ, আই এম্‌ ৰিয়েলি ইন্‌ লাভ ৱিথ্‌ হিম্‌..।

এইবাৰ মোৰ মাতত উলাহৰ লগতে আৱেশ জড়িত হ’ল।

কেইটামান মুহূৰ্তৰ বাবে সি মনে মনে ৰ’ল। মই যে সঁচাকৈয়ে কিবা চিৰিয়াছ কথা ক’বলৈ গৈছোঁ এইবাৰ কৌশিকৰ বুজিবলৈ বাকী নাথাকিল। কোনবোৰ কথা কেনেকৈ কওঁ বা লওঁ মোৰ সেইটো স্বভাৱ সি জানে বহুখিনিলৈ।

: হেল্ল’, তুমি কি কৈছা গম পাইছা নে?

এইবাৰ তাৰ কথা কোৱাৰ ধৰণত মই বুজিলোঁ যে মোৰ কথা শুনি সি অলপ সময়ৰ কাৰণে শ্বকড্‌ হৈ গৈছিল।

: পাইছোঁ। মই আচলতে তোমাক কথাটো তুমি সিদিনা ফোন কৰোঁতেই ক’ম বুলি ভাবিছিলোঁ, পিচে তুমি তোমাৰ সেই বিশেষ পেচেণ্টজনৰ কাহিনীটো কৈ থাকোঁতে মোৰ কথাটো কোৱা নহ’ল।

: শুনা, তুমি এগৰাকী জনা-বুজা মানুহ। ভাল-বেয়া , উচিত-অনুচিত বিচাৰ কৰিব পৰা চিন্তাশক্তি তোমাৰ আন বহুততকৈ স্বচ্ছ বুলি মই জানো। গতিকে যি কৰিছা বা কৰিবলৈ গৈছা ভালকৈ ভাবি-চিন্তি কৰিবা বুলি মই আশা কৰিম৷

গম্ভীৰ মাতেৰে কোৱা কৌশিকৰ কথাখিনিৰ অৰ্থ মই বুজি পাইছোঁ। মোৰ কথাখিনি যে ভালপোৱা নাই তাকে সি তাৰ ষ্টাইলত বুজাব খুজিছে মোক। মই তাক আশ্বস্ত কৰিবৰ বাবে ক’লোঁ,

: তুমি কি ক’ব বিচাৰিছা মই বুজি পাইছোঁ। তুমি মনৰ ডাক্তৰ ভাই! মানুহৰ মনৰ জটিলতা-সৰলতাৰ কথা তোমাতকৈ ভালকৈ আমি জানিম নে কিবা! গতিকে প্ৰেম যিদৰে জোৰ কৰি কৰা নাযায় সেইদৰে প্ৰেম হোৱাৰ পৰা যে জোৰকৈ নিজক আঁতৰাই ৰাখিব পৰা নাযায় তুমিতো বুজি পোৱা?

: শুনা, মোৰ কথা শুনা, তুমি এগৰাকী পত্নী, এগৰাকী মাতৃ, এগৰাকী বোৱাৰী, লগতে তুমি এখন কলেজৰ অধ্যাপিকা৷ এই কথাটো পাহৰি নাযাবা।

মই বুজিলোঁ কৌশিকে মোৰ কথাখিনি কোনোপধ্যে সমৰ্থন কৰা নাই। মই তাক পুনৰ আশ্বস্ত কৰাৰ চেষ্টা কৰিলোঁ,

: শুনা, মই মোৰ দায়িত্ব আৰু কৰ্তব্য পাহৰা নাই। আৰু তোমাৰ ভিনিয়েৰাক মই ইতিমধ্যে জনাইছোঁ মোৰ কথাটো।

: কি কৈছা হে! ভিনিক জনাইছা মানে! কি কৈছে তেওঁ?

কৌশিকৰ মাতত সীমাহীন আশ্চৰ্য।  মোক বুজনি দিয়াৰ সুৰত সি পুনৰ ক’লে,

: চোৱা, ভিনি সঁচা অৰ্থত এজন ভদ্ৰলোক। সেইবুলি কিন্তু এইবুলি ভাবি নল’বা যে নিজৰ পত্নীয়ে আন কাৰোবাৰ প্ৰেমত পৰা বিষয়টো সহজভাৱে ল’ব পৰাকৈ তেওঁ মহানতা দেখুৱাব। ইমান সুন্দৰকৈ তোমালোকৰ সংসাৰখন চলি আছে, চাবা যাতে সৰু ভুল এটাই সকলো থানবান কৰি নেপেলায়।
: উহ্‌! তুমি এনেই ইমান চিন্তা কৰিছা। ভিনিয়েৰে কথাটো শুনি ভালহে পাইছে। মাত্ৰ এইবুলি কৈছে, “তুমি মেনেজ কৰিব পাৰা যদি মোৰ ক’বলৈ একো নাই।”

: কি! আৰ্‌ ইউ চিৰিয়াছ্‌?

কৌশিকৰ মাতটো শুনি এনে লাগিল যেন আশ্চৰ্যত ফাটি পৰিব  সি।

: অঁতো, তেওঁ সেইবুলিয়ে কৈছে। মাত্ৰ ঘৰলৈ বেছি সোনকালে আনিবলৈ মানা কৰিছে।

: কি কৈছা হে তুমি! ঘৰলৈ আনিবলৈ মানা কৰিছে মানে?

কৌশিকৰ আশ্চৰ্য যেন আৰু এখোপ চৰিল।

: মানে সি বেছি সৰু হৈ আছে যে। অন্ততঃ দুমহীয়ামান হ’লে আনিলে ভাল বুলি কৈছে।

মই ক’লোঁ।

: ৱেট ৱেট ৱেট, তুমি অথনিৰে পৰা কাৰ কথা কৈ আছা আচলতে?

: মই আনিব খোজা bulldog ৰ পোৱালীটোৰ কথা কৈ আছোঁ আক’। কেনেকুৱা যে মৰমলগা নহয়! দেখিয়েই প্ৰেমত পৰি গ’লোঁ। আমাৰ বাবায়ো বিৰাট ভাল পাব বুইছা।

: কি! অথনিৰে পৰা তাৰমানে তুমি এইটো কথাকে কৈ আছিলা?

সিফালৰ পৰা কৌশিকৰ বিব্ৰত সুৰ।

: অঁতো। তুমিনো কি কৈ আছোঁ বুলি ভাবিলা?

এইফালৰ পৰা মোৰ কৌতূহলী কণ্ঠ।

: ধেত টেৰী! মানুহ মাৰিবা দেই তুমি। ধুৰৰ, মিছামিছি অথনিৰে পৰা মাথা বেয়া কৰি থাকিলোঁ। ফোন ৰাখা।

মই এইফালৰ পৰা হেলো’ হেলো’ কৰি থকাতে থাকিলোঁ সি সিফালে চাগে ফোন কাটি কোনোবাখিনি পালেগৈ৷

☆ ★ ☆ ★ ☆

One comment

  • HEMANTA KAKATI

    হাঃ হাঃ বুল ডগটো বৰ কিউট কিন্তু৷ প্ৰেম হবই৷ ভাল লাগিল জীমনি৷

    Reply

Leave a Reply

Your email address will not be published.